মালতী শৰ্মা (Malti Sharma; ৩০ জুন ১৯৩০ – ১ অক্টোবৰ ২০১৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতৰ সংসদৰ উচ্চ সদনত উত্তৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰি তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে সংসদৰ সদস্য হৈছিল জনসংঘ আৰু বিজেপিৰ প্ৰতিষ্ঠাপক সদস্যৰ ভিতৰত শৰ্মাও এগৰাকী আছিল। ১২৩
প্ৰাথমিক জীৱন
১৯৩০ চনৰ ৩০ জুনত হাৰিয়ানাৰ সোণেপাটত জন্মগ্ৰহণ কৰা মালতী শৰ্মাই ৰাজনীতি বিজ্ঞানত এম এ ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
১৯৬৭ চনৰ পৰা ১৯৮৯ চনলৈ জনসংঘ আৰু বিজেপিৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা শৰ্মা জনসংঘৰ প্ৰতিষ্ঠাপক সদস্য হয়। ১৯৭৭ চনত মুখ্যমন্ত্ৰী ৰামনৰেশ যাদৱৰ চৰকাৰৰ তেওঁ প্ৰথম বিধায়িকা হয়। তেওঁ উপ-শিক্ষামন্ত্ৰী হৈছিল। কিছু মতানৈক্যৰ বাবে পিছত মন্ত্ৰীসভাৰ পৰা তেওঁ পদত্যাগ কৰে। চাৰিবাৰ বিজেপিৰ জিলা সভানেত্ৰী হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। বিজেপিৰ মহিলা মঞ্চৰ ৰাজ্যিক সভানেত্ৰী হিচাপে মালতী শৰ্মাই কাৰ্যনিৰ্বাহ কৰিছিল। শৰ্মা চাৰে চাৰি দশক ধৰি বিজেপিৰ কেন্দ্ৰীয় কাৰ্যবাহীত সক্ৰিয় আছিল। উপ-সভাপতি আৰু ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী হিচাপে শৰ্মাই কাৰ্যনিৰ্বাহ কৰিছিল।
১৯৯৪ চনত তেওঁক ৰাজ্যসভাৰ সদস্য হিচাপে পঠিওৱা হয়।
তেওঁ চৰাথাৱাল আসনৰ পৰা দুবাৰকৈ টিকট পালে য'ত বিজেপিয়ে জয়লাভ কৰিলে।
কাৰাবাস
১৯৭৫ চনত ভাৰতৰ জৰুৰীকালিন অৱস্থাৰ সময়ত তেওঁ ১৯ মাহ নৈনীৰ কেন্দ্ৰীয় কাৰাগাৰত কটায়।৪৫৬
ব্যক্তিগত জীৱন আৰু মৃত্যু
শৰ্মাই বাছ্চৰ অঞ্চলৰ বডিনা কলন নামৰ গাঁৱৰ বাসিন্দা ব্ৰহ্মানন্দ শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ডি এ ভি কলেজৰ অধ্যাপক হিচাপে তেওঁ ৩০ খনতকৈও অধিক গ্ৰন্থ লিখিছিল। তেওঁলোকৰ তিনিজন পুত্ৰ অশোক, অৰবিন্দ আৰু অতুল আৰু এগৰাকী কন্যা মধুলিকা আছিল। অশোক আৰু মধুলিকাৰ আগতে মৃত্যু হৈছিল।
২০১৮ চনৰ ১ অক্টোবৰত মুজফ্ফৰনগৰত ৮৮ বছৰ বয়সত মালতী শৰ্মাৰ মৃত্যু হয়।৭
তথ্যসূত্ৰ
- ↑ RAJYA SABHA MEMBERS BIOGRAPHICAL SKETCHES 1952 - 2003. ৰাজ্যসভা
- ↑ Women Members of Rajya Sabha. ৰাজ্যসভা
- ↑ (1995). Foreign Affairs Record. পৃ. 90
- ↑ RAJYA SABHA MEMBERS BIOGRAPHICAL SKETCHES 1952 - 2003. ৰাজ্যসভা
- ↑ Women Members of Rajya Sabha. ৰাজ্যসভা
- ↑ (1995). Foreign Affairs Record. পৃ. 90
- ↑ (1 October 2018). Former MP Malti Sharma dead. The Week
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালতী শৰ্মা” প্ৰবন্ধৰ সংশোধন ৬১৩৮৪০ (২৩ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।