অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

মাৰেন ছৰেঞ্চেন

মাৰেন ছৰেঞ্চেন (ইংৰাজী: Maren Sørensen; ১৮৮২–১৯৫৭) এগৰাকী ডেনিছ নাৰ্ছ আৰু ধৰ্মযাজক আছিল যাক ডেনমাৰ্কৰ প্ৰথম মহিলা যাজক বুলি গণ্য কৰা হয়। ১৯৪০ চনত হাভ্ৰেবিয়েৰ্গত স্বতন্ত্ৰ গ্ৰুণ্ডভিগিয়ান ধৰ্মগুৰু নীলছ ডেলৰ দ্বাৰা তেওঁক ধৰ্মযাজক হিচাপে অভিষিক্ত কৰা হৈছিল।

হালনাগাদ: ২৮ মাৰ্চ ২০২৬ ১৮২ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

মাৰেন ছৰেঞ্চেন (ইংৰাজী ভাষা: Maren Sørensen; ১৮৮২–১৯৫৭) এগৰাকী ডেনিছ নাৰ্ছ আৰু ধৰ্মযাজক আছিল যাক ডেনমাৰ্কৰ প্ৰথম মহিলা যাজক বুলি গণ্য কৰা হয়। ১৯৪০ চনত হাভ্ৰেবিয়েৰ্গত স্বতন্ত্ৰ গ্ৰুণ্ডভিগিয়ান ধৰ্মগুৰু নীলছ ডেলৰ দ্বাৰা তেওঁক ধৰ্মযাজক হিচাপে অভিষিক্ত কৰা হৈছিল। ছৰেঞ্চেনক দক্ষিণ জুটলেণ্ডত এগৰাকী নাৰ্ছ, পালক মাতৃ আৰু পৰিয়ালৰ যত্ন লওঁতা হিচাপে আগবঢ়োৱা তেওঁৰ ব্যাপক কৰ্মৰাজীৰ বাবেও স্মৰণ কৰা হয়।১২

জীৱনী

১৮৮২ চনৰ ১২ জুলাইত পশ্চিম জুটলেণ্ডৰ ভাৰ্ড পৌৰসভাত মাৰেন ছৰেঞ্চেনৰ জন্ম হৈছিল। তেওঁ কৃষক জেকব ছৰেঞ্চেন আৰু এনী কেথৰিন নীলচেনৰ কন্যা আছিল। চাৰি বছৰ বয়সৰ পৰা তেওঁক দেউতাকৰ ফালৰ ককাক-আইতাকে লালন-পালন কৰিছিল। তেওঁৰ ককাক ইলিয়াছ এছ হান এজন নিষ্ঠাবান মেথডিষ্ট আছিল। দহ বছৰ বয়সত তেওঁ মাকৰ লগত থাকিবলৈ ঘূৰি আহে আৰু এজন আনন্দিত খ্ৰীষ্টান মনোভাৱেৰে ঈশ্বৰৰ সেৱা কৰাৰ সংকল্প লয়।১

অসুস্থ মাকৰ যত্ন লওঁতে অতিবাহিত কৰা বছৰবোৰে তেওঁক এগৰাকী নাৰ্ছ হ’বলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁ প্ৰথমে জেণ্ডাৰাপ ফ’ক হাইস্কুলত অধ্যয়ন কৰে আৰু তাৰ পিছত ক’পেনহেগেনৰ চেন্ট লুকাছ ষ্টিফটেলচেন আৰু ব্লেগদাম হাস্পতালত শিক্ষা গ্ৰহণ কৰে। ষ্ট্ৰবেীত তিনি বছৰ নাৰ্ছ হিচাপে কাম কৰাৰ পিছত তেওঁ নীলছ ডেলৰ দ্বাৰা প্ৰতিষ্ঠিত লিচেলুণ্ডৰ গ্ৰুণ্ডভিগিয়ান স্কুলত পাঠ্যক্ৰম গ্ৰহণ কৰে। ডেল আৰু লৰিডছ বাৰ্টেলচেন পুলচেনৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈ তেওঁ পৰৱৰ্তী ১১ বছৰ ধৰি টণ্ডাৰ জিলাত আৰু ১৯১২ চনৰ পৰা ফ্লেঞ্চবাৰ্গত এগৰাকী ভ্ৰাম্যমাণ নাৰ্ছ হিচাপে কাম কৰে। হোলবলত বসতি স্থাপন কৰি তেওঁ ফ্লেঞ্চবাৰ্গত ডেনিছ নাৰ্ছিং এছ’চিয়েশ্যন (Dansk Sygeplejeforening i Flensborg) প্ৰতিষ্ঠা কৰে। ১৯১৪ চনত যেতিয়া প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হয়, তেওঁ যুদ্ধ সেৱাৰ বাবে স্বেচ্ছাসেৱী হিচাপে কাম কৰে আৰু বিভিন্ন ৰাষ্ট্ৰৰ লোকৰ লগতে বিশেষকৈ ফৰাচী আৰু ৰাছিয়ান যুদ্ধবন্দীসকলৰ শুশ্ৰূষা কৰে।১

১৯২০ চনত তেওঁ হাডাৰচ্লেভৰ ওচৰৰ ভিলষ্ট্ৰাপত নৱনিৰ্মিত শিশুগৃহৰ দায়িত্ব লয় আৰু তাৰ পিছৰ ২৬ বছৰ ধৰি গ্ৰীষ্মকালত দক্ষিণ জুটলেণ্ডৰ ৮,০০০ তকৈও অধিক দুৰ্বল শিশুৰ যত্ন লয়।২ তথাপিও তেওঁ শীতকালত দক্ষিণ জুটলেণ্ডত ডেনিছ ভাষী লোকসকলৰ সেৱাত নিয়োজিত আছিল। ১৯৩০ চনত তেওঁ ভালচবলত এটা কমিউনিটি চেণ্টাৰ নিৰ্মাণ কৰে, য’ত চিলাই আৰু কাঠমিস্ত্ৰীৰ কামৰ কোঠাৰ উপৰিও এটা প্ৰাৰ্থনা কক্ষ আৰু তেওঁৰ নিজৰ থকাৰ ব্যৱস্থা আছিল। ব্যক্তিগত দান আৰু ৰাষ্ট্ৰীয় সংস্থাসমূহৰ সহায়ত নিৰ্মিত এই কেন্দ্ৰটো ডেলৰ দ্বাৰা মুকলি কৰা হৈছিল।১

ডেনিছ নিয়মাৱলী অনুসৰি তেওঁ ধৰ্মযাজক হোৱাৰ অধিকাৰী নাছিল যদিও তেওঁ ধৰ্মীয় কৰ্তব্য পালন কৰিছিল। তথাপিও ১৯৪০ চনত তেওঁক হাভ্ৰেবিয়েৰ্গৰ স্বতন্ত্ৰ লুথাৰীয় গীৰ্জাত নীলছ ডেলৰ দ্বাৰা ধৰ্মযাজক হিচাপে নিৰ্বাচিত কৰা হয়। সেইবাবেই তেওঁ ডেনমাৰ্কৰ নেচনেল চাৰ্চ বা 'ডানস্কে ফ’কেকিৰ্কে'ত ধৰ্মযাজক হিচাপে নিৰ্বাচিত হোৱা নাছিল, যিয়ে ১৯৪৭ চনতহে প্ৰথমবাৰৰ বাবে মহিলা যাজকক স্বীকৃতি দিছিল।৩ দ্বিতীয় বিশ্বযুদ্ধৰ অসুবিধাৰ বাবে তেওঁ দক্ষিণ জুটলেণ্ডত কাম কৰিব পৰা নাছিল যদিও যুদ্ধ শেষ হোৱাৰ পিছত পুনৰ ভালচবললৈ ঘূৰি আহে। ১৯৪৮ চনত যেতিয়া ডেনমাৰ্কৰ গীৰ্জাই ভালচবলত এজন ডেনিছ ধৰ্মযাজক নিযুক্তি দিয়ে, তেতিয়া ছৰেঞ্চেন ভিলষ্ট্ৰাপলৈ ঘূৰি আহে। ১৯৫২ চনত তেওঁক অৰ্ডাৰ অৱ দ্য ডেনব্ৰগেৰে সন্মানিত কৰা হয়।১

১৯৫৭ চনৰ ৪ জুলাইত হাডাৰচ্লেভত মাৰেন ছৰেঞ্চেনৰ মৃত্যু হয় আৰু তেওঁক পশ্চিম জুটলেণ্ডৰ টাৰ্মৰ ওচৰৰ লনবৰ্গ কবৰস্থানত সমাধিস্থ কৰা হয়।২

তথ্যসূত্ৰ

  1. ↑ Olesen, Anne Mette. Maren Sørensen (1882 - 1957). Kvinfo
  2. ↑ Lindhardt, P.G. Maren Sørensen. Gyldendal: Dansk Biografisk Leksikon
  3. ↑ Davidsen, Hans-Christian. (7 June 2018). Maren Sørensen – Danmarks første kvindelige præst. Flensborg Avis

সম্পৰ্কিত শ্ৰেণী

ডেনিছ নাৰ্ছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰেন ছৰেঞ্চেন” প্ৰবন্ধৰ সংশোধন ৫৯৬৪৮৩ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।