সমষ্টিবাদী অৰ্থনীতিত মাণ্ডেল- ফ্লেমিং আৰ্হি (Mundell- Fleming Model), আই এছ- এল এম- বি অ' পি আৰ্হি (IS-LM-BoP Model) বা আই এছ- এল এম- বি পি (IS-LM-BP Model) আগৰ আই এছ- এল এম আৰ্হিৰ এক বিস্তৃত ৰূপ। এই আৰ্হি ৰবাৰ্ট মাণ্ডেল আৰু মাৰ্কাছ ফ্লেমিঙে তৈয়াৰ কৰিছিল।১২ আই এছ- এল এম আৰ্হি এনে অৰ্থনীতিৰ আৰ্হি যিয়ে আন কোনো অৰ্থনীতিৰ সৈতে বাণিজ্যিক সম্বন্ধ নাৰাখে। তাৰ বিপৰীতে, মাণ্ডেল- ফ্লেমিং আৰ্হি এখন সৰু মুক্ত অৰ্থনীতিৰ আৰ্হি। তদুপৰি, এই আৰ্হিয়ে কোনো অৰ্থনীতিৰ হ্ৰস্ব-ম্যাদী বিশ্লেষণহে আগবঢ়াই। এই আৰ্হিত নামমাত্ৰ বিনিময়ৰ দৰ, সুদৰ দৰ আৰু উৎপাদনৰ সম্বন্ধ বিশ্লেষণ কৰা হয়, আই এছ- এল এম আৰ্হিৰ বিপৰীতে, য'ত কেৱল সুদৰ দৰ আৰু উৎপাদনৰ বিশেষণ কৰা হয়।
মাণ্ডেল- ফ্লেমিং আৰ্হিৰ এটি সুখ্যাত ভৱিষ্যদ্বানী হ'ল "অসম্ভৱ ত্ৰিনিটি" (Impossible Trinity), যিয়ে কয় যে যিকোনো কেন্দ্ৰীয় বেংকৰ বাবে স্থায়ী বিনিময়ৰ দৰ, মূলধনৰ মুক্ত প্ৰৱাহ আৰু স্বাধীন মৌদ্ৰিক নীতি ৰখা অসম্ভৱ। তিনিওৰে যিকোনো দুটা নীতি ৰাখিব পৰা যায়, কিন্তু তিনিওটা ৰখা সম্ভৱ নহয়।
অভিধাৰণা আৰু সমীকৰণ
অভিধাৰণা
মাণ্ডেল-ফ্লেমিং আৰ্হি অৰ্থনীতিৰ হ্ৰস্ব-কালীন ব্যৱহাৰ বুজাবলৈহে ব্যৱহাৰ কৰা হয়। সেয়ে এই আৰ্হিত তাৰ বাবে খাপ খোৱা কিছু বিশেষ অভিধাৰণা আছে,৩ যি আন অৱস্থাত প্ৰযোজ্য নহ'বও পাৰে। হ্ৰস্ব-কালতো আৰ্হিটোৰ প্ৰত্যেক অভিধাৰণা বাস্তৱত সকলো সময়ত সত্য নহ'ব পাৰে। এই অভিধাৰণাকেইটা হ'ল:
- স্পট আৰু ফৰ্ৱাৰ্ড বিনিময় দৰ সমান। ভৱিষ্যতৰ যিকোনো সময়ৰ বাবে প্ৰত্যাশিত বিনিময় দৰ বৰ্তমানৰ বিনিময় দৰৰ সমান।
- স্থায়ী মুদ্ৰা বেতনৰ দৰ, অবৃত্ত সম্পদ আৰু Constant Returns to Scale আছে। সেয়ে ঘৰুৱা মূল্যৰ দৰ স্থায়ী আৰু উৎপাদন স্থিতিস্থাপক।
- আয় বৃদ্ধি পালে সঞ্চয় আৰু কৰ বৃদ্ধি পায়।
- আমদানি-ৰপ্তানিৰ অন্তৰ কেৱল আয় আৰু বিনিময় দৰৰ ওপৰত নিৰ্ভৰ কৰে।
- মূলধনৰ গতিশীলতা নিখুঁট নহয় আৰু প্ৰত্যেক চিকিউৰিটি আন চিকিউৰিটিৰ বাবে নিখুঁত বিকল্প। অৰ্থনীতিত কেৱল সংশয় নিৰপেক্ষ বিনিয়োগকাৰী আছে। মুদ্ৰাৰ চাহিদা সেয়েহে কেৱল আয় আৰু সুদৰ দৰৰ ওপৰত নিৰ্ভৰ কৰে। বিনিয়োগ কেৱল সুদৰ দৰৰ ওপৰত নিৰ্ভৰ কৰে।
- অৰ্থনীতিখন ইমান সৰু যে ই বৈশ্বিক আয় আৰু বৈশ্বিক সুদৰ দৰক প্ৰভাৱিত কৰিব নোৱাৰে।
সমীকৰণ
ধৰি লওক যে ⟨Y, C, I, G, M, P, i, L, T⟩ আৰু ⟨NX⟩ ক্ৰমে আয় বা উৎপাদন (বাস্তৱ মুঠ ঘৰুৱা উৎপাদন), বাস্তৱ উপভোগ, বাস্তৱ বিনিয়োগ, বাস্তৱ চৰকাৰী খৰচ, নামমাত্ৰ মুদ্ৰাৰ যোগান, মূল্যৰ স্তৰ, নামমাত্ৰ সুদৰ দৰ, বাস্তৱ মুদ্ৰাৰ চাহিদা, বাস্তৱ কৰ আৰু বাস্তৱ শুদ্ধ ৰপ্তানি।
তেন্তে তলত দিয়া সমীকৰণসমূহে আই এছ- এল এম- বি অ' পি আৰ্হিক সংজ্ঞায়িত কৰে৪:
⟨Y=C+I+G+NX \,⟩ (আই এছ বক্ৰ, যি পণ্য বজাৰৰ ভাৰসাম্য নিৰ্ণয় কৰে)
⟨\frac{M}{P}=L(i, Y)⟩ (এল এম বক্ৰ, যি মুদ্ৰা বজাৰৰ ভাৰসাম্য নিৰ্ণয় কৰে)
⟨BoP=CA+KA \,⟩ (বি অ' পি বক্ৰম য'ত CA হ'ল কাৰেণ্ট একাউণ্ট উদ্বৃত্ত আৰু KA কেপিটেল একাউণ্ট উদ্বৃত্ত)
আই এছ বক্ৰ
আই এছ বক্ৰৰ নিৰ্ধাৰকসমূহৰ মান নিৰ্ণয় এনেদৰে হয়:
⟨C=C (Y-T(Y), i-E( \pi )) \,⟩ (উপভোগ নিৰ্ভৰ কৰে নিষ্পত্তিযোগ্য আয়, সুদৰ দৰ আৰু প্ৰত্যাশিত মুদ্ৰাস্ফিতি (⟨E(\pi)⟩)ৰ ওপৰত)
⟨I=I(i-E(\pi), Y_{t-1}) \,⟩ (বিনিয়োগ নিৰ্ভৰ কৰে সুদৰ দৰ, প্ৰত্যাশিত মুদ্ৰাস্ফিতি আৰু পূৰ্বি কালৰ আয়ৰ ওপৰত
⟨NX=NX (e, Y, Y^*)⟩ (NX নামমাত্ৰ বিনিময় দৰ (e), আয় (Y) আৰু আন দেশসমূহৰ আয়ৰ যোগফল (Y*)ৰ ওপৰত নিৰ্ভৰ কৰে)
BoP
⟨CA=NX⟩ (CA হ'ল কাৰেণ্ট একাউণ্ট বেলেঞ্চ) ⟨KA=z(i-i^*)+k⟩ (i* বিদেশত সুদৰ দৰ, k আৰ্হিয়ে বুজাব নোৱাৰা মূলধনৰ প্ৰৱাহ আৰু z মূলধন প্ৰৱাহৰ সেই অংশ যি সুদৰ দৰৰ ওপৰত নিৰ্ভৰশীল।
ভাৰসাম্য
ওপৰত দিয়া আতাইকেইতা সমীকৰণ সত্য হ'লে অৰ্থনীতিখনে ভাৰসাম্য লাভ কৰে, যদি তলৰ দুটাৰ যিকোনো এটা সমিকৰণ সত্য হয়।
যদি স্থায়ী বিনিময় দৰৰ ব্যৱস্থা বলৱৎ কৰা হয়, তেন্তে ⟨e= \bar e⟩ য'ত ⟨\bar e⟩ ধ্ৰুৱক। এনে হ'লে ভাৰসাম্যত মুঠ ঘৰুৱা উৎপাদন, ঘৰুৱা সুদৰ দৰ আৰু balance of payment নিৰ্ণয় হয়। যদি স্থায়ী বিনিময় দৰৰ ব্যৱস্থা বলৱৎ নহয়, তেন্তে ⟨BoP = 0⟩। এনে হ'লে ভাৰসাম্যত মুঠ ঘৰুৱা উৎপাদন, শৰুৱা সুদৰ দৰ আৰু বিনিময় দৰ নিৰ্ণয় হয়।
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Mundell, Robert A. (1963). Capital mobility and stabilization policy under fixed and flexible exchange rates. Canadian Journal of Economics and Political Science. পৃ. 475–485 Reprinted in Mundell, Robert A. (1968). International Economics. Macmillan
- ↑ Fleming, J. Marcus. (1962). Domestic financial policies under fixed and floating exchange rates. IMF Staff Papers. পৃ. 369–379 Reprinted in Cooper. (1969). International Finance. Penguin Books
- ↑ Mundell, Robert A. (1963). "Capital mobility and stabilization policy under fixed and flexible exchange rates". Canadian Journal of Economics and Political Science. 29 (4): 475–485. doi:10.2307/139336
- ↑ www.economicsdiscussion.net/open-economy/aggrega
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাণ্ডেল- ফ্লেমিং আৰ্হি” প্ৰবন্ধৰ সংশোধন ৬৩১৫৩৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।