অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

মাৰ্কুব

মাৰ্কুব (আৰবী: مركوب; বহুবচনত মাৰাকীব) হ’ল চুদানৰ পুৰুষৰ বাবে পশুপক্ষীৰ ছালেৰে নিৰ্মিত এক বিশেষ ধৰণৰ জোতা। বগা-পাগুৰি, জিল্লাবিয়া, ৱেষ্টকোট আৰু পটলুঙৰ সৈতে মাৰ্কুব চুদানৰ ৰাষ্ট্ৰীয় সাজ-পাৰৰ এক অবিচ্ছেদ্য অংশ। অতীতত ইয়াৰ মহিলা সংস্কৰণো আছিল যদিও বৰ্তমান ই বিৰল হৈ পৰিছে।

হালনাগাদ: ৪ মে’ ২০২৬ ১৮৪ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

মাৰ্কুব (আৰবী ভাষা: مركوب; বহুবচনত মাৰাকীব) হ’ল চুদানৰ পুৰুষৰ বাবে পশুপক্ষীৰ ছালেৰে নিৰ্মিত এক বিশেষ ধৰণৰ জোতা।১ বগা-পাগুৰি, জিল্লাবিয়া, ৱেষ্টকোট আৰু পটলুঙৰ সৈতে মাৰ্কুব চুদানৰ ৰাষ্ট্ৰীয় সাজ-পাৰৰ এক অবিচ্ছেদ্য অংশ। অতীতত ইয়াৰ মহিলা সংস্কৰণো আছিল যদিও বৰ্তমান ই বিৰল হৈ পৰিছে।২ ইয়াৰ ঐতিহাসিক বিৱৰ্তন "ক্লডো" জোতাৰপৰা আৰম্ভ হৈছিল, তাৰ পিছত "আবু আদিনা" আৰু শেষত ই বৰ্তমানৰ স্থায়ী চুদানী জোতাৰ ৰূপ লাভ কৰে।৩

মাৰ্কুবৰ শিল্পকৰ্ম চুদানৰ এক স্বকীয় কলা, য’ত বিভিন্ন শৈলী আৰু আকাৰৰ জোতা পোৱা যায়।৪ ইয়াৰ উল্লেখনীয় প্ৰকাৰসমূহৰ ভিতৰত পশ্চিম চুদানৰ চহৰ আল-ফাচিৰত নিৰ্মিত 'আল-ফাচিৰ মাৰ্কুব', 'জেনেইনা মাৰ্কুব' আৰু উজ্জ্বল ৰঙা ৰঙৰ 'জাজিৰা আবা মাৰ্কুব' অন্যতম।২১

মাৰ্কুব তৈয়াৰ কৰিবলৈ অজগৰ সাপ সাপৰ ছাল, গৰুৰ ছাল, ভেড়াৰ ছাল আনকি ঘঁৰিয়ালৰ ছালো ব্যৱহাৰ কৰা হয়। ঘঁৰিয়ালৰ ছালৰ জোতা সাধাৰণতে চহকী লোকসকলে পৰিধান কৰে।৫

গৰুৰ ছালেৰে নিৰ্মিত জোতাবোৰ ইয়াৰ শক্তি আৰু সৌন্দৰ্যৰ বাবে জনাজাত। ইয়াৰ নিৰ্মাণ প্ৰণালীত চামৰাটোক শুকুৱাই ছাগলীৰ ছালৰ আৱৰণ দিয়া হয়, যাতে জোতাটো পাতল হয়। ইয়াৰ পিছত তলৰ অংশটো সাজি প্ৰাকৃতিক কপাহী সূতাৰে চিলাই কৰা হয়। নাইজেৰিয়া আৰু দক্ষিণ চুদানৰপৰা অহা প্ৰকৃত চামৰাৰে তৈয়াৰী জোতাবোৰ উচ্চ মানদণ্ডৰ আৰু অতি ব্যয়-বহুল বুলি গণ্য কৰা হয়।৩৬

হাতেৰে তৈয়াৰী চুদানী মাৰ্কুবৰ তলৰ অংশটো গৰুৰ ছালৰ আৰু ওপৰৰ অংশটো সাধাৰণতে ছাগলীৰ ছালৰ হয়। ইয়াৰ চিলাই প্ৰক্ৰিয়াটোক "ব্ৰাছিং" বুলি কোৱা হয়। চুদানী লোকসকলে বিশেষকৈ ঈদৰ নামাজ আৰু অন্যান্য বিশেষ অনুষ্ঠানত মাৰ্কুব পিন্ধিবলৈ পছন্দ কৰে।৭

তথ্যসূত্ৰ

  1. ↑ نبيل, محمد. (2023-03-30). البوكس نيوز - بين التعجب والسخرية. حذاء محمد منير يصنع الحدث بمواقع التواصل الاجتماعي . جريدة البوكس نيوز. البوكس نيوز
  2. ↑ (2021-09-09). (المركوب السوداني). صناعة يدوية تقاوم الاندثار -
  3. ↑ فاشৰ. نمر. أصلة – النيلين. Alnilin
  4. ↑ Haidar.ElHusseini. صناعة "المركوب" السوداني مهدّدة بالدخلاء والأحذية الصناعية. Alaraby
  5. ↑ (2021-07-23). " المركوب" . حذاء الرجل السوداني من جلود النمور والثعابين. العين الإخبارية
  6. ↑ الشعب السودانى ينتعل 40 نوعا من الاحذية – النيلিন
  7. ↑ الاتحاد, صحيفة. (2010-05-27). «المرকوب» حذاء سوداني يصنع من جلود الحيوانات. صحيفة الاتحاد

সম্পৰ্কিত শ্ৰেণী

চুদানপোছাক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্কুব” প্ৰবন্ধৰ সংশোধন ৬০৪৪১১ (৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।