মাৰিইনস্কি প্ৰাসাদ ( Mariinskyi Palace) ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ। ইউক্ৰেইনৰ কিইভৰ ড্নিপ্ৰ’ নদীৰ সোঁপাৰত ইউক্ৰেইনৰ সংসদ ভেৰখ’ভনা ৰাডাৰ নব্য ধ্ৰুপদী ভৱনৰ কাষতে অৱস্থিত এলিজাবেথৰ বেৰক ৰাজপ্ৰসাদটো।
ইতিহাস
১৭৪৪ চনত ৰাছিয়াৰ সম্ৰাজ্ঞী এলিজাভেটা পেট্ৰ’ভনাৰ নিৰ্দেশত এই ৰাজপ্ৰসাদটো নিৰ্মাণ কৰা হৈছিল। এই ৰাজপ্ৰসাদটোৰ স্থপতিবিদ বাৰ্টলমিঅ' ৰাষ্ট্ৰেলি আছিল। তেওঁ সেই সময়ত ৰাছিয়ান সাম্ৰাজ্যত কাম কৰা আটাইতকৈ বিখ্যাত স্থপতিবিদ আছিল। ৰাষ্ট্ৰেলিৰ ছাত্ৰ ইভান মিচুৰিনে আন এদল স্থপতিবিদৰ সৈতে ১৭৫২ চনত এই ৰাজপ্ৰসাদটো সম্পূৰ্ণ কৰে। কিন্তু ৰাজপ্ৰসাদ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ আগতেই সম্ৰাজ্ঞী এলিজাবেথৰ মৃত্যু হৈছিল। ৰাজপ্ৰসাদত থকা সাম্ৰাজ্যিক পৰিয়ালৰ প্ৰথমজন জ্যেষ্ঠ সদস্য আছিল সম্ৰাজ্ঞী এলিজাবেথৰ ভতিজী সম্ৰাজ্ঞী কেথেৰিন দ্বিতীয়, যিয়ে ১৭৮৭ চনত কিইভ ভ্ৰমণ কৰিছিল।১৮ শতিকাৰ শেষৰ ফালে আৰু ১৯ শতিকাৰ আৰম্ভণিতে এই ৰাজপ্ৰসাদটো আছিল গৱৰ্ণৰ জেনেৰেলৰ মূল বাসস্থান আছিল।

১৯ শতিকাৰ আৰম্ভণিতে কেইবাটাও অগ্নিকাণ্ডত এই ৰাজপ্ৰসাদটো ধ্বংস হৈছিল আৰু আৰু প্ৰায় ডেৰ শতিকা ধৰি ই সম্পূৰ্ণ ক্ষতিগ্ৰস্ত আৰু পৰিত্যক্ত হৈ পৰিছিল। ১৮৭০ চনত সম্ৰাট দ্বিতীয় আলেকজেণ্ডাৰে স্থপতিবিদ কনষ্টেন্টিন মায়েভস্কিক পুৰণি ডিজাইন আৰু জলৰঙ ব্যৱহাৰ কৰি ৰাজপ্ৰসাদটো পুনৰ নিৰ্মাণৰ দায়িত্ব দিয়ে। তাৰ পিছত ইয়াৰ নাম সলনি কৰি তেতিয়াৰ সম্ৰাজ্ঞী মাৰিয়া আলেকজেণ্ডাৰভনাৰ নামেৰে ৰখা হৈছিল। তেওঁৰ অনুৰোধত ৰাজপ্ৰসাদৰ দক্ষিণ দিশত এখন বৃহৎ উদ্যানৰ স্থাপন কৰা হয়। ১৯১৭ চনলৈকে এই ৰাজপ্ৰসাদটো সাম্ৰাজ্যিক পৰিয়ালৰ ভ্ৰমণকাৰী সদস্যসকলৰ বাসস্থান হিচাপে ব্যৱহাৰ কৰা হৈছিল।
১৯১৭–১৯২০ চনৰ ৰাছিয়াৰ গৃহযুদ্ধৰ সময়ত বিশেষকৈ কিইভ বলছেভিক বিদ্ৰোহৰ সময়ত এই ৰাজপ্ৰসাদটোক কিইভ ৰেভকম (বিপ্লৱী সমিতি)ৰ মুখ্য কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰা হৈছিল। ১৯২০ চনত এই ভৱনটোত এখন কৃষি বিদ্যালয় আছিল আৰু তাৰ কিছু সময়ৰ পিছতে ইয়াক সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মাৰিইনস্কি বহু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিল, আৰু ১৯৪০ চনৰ শেষৰ ফালে পুনৰ নিৰ্মাণ কৰা হৈছিল। ১৯৮০ চনৰ আৰম্ভণিতে আন এটা ডাঙৰ পুনৰুদ্ধাৰ সম্পূৰ্ণ হয়।
আধুনিক বাসস্থান


২০০৭ চনৰ জুন মাহত ৰাজপ্ৰসাদটোৰ পুনৰুদ্ধাৰৰ কাম আৰম্ভ হয়, যিটো ২০১১ চনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছিল যদিও ২০১৭ চনলৈকে চলি আছিল।১ ২০২২ চনৰ ৫ এপ্ৰিলত ৰাষ্ট্ৰপতি ভল'ডিমাইৰ জেলেনস্কিয়ে ঘোষণা কৰে যে দেশখনৰ নেতৃত্বই বিদেশী ৰাষ্ট্ৰপতিসকলক আদৰণি জনোৱা মাৰিইনস্কি প্ৰাসাদৰ 'হোৱাইট হল'ক এতিয়াৰ পৰা 'ইউক্ৰেইনৰ নায়কৰ হোৱাইট হল' বুলি কোৱা হ'ব আৰু তাত 'ইউক্ৰেইনৰ নায়ক' উপাধি লাভ কৰাসকলক সন্মান জনোৱা হ'ব।২৩
জনপ্ৰিয় সংস্কৃতিত
২০২২ চনৰ ভাৰতীয় তেলুগু ভাষাৰ ছবি আৰ আৰ আৰৰ "নাতু নাটু" গীতটোৰ মিউজিক ভিডিঅ'টো ২০২১ চনৰ আগষ্ট মাহত মাৰিইনস্কি প্ৰাসাদত চিত্ৰগ্ৰহণ কৰা হৈছিল।৪৫ এই গীতটোৱে ২০২২ চনত শ্ৰেষ্ঠ মৌলিক গীতৰ বাবে গোল্ডেন গ্ল'ব বঁটা৬ আৰু শ্ৰেষ্ঠ মৌলিক গীতৰ বাবে ৯৫ সংখ্যক একাডেমী বঁটা লাভ কৰে।৭৮
তথ্যসূত্ৰ
- ↑ (6 April 2009). Маріїнський палац після реконструкції відкриють для туристів. ua.korrespondent.net
- ↑ (5 April 2022). Володимир Зеленський вручив ордени "Золота Зірка" військовослужбовцям ЗСУ та членам родин загиблих Героїв України. Офіційне інтернет-представництво Президента України
- ↑ (6 April 2022). У Маріїнському палаці з'явилася Біла зала Героїв України. Укрінформ
- ↑ (3 August 2021). 'RRR' team reaches Ukraine for last leg of shooting. The News Minute
- ↑ Zelenskyy Offered Ukrainian President's Palace for RRR. indiaherald.com
- ↑ RRR Team Celebrates Win at Golden Globe Awards 2023
- ↑ Nordyke, Hilary Lewis, Kimberly; Lewis, Hilary; Nordyke, Kimberly. (24 January 2023). Oscars: Full List of Nominations. The Hollywood Reporter
- ↑ (13 March 2023). Oscars 2023: RRR's Naatu Naatu, the Elephant Whisperers bring home trophy
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰিইনস্কি প্ৰাসাদ” প্ৰবন্ধৰ সংশোধন ৬২৮৮১৭ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।