অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

দোৰোলা

দোৰোলা বা দোনা হৈছে কলগছৰ পটুৱাৰে নিৰ্মিত এবিধ দ-পাত্ৰ। কলগছ কাটি গা-গছৰ তৰপবোৰ এৰুৱাই তাৰেই দোৰোলা তৈয়াৰ কৰা হয়। ইয়াত কেৱল কলগছৰ বাহিৰে কোনো ধৰণৰ আন পৰ্দাথৰ প্ৰয়োজন নহয়। সাধাৰণতে অসমীয়া সমাজত সেৱা-সকামত কোমল চাউল দৈ জাতীয় জলপান আৰু ভোজত আঞ্জা খাবলৈ দোৰোলা পাত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ২০ আগষ্ট ২০২২ ১২৯ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

দোৰোলা বা দোনা হৈছে কলগছৰ পটুৱাৰে নিৰ্মিত এবিধ দ-পাত্ৰ।১ কলগছ কাটি গা-গছৰ তৰপবোৰ এৰুৱাই তাৰেই দোৰোলা তৈয়াৰ কৰা হয়। ইয়াত কেৱল কলগছৰ বাহিৰে কোনো ধৰণৰ আন পৰ্দাথৰ প্ৰয়োজন নহয়। সাধাৰণতে অসমীয়া সমাজত সেৱা-সকামত কোমল চাউল দৈ জাতীয় জলপান আৰু ভোজত আঞ্জা খাবলৈ দোৰোলা পাত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি ধাৰ্মিক কাম-কাজত বিভিন্ন ধৰণে দোৰোলা ব্যৱহাৰ হয়। দান দিয়া কাৰ্যত পাত্ৰ হিচাপে দোৰোলা ব্যৱহাৰ কৰা হয়, পূজাৰ নৈবেদ্য, ফুল-তুলসী, পদজল আদি ৰাখিবলৈ সৰুকৈ দোৰোলা সাজি লোৱা হয়। অসমীয়া সমাজত যিকোনো অনুষ্ঠান যেনে মৃতকৰ শ্ৰাদ্ধ, বিয়া আদিৰ পূৰ্বে গাঁৱৰ পুৰুষসকলে হজ হিচাপে দোৰোলা চিলোৱা কাম কৰা দেখা যায়।২ কলগছৰ পৰা নিৰ্মাণ হোৱা বাবে ব্যৱহাৰৰ পিছত এই আৱৰ্জনাই পৰিৱেশৰ কোনো অনিষ্ট সাধন কৰিব নোৱাৰে। ই সহজে পচন যোগ্য।৩

অন্যান্য নাম

দোৰোলাক বিভিন্ন নামেৰে জনা যায়-১৪

  • খোল
  • খালি
  • দোং বা ডোং
  • দোনা
  • ডোঙা
  • পটুৱা আদি

তথ্যসূত্ৰ

  1. ↑ দোৰোলা. Xobdo.org
  2. ↑ জয়ন্ত প্ৰীতম. বৃত্তৰ পৰা বিন্দুলৈ. Xahitya.org
  3. ↑ Banana Plants: A Biodegradable Alternate to Plastic Bags. Biotecnika
  4. ↑ a deep plate made from the sheath of a banana tree. in Assamese অসমীয়া. Khandbahale

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দোৰোলা” প্ৰবন্ধৰ সংশোধন ৩৩০৯৪৪ (২০ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।