{{Infobox film | director = জিজো পুনোচো | producer = নবোদয় আপ্পাচন জোছ পুন্নোচো | writer = ৰঘুনাথ পালেৰি | music = ইল্লায়াৰাজা কথা:' বিচ্ছু তিৰুমালা | cinematography = অশোক কুমাৰ | editing = টি আৰ শেকৰ | released = ২৪ আগষ্ট ১৯৮৪ | runtime = ৯৭ মিনিট | country = ভাৰত | language = মালায়ালম | budget = ১ | gross = ২ }}
মাই ডিয়াৰ কুট্টিচাথন (My Dear Kuttichathan) হৈছে ১৯৮৪ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালায়ালম ভাষাত শিশুসকলৰ বাবে নিৰ্মিত কাল্পনিক (ফেণ্টাছি) চলচ্চিত্ৰ।৩ ছবিখনৰ জিজো পুন্নূছে পৰিচালনা কৰে৷ তেওঁৰ পিতৃ নৱোদয়া আপ্পাচনে নৱোদয়া ষ্টুডিঅ'ৰ বেনাৰত ছবিখন প্ৰযোজনা কৰে। এই ছবিখন ভাৰতৰ প্ৰথম ৩-ডি (3D) প্ৰযুক্তিত নিৰ্মিত পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ হিচাপে ইতিহাসত বিশেষ স্থান অধিকাৰ কৰিছে।
ৰঘুনাথ পালেৰীৰ চিত্ৰনাট্যৰ আধাৰত নিৰ্মিত এই ছবিৰ কাহিনী কুট্টিচাথন নামৰ এজন অলৌকিক লোকবিশ্বাসভিত্তিক সত্তাক কেন্দ্ৰ কৰি আগবাঢ়ে। এজন দুষ্ট তান্ত্ৰিকৰ মায়াজালত বন্দী হৈ থকা কুট্টিচাথনক তিনিজন শিশুৱে মোকলাই আনে। ইয়াৰ পিছত কুট্টিচাথনে শিশুকেইজনৰ ঘনিষ্ঠ বন্ধু হৈ তেওঁলোকৰ সৈতে বিভিন্ন ৰোমাঞ্চকৰ আৰু যাদুকৰী ঘটনাত অংশগ্ৰহণ কৰে।৪ ইলাইয়াৰাজাই ছবিখনৰ সংগীত পৰিচালনা কৰে। চিত্ৰগ্ৰহণৰ দায়িত্বত আছিল অশোক কুমাৰ আৰু সম্পাদনা কৰে টি. আৰ. শেখৰে। এই ছবিৰ জৰিয়তেই অভিনেতা জগদীশ আৰু জয়নুদ্দিনে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।
মাই ডিয়াৰ কুট্টিচাথন মুক্তিৰ পিছত সমালোচক আৰু দৰ্শকৰ ব্যাপক প্ৰশংসা লাভ কৰাৰ লগতে বক্স অফিচত ২.৫ কোটিতকৈ অধিক টকাৰ ব্যৱসায় কৰে। ১৯৯৭ চনত কলাভৱন মানীৰ অভিনীত কিছুমান নতুন দৃশ্য সংযোজন কৰি ছবিখন পুনৰ মুক্তি দিয়া হয়। এই সংস্কৰণেই মালায়ালম ভাষাৰ প্ৰথম ডিটিএছ (DTS) শব্দপ্ৰযুক্তিসম্পন্ন চলচ্চিত্ৰ হিচাপে পৰিচিত। ১৯৯৮ চনত ছবিখন ছোটা চেতন (Chhota Chetan) নামেৰে হিন্দী ভাষাত ডাব কৰি মুক্তি দিয়া হয়। এই সংস্কৰণত উৰ্মিলা মাতণ্ডকাৰে অভিনয় কৰা নতুন দৃশ্য সংযোজন কৰা হৈছিল আৰু ইও বক্স অফিচত উল্লেখযোগ্য সফলতা লাভ কৰি প্ৰায় ১০.৩০ কোটি টকা আয় কৰে। পিছলৈ ২০১০ চনত প্ৰকাশ ৰাজ আৰু সন্তানমৰ অভিনয়েৰে কিছুমান নতুন দৃশ্য সংযোজন কৰি ছবিখন তামিল ভাষাত চুট্টি চাথন (Chutti Chathan) নামেৰে মুক্তি দিয়া হয়। ইয়াৰ পিছত ২০১১ চনৰ ২৫ আগষ্টত অধিক নতুন দৃশ্য সংযোজন কৰি ছবিখনৰ এটা পুনৰ-সংস্কাৰিত (Remastered) সংস্কৰণ মুক্তি পায়।
মালায়ালম ভাষাৰ প্লট
চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰ কুট্টিচাথন কেৰালাত বিশেষভাৱে পূজিত লোকবিশ্বাসভিত্তিক দেৱসত্তা 'চাথন'ৰ বৈশিষ্ট্যৰ আধাৰত গঢ়ি তোলা হৈছে। কাহিনী অনুসৰি, পৃথিৱীত বহু নিষ্ঠুৰ তান্ত্ৰিক আছে। তেনে এজন তান্ত্ৰিক হৈছে কৰিমভূতম। তেওঁ নিজৰ তান্ত্ৰিক শক্তিৰে এটা তাবিজৰ মাজত এজন অদৃশ্য আত্মাক বন্দী কৰি ৰাখে আৰু তাক 'কুট্টিচাথন' (অৰ্থাৎ সৰু চাথন) বুলি মাতে। কৰিমভূতমে যাদুৰে সুৰক্ষিত কিছু গুপ্তধন উদ্ধাৰৰ উদ্দেশ্যে কুট্টিচাথনক নিজৰ দাস হিচাপে ব্যৱহাৰ কৰিব বিচাৰে।
এদিন বিজয়, বিনোদ আৰু লক্ষ্মী নামৰ তিনিজন শিশুৱে আকস্মিকভাৱে কুট্টিচাথনক তান্ত্ৰিকৰ কবলৰ পৰা মুক্ত কৰে। তেওঁলোকৰ সৈতে কুট্টিচাথনৰ গভীৰ বন্ধুত্ব গঢ়ি উঠে। শিশুকেইজনে বুজি পায় যে কুট্টিচাথন শিশুসকলৰ প্ৰতি অতি স্নেহশীল আৰু এজন ভাল বন্ধু। লক্ষ্মীয়ে কুট্টিচাথনক নিজৰ ঘৰত ৰাখিবলৈ বিচাৰে। ইয়াৰ দুটা কাৰণ আছিল। প্ৰথমতে, মাকৰ মৃত্যুৰ পিছত তেওঁৰ পিতৃয়ে অতিমাত্ৰাই মদ্যপান কৰিবলৈ আৰম্ভ কৰিছিল। লক্ষ্মীৰ আশা আছিল, কুট্টিচাথনৰ যাদুকৰী শক্তিৰে তেওঁৰ পিতৃক এই আসক্তিৰ পৰা উভতাই আনিব পাৰিব। দ্বিতীয়তে, কুট্টিচাথনেও মদ্যপান কৰিবলৈ ভাল পায়। সেয়ে লক্ষ্মীৰ বিশ্বাস আছিল যে কুট্টিচাথনে ঘৰত থকা সকলো মদ নিজেই শেষ কৰি পেলালে তেওঁৰ পিতৃয়ে মদ্যপান এৰি দিব। শেষত কুট্টিচাথনৰ সহায়ত লক্ষ্মীৰ পিতৃয়ে নিজৰ ভুল উপলব্ধি কৰে আৰু পিতৃ-কন্যাৰ সম্পৰ্ক পুনৰ স্বাভাৱিক হৈ উঠে।
কিন্তু কিছুদিনৰ পিছত কৰিমভূতমে পুনৰ কুট্টিচাথনক বন্দী কৰে। লগতে তেওঁ লক্ষ্মীক অপহৰণ কৰি কুট্টিচাথনক যাদুৰে সুৰক্ষিত গুপ্তধন বিচাৰি উলিয়াবলৈ বাধ্য কৰে। এই কথা জানিব পাৰি বিজয় আৰু বিনোদে কুট্টিচাথনক বন্দী কৰি ৰখা তাবিজটো জ্বলাই দিয়ে। তাবিজৰ প্ৰভাৱৰ পৰা মুক্ত হৈ কুট্টিচাথনে প্ৰচণ্ড ক্ৰোধত কৰিমভূতমক জ্বলাই হত্যা কৰে। কিন্তু তাবিজ ধ্বংস কৰাৰ মূল্যস্বৰূপে কুট্টিচাথন নিজেই এটা বাদুলিলৈ ৰূপান্তৰিত হয় আৰু আকাশলৈ উৰি গুচি যায়।
নিৰ্মাণ
বিকাশ
মাই ডিয়াৰ কুট্টিচাথন ভাৰতৰ প্ৰথম ৩-ডি (3D) প্ৰযুক্তিত নিৰ্মিত পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ। এই ছবিৰ জৰিয়তেই নৱোদয়া আপ্পাচনৰ পুত্ৰ জিজো পুন্নূছে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে।৫ ১৯৮২ চনত পদায়োত্তম চলচ্চিত্ৰ নিৰ্মাণৰ পিছত, চিত্ৰগ্ৰহণ শিল্পী ৰামচন্দ্ৰ বাবুৱে জিজোক American Cinematographer আলোচনীত প্ৰকাশিত ৩-ডি চলচ্চিত্ৰ নিৰ্মাণ সম্পৰ্কীয় এটা প্ৰবন্ধ দেখুৱায়। সেই প্ৰবন্ধৰ পৰা অনুপ্ৰাণিত হৈ জিজোৱে ভাৰতত প্ৰথমবাৰৰ বাবে এখন ৩-ডি চলচ্চিত্ৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে।৬৭
প্ৰযুক্তি
৩-ডি প্ৰযুক্তিৰ বিষয়ে গভীৰভাৱে জানিবলৈ জিজো একাধিকবাৰ আমেৰিকাৰ কেলিফৰ্ণিয়াৰ বাৰ্বেংকলৈ ভ্ৰমণ কৰে। তাত তেওঁ কেইবাখনো ৩-ডি চলচ্চিত্ৰৰ নমুনা ফিল্ম ৰীল সংগ্ৰহ কৰি নিজৰ ষ্টুডিঅ'ত প্ৰদৰ্শন কৰে। ২এই প্ৰদৰ্শনৰ পিছত নৱোদয়া আপ্পাচনে ৩-ডি চলচ্চিত্ৰ নিৰ্মাণৰ সম্ভাৱনাৰ ওপৰত সম্পূৰ্ণ আস্থা লাভ কৰে আৰু ৪০ লাখ টকাৰ বাজেটেৰে মাই ডিয়াৰ কুট্টিচাথন প্ৰযোজনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।৭ চলচ্চিত্ৰখনৰ ৩-ডি দৃশ্যসমূহ নিখুঁতভাৱে সৃষ্টি কৰিবলৈ ষ্টেৰিঅ'গ্ৰাফাৰ ডেভিড শ্মিয়ে (David Schmier)-এ চিত্ৰগ্ৰহণ শিল্পীৰ সৈতে একেলগে কাম কৰিছিল। তেওঁ একাধিক চিত্ৰক সঠিকভাৱে সমন্বিত কৰি দৰ্শকৰ বাবে বাস্তৱসম্মত ত্ৰিমাত্ৰিক (3D) অভিজ্ঞতা নিশ্চিত কৰিছিল।৭
ইয়াৰ পিছত জিজোৱে পুনৰ আমেৰিকা ভ্ৰমণ কৰে আৰু তাত ৩-ডি প্ৰযুক্তিৰ বিশেষজ্ঞ ক্ৰিছ কণ্ডনৰ (Chris Condon) সৈতে সাক্ষাৎ কৰে। জিজোৱে ৩-ডি চিত্ৰগ্ৰহণৰ বাবে প্ৰয়োজনীয় বিশেষ কেমেৰা লেন্স ক্ৰয় কৰে। দীঘলীয়া আলোচনাৰ অন্তত ক্ৰিছ কণ্ডনে *মাই ডিয়াৰ কুট্টিচাথন* চলচ্চিত্ৰৰ ৩-ডি নিৰ্মাণ প্ৰক্ৰিয়াত জিজোক সহায় কৰিবলৈ সন্মতি জনায়। ২ চলচ্চিত্ৰখন নিৰ্মাণৰ বাবে প্ৰয়োজনীয় অত্যাধুনিক সঁজুলি আমেৰিকাৰ পৰা আমদানি কৰিবলগীয়া হৈছিল। জিজোৱে তেওঁৰ বন্ধু থমাছ জে. ইছ'-ৰ সহযোগিতাত এই সঁজুলিসমূহ ভাৰতলৈ আনিবলৈ সক্ষম হয়।২
চিত্ৰনাট্য
৩-ডি চলচ্চিত্ৰখনৰ বাবে নিৰ্মাতাসকলে এনে এটা সাৰ্বজনীন বিষয়বস্তু বাছি ল'ব বিচাৰিছিল, যিয়ে সকলো দেশ-সংস্কৃতিৰ শিশুক সমানে আকৰ্ষণ কৰিব পাৰে। জিজোৱে বহু বছৰ ধৰি শিশু আৰু এখন বন্ধুত্বপূৰ্ণ অলৌকিক সত্তাক কেন্দ্ৰ কৰি এখন চলচ্চিত্ৰ নিৰ্মাণৰ ধাৰণা মনত পুহি ৰাখিছিল। এই কাহিনী বিকশিত কৰাৰ ক্ষেত্ৰত তেওঁ অনন্ত পাই আৰু পি. পদ্মৰাজনৰ দৰে বিশিষ্ট ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰে। পিছলৈ ৰঘুনাথ পালেৰীয়ে ছবিখনৰ চিত্ৰনাট্যকাৰ হিচাপে যোগদান কৰে। তেওঁ বিশেষজ্ঞসকলৰ সকলো মতামত আৰু পৰামৰ্শ একত্ৰিত কৰি তিনিজন শিশু আৰু এজন বন্ধুসুলভ কুট্টিচাথনক কেন্দ্ৰ কৰি কাহিনীটো গঢ়ি তোলে। পালেৰীৰ মতে, তেওঁ চিত্ৰনাট্যখন এনেদৰে লিখিছিল যাতে ছবিখন ৩-ডি নহৈ সাধাৰণ ২-ডি চলচ্চিত্ৰ হিচাপে নিৰ্মাণ কৰাহেঁতেনো কাহিনীয়ে দৰ্শকৰ মন জয় কৰিব পাৰিলেহেঁতেন। ৭
তথ্যসূত্ৰ
- ↑ Pillai, Sreedhar. (28 February 1985). Producer Appachen creates Indian motion picture history with My Dear Kuttichathen. ইণ্ডিয়া টুডে
- ↑ Chelangad, Saju. (2 April 2018). Jijo and his 3D dream that resulted in 'My Dear Kuttichathan'. দ্য হিন্দু
- ↑ (15 May 2003). Casting a Magic spell. দ্য হিন্দু
- ↑ Jha, Lata. (14 November 2016). Children's Day: 10 memorable Bollywood films. Mint
- ↑ (24 March 2003). 3D fad back with a vengeance. দ্য হিন্দু
- ↑ (10 June 2017). Cinematography students told to observe life. দ্য হিন্দু
- ↑ Menon, Vishal. (12 November 2018). My Dear Kuttichathan: The Unforgettable Story of India's First 3D Film. Film Companion
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাই ডিয়াৰ কুট্টিচাথন” প্ৰবন্ধৰ সংশোধন ৬৪০১৩৮ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।