বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
গিৰমিটিয়া
গিৰমিটিয়া'(জাহাজী বুলিও কোৱা হয়) হ'ল ব্ৰিটিছ ভাৰতৰ সময়ত দাসত্বৰ চৰ্তত বহিঃৰাজ্যলৈ পঠিওৱা ভাৰতীয় শ্ৰমিকসকল। তেওঁলোকক ইংৰাজসকলে জাহাজেৰে ফিজি, দক্ষিণ আফ্ৰিকা, পূব আফ্ৰিকাৰ দেশ মৰিচাছ, ছিচেলছ, ৰি-ইউনিয়ন, তাঞ্জানিয়া, কেনিয়া, উগাণ্ডা; মালয়েছিয়া, ছিংগাপুৰ, কেৰিবিয়ান দেশ ট্ৰিনিদাদ আৰু ট'বাগো,…
-
গোলন্দাজ
গোলন্দাজ হৈছে ২০২১ চনৰ বাংলা ভাষাৰ ঐতিহাসিক ক্ৰীড়া নাট্য ছবি ধ্ৰুৱ বেনাৰ্জীৰ পৰিচালিত আৰু SVFৰ বেনাৰত শ্ৰীকান্ত মহতা আৰু মহেন্দ্ৰ ছোনীৰ প্ৰযোজনা। ছবিখনত অভিনয় কৰিছে দেৱ, এলেক্স অ’নেল, অনিৰ্বান ভট্টাচাৰ্য, ঈশা সাহা, ইন্দ্ৰসীষ ৰায়, জন ভট্টাচাৰ্য, মিৰ্চি অগ্নি, আৰু শ্ৰীকান্ত আচাৰ্য।
-
চিচুৱাংবান্না দাই স্বায়ত্ব প্ৰান্ত
চিচুৱাংবান্না, বা চমুকৈ বান্না হৈছে টাই জনগোষ্ঠীৰ বাবে এটা স্বায়ত্তশাসিত প্ৰান্ত যি চীনৰ দক্ষিণত, মানদেশ আৰু লাওছৰ সীমান্তত য়ুন্নান প্ৰদেশ অৱস্থিত। এই অঞ্চলৰ মুখ্য চহৰ হৈছে জিংহং, যি এই অঞ্চলৰ আটাইতকৈ ডাঙৰ বসতি আৰু যি মেকং নদীৰ কাষত অৱস্থিত, যাক চীনা ভাষাত "লানচাং নদী" বুলি কোৱা হয়।
-
চিয়োনবাদ
চিয়োনবাদ (צִיּוֹנוּת Tsiyyonut; صهيونية; Σιωνισμός sionismós; Zionism) হ’ল যিহূদীসকলৰ এটা মতাদৰ্শ আৰু জাতীয়তাবাদী আন্দোলন যিটো মোটামুটিভাৱে কনান, প্ৰতিজ্ঞাত দেশ, পৱিত্ৰ দেশ, ইস্ৰায়েল দেশ অথবা ফিলিস্তিন অঞ্চলক কেন্দ্ৰ কৰি এটি যিহূদী ৰাষ্ট্ৰ পুনঃপ্ৰতিষ্ঠা আৰু পৃষ্ঠপোষকতাক সমৰ্থন কৰে।
-
চিৰিং ফুকন
চিৰিং ফুকন বা ফু-কন চি-ৰিং (আহোম: 𑜇𑜤 𑜀𑜨𑜃𑜫 𑜏𑜢 𑜍𑜢𑜂𑜫; Chiring Phukan) হৈছে মধ্যযুগীয় অসমৰ আহোম ৰাজ্যৰ এজন বিষয়া। তেওঁ আছিল আহোমসকলৰ পূজা-সেৱাৰ কাৰ্য কৰোঁতা খেলৰ আৰু দেওধাইসকলৰ গৰাকী।
-
চেৰ্নিহিভ কলেজিয়াম
চেৰ্নিহিভ কলেজিয়াম ( Chernihiv Collegium) কছাক হেটমেনাতৰ অন্যতম প্ৰথম শিক্ষানুষ্ঠান আছিল। ইয়াত ডিনিপ্ৰ নদীৰ বাওঁপাৰৰ অঞ্চলত প্ৰথমে সম্পূৰ্ণ মাধ্যমিক আৰু পিছলৈ উচ্চ ধৰ্মীয় শিক্ষা প্ৰদান কৰা হৈছিল। কলেজিয়ামটোৰ সৰ্বাধিক সমৃদ্ধিৰ সময়ত ই এটা গুৰুত্বপূৰ্ণ শিক্ষা আৰু বৌদ্ধিক কেন্দ্ৰলৈ পৰিণত হৈছিল।
-
ছামুৰাই
ছামুৰাই (Samurai) সকল প্ৰাচীন জাপানৰ এটা যোদ্ধা জাতি। জাপানী ভাষাত ছামুৰাই শব্দৰ অৰ্থ হ'ল "যি কতৰ্ব্য পালন কৰে"। ইতিহাসবিদসকলৰ মতে ছামুৰাই হ'ল মূলত: 'বুচি' বা 'বুচিয়ান' নামৰ যুদ্ধপ্ৰিয় এটা দল। তেওঁলোক অৱশ্যে সকলো সময়তে যুদ্ধক লৈ ব্যস্ত নাথাকে। আন সময়ত খেতি-বাতিও কৰে।
-
জন ড্ৰাইডেন
জন দ্ৰাইদেন জন ড্ৰাইডেন (১৯ আগষ্ট, ১৬৩১ – ১২ মে, ১৭০০) এজন ইংৰাজ কবি, সাহিত্য সমালোচক, অনুবাদক আৰু নাট্যকাৰ আছিল যাক ১৬৬৮ চনত ইংলেণ্ডৰ প্ৰথম কবি বঁটা বিজয়ী হিচাপে নিযুক্ত কৰা হৈছিল।
-
জাতকৰ্ম
জাতকৰ্ম(जातकर्मन्) (আক্ষৰিক অৰ্থত, জন্মৰ আচাৰ-অনুষ্ঠান) শিশুৰ জন্মৰ পিছত উদযাপন কৰা হিন্দু ধৰ্মৰ অন্যতম প্ৰধান সংস্কাৰ। সাধাৰণতে ই এক ব্যক্তিগত ৰীতি-নীতিৰে নতুনকৈ পিতৃ-মাতৃ হোৱা দম্পতী, কেঁচুৱাটোৰ আত্মীয় আৰু ঘনিষ্ঠ বন্ধুৰ সৈতে পালন কৰা অনুষ্ঠান।
-
জৰৎকাৰু
জৰৎকাৰু হিন্দু ধৰ্মৰ এজন ঋষি। তেওঁ নাগ-দেৱী মনসাৰ স্বামী আৰু তেওঁলোকৰ পুত্ৰ আস্তিক মুনিৰ পিতৃ। মনসা আৰু আস্তিকৰ কাহিনীত তেওঁক গৌণ চৰিত্ৰ হিচাপে দেখা যায়। জৰৎকাৰুক কঠোৰ তপস্যা কৰা মহান বিদ্বান ঋষি হিচাপে বৰ্ণনা কৰা হৈছে।
-
টপ্পা
টপ্পা হৈছে ভাৰতীয় অৰ্ধ-শাস্ত্ৰীয় কণ্ঠ সংগীতৰ এটা ৰূপ। ইয়াৰ বিশেষত্ব হৈছে দ্ৰুত, সূক্ষ্ম আৰু জটিল গঠনৰ ওপৰত ভিত্তি কৰি চলা গতি। ইয়াৰ সুৰ মধুৰ আৰু মিঠা, আৰু ই প্ৰেমিকৰ আৱেগিক উচ্ছ্বাস প্ৰকাশ কৰে। টপ্পে (বহুবচন) প্ৰধানকৈ গায়িকাসকলে গাইছিল, যিসকলক বাইজী বুলি জনা গৈছিল, ৰাজদৰবাৰত।
-
টাইফয়েড
টাইফয়েড জ্বৰ, যাক টাইফয়েড বুলিও কোৱা হয়, হৈছে মুখেৰে সংক্ৰমিত হোৱা এবিধ ৰোগ। ই Salmonella enterica serotype Typhi বেক্টেৰিয়াৰ দ্বাৰা হয়, যাক Salmonella Typhi বুলিও কোৱা হয়। ইয়াৰ লক্ষণসমূহ মৃদুৰ পৰা গুৰুতৰলৈ হ'ব পাৰে, আৰু সাধাৰণতে সংক্ৰমণৰ ৬ ৰ পৰা ৩০ দিনৰ পিছত আৰম্ভ হয়।
-
ডাঙৰীয়া (লোকবিশ্বাস)
ডাঙৰীয়া (Dangoriya) হৈছে অসমীয়া লোকবিশ্বাসত প্ৰচলিত সন্মানীয় বয়সস্থ ব্যক্তিৰ অলৌকিক শক্তি৷ ভিন্ন প্ৰকাৰৰ ডাঙৰীয়া অসমীয়া জনজীৱনত প্ৰচলিত যেনে বুঢ়া ডাঙৰীয়া, গন্তিয়াল ডাঙৰীয়া, হাবি ডাঙৰীয়া, লগতে চামোন, গাঁও ৰজা আদি গছত বাস কৰা অলৌকিক শক্তি।ডাঙৰীয়াসকলক উপাসনা কৰোতে ৰঙা কুকুৰা আগবঢ়ায়।
-
ড্ৰিগলাম নামঝা
ড্ৰিগলাম নামঝা (Driglam Namzha; তিব্বতী: སྒྲིག་ལམ་རྣམ་གཞག་; ৱাইলি: sgrig lam rnam gzhag) হৈছে ভূটানৰ আনুষ্ঠানিক শিষ্টাচাৰ আৰু সাজ-পোছাক সংহিতা বা পৰিধান বিধি।
-
তাজ খান কাৰাণী
তাজ খান কাৰাণী (ৰাজত্ব ১৫৬৪–১৫৬৫) আছিল কাৰাণী বংশৰ প্ৰতিষ্ঠাপক, কাৰ্লান মূলৰ আফগান বংশ, যিয়ে বংগ, উৰিষ্যা আৰু বিহাৰৰ কিছু অংশ শাসন কৰিছিল।
-
তিহাই
তিহাই (উচ্চাৰণ তি-'হা-ই) হৈছে ভাৰতীয় শাস্ত্ৰীয় সংগীতত পোৱা এটা বহুতালিক কৌশল, আৰু প্ৰায়ে এটা ৰচনা সমাপ্ত কৰিবলৈ ব্যৱহাৰ কৰা হয়। তিহাই গাব পাৰি বা বাদ্যযন্ত্ৰত বজাব পাৰি। তিহাইসমূহ কেতিয়াবা শ্ৰোতাৰ সময়ৰ উপলব্ধি বিকৃত কৰিবলৈ ব্যৱহাৰ কৰা হয়, কেৱল সমত সুসংগত অন্তৰ্নিহিত চক্ৰ প্ৰকাশ কৰিবলৈ।
-
থাংকা
থাংকা (Thangka) হৈছে কপাহী, ৰেচমী কাপোৰৰ ওপৰত কৰা তিব্বতী বৌদ্ধ চিত্ৰ। এই চিত্ৰৰ অংশ হিচাপে সাধাৰণতে বৌদ্ধ দেৱতা, দৃশ্য বা মণ্ডল চিত্ৰিত কৰা হয়। থাংকাক পৰম্পৰাগতভাৱে ফ্ৰেম নোহোৱাকৈ ৰখা হয় আৰু অ-প্ৰদৰ্শিত অৱস্থাত গুটিয়াই ৰখা হয়। চীনা স্ক্ৰল পেইণ্টিঙৰ শৈলীৰে এই পেইণ্টিঙৰ এটা ৰেচমৰ কভাৰ থাকে।
-
থ্ৰেডিং
থ্ৰেডিং হ’ল, ভাৰত আৰু মধ্য এছিয়াত উৎপত্তি হোৱা পুৰুষ আৰু মহিলা উভয়ৰে বাবে নোম আঁতৰোৱাৰ এক পদ্ধতি। বিশেষকৈ প্ৰসাধন সামগ্ৰীৰ প্ৰয়োগেৰে, বিশেষকৈ ভ্ৰূ আঁতৰোৱা/আকৃতি দিয়াৰ বাবে পশ্চিমীয়া দেশসমূহত ই জনপ্ৰিয়তা লাভ কৰিছে৷
-
দাঁতোন
দাঁতোন বা টুথব্ৰাছ (Toothbrush) হৈছে দাঁত, দাঁতৰ আলু আৰু জিভা পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা এক পৰিচ্ছন্নতা সঁজুলি। আধুনিক টুথব্ৰাছৰ উদ্ভাৱক হ'ল ইংলেণ্ডৰ ক্লাৰ্কনেল্ডৰ উইলিয়াম আড্ডিছ (Willam Addis)। ১৭৮০ চনত তেওঁ গৰুৰ নেজৰ চুলি কাটি টুথব্ৰাছ তৈয়াৰ কৰিছিল। ব্ৰাছৰ নালবোৰো আছিল গৰুৰ তপিনাৰ হাড়ৰ।
-
দিৱোদাস
দিৱোদাস বাধ্ৰ্যশ্ব, এজন ভাৰত-আৰ্য্যমূলৰ বা মধ্য ঋগ্বেদ যুগত ভাৰতৰ ৰজা (তেওঁৰ উদাৰতাৰ বাবে উদযাপিত আৰু ঋগ্বেদত ইন্দ্ৰ আৰু অশ্বিনসকলে সুৰক্ষিত, ঋ:বে: ১.১১২.১৪; ১.১১৬.১৮), বাধ্ৰ্যশ্বৰ পুত্ৰ ঋ:বে: ৬.৬১.৫।
-
দৃষ্টিৰ জড়তা
দৃষ্টিৰ জড়তা (Persistence of vision) হৈছে চকুৰে কিবা এটা দৃশ্য চোৱাৰ পিছত অক্ষিপটত (Retina) সেই দৃশ্য প্ৰায় ১/২৫ ছেকেণ্ডৰ (০.০৪ ছেকেণ্ড) বাবে ৰৈ থকা পৰিঘটনা। ইয়াৰ অৰ্থ এয়েই যে আমি দেখা যিকোনো দৃশ্য বৰ্তমান হৈ থকা আৰু ক্ষন্তেক আগতে হৈ থকা দৃশ্যৰ সংমিশ্ৰণ।
-
ধনাত্মক অখণ্ড সংখ্যা
মূল প্ৰবন্ধ: অখণ্ড সংখ্যা'ধনাত্মক অখণ্ড সংখ্যা(positive integer): অখণ্ড সংখ্যাৰ তালিকাৰ এটা ভাগ হৈছে ধনাত্মক অখণ্ড সংখ্যা। এই সংখ্যাবোৰ একো একোটা বাস্তৱ সংখ্যা। গণিতৰ জগত খনত ধনাত্মক অখণ্ড সংখ্যা বোৰক গাণনিক সংখ্যা বা স্বাভাৱিক সংখ্যা বুলিও কোৱা হয়। যাৰ মান শূন্যতকৈ বেছি।
-
ধামাৰ
ধামাৰ হৈছে ভাৰতীয় উপমহাদেশৰ হিন্দুস্থানী শাস্ত্ৰীয় সংগীতত ব্যৱহৃত তালৰ এটা প্ৰকাৰ। ই ধ্ৰুপদ শৈলীৰ সৈতে সম্পৰ্কিত আৰু সাধাৰণতে পখৱাজ আৰু তবলাত বজোৱা হয়। ধামাৰ তালত ১৪টা মাত্ৰা (মাত্ৰা) থাকে, যিবোৰ অসমমিত্ৰিকভাৱে ৫-২-৩-৪ ধৰণে বিভক্ত। ধ্ৰুপদ শৈলীৰ এটা গীত যি ধামাৰ তালত ৰচিত হয়, তাকো ধামাৰ বোলা হয়।
-
নজৰ বট্টু
নজৰ বট্টু (Nazar battu) উত্তৰ ভাৰত আৰু পাকিস্তানত অশুভ দৃষ্টি (হিন্দুস্তানী ভাষাত নজৰ) প্ৰতিহত কৰিবলৈ ব্যৱহৃত চিহ্ন, আকৃতি, টেটু বা অন্যান্য বস্তু বা আৰ্হি। পাৰ্চী আৰু আফগান লোকগাথাত ইয়াক 'চেছম নজৰ' বা 'নজৰ কুৰবাণী' বুলি কোৱা হয়।
-
নিকা ছাকাৰামীৰ হত্যা
২০২২ চনৰ ২০ ছেপ্টেম্বৰত মাহছা আমিনিৰ মৃত্যুৰ পাছত ২০২২ চনৰ ইৰাণৰ প্ৰতিবাদৰ সময়ত তেহৰাণত নিৰুদ্দেশ হৈছিল ১৬বছৰীয়া ইৰাণী কন্যা নিকা ছাকাৰামী। ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ কেইবাজনো এজেণ্টে তেওঁক অপহৰণ, নিৰ্যাতন আৰু যৌন নিৰ্যাতন চলাইছিল আৰু শেষত হত্যা কৰিছিল।
-
নীলা ঘণ্টা
নীলা ঘণ্টা (ফৰাচী ভাষাৰপৰা l'heure bleue; উচ্চাৰণ [lœʁ blø]) হৈছে গধূলিৰ সময় (পুৱা বা গধূলিৰ সময়ত) যেতিয়া সূৰ্য দিগন্তৰ তলৰ যথেষ্ট গভীৰতাত থাকে। এই সময়ছোৱাত বাকী থকা সূৰ্যৰ পোহৰে বেছিভাগেই নীলা আভা লয়। এই আভাটো পৰিষ্কাৰ দিনত আকাশৰ ৰঙৰপৰা পৃথক, যিটো ৰেলেই বিকিৰণৰ ফলত হয়।
-
নৱমী
নৱমী (Navami, नवमी) হʼল সংস্কৃত ভাষাৰ এটি শব্দ, আৰু হিন্দু পঞ্জিকাৰ চান্দ্ৰ পাক্ষিক (পক্ষ) ৰ নৱম দিন (তিথি)। প্ৰত্যেক মাহত দুটিকৈ নৱমী তিথি থাকে, যথাক্ৰমে শুক্ল আৰু কৃষ্ণপক্ষৰ নৱম দিন। নৱমী তিথি প্ৰতি মাহৰ নৱম আৰু চতুৰ্বিংশতম দিনত পৰে।
-
পঞ্চভূত
পঞ্চভূত (সংস্কৃত: पञ्चभूत; IAST: pañca bhūta) হিন্দু ধৰ্মত “পাঁচটা মৌলিক উপাদান”ৰ এক সমষ্টি, যাক সৃষ্টিজগতৰ সকলো সৃষ্টিৰ ভিত্তি বুলি বৰ্ণনা কৰা হয়। এই পাঁচ উপাদান হ’ল পৃথিৱী (पृथ्वी), আপঃ (आपः), অগ্নি (अग्नि), বায়ু (वायु) আৰু আকাশ (आकाश)।
-
পাদশাহ বেগম
পাদশাহ বেগম আছিল মোগল সাম্ৰাজ্যৰ সম্ৰাজ্ঞী পত্নীক প্ৰদান কৰা এক উচ্চমানৰ সাম্ৰাজ্যবাদী উপাধি আৰু ইয়াক মোগল হাৰেম বা জেনানাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাধি বুলি গণ্য কৰা হৈছিল। এই উপাধিটো ইংৰাজীত "empress" ৰ সমতুল্য হ'ব পাৰে, কিন্তু মোগল প্ৰসংগত অনুমাণিকভাৱেহে।
-
পিটনি
পিটনি ( Swamp) বনাঞ্চলে আৱৰা জলাশয়। পিটনিবোৰক “ট্ৰেনজিট জ’ন’’ হিচাপে গণ্য কৰা হয়, কাৰণ ইয়াৰ মাটি আৰু পানী দুয়োটাই পৰিৱেশ সৃষ্টিত ভূমিকা পালন কৰে। পিটনিৰ আকাৰ ভিন্ন আৰু ই সমগ্ৰ বিশ্বতে উপলভ্য। পিটনি বা জলাশয়ৰ পানী শুদ্ধ পানী, লৱণযুক্ত পানী বা সাগৰীয় পানী হ’ব পাৰে।