অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

মাহশ্বহৰ হত্যাকাণ্ড

মাহশ্বহৰ হত্যাকাণ্ড (Mahshahr massacre) হৈছে ২০১৯–২০২০ চনৰ ইৰাণৰ প্ৰতিবাদৰ সময়ত ২০১৯ চনৰ ১৬ নৱেম্বৰৰপৰা ২০ নৱেম্বৰৰ ভিতৰত ইৰাণৰ মাহশ্বহৰ চহৰত প্ৰতিবাদকাৰীক কৰা গণহত্যাক মাহশ্বহৰ হত্যাকাণ্ড বুলি কোৱা হয়। এই গণহত্যাৰ মৃত্যুৰ অনুমাণিক হিচাপ ৪০ আৰু ১৪৮ৰ ভিতৰত।

হালনাগাদ: ২৭ মে’ ২০২৬ ১৬২ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মাহশ্বহৰ হত্যাকাণ্ড (Mahshahr massacre) হৈছে ২০১৯–২০২০ চনৰ ইৰাণৰ প্ৰতিবাদৰ সময়ত ২০১৯ চনৰ ১৬ নৱেম্বৰৰপৰা ২০ নৱেম্বৰৰ ভিতৰত ইৰাণৰ মাহশ্বহৰ চহৰত প্ৰতিবাদকাৰীক কৰা গণহত্যাক মাহশ্বহৰ হত্যাকাণ্ড বুলি কোৱা হয়। ১ এই গণহত্যাৰ মৃত্যুৰ অনুমাণিক হিচাপ ৪০২ আৰু ১৪৮ৰ ভিতৰত। ৩

পটভূমি

২০১৯ চনৰ ১৫ নৱেম্বৰত ইৰাণত চৰকাৰে গেছলিনৰ মূল্য হঠাতে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাৰ পাছত প্ৰতিবাদ আৰম্ভ হয় আৰু দেশৰ ১০০খনতকৈও অধিক চহৰলৈ বিয়পি পৰে। অতি সোনকালেই এই প্ৰতিবাদৰ সম্প্ৰসাৰণ ঘটি উচ্চতম নেতা আলী খেমেনীয়ে আৰু শাসকীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হয়।৪

১৬ নৱেম্বৰত চৰকাৰে দেশৰ ভিতৰত ইণ্টাৰনেট সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে, যাৰ ফলত সবিশেষৰ প্ৰতিৱেদন দিয়াটো প্ৰায় অসম্ভৱ হৈ পৰে। ৫

গণহত্যা

"নৱেম্বৰৰ মাজভাগত মাহশ্বহৰত প্ৰথম কেইদিনমানৰ বিক্ষোভৰ সময়ত প্ৰতিবাদকাৰীয়ে চহৰখনৰ এটা বৃহৎ অংশ নিয়ন্ত্ৰণ তথা দখল কৰে।৬৩ ১৬ আৰু ১৭ নৱেম্বৰত মাহশ্বহৰত নিৰাপত্তা বাহিনী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ হয় আৰু ১৬ আৰু ১৮ নৱেম্বৰৰ ভিতৰত সৰ্বানন্দৰ আৰু জৰাহীৰ উপকণ্ঠ অঞ্চলত বিক্ষোভ দমনৰ চেষ্টা কৰা হয়।৩

নিউয়ৰ্ক টাইমছে বাসিন্দাসকলৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ভিত্তিত (যিখন চিকিৎসালয়ৰ এগৰাকী সাংবাদিক আৰু এগৰাকী নাৰ্ছকে ধৰি য’ত এই দমন অভিযানত আহতসকলৰ চিকিৎসা কৰা হৈছিল) প্ৰকাশ কৰা অনুসৰি ১৮ নৱেম্বৰত ৰিভল্যুচনেৰী গাৰ্ডৰ এটা বৃহৎ দল আহিছিল। কেইবাজনক হত্যা কৰা হয়। প্ৰাথমিক গুলীচালনাৰ স্থানৰ সমীপৰ এটা জলাশয়ত সমবেত হয় আন আন প্ৰতিবাদকাৰীসকলো একগোট হয়। দ্য নিউয়ৰ্ক টাইমছৰ মতে, এজন প্ৰতিবাদকাৰীয়ে "হঠাৎ এ কে-৪৭ লৈ সজ্জিত"ৰিভল্যুচনেৰী গাৰ্ডৰ ওপৰত গুলীচালনা কৰে। ৬ ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে এই কাণ্ডৰ সৈতে জড়িত প্ৰতিবাদকাৰীসকলক “অৰ্ধগধুৰ অস্ত্ৰৰে সজ্জিত” বিচ্ছিন্নতাবাদী গোট” বুলি অভিহিত কৰে। ৭৮

ৰিভল্যুচনেৰী গাৰ্ডে তৎক্ষণাত প্ৰতিবাদকাৰীসকলক জলাশয়ত ঘেৰি ধৰি মেচিনগান আৰু টহলদাৰী দলত লগোৱা ডি এছ এইচ কেৰে গুলীচালনা কৰে আৰু ১০০ জন লোকৰ মৃত্যু হয়।৬ গাৰ্ডে মৃতকসকলক "ট্ৰাক"ত লৈ লৈ যায় আৰু গুচি যায়, আনহাতে জীৱিতসকলৰ পৰিয়ালে তেওঁলোকক মেমকো হাস্পতাললৈ লৈ যায়। ৬ ইৰাণৱায়াৰৰ মতে, ইয়াৰ লগত জড়িত নিৰাপত্তা বাহিনীৰ কিছুমান সদস্য নিহত হয়।

দ্বিতীয়টো মাৰাত্মক ঘটনা সংঘটিত হয় ১৯ নৱেম্বৰত মাহশ্বহৰৰ শ্বাহৰাক তালেঘানী জিলাত, য’ত ৰিভল্যুচনেৰী গাৰ্ডৰ টেংকে স্থানীয় আৰব গোটৰ ওপৰত কেইবা ঘণ্টা ধৰি গুলীচালনা কৰে। নিহত হ’ল গাৰ্ডছৰ এজন জ্যেষ্ঠ অধিনায়ক। এগৰাকী নাৰ্চে দ্য নিউয়ৰ্ক টাইমছক জনোৱা মতে, যুদ্ধত আহতসকলৰ চিকিৎসা কৰিছিল আৰু বেছিভাগৰে মূৰ আৰু বুকুত গুলীৰ আঘাত আছিল। আহত প্ৰতিবাদকাৰীৰ কিছুমানক চিকিৎসালয়ত গ্ৰেপ্তাৰ কৰা হয়।৬

মৃত্যু

মাহশ্বহৰৰপৰা পোৱা প্ৰাৰম্ভিক প্ৰতিৱেদন অনুসৰি তিনিদিনীয়া সংঘৰ্ষৰ সময়ত ১৩০ জনতকৈ অধিক প্ৰতিবাদকাৰীক নিৰাপত্তা বাহিনীয়ে নিহত কৰে।৯ এই কাণ্ডৰ দুসপ্তাহৰ পিছত প্ৰকাশিত নিউয়ৰ্ক টাইমছৰ এক প্ৰতিৱেদনত কোৱা হৈছে যে মাহশ্বহৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ৪০ৰপৰা ১০০ জন প্ৰতিবাদকাৰী নিহত হৈছে।২ ২০১৯ চনৰ ১৭ ডিচেম্বৰত খোজেস্তান প্ৰদেশৰ এজন নাম প্ৰকাশ নকৰা বিষয়াই ইৰাণৱায়াৰক জনাইছিল যে মাহশ্বহৰত ৫ দিনীয়া প্ৰতিবাদৰ সময়ছোৱাত মুঠ ১৪৮ জন প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে।

পাছৰ পৰিণতি

২৫ নৱেম্বৰত ইৰাণৰ সংসদত মাহশ্বহৰৰ প্ৰতিনিধি মহম্মদ গোলমৰ্ডায়ে ৰাজ্যিক টেলিভিছনত সম্প্ৰচাৰিত ভাষণত এই হত্যাকাণ্ডক লৈ ক্ষোভ প্ৰকাশ কৰিছিল। দ্য নিউয়ৰ্ক টাইমছৰ মতে তেওঁ "চিঞৰিছিল," "আপুনি কি কৰিলে যিটো লজ্জাজনক শ্বাহে কৰা নাছিল?"৬

২০২০ চনৰ ১৮ জানুৱাৰীত আমেৰিকাৰ বিদেশ মন্ত্ৰ্যালয়ে ব্ৰিগেডিয়াৰ জেনেৰেল হাছান শ্বাহভাৰপুৰক মাহশ্বহৰ হত্যাকাণ্ডৰ বাবে জগৰীয়া কৰি নিষেধাজ্ঞা আৰোপ কৰিছিল।১০

তথ্যসূত্ৰ

  1. ↑ (December 3, 2019). تایید کشتار معترضان در نیزارهای ماهشهر از سوی دو مقام رسمی. ایران اینترنشنال
  2. ↑ staff, T. O. I.; Agencies. During protests, Iran Guards said to massacre up to 100 people hiding in marsh. The Times of Israel
  3. ↑ (2019-12-17). 148 Killed in Mahshahr During November Protests. IranWire
  4. ↑ Kadivar, Mohammad Ali; Khani, Saber; Sotoudeh, Abolfazl. (December 5, 2019). Iran's Protests Are Not Just About Gas Prices
  5. ↑ شاهدان عینی در ماهشهر؛ با دوشکا و تیربار به روی مردم آتش گشودند. IranWire | خانه
  6. ↑ Gladstone, Rick; Fassihi, Farnaz. (2019-12-01). With Brutal Crackdown, Iran Convulsed by Worst Unrest in 40 Years. The New York Times
  7. ↑ Iran finally admits it shot and killed 'rioters.' But it still won't say how many people died in last month's protests.. The Washington Post
  8. ↑ (December 5, 2019). Iranian Port City Bears Brunt of Crackdown. Begin-Sadat Center for Strategic Studies
  9. ↑ (2019-12-03). تایید کشتار معترضان در نیزارهای ماهشهر از سوی دو مقام رسمی. ایران اینترنشنال
  10. ↑ (18 January 2020). U.S. sanctions Iranian commander over Mahshahr killings. Reuters

সম্পৰ্কিত শ্ৰেণী

ইৰান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাহশ্বহৰ হত্যাকাণ্ড” প্ৰবন্ধৰ সংশোধন ৬০৯২৯২ (২৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।