মিহো ইমাডা (: Miho Imada; জন্ম: ১৯৬২) হিৰোচিমাৰ আকিটছুৰ অঞ্চলৰ ইমাডা শ্বুজো নামৰ চেক নিৰ্মাণশালাৰ এগৰাকী মুখ্য চেক নিৰ্মাতা বিশেষজ্ঞ।১ ইমাডাই বিশ্বৰ কিছুমান উন্নতমানৰ চেক তৈয়াৰ কৰাৰ সুনাম অৰ্জন কৰিছে।২
মদ নিৰ্মাণশালা
জাপানৰ গ্ৰাম্য হিৰোচিমাত অৱস্থিত এখন সৰু মদ নিৰ্মাণশালা নাম ইমাডা শ্বুজো। ইয়াত আন্তঃৰাষ্ট্ৰীয়ভাৱে প্ৰশংসিত জিঞ্জো-শৈলীৰ চেক প্ৰস্তুত কৰা হয়।এইটো এনে কিছুমান চেক নিৰ্মাণশালাৰ ভিতৰত অন্যতম, যিটো এগৰাকী মহিলা চেক ট’জি [জা]য়ে নেতৃত্ব দি চলাই আছে।৩ ইমাদা হিৰোচিমাৰ আকিটছু অঞ্চলত ডাঙৰ-দীঘল হৈছিল, যি ঠাই জিঞ্জো শৈলীৰ চেক প্ৰস্তুতৰ জন্মস্থান হিচাপে বিখ্যাত আৰু তাৰ কোমল পানীৰ বাবে পৰিচিত।৪ ১৮৬৮ চনৰ পৰা ইমাদা ছুজো নামৰ চেক নিৰ্মাণশালা খন এটা পৰিয়ালৰ দ্বাৰা পৰিচালিত হৈ আহিছে আৰু মাহো ইমাদা এই ব্ৰুৱেৰী অৰ্থাৎ চেক নিৰ্মাণশালাতে ডাঙৰ-দীঘল হৈছিল।৫৩৬ দেউতাক আৰু দাদাকৰ পৰা চেক প্ৰস্তুত কলা শিকিছিল যদিও ১৯৯৩ চনত চেক উৎপাদনৰ বিষয়ে অধিক জানিবলৈ নেচনেল ৰিচাৰ্চ ইনষ্টিটিউট অৱ ব্ৰুইঙতোত নামভৰ্তি কৰে।৫১৯৯৪ চনত তেওঁ ইমাদা শ্বুজোলৈ উভতি আহে আৰু আঠ বছৰ ধৰি ট'জিৰ অধীনত অধ্যয়ন কৰে। তেওঁৰ পিতৃ ইউকিনাও ইমাডাৰ বয়স বাঢ়ি আহিছিল আৰু তেওঁৰ ভাতৃয়ে পৰিয়ালৰ ব্যৱসায়টো লোৱাৰ পৰিৱৰ্তে চিকিৎসক হোৱাৰ পথ বাছি লৈছিল।১যাৰ ফলত ২০০০ চনত পিতৃ অৱসৰ লোৱাৰ পিছত মাহো ইমাদা হেড চেক মাষ্টাৰ হয়।৫আৰু নিজৰ নিৰ্মাণশালাত মুখ্য চেক নিৰ্মাতা বিশেষজ্ঞ হিচাপে কাম কৰে, অৰ্থাৎ তেওঁৱেই চেক তৈয়াৰ কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াৰ দায়িত্ব লয়।
মাহো ইমাদা পঞ্চম প্ৰজন্মৰ চেক ব্ৰুৱেৰীৰ মাষ্টাৰ ব্ৰুয়াৰ হোৱাৰ উপৰিও তেওঁৰ ব্ৰুইংত ব্যৱহাৰ কৰিবলৈ উত্তৰাধিকাৰী ধানৰ জাতসমূহ অন্বেষণ কৰাৰ বাবে পৰিচিত।৬৭দুই দশক ধৰি,হিৰোচিমাৰৰ সুকীয়া জলবায়ুত হোৱা কৃষি ঐতিহ্য বহন কৰা ধানেৰে প্ৰচলিত চেক প্ৰস্তুত কৰাৰ লক্ষ্যৰে তেওঁ প্ৰায় একক প্ৰচেষ্টাত এটা পুৰণি ধানৰ জাত পুনৰ জীৱন্ত কৰি তুলিছে। তেওঁ কৈছে: “এইধান বিধ মইয়েই একক প্ৰচেষ্ঠাৰে পুনৰুজ্জীৱিত কৰিছিলো, আৰু আজি পৰ্যন্ত এই ধানক চেকত ব্যৱহাৰ কৰা একমাত্ৰ ব্যক্তিও মইয়ে।” "৭ এই চেকক পুনৰুজ্জীৱনৰ বাবে ইমাদাই হিৰোশিমাৰ চেক ইতিহাস পুনৰ অনুসৰণ কৰিবলগীয়া হৈছিল। তেওঁ স্থানীয় কৃষকসকলৰ সৈতে কাম কৰি প্ৰায় এশ বছৰ ধৰি ৰোপণ নকৰা বীজ এটাৰ পুনৰ খেতি কৰিছিল। লগতে, এসময়ত সাধাৰণ আছিল যদিও এতিয়া প্ৰায় পাহৰণিৰ গৰ্ভত হেৰাই যোৱা এই ধানৰ বাবে উপযুক্ত চেক বনোৱা প্ৰক্ৰিয়া পুনৰ আৱিষ্কাৰ কৰিবলৈ বহু পৰীক্ষা-নিৰীক্ষা কৰিব লগাত পৰিছিল। লোকঐতিহ্যি বহন কৰা এই ধান আধুনিক উন্নত জাতৰ ধানৰ তুলনাত অধিক অনিশ্চিত স্বভাৱৰ।৭
৩৩ বছৰ বয়সত ব্ৰুয়াৰ হোৱাৰ আগতে ইমাদাই মেইজি বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰিছিল আৰু টকিঅ’ৰ নোহ থিয়েটাৰত কাম কৰিছিল।১ নোহ হৈছে জাপানীজ সংগীত নাট্যৰ এক পৰম্পৰাগত ৰূপ যি চতুৰ্দশ শতিকাৰ আৰু নাট্যৰ অন্যতম পুৰণি ৰূপ।৩ মেইজি বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ টকিঅ’ৰ এটা ডিপাৰ্টমেণ্ট ষ্ট’ৰত সাংস্কৃতিক কাৰ্য্যকলাপৰ অংশত কাম কৰিবলৈ আৰম্ভ কৰে।৮
ইতিহাস
মহিলাসকলে প্ৰাচীন কালৰ পৰাই চেক প্ৰস্তুতিৰ কাম কৰি আহিছে আৰু এইকুচিকামিজাকে (মুখত চোবাই খোৱা চেক)ৰ কেইবাটাও প্ৰস্তুত কাহিনী আছে।৯ প্ৰাচীন চেক ঐতিহ্য অনুসৰি, মহিলাসকলেই প্ৰথম চেক নিৰ্মাতা আছিল। খ্ৰীষ্টপূৰ্ব ৩০০ ৰ পৰা খ্ৰীষ্টাব্দ ৩০০ চনলৈ থকা ইয়ায়োই যুগত মন্দিৰৰ সেবিকা, যাক মিকো বোলা হয়, তেওঁলোকে দেৱতাসকলৰ উদ্দেশ্যে নিবেদন হিচাপে এই পানীয় প্ৰস্তুত কৰিছিল।১ তেওঁলোকে এক প্ৰাথমিক পদ্ধতি ব্যৱহাৰ কৰিছিল—চাউল চোবাই থু কৰি, তাৰ পিছত দেহৰ নিজা এনজাইমে ফাৰ্মেন্টেশ্যন (গাঁজন) প্ৰক্ৰিয়া সম্পন্ন কৰিছিল।২লালাই ধানৰ চাউল চোবালে চাউলৰ ষ্টাৰ্চ গ্লুক’জলৈ ৰূপান্তৰিত হৈছিল, আৰু বায়ুত থকা ইষ্টে সেই গ্লুক’জক সাধাৰণ ৰূপৰ চেকলৈ পৰিণত কৰিছিল।
জাপানত প্ৰায় ৩০ গৰাকী মহিলা টজি (মুখ্য চেক নিৰ্মাণ বিশেষজ্ঞ) আছে। কিন্তু মিহো ইমাদাই আৰম্ভ কৰাৰ সময়ত এনেকুৱা মাত্ৰ কেইটামানহে আছিল। তেওঁৰ একাগ্ৰতা আৰু সমৰ্পণ উদ্যোগটোৰ আন মহিলাসকলৰ বাবে এটা আদৰ্শ হৈ পৰিছে। তেওঁ সাক্ষাৎকাৰসমূহত সদায় স্পষ্টকৈ কৈ আহিছে যে নিজৰ কামত লিংগ বৈষম্যৰ সন্মুখীন হোৱা নাছিল।১০
বঁটা
২০২০ চনৰ ২৩ নৱেম্বৰত ঘোষণা কৰা বিবিচিৰ ১০০ গৰাকী প্ৰেৰণাদায়ক মহিলাৰ তালিকাত ইমাদা অন্তভুক্ত হৈছিল।১১
তথ্যসূত্ৰ
- ↑ Matsumoto, Nancy. (2020-01-31). Master Sake Brewer Miho Imada. Medium
- ↑ yamatomagazine. (2019-12-24). Women Warriors: Miho Imada. Yamato Magazine
- ↑ Kyogoku, Maiko. (18 April 2018). Miho Imada Is Quietly Brewing Some of the Best Sake in the World. Bon Appétit
- ↑ Polaner Selections. www.polanerselections.com
- ↑ Miho Imada of Imada Sake Brewery. Umami Mart
- ↑ Imada Shuzo's Ginjo Sake. OISHI SO JAPAN
- ↑ Gattuso, Reina. (2020-03-03). The Sake Master Reviving a Long-Forgotten Local Rice. Atlas Obscura
- ↑ Imada - Japanese sake brewery. esake.com
- ↑ (2020-04-06). #31BeerHerstories Mega List. braciatrix
- ↑ Fukucho Moon on the Water · Junmai Ginjo · Japanese Sake · Vine Connections. www.vineconnections.com
- ↑ (2020-11-23). BBC 100 Women 2020: Who is on the list this year?. BBC News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিহো ইমাডা” প্ৰবন্ধৰ সংশোধন ৫৮১৩০৮ (২৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।