অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

মহল্লা ক্লিনিক

আম আদমি মহল্লা ক্লিনিক (AAMC), যাক মহল্লা ক্লিনিক বুলিও কোৱা হয়, ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল নতুন দিল্লীৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। তেওঁলোকে এই ক্লিনিকৰ দ্বাৰা ঔষধ, পৰীক্ষা আৰু পৰামৰ্শকে ধৰি অত্যাৱশ্যকীয় স্বাস্থ্য সেৱাৰ এক মৌলিক সুবিধা বিনামূলীয়াকৈ আগবঢ়ায়।

হালনাগাদ: ২৫ এপ্ৰিল ২০২৬ ১৮৪ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

আম আদমি মহল্লা ক্লিনিক (AAMC), যাক মহল্লা ক্লিনিক বুলিও কোৱা হয়, ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল নতুন দিল্লীৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। তেওঁলোকে এই ক্লিনিকৰ দ্বাৰা ঔষধ, পৰীক্ষা আৰু পৰামৰ্শকে ধৰি অত্যাৱশ্যকীয় স্বাস্থ্য সেৱাৰ এক মৌলিক সুবিধা বিনামূলীয়াকৈ আগবঢ়ায়।১ হিন্দীত "মহল্লা" মানে চুবুৰী বা সম্প্ৰদায়। এই ক্লিনিকসমূহে জনসাধাৰণৰ বাবে যোগাযোগৰ প্ৰথম বিন্দু হিচাপে কাম কৰে, সময়মতে সেৱা আগবঢ়ায় আৰু ৰাজ্যখনৰ অন্যান্য স্বাস্থ্যসেৱাৰ প্ৰতিষ্ঠানসমূহলৈ পঠিওৱাৰ বোজা হ্ৰাস কৰে।

পটভূমি

২০১৫ চনৰ অক্টোবৰ মাহত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টী চৰকাৰে প্ৰথমবাৰৰ বাবে মহল্লা ক্লিনিক স্থাপন কৰিছিল আৰু ২০২০ চনলৈকে সমগ্ৰ চহৰখনত ৪৫০ খন এনে ক্লিনিক স্থাপন কৰা হৈছে আৰু ১৬.২৪ মিলিয়নতকৈ অধিক বাসিন্দাক সেৱা আগবঢ়োৱা হৈছে।২৩৪২০২০ চনৰ দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে মহানগৰীত এনে ১০০০ ক্লিনিক স্থাপন কৰাৰ প্ৰতিশ্ৰুতি চৰকাৰে পালন কৰিছে। ২০১৫ চনৰ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ভাৰতৰ ৬৫% তকৈ অধিক জনসংখ্যাই নিজৰ পকেটৰ পৰাই স্বাস্থ্যৰ বাবে ধন দিছিল। ইফালে হিন্দু নিউজ গ্ৰুপে ২০১৭ চনত উল্লেখ কৰিছিল যে দেশৰ মাত্ৰ ১৭% লোকৰহে স্বাস্থ্য বীমা আছে।৫৬ এই পদক্ষেপৰ আঁৰৰ ধাৰণাটো হ’ল যে ভাৰতে মহল্লা ক্লিনিক ৰ দ্বাৰা বিনামূলীয়াকৈ স্বাস্থ্য সুবিধা জনসাধাৰণৰ বাবে উপলব্ধ কৰিব পাৰে আৰু তাৰ দ্বাৰা যাতে দৰিদ্ৰ লোকৰ স্বাস্থ্যৰ নামত খৰচ হোৱা ধন ৰাহি হয়।

তথ্যসূত্ৰ

  1. ↑ Sharma, Dinesh C. (2016-12-10). Delhi looks to expand community clinic initiative. The Lancet. পৃ. 2855
  2. ↑ Upadhyay, Aishwarya. (2020-02-10). "Mohalla Clinics Have Revolutionized The Delivery Of Healthcare In Delhi," Experts Laud Delhi's 450 Mohalla Clinics. ndtv.com
  3. ↑ (2019-09-06). Mohalla clinics served 16.24 million people in four years: Delhi health minister. Hindustan Times
  4. ↑ Chatterjee, Pritha. (2015-07-20). 'Unbelievable' to reality: CM Arvind Kejriwal opens city's first 'mohalla clinic'. The Indian Express
  5. ↑ Out-of-pocket expenditure as percentage of current health expenditure. World Health Organization
  6. ↑ Mehra, Puja. Only 17% have health insurance cover. The Hindu

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহল্লা ক্লিনিক” প্ৰবন্ধৰ সংশোধন ৬০২৫৮৬ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।