বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ভেনিছিয়ান ব্লাইণ্ড
ভেনিছিয়ান ব্লাইণ্ড(Venetian Blind) এবিধ পৰ্দা৷ আজিকালি বিভিন্ন আধুনিক কাৰ্যালয়,ভৱন আদিত পাতল ধাতু,ভিনাইল বা প্লাষ্টিকৰ দীঘল আৰু পাতল কিছুমান পাট বা আচ্ছাদনেৰে নিৰ্মিত এবিধ পৰ্দা দেখা যায়৷ এই পৰ্দাবিধৰ নাম ভেনিছিয়ান ব্লাইণ্ড৷
-
ভেৰ্টেবা গুহা
ভেৰ্টেবা গুহা (ইউক্ৰেইনীয়ান: Печера Вертеба) হৈছে ইউক্ৰেইনৰ টাৰ্নোপিল ওব্লাষ্টৰ চৰ্টকিভ ৰায়নকে ধৰি বিলচে-জোলোটে গাঁৱৰ ওচৰত অৱস্থিত এখন কাৰ্ষ্টিক গুহা। এই গুহাটো পোডোলিয়ান অপলেণ্ড নামেৰে জনাজাত এক ওখ মালভূমিৰ ওপৰত আৰু চেৰেট নদীৰ ওচৰত অৱস্থিত। এই অঞ্চলত থকা কেইবাটাও জিপচাম গুহাৰ ভিতৰত ই অন্যতম।
-
ভৱিষ্যত প্ৰজন্ম
ভৱিষ্যত প্ৰজন্ম (Future Generations) হৈছে বৰ্তমানৰ জীৱিত প্ৰজন্মৰ পিছত ভৱিষ্যতে আহিবলগীয়া প্ৰজন্ম। ভৱিষ্যত প্ৰজন্ম বৰ্তমান আৰু বিগত প্ৰজন্মৰ সৈতে বিপৰীত আৰু আন্তঃপ্ৰজন্মীয় সমতাৰ বিষয়ে চিন্তা সৃষ্টি কৰাৰ বাবে উদ্ভৱ হৈছে।
-
মণিপুৰী ৰন্ধনপ্ৰণালী
মণিপুৰী ৰন্ধনপ্ৰণালী (Manipuri cuisine) হৈছে উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য মণিপুৰৰ পৰম্পৰাগত ৰন্ধনপ্ৰণালী। ৰাজ্যখনৰ দৈনন্দিন আহাৰ ভাতৰ ওপৰত আধাৰিত। আনুষংগিক ব্যঞ্জন হিচাপে পাচলি, মাছ আৰু মাংসৰ কেইবিধমান ব্যঞ্জন ইয়াৰ সৈতে থাকে।
-
মধুলিকা ৰামটেকে
মধুলিকা ৰামটেকে: Madhulika Ramteke ছত্তীশগড়ৰ এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী। মহিলাৰ দ্বাৰা পৰিচালিত এটা মাইক্ৰ’ফাইনেন্স বেংক প্ৰতিষ্ঠা কৰিছিল আৰু ঘৰুৱা নিৰ্যাতনৰ পৰা ৰক্ষা পোৱা লোকসকলৰ সৈতে তেওঁলোকৰ উন্নতিৰ হকে কাম কৰে।
-
মল্লিকা চাব্বা
মল্লিকা চাব্বা: Mallika Chabba, ভাৰতৰ ডেৰাডুনৰ এগৰাকী ভাৰতীয় চিত্ৰশিল্পী।
-
মহম্মদ তৈয়বুল্লা
মহম্মদ তৈয়বুল্লা,অসমৰ দৰঙৰ এজন বিশিষ্ট ব্যক্তি, তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনত অসহযোগৰ প্ৰতি উগ্ৰ দায়বদ্ধতা আছিল আৰু ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে প্ৰতিৰোধৰ বিভিন্ন গুৰুত্বপূৰ্ণ মুহূৰ্তত তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে পৰিচিত।
-
মহল্লা ক্লিনিক
আম আদমি মহল্লা ক্লিনিক (AAMC), যাক মহল্লা ক্লিনিক বুলিও কোৱা হয়, ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল নতুন দিল্লীৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। তেওঁলোকে এই ক্লিনিকৰ দ্বাৰা ঔষধ, পৰীক্ষা আৰু পৰামৰ্শকে ধৰি অত্যাৱশ্যকীয় স্বাস্থ্য সেৱাৰ এক মৌলিক সুবিধা বিনামূলীয়াকৈ আগবঢ়ায়।
-
মহা চীনা দুৰ্ভিক্ষ
মহা চীনা দুৰ্ভিক্ষThe Great Chinese Famine (চীনা ভাষাত: 三年大饥荒; lit. 'তিনি বছৰৰ মহা দুৰ্ভিক্ষ') আছিল ১৯৫৯ চনৰ পৰা ১৯৬১ চনৰ ভিতৰত চীনৰ গণৰাজ্যত (People's Republic of China) সংঘটিত হোৱা এক দুৰ্ভিক্ষ। কিছুমান পণ্ডিতে ১৯৫৮ বা ১৯৬২ চনকো অন্তৰ্ভুক্ত কৰিছে।
-
মহিষী
হিন্দু পৌৰাণিক কাহিনীত মহিষী এগৰাকী শক্তিশালী অসুৰ, যাৰ আখ্যান ভগৱান আয়াপ্পানৰ উৎপত্তি আৰু সবৰীমালা মন্দিৰৰ পৰম্পৰাৰ কেন্দ্ৰীয় বিষয়। তেওঁ মহিষাসুৰৰ ভগ্নী আছিল।
-
মহীশূৰ ধূপ
মহীশূৰ ধূপ স্থানীয়ভাৱে উৎপাদিত উপাদান ব্যৱহাৰ কৰি মহীশূৰত প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ ধূপৰ কাঠি, যি কেৱল কৰ্ণাটক ৰাজ্যতহে পোৱা গৈছিল। এই ধূপকাঠিয়ে ২০০৫ চনত ভাৰত চৰকাৰৰপৰা ভৌগোলিক সূচক টেগ লাভ কৰা হৈছে।
-
মহীশূৰৰ চন্দন চাবোন
মহীশূৰৰ চন্দন চাবোন ভাৰতৰ কৰ্ণাটক চৰকাৰৰ মালিকানাধীন কোম্পানী কৰ্ণাটক চাবোন আৰু ডিটাৰজেণ্ট লিমিটেড (কে এছ ডি এল)ৰদ্বাৰা প্ৰস্তুত কৰা এটা ব্ৰেণ্ডৰ চাবোন। ১৯১৬ চনত মহীশূৰৰ ৰজা কৃষ্ণ ৰাজা ৱাডিয়াৰ চতুৰ্থই বাংগালুৰুত চৰকাৰী চাবোন কাৰখানা স্থাপন কৰাৰপৰাই এই চাবোন নিৰ্মাণ কৰা হয়।
-
মাই ডিয়াৰ কুট্টিচাথন
{{Infobox film | director = জিজো পুনোচো | producer = নবোদয় আপ্পাচন জোছ পুন্নোচো | writer = ৰঘুনাথ পালেৰি | music = ইল্লায়াৰাজা কথা: বিচ্ছু তিৰুমালা | cinematography = অশোক কুমাৰ | editing = টি আৰ শেকৰ | released = ২৪ আগষ্ট ১৯৮৪ | runtime = ৯৭ মিনিট | country = ভাৰত | language = মালায়ালম | budget…
-
মাইকুলিণ্টছী দুৰ্গ
মাইকুলিণ্টছী দুৰ্গ ( Mykulyntsi Castle) টাৰ্নোপিল অঞ্চলৰ মাইকুলিণ্টছীত ১৫৫০ চনত নিৰ্মাণ কৰা এটা দুৰ্গ। ছিয়েনিয়াভস্কি পৰিয়ালৰ আন্না জৰ্ডানোভাই এই দুৰ্গটো নিৰ্মাণ কৰাইছিল। তেওঁ ক্ৰাক’ভৰ দুৰ্গাধ্যক্ষ স্পাইটেক ৱাভ্ৰজিনিয়েক জৰ্ডানৰ পত্নী আছিল। এইটো ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ এটা স্থাপত্য স্মাৰক।
-
মাণ্ডেল- ফ্লেমিং আৰ্হি
সমষ্টিবাদী অৰ্থনীতিত মাণ্ডেল- ফ্লেমিং আৰ্হি (Mundell- Fleming Model), আই এছ- এল এম- বি অ' পি আৰ্হি (IS-LM-BoP Model) বা আই এছ- এল এম- বি পি (IS-LM-BP Model) আগৰ আই এছ- এল এম আৰ্হিৰ এক বিস্তৃত ৰূপ। এই আৰ্হি ৰবাৰ্ট মাণ্ডেল আৰু মাৰ্কাছ ফ্লেমিঙে তৈয়াৰ কৰিছিল।
-
মাথিল্ড কেৰে
মাথিল্ড কেৰে (৩০ জুন ১৯০৮ লে ক্ৰেউচট, ফ্ৰান্সত – ৩০ মে' ২০০৭), জন্মগ্ৰহণ কৰে আৰু তেওঁ মেথিল্ড লুচি বেলাৰ্ড আৰু "লা ছাট্টে" ("The Cat") নামেৰে পৰিচিত, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ফৰাচী প্ৰতিৰোধৰ এজেণ্ট আছিল যিয়ে ফ্ৰান্স-পোলিছ প্ৰতিৰোধ সংগঠন, যোগাযোগকাৰী, আৰু ডাবল এজেণ্ট হিচাপে ফ্ৰান্সৰ জাৰ্মান…
-
মাধুৰী আঁহতৰ তলৰ বিহু
মাধুৰী আঁহতৰ তলৰ বিহু ( Madhuri Anhotor Tolor Bihu)চতিয়াৰ উহনি পথাৰৰ মুকলি বিহু৷ ১৯১৮ চনৰ পৰাই ধাৰাবাহিকভাবে এই ঠাইত বিহু অনুষ্ঠিত কৰা হৈ আহিছে৷ বিহু অনুষ্ঠানৰ লগতে উহনি পথাৰ আৰু মাধুৰী আঁহতৰ ওতঃপ্ৰোত সম্পৰ্ক আছে৷ শতবৰ্ষ অতিক্ৰম কৰা এই মুকলি বিহুকেই অসমৰ প্ৰথমখন মুকলি বিহু বুলি বহুতেই মান্যতা…
-
মানক বিচলন
মানক বিচলন বা মানক বিচ্যুতি (Standard Deviation) হৈছে বিক্ষিপ্ততাৰ এক বহুলভাৱে ব্যৱহৃত পৰিমাপ যিয়ে তথ্যসমূহ (সংখ্যা বা ডাটা পইণ্ট) কিমান ‘বিস্তাৰিত’ তাক জুখিব পাৰে।
-
মালতী শৰ্মা
মালতী শৰ্মা (Malti Sharma; ৩০ জুন ১৯৩০ – ১ অক্টোবৰ ২০১৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতৰ সংসদৰ উচ্চ সদনত উত্তৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰি তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে সংসদৰ সদস্য হৈছিল জনসংঘ আৰু বিজেপিৰ প্ৰতিষ্ঠাপক সদস্যৰ ভিতৰত শৰ্মাও এগৰাকী আছিল।
-
মালামপুঝা বান্ধ
মালামপুঝা বান্ধ কেৰালাৰ আটাইতকৈ ডাঙৰ বান্ধ আৰু জলাশয়]]। ই দক্ষিণ ভাৰতৰ কেৰালাৰ পালঘাটৰ ওচৰত অৱস্থিত। স্বাধীনতাৰ পিছত সেই সময়ৰ মাদ্ৰাজ ৰাজ্যৰদ্বাৰা ইয়াৰ নিৰ্মাণ কৰা হৈছিল।
-
মাহশ্বহৰ হত্যাকাণ্ড
মাহশ্বহৰ হত্যাকাণ্ড (Mahshahr massacre) হৈছে ২০১৯–২০২০ চনৰ ইৰাণৰ প্ৰতিবাদৰ সময়ত ২০১৯ চনৰ ১৬ নৱেম্বৰৰপৰা ২০ নৱেম্বৰৰ ভিতৰত ইৰাণৰ মাহশ্বহৰ চহৰত প্ৰতিবাদকাৰীক কৰা গণহত্যাক মাহশ্বহৰ হত্যাকাণ্ড বুলি কোৱা হয়। এই গণহত্যাৰ মৃত্যুৰ অনুমাণিক হিচাপ ৪০ আৰু ১৪৮ৰ ভিতৰত।
-
মাৰিইনস্কি প্ৰাসাদ
মাৰিইনস্কি প্ৰাসাদ ( Mariinskyi Palace) ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ। ইউক্ৰেইনৰ কিইভৰ ড্নিপ্ৰ’ নদীৰ সোঁপাৰত ইউক্ৰেইনৰ সংসদ ভেৰখ’ভনা ৰাডাৰ নব্য ধ্ৰুপদী ভৱনৰ কাষতে অৱস্থিত এলিজাবেথৰ বেৰক ৰাজপ্ৰসাদটো।
-
মাৰেন ছৰেঞ্চেন
মাৰেন ছৰেঞ্চেন (ইংৰাজী: Maren Sørensen; ১৮৮২–১৯৫৭) এগৰাকী ডেনিছ নাৰ্ছ আৰু ধৰ্মযাজক আছিল যাক ডেনমাৰ্কৰ প্ৰথম মহিলা যাজক বুলি গণ্য কৰা হয়। ১৯৪০ চনত হাভ্ৰেবিয়েৰ্গত স্বতন্ত্ৰ গ্ৰুণ্ডভিগিয়ান ধৰ্মগুৰু নীলছ ডেলৰ দ্বাৰা তেওঁক ধৰ্মযাজক হিচাপে অভিষিক্ত কৰা হৈছিল।
-
মাৰ্কুব
মাৰ্কুব (আৰবী: مركوب; বহুবচনত মাৰাকীব) হ’ল চুদানৰ পুৰুষৰ বাবে পশুপক্ষীৰ ছালেৰে নিৰ্মিত এক বিশেষ ধৰণৰ জোতা। বগা-পাগুৰি, জিল্লাবিয়া, ৱেষ্টকোট আৰু পটলুঙৰ সৈতে মাৰ্কুব চুদানৰ ৰাষ্ট্ৰীয় সাজ-পাৰৰ এক অবিচ্ছেদ্য অংশ। অতীতত ইয়াৰ মহিলা সংস্কৰণো আছিল যদিও বৰ্তমান ই বিৰল হৈ পৰিছে।
-
মাৰ্বল গুহা, ক্ৰিমিয়া
মাৰ্বল গুহা (Мра́морная пещера, Мармурова печера) ক্ৰিমিয়াৰ চাটিৰ-দাগ পৰ্বতমালাৰ নিম্ন মালভূমিত অৱস্থিত এটা গুহা। ই এটা জনপ্ৰিয় পৰ্যটনস্থলী আৰু ইউৰোপৰ অধিক পৰ্যটক অহা গুহাসমূহৰ ভিতৰত অন্যতম। গুহাটো ইয়াৰ অনন্য প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে আন্তঃৰাষ্ট্ৰীয়ভাৱে পৰিচিত।
-
মিনি ইভানজেলিন জৰ্ডন
মিনি ইভানজেলিন জৰ্ডন (জন্ম: ২২ জুন, ১৮৬৫ – মৃত্যু: ১০ অক্টোবৰ, ১৯৫২) আছিল এগৰাকী আমেৰিকান দন্ত চিকিৎসক আৰু আমেৰিকাৰ প্ৰথমজন দন্ত চিকিৎসক যিয়ে শিশু দন্ত চিকিৎসা ক্ষেত্ৰত বিশেষজ্ঞ আছিল।
-
মিহো ইমাডা
মিহো ইমাডা (: Miho Imada; জন্ম: ১৯৬২) হিৰোচিমাৰ আকিটছুৰ অঞ্চলৰ ইমাডা শ্বুজো নামৰ চেক নিৰ্মাণশালাৰ এগৰাকী মুখ্য চেক নিৰ্মাতা বিশেষজ্ঞ। ইমাডাই বিশ্বৰ কিছুমান উন্নতমানৰ চেক তৈয়াৰ কৰাৰ সুনাম অৰ্জন কৰিছে।
-
মিৰ
মিৰ (Мир,; lit. peace or world) আছিল ১৯৮৬ চনৰ পৰা ২০০১ চনলৈকে মহাকাশত থকা মহাকাশ কেন্দ্ৰ। ইয়াক প্ৰথমে ছোভিয়েট ইউনিয়ন আৰু পাছত ৰাছিয়াই পৰিচালনা কৰিছিল। মিৰ আছিল প্ৰথম ম'জুলাৰ মহাকাশ কেন্দ্ৰ আৰু ইয়াক মহাকাশত যোৰা লগাই বনোৱা হৈছিলে ১৯৮৬ ৰ পৰা ১৯৯৬ চনৰ ভিতৰত।
-
মেক্সিকো বিপ্লৱ
মেক্সিকো বিপ্লৱ (ইংৰাজী: Mexican Revolution) হৈছে বিংশ শতিকাৰ প্ৰথমটো বৃহৎ সামাজিক আৰু ৰাজনৈতিক বিদ্ৰোহ। এই বিপ্লৱ ১৯১০ চনৰপৰা ১৯২০ চনৰ ভিতৰত উত্তৰ আমেৰিকাৰ দেশ মেক্সিকোত সংঘটিত হৈছিল।
-
মেদঝিবিঝ দুৰ্গ
মেদঝিবিঝ দুৰ্গ ( Medzhybizh Fortress) ইউক্ৰেইনৰ মেদঝিবিঝ চহৰত দক্ষিণ বাগ আৰু বুঝক নদীৰ সংগমস্থলীত অৱস্থিত। এই আকৰ্ষণীয় দুৰ্গটোত বিভিন্ন যুগৰ স্থাপত্য শৈলী আৰু প্ৰতিৰক্ষামূলক স্থাপত্যৰ বৈশিষ্ট্য আছে।