নাৰায়ম (মালয়ালম ভাষা: നാരായം) (সংস্কৃত ভাষা: नाराच - সৰু কাঁৰ) বা ezhuthani (মালায়ালম: എഴുത്താണി) হৈছে দক্ষিণ ভাৰত, শ্ৰীলংকা তথা এচিয়াৰ অন্যান্য ওচৰচুবুৰীয়া অঞ্চলত প্ৰাচীন কালৰপৰাসই ব্যৱহৃত এক লেখন সঁজুলি (stylus)। দেখাত বা ব্যৱহাৰত যদিও ই আধুনিক কলমৰ দৰেই, দৰাচলতে চিঞাঁহী ব্যৱহাৰ কৰি লিখাৰ পৰিৱৰ্তে ইয়াক তালপাতত চিহ্ণ "কাটিবলৈহে" ব্যৱহাৰ কৰা হৈছিল। প্ৰকৃতাৰ্থত নাৰায়ম লিখকৰ হাতত সুন্দৰবভাবে খাপ খাই পৰাকৈ সাজি লোৱা আগত জোং থকা এডাল লোৰ দণ্ড।
নাৰায়মক থালিয়'লা (Thaliyola) নামেৰে জনাজাত বিশেষভাৱে প্ৰস্তুত এচীয় পালমীৰা তাল (Asian palmyra palm) পাতত চিহ্ন কাটি লিখিবলৈ ব্যৱহাৰ কৰা হৈছিল। সেই সময়ত সেই অঞ্চলত ইয়েই প্ৰমুখ লিখন সঁজুলি আছিল।
লিখকৰ পছন্দ, সামাজিক মৰ্য্যদা আদি অনুসৰি নাৰায়মৰো বিভিন্ন ৰূপ আছিল। সময়ত ইয়াক অলংকাৰৰূপেও ব্যৱহাৰ কৰা হৈছিল। তালপাতত লিখাৰ উপৰিও ইয়াক লিখিত তালপাতত ফুটা কৰি কিতাপ আকাৰে সুতাৰে বান্ধি ৰখাৰ সুবিধা কৰিবলৈও ব্যৱহাৰ কৰা হৈছিল।
প্ৰাসংগিক দ্ৰষ্টব্য
- লিখন সঁজুলি
- পাখি কলম
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰায়ম” প্ৰবন্ধৰ সংশোধন ৩৩৫৭৬৯ (২৫ অক্টোবৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।