পদযাত্ৰা (पादयात्रा) হৈছে ৰাজনীতিবিদ আৰু প্ৰখ্যাত নাগৰিকৰ উদ্যোগত পৰিচালিত হোৱা এটা যাত্ৰা, যাৰ জৰিয়তে সমাজৰ বিভিন্ন অংশত বাস কৰা লোকসকলৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিব পাৰি৷ পদযাত্ৰাৰ জৰিয়তে নাগৰিকক সমস্যা একোটাৰ সম্বন্ধে বিস্তৃত ৰূপত জ্ঞান দিব পাৰি আৰু সেই সমস্যাটোৰ সমাধানসূত্ৰ বিচাৰি উলিওৱাত তেওঁলোকৰ সমৰ্থন পাব পাৰি৷ পদযাত্ৰা আৰু পদব্ৰজে কৰা তীৰ্থযাত্ৰাৰ জৰিয়তে হিন্দু ধৰ্মৰ অনুগামীসকলে কোনো পবিত্ৰ স্থান আৰু তীৰ্থভূমিলৈও গমন কৰে৷১ ১৯৩০ চনত মহাত্মা গান্ধীয়ে গুজৰাটৰ দাণ্ডীৰ পৰা তেখেতৰ বিখ্যাত লোণ যাত্ৰা বা দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল৷ অস্পৃশ্যতাৰ বিৰুদ্ধে জনজাগৰণ সৃষ্টিৰ প্ৰয়াসেৰে ১৯৩৩-৩৪ চনত মহাত্মা গান্ধীয়ে দেশজুৰি পদযাত্ৰা আৰম্ভ কৰিছিল৷২পৰৱৰ্তী সময়ত গান্ধীবাদী বিনোৱা ভাৱে-য়েও এটা পদযাত্ৰা আৰম্ভ কৰিছিল৷ এই পদযাত্ৰাটো ১৯৫১ চনত হোৱা ভূদান আন্দোলনৰ অংশ আছিল৷ তেলংগানা ৰাজ্যৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰাটোৰ সমাপ্তি ঘটিছিল বোধ গয়াত৷৩ ১৯৮৩ চনৰ ৬ জানুৱাৰীত চন্দ্ৰ শেখৰে কন্যাকুমাৰীৰ পৰা তেওঁৰ পদযাত্ৰা আৰম্ভ কৰিছিল৷ প্ৰায় ৪২৬০ কিলোমিটাৰৰ যাত্ৰাটো সম্পূৰ্ণ হৈছিল ১৯৮৩ চনত ২৫ জুনত, ৰাজঘাটত৷ এই যাত্ৰাৰ উদ্দেশ্য আছিল জনগণৰ সমস্যাবোৰ উপলব্ধি কৰা৷৪
তথ্যসূত্ৰ
- ↑ History of Padyatra
- ↑ Ramachandra Guha. (Nov 8, 2005). Where Gandhi Meets Ambedkar. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ David R. Syiemlieh. (2005). Reflections From Shillong: Speeches Of M.M. Jacob. Daya Books. পৃ. 135. ISBN 8189233297
- ↑ Manisha. (2010). Profiles of Indian Prime Ministers. Mittal Publications. পৃ. xxi. ISBN 978-8170999768
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদযাত্ৰা” প্ৰবন্ধৰ সংশোধন ৫৩৮৭৫২ (১৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।