মাধুৰী আঁহতৰ তলৰ বিহু ( Madhuri Anhotor Tolor Bihu)চতিয়াৰ উহনি পথাৰৰ মুকলি বিহু৷ ১৯১৮ চনৰ পৰাই ধাৰাবাহিকভাবে এই ঠাইত বিহু অনুষ্ঠিত কৰা হৈ আহিছে৷ বিহু অনুষ্ঠানৰ লগতে উহনি পথাৰ আৰু মাধুৰী আঁহতৰ ওতঃপ্ৰোত সম্পৰ্ক আছে৷ শতবৰ্ষ অতিক্ৰম কৰা এই মুকলি বিহুকেই অসমৰ প্ৰথমখন মুকলি বিহু বুলি বহুতেই মান্যতা দিয়ে৷
উহনি পথাৰ
চতিয়াৰ কেন্দ্ৰস্থলৰ পৰা ডেৰ কিলোমিটাৰমান আঁতৰত উহনি পথাৰ৷ এই পথাৰখনৰ নামাকৰণ হয় উহনি পুখুৰীৰ পৰা৷ ইতিহাসমতে, আহোম ৰাজবিষয়া সলাল গোঁহাইক আদৰিবলৈ আলি বন্ধা কামত নিয়োজিত পানীৰ উহত হাতমুখ ধুইছিল, পানী খাইছিল৷ সেই উহটোৰ নামেই উহনি পুখুৰী, য’ৰ পৰা আজিও পানী নিগৰি ওলায়৷ উহনি পুখুৰী পাৰৰ মুকলি পথাৰখনৰ নাম উহনি পথাৰ৷ এই সলাল গোঁহাই বিষয়বাবৰ নামেৰে চতিয়া অঞ্চলৰ এখন গাঁৱৰ নাম “সলাল গাঁও’’ ৰখা হৈছে৷১কোনো কোনোৰ মতে, লাচিত বৰফুকনৰ দেহৰক্ষী সুধাই খৰঙী বৰুৱাৰ পো-নাতি খৰঙী বৰুৱাই উহৰ পানীৰে সলাল গোঁহাইৰ ভৰি ধুৱাই, সাতখন খলাৰে হাজাৰী ভাওনাৰ দ্বাৰা আদৰিছিল৷ ফাগুন-চ’তমহীয়াও এই পানীৰ উহ শুকাই নগৈছিল৷২ উৰুকাৰ সময়ত উহনি পুখুৰীত চতিয়াৰ জীয়ৰী বোৱাৰীয়ে উমৈহতীয়াকৈ কাপোৰ ধুইছিল৷ ইয়াতে পোনতে বাৰেচহৰীয়া ভাওনা পতা আৰু চতিয়াৰ সকলো গাঁও মিলি ফাকুৱা পাতিছিল৷৩
মাধুৰী আঁহত
উহনি পথাৰত বাৰেচহৰীয়া ভাওনা থলীত অনুষ্ঠানৰ চিনস্বৰূপে ৰোপন কৰা আঁহত জোপাই “মাধুৰী আঁহত’’৷৩বাৰেচহৰীয়া ভাওনাৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ লক্ষী পাটগিৰি নামৰ এজন গঞাই এই পুলিটো ৰোপন কৰিছিল৷ পিছলৈ এই আঁহতজোপাক বৰ-আঁহত, বুঢ়া-আঁহত নাম দিয়া হৈছিল যদিও শেষত এই প্ৰকাণ্ড আঁহতজোপাক “মাধুৰী আঁহত’’ নাম দিয়া হৈছিল৷৪
বিহু মেলা
উহনি পথাৰৰ মাধুৰী আঁহতৰ তলতেই চতিয়াৰ বিভিন্ন গাঁৱৰ মহিলাসকলে ১৯১৮ চনত প্ৰথম মুকলি বিহু পাতে৷ পিছলৈ এই বিহুখনেই “সদৌ চতিয়া সাৰ্বজনীন মাধুৰী আঁহতৰ তলৰ মুকলি বিহুমেলা’’ নাম লৈ অনুষ্ঠিত হৈ আহিছে৷ দত্তবৰুৱা এণ্ড কোম্পানীৰ বাৰ্ষিক কেলেণ্ডাৰত ব’হাগ মাহৰ প্ৰথম দিনপঞ্জীতে ইয়াৰ উল্লেখ আছে৷৫
তথ্যসূত্ৰ
- ↑ ৰাজকুমাৰ, ৺সৰ্বানন্দ. (২০০০). ইতিহাসে সোঁৱৰা ছশটা বছৰ. বনলতা. পৃ. ১২৭. ISBN 81-7339- 308-7
- ↑ হাজৰিকা, ভবেন. (২০১৮). মাধুৰীৰ স্মৃতি সঁফুৰা. মাধুৰী, শতবৰ্ষ স্মৃতিগ্ৰন্থ
- ↑ শইকীয়া, তৰুণচন্দ্ৰ. (২০১২). চতিয়াৰ ইতিবৃত্ত. ৰণজিত কুমাৰ শইকীয়া. পৃ. ৩৭
- ↑ (২০১৮). প্ৰধান সম্পাদকৰ মনৰ কথা. মাধুৰী, শতবৰ্ষৰ স্মৃতিগ্ৰন্থ
- ↑ বৰকাকতি, মুহিৰাম. ইতিহাসৰ স্বৰ্ণমুহূৰ্তত মাধুৰী. মাধুৰী, শতবৰ্ষৰ স্মৃতিগ্ৰন্থ. পৃ. ৫
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাধুৰী আঁহতৰ তলৰ বিহু” প্ৰবন্ধৰ সংশোধন ৩৬৭৬৮২ (৩০ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।