মালামপুঝা বান্ধ কেৰালাৰ আটাইতকৈ ডাঙৰ বান্ধ আৰু জলাশয়]]।১ ই দক্ষিণ ভাৰতৰ কেৰালাৰ পালঘাটৰ ওচৰত অৱস্থিত। স্বাধীনতাৰ পিছত সেই সময়ৰ মাদ্ৰাজ ৰাজ্যৰদ্বাৰা ইয়াৰ নিৰ্মাণ কৰা হৈছিল। পশ্চিমঘাট পৰ্বতমালাৰ মায়াবী পাহাৰৰ মাজত অৱস্থিত এই বান্ধটো হৈছে ১৮৪৯ মিটাৰ দৈৰ্ঘ্যৰ পকা বান্ধ আৰু ২২০ মিটাৰ দৈৰ্ঘ্যৰ মাটিৰ বান্ধৰ সংমিশ্ৰণ।২ এই বান্ধটো ৩৫৫ ফুট উচ্চতাৰ আৰু ই কেৰালাৰ দ্বিতীয় দীঘল নদী ভাৰতপুঝাৰ উপনৈ মালামপুঝা নদীৰ পানী বান্ধি ৰাখে।৩

নিৰ্মাণ
এই বান্ধৰ প্ৰকল্পটো ১৯৪৯ চনত আৰম্ভ হৈছিল আৰু ১৯৫৫ চনত সম্পূৰ্ণ হৈছিল। ১৯৪৯ চনৰ ২৭ মাৰ্চত তেতিয়াৰ মাদ্ৰাজ ৰাজ্যৰ গণ নিৰ্মাণ মন্ত্ৰী শ্ৰী এম. ভক্তিৱৎসলমে এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল। ৯ অক্টোবৰ ১৯৫৫ চনত মাদ্ৰাজ ৰাজ্যৰ মুখ্যমন্ত্ৰী থিৰু কে. কামৰাজে এই বান্ধটো উদ্বোধন কৰে। ইয়াৰ মুঠ জলগ্ৰহণ ক্ষমতা ১৪৭.৬৩ বৰ্গ কিলোমিটাৰ আৰু জলাশয়টোৰ পানী ধাৰণ ক্ষমতা ২২৬ নিযুত ঘন মিটাৰ।৪ খেতি মাটিলৈ পানী যোগান ধৰাৰ লগতে পালঘাট চহৰ আৰু কাষৰীয়া গাঁৱসমূহলৈ খোৱাপানী যোগান ধৰাত এই জলাশয়ে সহায় কৰে।
অৱস্থান
উত্তৰ কেৰালাৰ পালঘাট চহৰৰপৰা ১৫ কিলোমিটাৰ দূৰত্বত ই অৱস্থিত। ইয়াৰ আকৰ্ষণসমূহ হ'ল: বান্ধ, উদ্যান, নাও চলোৱাৰ সুবিধা, মালামপুঝা ৰক গাৰ্ডেন আৰু ৰোপৱে।
যাতায়াত ব্যৱস্থা
- নিকটতম ৰেলৱে ষ্টেচন: পালঘাট জংচন - ১৪ কিঃমিঃ৫
- নিকটতম বিমানবন্দৰ: কোয়েম্বাটুৰ, মালামপুঝা বান্ধৰপৰা ৫৫ কিঃমিঃ দূৰত্বত অৱস্থিত।৬

প্ৰধান আকৰ্ষণসমূহ

- প্ৰৱেশ দ্বাৰৰ উদ্যান
- যক্ষী উদ্যান
- যক্ষী প্ৰতিমূৰ্তি
- জাপানী উদ্যান
- ওপৰৰ উদ্যান আৰু দৰ্শন স্থান
- কেবুল কাৰ যাত্ৰা
- মাছৰ আকৃতিৰ একোৱাৰিয়াম
- শিশুৰ বাবে খেলনা ৰে’ল
- ফ্যাণ্টাচি পাৰ্ক
- মচলাজাতীয় ফলৰ শিবিৰ
- ট্ৰেকিং পথ
- নদীৰ স্নানাগাৰ
বাহ্যিক সংযোগ
- মালামপুঝা - পাহাৰীয়া নদী
- পানীপথৰ মাছ ধৰা ২০০৬-২০০৭
- ২০০৬ চনত মালামপুঝা বান্ধত ৰেকৰ্ড পানী সংৰক্ষণ
- ডাঙৰ বান্ধসমূহৰ ৰাজ্যভিত্তিক আৰু নদীভিত্তিক বিতৰণ
তথ্যসূত্ৰ
- ↑ National Register of Large Dams · Central Water Commission, Ministry of jal shakti, Department of Water Resources, River Development and Ganga Rejuvenation, GoI. cwc.gov.in
- ↑ (2005-08-19). Malampuzha dam to celebrate Golden Jubilee. দ্য হিন্দু
- ↑ About Malampuzha Dam
- ↑ Malampuzha Project · Irrigation-kerala. irrigation-kerala.org
- ↑ How to Reach Malampuzha Dam
- ↑ Malampuzha Dam - Distance from Towns
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালামপুঝা বান্ধ” প্ৰবন্ধৰ সংশোধন ৬২৭৩৪৮ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।