অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

মিৰ

মিৰ (Мир,; lit. peace or world) আছিল ১৯৮৬ চনৰ পৰা ২০০১ চনলৈকে মহাকাশত থকা মহাকাশ কেন্দ্ৰ। ইয়াক প্ৰথমে ছোভিয়েট ইউনিয়ন আৰু পাছত ৰাছিয়াই পৰিচালনা কৰিছিল। মিৰ আছিল প্ৰথম ম'জুলাৰ মহাকাশ কেন্দ্ৰ আৰু ইয়াক মহাকাশত যোৰা লগাই বনোৱা হৈছিলে ১৯৮৬ ৰ পৰা ১৯৯৬ চনৰ ভিতৰত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৯৩ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

মিৰ (Мир,; lit. peace or world) আছিল ১৯৮৬ চনৰ পৰা ২০০১ চনলৈকে মহাকাশত থকা মহাকাশ কেন্দ্ৰ। ইয়াক প্ৰথমে ছোভিয়েট ইউনিয়ন আৰু পাছত ৰাছিয়াই পৰিচালনা কৰিছিল। মিৰ আছিল প্ৰথম ম'জুলাৰ মহাকাশ কেন্দ্ৰ আৰু ইয়াক মহাকাশত যোৰা লগাই বনোৱা হৈছিলে ১৯৮৬ ৰ পৰা ১৯৯৬ চনৰ ভিতৰত। এটা সময়ত ই পৃথিৱীৰ কক্ষপথত থকা সকলোতকৈ ডাঙৰ কৃত্ৰিম উপগ্ৰহ আছিল। মহাকাশ কেন্দ্ৰটোত সূক্ষ্ম মধ্যাকৰ্ষণ সম্পৰ্কীয় গৱেষণাগাৰ আছিলে য'ত জীৱ-বিজ্ঞান, পদাৰ্থ বিজ্ঞান, মহাকাশযান ইত্যাদি গৱেষণা কৰা হৈছিল। এইবোৰৰ মূল উদ্দেশ্য আছিলে মহাকাশত মানুহৰ স্থায়ী বসতি। মিৰ আছিল প্ৰথম দীৰ্ঘদিন ধৰি মহাকাশত থকা বাসোপযোগী গৱেকষণা-কেন্দ্ৰ। ই ৩৬৪৪ দিন ধৰি মানুহ থকাৰ এক ৰেকৰ্ড কৰিছিল; আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰই ২৩ অক্টোবৰ ২০১০ চনত এই ৰেকৰ্ড ভঙ্গ কৰে১। ইয়াৰ আৰু এটা বেলেগ ৰেকৰ্ডো আছে। ভালেৰী পলিক'ভে ইয়াত ১৯৯৪ ৰ পৰা ১৯৯৫লৈকে ৪৩৭ দিন ১৮ঘণ্টা থাকি দীৰ্ঘসময়ৰ এককভাৱে মানুহৰ মহাকাশ উৰণৰ ৰেকৰ্ড স্থাপন কৰিছিল। মিৰে মুঠ জীৱন কাল ১৫ বছৰৰ ১২ বছৰ মহাকাশত আছিল। ই আছিল ইয়াৰ নিৰ্ধাৰিত সময় কালতকৈ তিনিগুণ অধিক সময়।২

সৃষ্টি

মিৰ অ'ৰবিটেল কম্‌প্লেক্সৰ কাম ১৯৭৬ চনত আৰম্ভ হয় য'ত ২৮০টা অনুষ্ঠান আৰু ২০ বিভিন্ন ছোভিয়েট মন্ত্ৰালয়ে ভাগ লৈছিল। ২০ ফেব্ৰুৱাৰী ১৯৮৬চনত ইউ আৰ-৫০০কে (প্ৰট'ন) ৰকেট উৎক্ষেপকে মিৰ নামৰ ক'ৰ ম'জুলটো (Module) উৎক্ষেপন কৰে। ছোভিয়েট বাতৰি তথ্যমতে ম'জুলটোত ৬টা ডকিং প'ট আছিল।৩

তথ্যসূত্ৰ

  1. ↑ Jackman, Frank. (29 October 2010). ISS Passing Old Russian Mir In Crewed Time. Aviation Week
  2. ↑ Mir Space Station. NASA History Division. NASA
  3. ↑ Zak, Anatoly. The Core Module of the Mir space station. Russianspaceweb

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিৰ” প্ৰবন্ধৰ সংশোধন ৩৮২৬৪৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।