পাদশাহ বেগম আছিল মোগল সাম্ৰাজ্যৰ সম্ৰাজ্ঞী পত্নীক প্ৰদান কৰা এক উচ্চমানৰ সাম্ৰাজ্যবাদী উপাধি আৰু ইয়াক মোগল হাৰেম বা জেনানাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাধি বুলি গণ্য কৰা হৈছিল।১ এই উপাধিটো ইংৰাজীত "empress" ৰ সমতুল্য হ'ব পাৰে, কিন্তু মোগল প্ৰসংগত অনুমাণিকভাৱেহে।
ঐতিহাসিক ব্যৱহাৰ
'পাদশাহ বেগম' উপাধি কেৱল মোগল সম্ৰাটৰ মুখ্য বা প্ৰধান পত্নী, ভগ্নী, মাতৃ বা অনুকূল কন্যাকহে প্ৰদান কৰিব পৰা যায়২ আৰু একেলগে এগৰাকীতকৈ অধিক ভদ্ৰমহিলাই গ্ৰহণ কৰিব নোৱাৰে।৩ ইয়াৰ প্ৰমাণ এইটোৱেই যে সম্ৰাট জাহাংগীৰৰ পত্নী নুৰজাহানক ১৬২০ চনত তেওঁৰ মুখ্য পত্নী চালিহা বাণু বেগম (তেওঁৰ ৰাজত্বকালৰ বেছিভাগ সময় পাদশাহ বেগম)ৰ মৃত্যুৰ পাছতহে এই উপাধি দিব পৰা গৈছিল।১
য’ত মোগল সম্ৰাটসকলৰ পত্নীসকলৰ কথা আছিল, তেনে উপাধি সম্ৰাটৰ মুখ্য পত্নীকহে দিব পৰা গ’ল। সম্ৰাট বাবৰৰ প্ৰধান পত্নী মাহাম বেগমক প্ৰথমে এই উপাধি প্ৰদান কৰা হৈছিল। হুমায়ুনৰ দিনত বেগা বেগমৰ হাতত আছিল। আকবৰে ১৬০৪ চনত মৃত্যুৰ আগলৈকে মাতৃ হামিদা বাণু বেগমৰ ওপৰত এই উপাধি প্ৰদান কৰে।৪ সম্ৰাট জাহাংগীৰে তেওঁৰ মুখ্য পত্নী চালিহা বাণু বেগমক আৰু তাৰ পিছত তেওঁৰ উত্তৰাধিকাৰী (মৃত্যুৰ পাছত) নুৰ জাহানক এই উপাধি প্ৰদান কৰে। সম্ৰাট শ্বাহজাহানে তেওঁৰ মুখ্য পত্নী মুমতাজ মহলক এই উপাধি প্ৰদান কৰিছিল যদিও তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ কন্যা জাহানাৰা বেগমক এই উপাধি প্ৰদান কৰে। শ্বাহৰ বানু বেগমক তেওঁৰ স্বামী আজম শ্বাহৰ চুটি ৰাজত্বকালত চমুকৈ পদশাহ বেগম বুলি কোৱা হৈছিল যদিও প্ৰকৃততে এই উপাধি তেওঁক দিয়া হৈছিল নে নাই সেয়া জনা নাযায়।৫ সম্ৰাট মহম্মদ শ্বাহে তেওঁৰ মুখ্য পত্নী বাদশ্বাহ বেগমক এই উপাধি প্ৰদান কৰিছিল।
সম্ৰাটৰ কন্যা, যেনে সম্ৰাট শ্বাহজাহানৰ কন্যা ৰাজকুমাৰী জাহানাৰা বেগম আৰু সম্ৰাট ঔৰংজেবৰ কন্যা ৰাজকুমাৰী জিনাত-উন-নিছাকো এই উপাধি প্ৰদান কৰা হৈছিল আৰু দুয়োজনে গোটেই জীৱন এই উপাধি বহন কৰিছিল।৬
কিছুমান ক্ষেত্ৰত সম্ৰাটৰ ভগ্নীকো এই উপাধি প্ৰদান কৰা হৈছিল। ঔৰংজেবে ভগ্নী ৰোশনাৰা বেগম আৰু জাহানাৰা বেগমক এই উপাধি প্ৰদান কৰে। যেতিয়া এজন টাইমুৰিদ শ্বাহজাদীয়ে এই উপাধি লাভ কৰিছিল তেতিয়া ইয়াৰ অৰ্থ আছিল "ৰাজকুমাৰীৰ মাজত সম্ৰাজ্ঞী।"৭
তথ্যসূত্ৰ
- ↑ Findly, Ellison Banks. (1993). Nur Jahan, empress of Mughal India. Oxford University Press. পৃ. 95, 125. ISBN 9780195360608
- ↑ Aftab, Tahera. (2008). Inscribing South Asian Muslim Women: an Annotated Bibliography & Research Guide. Brill. পৃ. 66. ISBN 9789004158498
- ↑ (1958). The Journal of the Numismatic Society of India, Volumes 20-21. Numismatic Society of India. পৃ. 223
- ↑ Badayuni, Abdul Qadir. Muntakhab-ut-Tawarikh
- ↑ Sharma, Sudha. (21 March 2016). The Status of Muslim Women in Medieval India. SAGE Publications India. পৃ. 82. ISBN 978-9-351-50567-9
- ↑ Schimmel, Annemarie. (2004). The Empire of the Great Mughals: History, Art and Culture. Reaktion Books. পৃ. 152. ISBN 1861891857
- ↑ Butenschön, Andrea. (1931). The Life of a Mogul Princess: Jahānarā Begum, Daughter of Shāhjahān. Taylor & Francis. পৃ. 221
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাদশাহ বেগম” প্ৰবন্ধৰ সংশোধন ৬৩২৩৫৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।