বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মেনমা
মেনমা হৈছে চুনচিৰ জাপানী নাম, যি আচলতে চীনৰ লেক্ট’-কিণ্বিত বাঁহৰ গাজ। কিণ্বন বা ফাৰমেণ্টেশ্যন প্ৰক্ৰিয়াৰ পূৰ্বে বাঁহৰ গাজসমূহ ৰ’দত বা অন্য উপায়েৰে শুকুৱাই লোৱা হয়। মেনমা হৈছে নুডলচ বা নুডল চুপ, বিশেষকৈ ৰামেনৰ ওপৰত দিয়া এবিধ অতি সুলভ উপাদান।
-
মেন্দিপথাৰ
উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ উত্তৰ গাৰো পাহাৰ জিলাত অৱস্থিত মেন্দিপথাৰ হৈছে এখন গাঁও। ই ছিমছাং নদীৰ পাৰত অৱস্থিত।
-
মেৰিন কিটাগাৱা
মেৰিন কিটাগাৱা (জাপানী: 喜多川 海夢) এটা কাল্পনিক চৰিত্ৰ আৰু শ্বিনিচি ফুকুডাৰদ্বাৰা নিৰ্মিত মাংগা ধাৰাবাহিক মাই ড্ৰেছ-আপ ডাৰ্লিঙৰ মহিলা নায়িকা তথা হাইস্কুলৰ প্ৰথম বৰ্ষৰ ছাত্ৰী আৰু পুৰুষ নায়ক ৱাকানা গ'জোৰ সহপাঠী।
-
মেৰিনেচন
মেৰিনেচন হৈছে মচলাযুক্ত, প্ৰায়ে অম্লীয় তৰলত খাদ্য সামগ্ৰীক ৰন্ধনৰ আগতে সানি ৰখাৰ প্ৰক্ৰিয়া। এই মিশ্ৰণক মেৰিনেড বুলি কোৱা হয়, যি হ'ব পাৰে অম্লীয় (ভিনেগাৰ, নেমুৰ ৰস, বা মদ আদি উপাদানেৰে তৈয়াৰ কৰা), বা এনজাইমেটিক (মাটিকঁঠাল, অমিতা, দৈ, বা আদা আদি উপাদানেৰে তৈয়াৰ কৰা), বা অনা-আম্লিক তথা…
-
মেৰী বেকাৰ
মেৰী আলেকজেণ্ড্ৰিন বেকাৰ (জন্ম: পেটিজিয়ান; ১৪ জুলাই ১৮৭৯ – ১১ জুন ১৯৪২), ডাকনাম দ্য ব্লেক উইড' আছিল, ১৯৩৩ চনৰপৰা ১৯৩৬ চনৰ ভিতৰত এঘাৰজন লোকক বিষক্ৰিয়া কৰাৰ লগতে আন পাঁচজনক বিষক্ৰিয়াৰ চেষ্টা কৰাৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা এজন বেলজিয়ামৰ ছিৰিয়েল কিলাৰ।
-
মেৰী-থেৰেছ জনিয়াক্স
মেৰী-থেৰেছ জনিয়াক্স (জন্মনাম: মাৰিয়া টেৰেছা জোচেফে আবলাই; ১৫ অক্টোবৰ, ১৮৪৪ – ১৯২৩ চন) তেওঁ ১৮৯৪–১৮৯৫ চনত জনিয়াক্স এফেয়াৰৰ অংশ হিচাপে শিৰোনাম দখল কৰিছিল আৰু তেখেতে তেখেতৰ ভগ্নী লিঅ’নি আবলাই, বিবাহৰদ্বাৰা ককাক জেক ভ্যান ডি কেৰখ'ভ আৰু ভাতৃ আলফ্ৰেড আবলাৰ বিৰুদ্ধে ত্ৰিগুণ বিষক্ৰিয়াৰ পিছত সংঘটিত…
-
মোখী আৰু মাতাৰা
মোখী আৰু মাতাৰা এগৰাকী ৱেটাৰ "মোখী"ৰ বিখ্যাত কাহিনী, যিয়ে অনিচ্ছাকৃতভাৱে মাতাৰাক (মাতাল বা মদাহী সকলক) বিষাক্ত "মন্ধ" (মদ) পৰিবেশন কৰিছিল, আঠজন ডাঠ যুৱকে তেওঁৰ ধাবালৈ গৈছিল আৰু পাত্ৰৰ পৰা অত্যাধিক মদ্যপান কৰি মৃত্যুবৰণ কৰিছিল।
-
মৌচাক কেশসজ্জা
thumb|১৯৬২ চনত জিপ্সী চিনেমাখনৰ প্ৰচাৰমূলক ফটোত মৌচাক শৈলীৰ সৈতে আমেৰিকান অভিনেত্ৰী নাটালি উড মৌচাক কেশসজ্জা হৈছে এনে এক চুলিৰ শৈলী, য’ত দীঘল চুলিবোৰ ফণীয়াই মূৰৰ ওপৰত শংকু আকৃতিত গোট খুৱাই অলপ পিছলৈ জোঙা কৰি ৰখা হয়, যাৰ ফলত পৰম্পৰাগত মৌচাকৰ আকৃতিৰ সৈতে কিছু সাদৃশ্য পোৱা যায়।
-
ম্যানমাৰ মান সময়
ম্যানমাৰ মান সময় (မြန်မာ စံတော်ချိန်) হৈছে ম্যানমাৰৰ মান সময়, যি সাৰ্বজনীন মান সময় (ইউটিচি)তকৈ ৬.৫ ঘণ্টা আগুৱাই আছে। এমএমটি ৯৭°৩০′উঃ দ্ৰাঘিমাংশৰ ভিত্তিত গণনা কৰা হয়।এমএমটি গোটেই বছৰটো ব্যৱহাৰ কৰা হয়, কাৰণ ম্যানমাৰে দিনৰ পোহৰৰ সময় পালন নকৰে।
-
মৰাণ ৰাজ্য
ত্ৰয়োদশ শতিকাৰ প্ৰাৰম্ভতে প্ৰাপ্ত (১২২৮ খ্ৰীষ্টাব্দত চ্যুকাফাৰ অসম আগমনৰ সময়ৰ) মৰাণ ৰাজ্য হৈছে অসমৰ ভূমিপুত্ৰ মৰাণসকলৰ প্ৰাচীন ৰাজ্য। চ্যুকাফাই অসমত প্ৰৱেশ কৰাৰ পূৰ্বেই সৌমাৰখণ্ডত মৰাণসকলৰ ৰাজ্য আছিল।
-
মৰেনা হেৰেৰা
মৰেনা হেৰেৰা (: Morena Herrera; জন্ম: ১৯৫৯ বা ১৯৬০ (বয়স ৬৫–৬৬) ) এগৰাকী ছালভাডৰিয়ান নাৰীবাদী আৰু সমাজ কৰ্মী। তেওঁ বিশেষকৈ নিজৰ দেশত গৰ্ভপাত সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা আইনৰ বিৰুদ্ধে কৰা দীঘলীয়া আন্দোলনৰ বাবে জনাজাত।
-
য়ান হুই (জিইউয়ান)
য়ান হুই (জিইউয়ান)(Yan Hui(Ziyuan) এজন চীনা দাৰ্শনিক আছিল। তেওঁ কনফুচিয়াছৰ আটাইতকৈ প্ৰিয় শিষ্য আছিল আৰু কনফুচিয়াছবাদৰ আটাইতকৈ শ্ৰদ্ধাভাজন ব্যক্তিত্বসমূহৰ ভিতৰত এজন আছিল। কনফুচিয়াছৰ মন্দিৰসমূহত তেওঁক 'চাৰিজন ঋষি' (Four Sages) ৰ এজন হিচাপে পূজা কৰা হয়।
-
য়ুবি
ইউবি, পূৰ্বে Cred Avenue নামেৰে পৰিচিত, এটা ভাৰতীয় ফিনটেক কোম্পানী যিয়ে নিজৰ ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে বিত্তীয় প্ৰতিষ্ঠান, বেংক আৰু অন্যান্য ঋণদাতাৰ সৈতে ব্যৱসায়ক সংযোগ কৰে। গৌৰৱ কুমাৰে প্ৰতিষ্ঠা কৰা মুখ্য কাৰ্যালয় ভাৰতৰ চেন্নাইত অৱস্থিত।
-
যাদু (হেৰী পটাৰ)
জে কে ৰাউলিঙৰ হেৰী পটাৰ শৃংখলাত যাদুক এক অতিপ্ৰাকৃতিক শক্তি হিচাপে দেখুওৱা হৈছে যাক প্ৰকৃতিৰ সাধাৰণ নিয়মবোৰৰ তাৰতম্য ঘটাবলৈ ব্যৱহাৰ কৰিব পাৰি। শৃংখলাটোত বহুতো কাল্পনিক যাদুকৰী প্ৰাণী বিদ্যমান। আনহাতে সাধাৰণ প্ৰাণীবোৰেও কেতিয়াবা যাদুকৰী গুণাগুণ প্ৰদৰ্শন কৰে। ইয়াত যাদুকৰী সামগ্ৰীৰো বৰ্ণনা কৰা হৈছে।
-
লভিভ টাউন হল
ইউক্ৰেইনৰ লভিভ চহৰত প্ৰায় ১৩৫৭ চনৰ পৰাই ধাৰাবাহিকভাৱে টাউন হল অট্টালিকা নিৰ্মাণ কৰা হৈছে।যুগ যুগ ধৰি এই অট্টালিকাসমূহ চহৰখনৰ এক স্বকীয় বৈশিষ্ট্য হৈ আহিছে। ১ মাৰ্কেট স্কোৱাৰত অৱস্থিত এই আধুনিক ভৱনটো লভিভ চিটি কাউন্সিলৰ বাসগৃহ আছিল।
-
লভিভ হাই কাষ্টল
লভিভ হাই কাষ্টল (ইউক্ৰেনীয়ান: Високий замок) হৈছে ইউক্ৰেইনৰ লভিভ চহৰৰ কাষ্টল হিল (দুৰ্গ পাহাৰ)ৰ ওপৰত অৱস্থিত এটা ঐতিহাসিক দুৰ্গ। এই ঠাইখিনিয়ে বৰ্তমান সাগৰ পৃষ্ঠৰ পৰা ৪১৩ মিটাৰ উচ্চতাৰে চহৰখনৰ আটাইতকৈ ওখ বিন্দু হিচাপে স্থান লাভ কৰিছে।
-
লম্ব
লম্ব (perpendicular) হৈছে ৯০° কোণ কৰি পৰস্পৰক ছেদ্ কৰা দুটা ৰেখা। অৰ্থাৎ প্ৰাথমিক জ্যামিতিত দুটা জ্যামিতিক বস্তু যদি সমকোণত (৯০ ডিগ্ৰী বা π/২ ৰেডিয়ান) ছেদ কৰে তেন্তে লম্ব হয়। লম্বতাৰ অৱস্থাটো লম্ব চিহ্ন, ⟂ ব্যৱহাৰ কৰি চিত্ৰাংকিতভাৱে দেখুৱাব পাৰি।
-
লহৰতাৰা পুখুৰী
লহৰতাৰা পুখুৰী হৈছে সন্ত কবীৰ চাহাবৰ আৱিৰ্ভাৱৰ সৈতে জড়িত এক ঐতিহাসিক পুখুৰী। এটা কিংবদন্তি অনুসৰি সন্ত কবীৰ চাহাবক পুখুৰীত পদুম ফুলৰ ওপৰত পোৱা গৈছিল। ই ভাৰতৰ উত্তৰ প্ৰদেশৰ বাৰাণসীত অৱস্থিত। পূৰ্বতে ই আছিল ১৭ একৰ (০.০৭ কিলোমিটাৰ বৰ্গক্ষেত্ৰ) ক্ষেত্ৰত বিস্তৃত মিঠা পানীৰ এটা বৃহৎ হ্ৰদ।
-
লাও ৰন্ধনপ্ৰণালী
লাও ৰন্ধনপ্ৰণালী বা লাওচিয়ান ৰন্ধনপ্ৰণালী (Lao Cuisine) হৈছে লাওছৰ ৰন্ধনপ্ৰণালী আৰু ই দক্ষিণ-পূব এছিয়াৰ অন্যান্য ৰন্ধনপ্ৰণালীতকৈ ভিন্ন। লাওসকলৰ মুখ্য খাদ্য হৈছে ছেৱা দিয়া আঠাজাতীয় চাউল। লাও ভাষাত আঠাজাতীয় চাউলক খাও নিয়াও বুলি কোৱা হয়।
-
লাম্বাদা এম্ব্ৰইডাৰী
লাম্বাদা এম্ব্ৰইডাৰী (লাম্বাদি এম্ব্ৰইডাৰী, লাম্বানি, চেণ্ডুৰ লাম্বাণী এম্ব্ৰইডাৰী, বানজাৰা এম্ব্ৰইডাৰী, লেপো) হৈছে অন্ধ্ৰ প্ৰদেশৰ হায়দৰাবাদ, কৰ্ণাটকৰ বেল্লাৰী আৰু বিজাপুৰৰ বাঞ্জাৰা, সন্দুৰুৰ জনজাতি লাম্বাদা বা লাম্বানিসকলৰ দ্বাৰা অনুশীলন কৰা কাপোৰ অলংকৃত কৰাৰ এক কলা।
-
লাষ্টোচকিনো গ্নেজদো
লাষ্টোচকিনো গ্নেজদো (Ласточкино гнездо, Ластівчине гніздо) গাস্প্ৰাত অৱস্থিত এটা অলংকাৰিক দুৰ্গ। গাস্প্ৰা ইয়াল্টা আৰু আলুপকাৰ মাজত থকা ক্ৰিমিয়া উপদ্বীপৰ এখন সৰু স্বাস্থ্যনিবাস চহৰ। ১৯১১ চনৰপৰা ১৯১২ চনৰ ভিতৰত ৪০ মিটাৰ ওখ অৰোৰা শিলাখণ্ডৰ ওপৰত এই ভৱনটো নিৰ্মাণ কৰা হৈছিল।
-
লিং (ঘণ্টা)
লিং (চীনা ভাষাত: 鈴), যাক ক্লেপাৰ-বেল বুলিও কোৱা হয়, চীনৰ নৱপ্ৰস্তৰ যুগ আৰু ব্ৰঞ্জ যুগৰ প্ৰত্নতাত্ত্বিক স্থানত পোৱা একপ্ৰকাৰৰ ঘণ্টা। ইহঁত এটা ফুটা ঘণ্টাৰ দেহ আৰু ভিতৰত ওলমি থকা এটা ক্লাপাৰ থাকে, যিয়ে ঘণ্টাটোৰ ভিতৰৰ ৰিমত খুন্দা মাৰিলে শব্দ উৎপন্ন কৰে।
-
লিঅ'নাৰ্ড বাৰ্নষ্টেইন
লিঅ'নাৰ্ড বাৰ্নষ্টেইন (Leonard Bernstein,২৫ আগষ্ট, ১৯১৮ – ১৪ অক্টোবৰ, ১৯৯০) আছিল এজন আমেৰিকান পৰিচালক, সুৰকাৰ, পিয়ানোবাদক, সংগীত শিক্ষাবিদ, লেখক আৰু মানৱতাবাদী। নিজৰ সময়ৰ অন্যতম গুৰুত্বপূৰ্ণ পৰিচালক হিচাপে গণ্য কৰা তেওঁ আছিল আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা লাভ কৰা প্ৰথমজন আমেৰিকাত জন্মগ্ৰহণ কৰা পৰিচালক।
-
লিউ ইফেই
লিউ ইফেই: জীৱন, কৰ্ম আৰু সফলতাৰ এক অনন্য যাত্ৰা লিউ ইফেই (Liu Yifei) আধুনিক চীনা চলচ্চিত্ৰ জগতৰ অন্যতম জনপ্ৰিয় আৰু সফল অভিনেত্ৰী। অভিনয়, সংগীত, মডেলিং আৰু সাংস্কৃতিক ক্ষেত্ৰত তেওঁৰ অসামান্য অৱদানে তেওঁক বিশ্বজুৰি বিশেষ পৰিচিতি প্ৰদান কৰিছে।
-
লিখন
লিখন হৈছে ভাষাৰ এক স্থায়ী প্ৰতিনিধিত্ব সৃষ্টিৰ কাৰ্য্য৷ লিখা ব্যৱস্থাত লিপি নামৰ এটা বিশেষ চিহ্নৰ গোট অন্তৰ্ভুক্ত কৰা হয়, লগতে ইহঁতে এটা বিশেষ কথিত ভাষা সংকেত কৰা নিয়মসমূহো অন্তৰ্ভুক্ত কৰে।
-
লিভাডিয়া প্ৰাসাদ
লিভাডিয়া প্ৰাসাদ (ইউক্ৰেইনীয়ান: Ливадийский дворец; Лівадійський палац) হৈছে ৰাছিয়াৰ শেষ সম্ৰাট (জাৰ) নিকোলাছ দ্বিতীয় আৰু তেওঁৰ পৰিয়ালৰ ক্ৰিমিয়াৰ লিভাডিয়াত থকা এক প্ৰাক্তন গ্ৰীষ্মকালীন জিৰণি চ’ৰা। ১৯৪৫ চনত ইয়াতেই ঐতিহাসিক য়াল্টা সন্মিলন অনুষ্ঠিত হৈছিল।
-
লিয়ান গনছালভেছ
লিয়ান মেৰী গনছালভেছ (( Lianne Marie Gonsalves) জেনেভাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ যৌন আৰু প্ৰজনন স্বাস্থ্য আৰু গৱেষণা বিভাগৰ এগৰাকী আমেৰিকান বিজ্ঞানী আৰু কাৰিকৰী বিষয়া। তেওঁৰ গৱেষণাই কিশোৰ-কিশোৰীৰ যৌন আৰু প্ৰজনন স্বাস্থ্যৰ ক্ষেত্ৰখন অন্বেষণ কৰে।
-
লু
উত্তৰ ভাৰত আৰু পাকিস্তানৰ ভাৰত-গংগা সমভূমি অঞ্চলৰ ওপৰেৰে পশ্চিম দিশৰপৰা বৈ অহা প্ৰবল, ধূলিময়, ধুমুহাময়, গৰম আৰু শুকান গ্ৰীষ্মকালীন বতাহেই লু নামে জনাজাত। ই বিশেষকৈ মে’ আৰু জুন মাহত প্ৰবল হয়।
-
লুইকিন
লুইকিন (চীনা: 柳琴; পিনয়িন: liǔqín) হৈছে এটা মুকুতা-সদৃশ শৰীৰৰ তিনি, চাৰি বা পাঁচ ডাল তাৰযুক্ত চীনাবাদ্য যিটো চীনা মাণ্ডলিনৰ দৰে। ইয়াৰ মাতৰ পৰিসৰ অন্যান্য চীনা তুলনামূলক তাৰযুক্ত বাদ্যযন্ত্ৰতকৈ বহুত ওপৰত, আৰু ইয়াক চীনা সংগীতৰ অৰ্কেষ্ট্ৰা সংগীত আৰু একক বাদন দুয়োটাতে ব্যৱহাৰ কৰা হয়।
-
লুইচ কনৰিং
লুইচ মাৰ্টিন লৰেট কনৰিং (ইংৰাজী: Louise Martine Laurette Conring; ১ মাৰ্চ ১৮২৪ – ১ এপ্ৰিল ১৮৯১) এগৰাকী ডেনিছ অধীক্ষক, হাস্পতাল পৰিদৰ্শক, ডিকনেছ আৰু নাৰ্ছ আছিল।