বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
লুখুৰাখন
আহোম ৰাজ্যত এটা বিশেষ শ্ৰেণীৰ লোকক ‘লুখুৰাখন‘ উপাধিৰে অভিহিত কৰা হৈছিল। আহোমসকলৰ শাসনকালত মৃত ব্যক্তিক মৈদাম দিয়াৰ যি প্ৰথা আছিল সেই প্ৰথাত লুখুৰাখনসকলৰ বিশেষ ভূমিকা আছিল।
-
লুবাৰ্টৰ দুৰ্গ
লুটস্ক দুৰ্গটো স্থানীয়ভাৱে লিউবাৰ্টৰ দুৰ্গ বা উচ্চ দুৰ্গ বুলিও জনাজাত। এই দুৰ্গটো ১৪ শতিকাৰ মাজভাগত সংযুক্ত গালিচিয়া-ভলহিনিয়াৰ শেষ শাসক গেডিমিনাছৰ পুত্ৰ লিউবাৰ্টাছ (লুবাৰ্ট)ৰ বাবে দুৰ্গযুক্ত বাসগৃহ হিচাপে নিৰ্মাণ কৰা হৈছিল।
-
লেছেৰি নাচ
সোণোৱাল কছাৰী সমাজৰ পুৰুষৰ গীত-মাতবোৰত এৰি যোৱা বিষয়বস্তুক লেছেৰি বুটলাদি বুটলি আনি সৃষ্টি কৰা গীতবোৰক কেন্দ্ৰ কৰি যি নাচ গঢ়ি উঠিছে তাকে লেছেৰি নাচ বা বিহু বোলা হয়। ব'হাগ বিহুৰ সময়ত গাভৰু-বোৱাৰীয়ে এই বিহু কৰে। লেছেৰিক সোণোৱাল কছাৰীসকলৰ অন্য লোক-উৎসৱ, লোক-অনুষ্ঠান সমূহতকৈ অৰ্বাচীন বুলি ভবা হয়।
-
লেটিন আখৰ বি
বি অৰ্থাৎ B বা b আই এছ অ' বেচিক লেটিন এলফাবেটৰ দ্বিতীয় আখৰ।
-
লোককথাত মৎস্যজীৱীৰ জীৱন আৰু জীৱিকা
বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্নজন লোকে বিভিন্ন জীৱিকাৰ সহায়ত জীৱন ধাৰণ কৰি আহিছে৷ একেদৰে ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন বৃত্তিৰ সহায়ত মানুহে অন্ন-বস্ত্ৰ আৰু বাসস্থানৰ সন্ধান কৰে৷ এইসকল লোকে যিহেতু এখন সমাজ পাতি বাস কৰে, সেই সমাজত তেওঁলোকৰ বৃত্তি অনুযায়ী বিভিন্ন কাহিনী, বিশ্বাস অথবা লোকগাথাৰ সৃষ্টি…
-
লোকস্মৃতি
লোকস্মৃতি (Folk Memory)ক লোককথা বা জনবিশ্বাস বুলিও কোৱা হয়। লোককথাৰ দ্বাৰা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মৌখিকভাৱে বিয়পি পৰা অতীতৰ পৰিঘটনাক বুজোৱা হয়। স্মৃতিবোৰে বৰ্ণনা কৰা পৰিঘটনাবোৰ হয়তো শ শ, হাজাৰ হাজাৰ বা আনকি লাখ লাখ বছৰৰ আগৰ আৰু প্ৰায়ে ইয়াৰ স্থানীয় তাৎপৰ্য থাকে।
-
লৰা চাৰ্লট মুংক
লৰা চাৰ্লট মুংক (ইংৰাজী: Laura Charlotte Munck; ১৮৭৬–১৯৩২) এগৰাকী অগ্ৰণী ডেনিছ নাৰ্ছ আছিল। তেওঁক 'ডেনিছ নাৰ্ছ অৰ্গেনাইজেচন' নামৰ ট্ৰেড ইউনিয়নটোত তেওঁৰ প্ৰভাৱশালী ভূমিকা আৰু ডেনমাৰ্কত নাৰ্ছৰ প্ৰশিক্ষণত আগবঢ়োৱা অৱদানৰ বাবে স্মৰণ কৰা হয়।
-
শতপত্ৰ
শতপত্ৰ পণ্ডিত যজ্ঞেশ্বৰ শৰ্মাৰ দ্বাৰা সম্পাদিত"শতপত্ৰ" গ্ৰন্থখন এখন আধুনিক কবিতাৰ সংগ্ৰহ। গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পাইছিল ১৯৩৭ চনত। ইংৰাজী 'গল্ডেন ট্ৰেজাৰী'ৰ আৰ্হিত ৰচিত এই গ্ৰন্থৰ প্ৰথম সংস্কৰণৰ প্ৰকাশ আছিল নগাঁৱৰ এণ্ড ছনছ।
-
শাকচুন্নী
শাকচুন্নী (Shakchunni) শব্দটো সংস্কৃত ভাষাৰ শব্দ শংকাচুৰ্ণী পৰা আহিছে। ইয়াক সাধাৰণতে এগৰাকী বিবাহিত মহিলাৰ আত্মা বুলি বৰ্ণনা কৰা হয়। ইহঁতে হাতত শামুকৰ খোলাৰে তৈয়াৰী বিশেষ ধৰণৰ পৰম্পৰাগত শাখা পোলা নতুবা শাখা পলা পিন্ধি থাকে, যিটো বঙালী হিন্দু বিবাহিত মহিলাৰ চিন।
-
শাণ্ডিল্য বিদ্যা
চান্দোগ্য উপনিষদত বিশদভাৱে উল্লেখ কৰা শাণ্ডিল্য বিদ্যা হৈছে বৈদিক ঋষি ব্ৰহ্মৰ্ষি শাণ্ডিল্যৰ নামত আৰোপ কৰা এক মতবাদ যিয়ে ব্ৰহ্ম, সৰ্বাংগীণ বাস্তৱতাক ধ্যান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
শাৰদা মুখাৰ্জী
শাৰদা মুখাৰ্জী (: Sharada Mukherjee২৪ ফেব্ৰুৱাৰী ১৯১৯–২০০৭[citation needed]) আছিল এগৰাকী ভাৰতীয় সমাজ সেৱিকা আৰু ৰাজনীতিবিদ যিয়ে ১৯৬০ চনত লোকসভাৰ সদস্য আছিল, আৰু পিছলৈ অন্ধ্ৰপ্ৰদেশ আৰু গুজৰাট ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
শিমলা সন্মিলন
শিমলা সন্মিলন(ইংৰাজী: Shimla Conference) বা শিমলা চুক্তি বুলিও জনা যায়। ১৯৭২ চনৰ জুন মাহৰ ২৮ তাৰিখৰ পৰা ২ জুলাইলৈকে ভাৰতৰ হিমাচল প্ৰদেশৰ শিমলাত সংঘটিত হোৱা এক উল্লেখযোগ্য কূটনৈতিক অনুষ্ঠান আছিল। ইয়াৰ লক্ষ্য আছিল জম্মু-কাশ্মীৰ ৰাজ্যক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সংঘাতৰ সমাধান কৰা।
-
শিশুপালগড়
শিশুপালগড় ভাৰতৰ ওড়িশাৰ খুৰ্দা জিলাত অৱস্থিত এটা দুৰ্গযুক্ত ধ্বংসাৱশেষ। প্ৰথমবাৰৰ বাবে খ্ৰীষ্টপূৰ্ব সপ্তম শতিকাৰ পৰা ষষ্ঠ শতিকাৰ আশে-পাশে বসবাস কৰা, ই ভাৰতৰ অন্যতম বৃহৎ আৰু সৰ্বোত্তমভাৱে সংৰক্ষিত আদিম ঐতিহাসিক দুৰ্গ, আৰু এসময়ত প্ৰাচীন কলিংগৰ ৰাজধানী আছিল।
-
শ্বহীদ স্মাৰক ক্ষেত্ৰ
শ্বহীদ স্মাৰক ক্ষেত্ৰ গুৱাহাটীৰ বৰাগাঁৱত অৱস্থিত ঐতিহাসিক অসম আন্দোলন (১৯৭৯–১৯৮৫)ৰ শ্বহীদসকলৰ প্ৰতি উৎসৰ্গিত এটা স্মৃতিসৌধ আৰু উদ্যান। অসমৰ সাংস্কৃতিক, ভাষিক আৰু ভূখণ্ডীয় পৰিচয় ৰক্ষাৰ স্বাৰ্থত হোৱা গণ আন্দোলনৰ সময়ত প্ৰাণ হেৰুৱা ৮৬০ গৰাকী আন্দোলনকাৰীৰ বলিদানৰ স্মৃতিত এই স্মৃতিসৌধটো নিৰ্মাণ কৰা…
-
শ্বামাল (বতাহ)
শ্বামাল ইৰাক আৰু পাৰস্য উপসাগৰীয় ৰাষ্ট্ৰসমূহৰ ওপৰেৰে (চৌদি আৰব আৰু কুৱেইটকে ধৰি) বৈ যোৱা উত্তৰ-পশ্চিম দিশৰ পৰা বলা বতাহ, দিনৰ ভাগত প্ৰায়ে প্ৰবল, কিন্তু ৰাতি তীব্ৰতা হ্ৰাস পায়। এই বতৰৰ প্ৰভাৱ বছৰত এবাৰ বা কেইবাবাৰো হয়, বেছিভাগেই গ্ৰীষ্মকালত হয়, কিন্তু কেতিয়াবা শীতকালতো হোৱা দেখা যায়।
-
শ্বাহ
শ্বাহ (Shāh) শব্দটো হৈছে পাৰ্চী ভাষাত 'ৰজা' অৰ্থাৎ ৰাজকীয় উপাধি। যদিও ইৰাণৰ ৰজাসকলৰ সৈতে প্ৰধানকৈ জড়িত আছিল, তথাপি ইয়াক অট্টোমান সাম্ৰাজ্য, বুখাৰাৰ খানাট আৰু বুখাৰা আমীৰাট, মোগল সাম্ৰাজ্য, বংগৰ চুলতান আৰু বিভিন্ন আফগান বংশৰ লগতে গোৰ্খাসকলৰ মাজতো বহুতো পাৰ্চী প্ৰভাৱশালী সমাজৰ নেতাক সম্বোধন…
-
শ্বাহ আমানত
শ্বাহ আমানত খান (বাংলা: শাহ আমান খাঁন, পাৰ্চী ভাষাত: شاه أمانت خان; মৃত্যু ১৭৭৩) আছিল দক্ষিণ এছিয়াৰ ওঠৰ শতিকাৰ এগৰাকী চুফী মুছলমান ব্যক্তিত্ব। তেওঁক পূব বংগ (বৰ্তমান বাংলাদেশ)ৰ চট্টগ্ৰামৰ অন্যতম বিশিষ্ট সন্ত হিচাপে গণ্য কৰা হয়।
-
শ্বাৰকী বতাহ
শ্বাৰকী বা শ্বাৰকি বতাহ মধ্যপ্ৰাচ্যৰ দক্ষিণ আৰু দক্ষিণ-পূবৰ পৰা বলা এক বতাহ। ই ঋতুভিত্তিক, এপ্ৰিলৰ পৰা জুন মাহৰ আৰম্ভণিলৈকে থাকে আৰু ছেপ্টেম্বৰৰ শেষৰ পৰা নৱেম্বৰৰ ভিতৰত পুনৰ আহে।
-
শ্বাৰিভকা প্ৰাসাদ
শ্বাৰিভকা প্ৰাসাদ (ইউক্ৰেইনীয়ান: Шарівський палац) হৈছে ১৯শ শতিকাৰ শেষভাগত নিৰ্মিত নৱ-গথিক শৈলীৰ এটা বগা-পাথৰৰ ভৱন। ই ইউক্ৰেইনৰ খাৰকিভ অঞ্চলৰ বোহোদুখিভ ৰাইঅ'নৰ শ্বাৰিভকাত অৱস্থিত। ইয়াক শ্বাৰিভকা দুৰ্গ, চেনি দুৰ্গ আৰু শ্বাৰিভকাৰ মুকুতা বুলিও কোৱা হয়।
-
শ্বিন ডায়েৱে
শ্বিন ডায়েৱে(:Shin Daewe, বাৰ্মিজ: မြန်းမြန်း; জন্ম নাম চো চো হ্নিন (বাৰ্মিজ: မြန်းမြန်း) ১৯৭৩ চনত ) এগৰাকী বাৰ্মিজ তথ্যচিত্ৰ নিৰ্মাতা। ম্যানমাৰৰ অন্যতম অগ্ৰণী মহিলা তথ্যচিত্ৰ নিৰ্মাতা। দ্য ইৰাৱাডীৰ "বাৰ্মাৰ প্ৰেৰণাদায়ক মহিলা" তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল।
-
শ্বিল্ড-মেইডেন
শ্বিল্ড-মেইডেন (Shield-maiden) হৈছে স্কেণ্ডিনেভিয়াৰ লোককথা আৰু পৌৰাণিক আখ্যানত বৰ্ণিত একোগৰাকী মহিলা যোদ্ধা। প্ৰায়ে হাৰভাৰাৰ চাগা হেইড্ৰেকছ (Heiðreks) আৰু গেষ্টা ডেনোৰামৰ দৰে গাথাত প্ৰায়েই শ্বিল্ড-মেইডেনসকলৰ উল্লেখ পোৱা যায়।
-
শ্বেনবৰ্ন প্ৰাসাদ (বেৰেগভাৰ)
বেৰেগভাৰ চিকাৰ ভৱন (ইউক্ৰেইনীয়ান: Палац графів Шенборнів; জাৰ্মান: Schloss Beregvár বা Jagdchloss Beregvár) হৈছে এক নৱ-ৰোমাণ্টিক শৈলীৰ প্ৰাসাদ। ই ইউক্ৰেইনৰ জাকাৰপেটিয়া অব্লাষ্টৰ মুকাচেভো ৰায়মৰ অন্তৰ্গত চিনাদিওভোৰ কাৰ্পেটি নামৰ ঠাইত অৱস্থিত।
-
শ্বেহেৰাজাদে
শ্বেহেৰাজাদে এক হাজাৰ আৰু এক ৰাতি নামেৰে জনাজাত মধ্যপ্ৰাচ্যৰ কাহিনী সংকলনৰ ফ্ৰেম আখ্যানৰ এটা প্ৰধান চৰিত্ৰ আৰু সাধু কওঁতা।
-
শ্ল'গান
শ্ল'গান (Slogan) হ'ল কোনো এক ফৈদ বা কোনো ৰাজনৈতিক, বাণিজ্যিক, ধৰ্মীয় বা অন্যান্য প্ৰসংগত কোনো ধাৰণা বা উদ্দেশ্যৰ পুনৰাবৃত্তিমূলক প্ৰকাশ হিচাপে ব্যৱহাৰ কৰা স্মৰণীয় মূলমন্ত্ৰ বা বাক্যাংশ, যাৰ লক্ষ্য হৈছে জনসাধাৰণৰ সদস্য বা অধিক নিৰ্ধাৰিত লক্ষ্য গোট।
-
শ্ৰিয়া শ্বাহ-ক্লৰফাইন
শ্ৰিয়া শ্বাহ-ক্লৰফাইন (:Shriya Shah-Klorfine, ১১ জানুৱাৰী, ১৯৭৯ – ১৯ মে’, ২০১২) নেপালত জন্মগ্ৰহণ কৰা এগৰাকী কানাডিয়ান মহিলা আছিল। তেওঁ ২০১২ চনত মাউণ্ট এভাৰেষ্টৰ শিখৰৰ পৰা নামি আহি থকা অৱস্থাত মৃত্যুবৰণ কৰে।
-
শ্ৰীকুমাৰ দহোতীয়া
শ্ৰী কুমাৰ দহোটীয়া অসমৰ পূব প্ৰান্তত অৱস্থিত তিনিচুকীয়া জিলাৰ অতি ভিতৰুৱা টঙনা গাঁৱত ০১/০৩/১৯৫২ চনত শ্ৰীকুমাৰ দহোতীয়াৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম শ্ৰী মূলেশ্বৰ দহোতীয়া আৰু মাতৃৰ নাম স্বৰ্গীয়া উপমা দহোতীয়া।
-
শ্ৰীলংকাৰ পতাকা
শ্ৰীলংকাৰ পতাকা:The flag of Sri Lanka (সিংহল: ශ් රී ලංකාවේ ජාතික කොඩිය, ৰোমানীকৃত: শ্ৰীলংকাভে জাতিকা কোডিয়া; তামিল: இலங்கையின் தேசியக்கொடி, ৰোমানীকৃত: Ilankaiyin teciyakkoṭi),এই পতাকাখনক "সিংহ পতাকা" বা "সিংহৰ পতাকা" বুলি কোৱা হয়।
-
ষ্ট'নহেঞ্জ
ষ্ট'নহেঞ্জ (Stonehenge) হ'ল ইংলেণ্ডৰ ছালিছবুৰি নামৰ ঠাইত অৱস্থিত এটা প্ৰাগৈতিহাসিক স্থাপত্য কৃতি। ১৯৮৬ চনত ইউনেস্কৱে ষ্ট'নহেঞ্জক বিশ্ব ঐতিহ্যবাহী স্থান ৰূপে ঘোষণা কৰে। ষ্ট'নহেঞ্জত ১৬২টা শিল আছে আৰু তাৰ ওপৰত আছে ৩৫টা দণ্ডাকৃতিৰ শিল। প্ৰকাণ্ড শিলাখণ্ডবোৰ মাটিৰ লগত প্ৰোথিত হৈ আছে।
-
ষ্টেচি এলিছন
ষ্টেচি এলিছন (: Stacy Allison; জন্ম ১৯৫৮ ) অৰেগনৰ উডবাৰ্নত ডাঙৰ-দীঘল হৈছিল ১৯৮৮ চনৰ ২৯ ছেপ্টেম্বৰত বিশ্বৰ সৰ্বোচ্চ পৰ্বত মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমগৰাকী আমেৰিকান মহিলা।
-
ষ্ট্ৰুভে জিঅ'ডেটিক আৰ্ক
ষ্ট্ৰুভে জিঅ'ডেটিক আৰ্ক (ইংৰাজী: Struve Geodetic Arc) হৈছে নৰৱেৰ হামাৰফেষ্টৰ পৰা কৃষ্ণ সাগৰলৈকে বিস্তৃত জৰীপ ত্ৰিভুজকৰণ (triangulations)-ৰ এটা শৃংখল। ই ১০খন দেশ অতিক্ৰম কৰি 2820 কি.মি. জুৰি বিস্তৃত হৈ আছে, যিয়ে এটা মেৰিডিয়ান আৰ্কৰ প্ৰথম সঠিক জোখ প্ৰদান কৰিছিল।