মিনি ইভানজেলিন জৰ্ডন (জন্ম: ২২ জুন, ১৮৬৫ – মৃত্যু: ১০ অক্টোবৰ, ১৯৫২) আছিল এগৰাকী আমেৰিকান দন্ত চিকিৎসক আৰু আমেৰিকাৰ প্ৰথমজন দন্ত চিকিৎসক যিয়ে শিশু দন্ত চিকিৎসা ক্ষেত্ৰত বিশেষজ্ঞ আছিল।
প্ৰাথমিক জীৱন
ইলিনয়ৰ ফুলটন কাউণ্টিত মিনি ইভানজেলিন জৰ্ডনৰ জন্ম হৈছিল। পিতৃ-মাতৃ আছিল ইউজিন বি জৰ্ডন আৰু কেথেৰিন ৰেবেঁকা কেলভাৰ্ট জৰ্ডন১ ১৮৮৭ চনত কেলিফৰ্ণিয়ালৈ গুচি যায় আৰু ১৮৯১ চনত লছ এঞ্জেলছ ষ্টেট নৰ্মেল স্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৮৯৮ চনত তেওঁ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ দন্ত চিকিৎসা কাৰ্যসূচীৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।২ দন্ত চিকিৎসা বিদ্যালয়ত পঢ়ি থকাৰ সময়ত তেওঁ ছান ফ্ৰান্সিস্কোৰ এটা অনাথ আশ্ৰমত মৌখিক স্বাস্থ্যৰ ক্লিনিক চলাইছিল।৩
কেৰিয়াৰ
জৰ্ডনে প্ৰাথমিক বিদ্যালয়ত পঢ়ুৱাইছিল আৰু বাৰ্কলেত দন্ত চিকিৎসক হোৱাৰ প্ৰশিক্ষণ লোৱাৰ সময়ত দন্ত সহায়ক হিচাপে কাম কৰিছিল, তাৰ পিছত লছ এঞ্জেলছত নিজাকৈ দন্ত চিকিৎসালয় খুলিছিল। প্ৰথমতে তেওঁৰ সাধাৰণ চিকিৎসালয় আছিল; ১৯০৯ চনত তেওঁ আমেৰিকাত কেৱল শিশু ৰোগীৰ বাবে নিবেদিত প্ৰথম দন্ত চিকিৎসালয় স্থাপন কৰে।৪৩ ১৯১৬ চনত তেওঁ লছ এঞ্জেলছ কাউণ্টি নাৰ্ছ এছ'চিয়েচনত "শিশুৰ বিকাশৰ সৈতে দাঁতৰ সম্পৰ্ক" বিষয়ক বক্তৃতা দিয়ে।৫ ১৯২১ চনত কেলিফৰ্ণিয়া ষ্টেট ডেণ্টেল এছ'চিয়েচনৰ বৈঠকত তেওঁ Relation of Food to the Developing Teeth নামৰ এখন গৱেষণা পত্ৰ উপস্থাপন কৰিছিল, য'ত শিশুৰ খাদ্যত কম মিঠাই আৰু অধিক গাখীৰ, মোটা শস্য, কণী আৰু শাক-পাচলিৰ পৰামৰ্শ দিয়া হৈছিল।৬৭ "পেড'ডণ্টিকছৰ অগ্ৰণী" হিচাপে তেওঁ ১৯২৫ চনত এই বিষয়ে প্ৰথমখন পাঠ্যপুথি প্ৰকাশ কৰে, যাৰ নাম আছিল অপাৰেটিভ ডেণ্টিষ্ট্ৰি ফৰ চিলড্ৰেন।৮৯১০
ইউনিভাৰ্চিটি অৱ চাদাৰ্ন কেলিফৰ্ণিয়াৰ দন্ত চিকিৎসাৰ সহযোগী অধ্যাপিকা, আৰু চাউদাৰ্ন কেলিফৰ্ণিয়া ডেণ্টেল এছ’চিয়েশ্যনৰ বিষয়া আছিল। তেওঁ ফেডাৰেচন অৱ আমেৰিকান উইমেন ডেণ্টিষ্টৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম সভানেত্ৰী আৰু আমেৰিকান ছ'চাইটি অৱ ডেণ্টিষ্ট্ৰি ফৰ চিলড্ৰেনৰ প্ৰতিষ্ঠাপক আছিল।৯
ব্যক্তিগত জীৱন
১৯৫২ চনত লছ এঞ্জেলছত ৮৭ বছৰ বয়সত মিনি ইভানজেলিন জৰ্ডনৰ মৃত্যু হয়।১১
তথ্যসূত্ৰ
- ↑ Robert Burdette, ed., Greater Los Angeles and Southern California: Portraits and Personal Memoranda (Lewis Publishing 1910): 66
- ↑ Keith Anderson, The Los Angeles State Normal School: UCLA's Forgotten Past, 1881-1919 (Lulu.com 2015): 81
- ↑ Alma Whitaker, "Fame Won as Dentist by Woman" Los Angeles Times (April 7, 1933): A5
- ↑ Richard A. Glenner. (1997). How it evolved: dentistry's pursuit for excellence. ADR Publishing
- ↑ "Los Angeles County Nurses' Association" Pacific Coast Journal of Nursing (April 1916): 222
- ↑ M. Evangeline Jordon, "Relation of Food to the Developing Teeth" Pacific Dental Gazette (November 1921): 603-610
- ↑ Alyssa Picard, Making the American Mouth: Dentists and Public Health in the Twentieth Century (Rutgers University Press 2009): 57
- ↑ "M. Evangeline Jordan-Pedodontics" Sindecuse Museum, University of Michigan School of Dentistry
- ↑ Loevy, H. T.; Kowitz, A. A. (Spring 2006). M. Evangeline Jordon, Pioneer in Pedodontics. Journal of the History of Dentistry. পৃ. 3–8
- ↑ M. Evangeline Jordon, Operative Dentistry for Children (1925)
- ↑ "Obituary: Dr. M. E. Jordon" Los Angeles Times (October 12, 1952): A18
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিনি ইভানজেলিন জৰ্ডন” প্ৰবন্ধৰ সংশোধন ৫৯৬৫৬৮ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।