থাংগল (টাংগল বুলিও কোৱা হয়) দক্ষিণ ভাৰতৰ কেৰালাৰ মুছলমানসকলৰ মাজৰ এটা সামাজিক গোট।১ থাংগলসকলক প্ৰায়ে বহল ইছলামিক সংস্কৃতিৰ অধিক সাধাৰণ ছয়ীদ বা শ্বৰীফ বা মহম্মদৰ বংশধৰসকলৰ মোটামুটি সমতুল্য বুলি গণ্য কৰা হয়।২৩ সম্প্ৰদায়টোৰ বেছিভাগ সদস্যই স্ববৰ্ণ বিবাহ পছন্দ কৰে আৰু নিজৰ সম্প্ৰদায়ৰ বাহিৰৰ পত্নীক খুব কমেইহে বিয়া কৰায়।৪৫
কেৰালাত থাংগল পৰিয়ালসমূহ অসংখ্য, সকলোৱে স্বীকৃতি লাভ কৰিছে, কিন্তু কিছুমানক সাধু বুলি গণ্য কৰা হয়।২ থাংগল চিনাক্তকৰণে কেৰেলাৰ মুছলমান সম্প্ৰদায়ত (যিটোৱে প্ৰধানকৈ শ্বাফী মাধাবৰ সৈতে চিনাক্তকৰণ কৰে) বহুত 'শ্ৰদ্ধা আৰু মনোযোগ' আনে।৬ কিছুমান ব্যক্তিয়ে গুৰুত্বপূৰ্ণ বিষয়ত থাংগলসকলৰপৰা পৰামৰ্শ লয়।৩ কেৰেলাৰ কেইবাটাও থাংগলে অসুস্থতাৰ বাবে আৰু 'দুষ্টাত্মাৰ কুদৃষ্টি নাশিবলৈ' মানুহৰ 'বেজালি' কৰে।৩
শ্বিহাব, মাছুৰ, হিৰ্ধ, বাফাকী, জিফ্ৰি, জামালুল্লাইলী আদি কিছুমান প্ৰধান থাংগল পৰিয়ালৰ সামাজিক আৰু অৰ্থনৈতিক পৰিসৰত বহুতো মৰ্যাদা আছে। থাংগলসকলৰ প্ৰভাৱশালী সাধাৰণতে বিশিষ্ট ব্যাৱসায়িক পৰিয়ালৰপৰা আহে। সাধাৰণতে বাণিজ্য আৰু ৰাজনীতিৰ জৰিয়তে তেওঁলোকে নিজৰ প্ৰভাৱ প্ৰদৰ্শন কৰে।২
তথ্যসূত্ৰ
- ↑ Kunhali, V. "Muslim Communities in Kerala to 1798" PhD Dissertation Aligarh Muslim University (1986)
- ↑ Miller, Roland E., Mappila Muslim Culture. New York, State University of New York Press, 2015. pp. 268-271
- ↑ Meethal, Amiya. (2016-04-25). Thangals All Set to Test Popularity in Malappuram. Deccan Chronicle
- ↑ Lang, Claudia. (2014-12-01). Muslim Thangals, Psychologisation and Pragmatic Realism in Northern Kerala, India. Transcultural Psychiatry. পৃ. 904–923
- ↑ Kunhali, V. "Muslim Communities in Kerala to 1798" PhD Dissertation Aligarh Muslim University (1986)
- ↑ (31 August 2019). Caste system exists among Muslims though not overtly. The New Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থাংগল” প্ৰবন্ধৰ সংশোধন ৫৩৭৮২৭ (৮ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।