বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
৯ ফেব্ৰুৱাৰী
৯ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪০তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৫টা দিন (অধিবৰ্ষত ৩২৬টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
-
ৰাগ জয়জয়ৱন্তী
জয়জয়ৱন্তী বা জৈজয়ৱন্তী হৈছে খামাজ ঠাটৰ অন্তৰ্গত এটা হিন্দুস্থানী শাস্ত্ৰীয় ৰাগ। গুৰু গ্ৰন্থ চাহিবৰ মতে, এই ৰাগটো আন দুটা ৰাগৰ মিশ্ৰণ: ৰাগ বিলাৱল আৰু সোৰথ। এই ৰাগটো গুৰবাণীৰ শেষৰ অংশত পোৱা যায়, কিয়নো মাত্ৰ চাৰিটা স্তুতি গুৰু তেগ বাহাদুৰ, নৱম শিখ গুৰুসকলে ৰচনা কৰিছিল।
-
ৰাজঘাট সমাধি পৰিসৰ
ৰাজঘাট ভাৰতৰ দিল্লীত অৱস্থিত জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিক্ষেত্ৰ। পূৰ্বতে ৰাজঘাট ঐতিহাসিক পুৰণি দিল্লী বা ছাহজাহানবাদত অৱস্থিত ঘাটৰ নাম আছিল এই ঘাট দৰিয়াগঞ্জৰ পূবত অৱস্থিত গড়েৰে পৰিবেষ্টিত নগৰৰ ৰাজঘাট গেট যমুনা নদীৰ পশ্চিম পাৰৰ ৰাজঘাটত মিলিছিল।
-
ৰাতি বিহু
ৰাতি বিহু মৰাণ জনজাতিৰ ঐতিহাসিক সাংস্কৃতিক পৰিক্ৰমাৰ বাহক স্বৰূপ। ৰাতি বিহুৱেই মৰাণ সংস্কৃতিৰ স্বকীয় বৈশিষ্ট্য আৰু ঐতিহ্য অসমৰ জনমানসত দাঙি ধৰিছে আৰু জাতীয় পৰিচয় প্ৰতিফলিত কৰিছে।
-
ৰাফতাৰ
ৰাফতাৰ এজন প্ৰখ্যাত ভাৰতীয় ৰেপাৰ, গায়ক আৰু গীতিকাৰ যিয়ে পাঞ্জাবী, হিন্দী, আৰু ইংৰাজী ৰেপৰ অনন্য মিশ্ৰণেৰে ভাৰতীয় সংগীত জগতত যথেষ্ট প্ৰভাৱ পেলাইছে। ১৯৮৮ চনৰ ১৬ নৱেম্বৰত কেৰালাৰ তিৰুৱনন্তপুৰমত দিলিন নাইৰ নামেৰে জন্মগ্ৰহণ কৰা তেখেতৰ মঞ্চনাম ৰাফতাৰে অধিক পৰিচিত।
-
ৰোমান শ্ৰুতিকথা
ৰোমান শ্ৰুতিকথা বা ৰোমান পৌৰাণিক কাহিনী (ইংৰাজী: Roman mythology) হৈছে ৰোমানসকলৰ সাহিত্য আৰু দৃশ্য কলাক প্ৰতিনিধিত্ব কৰা প্ৰাচীন ৰোমৰ শ্ৰুতিকথাৰ সম্ভাৰ।
-
অখণ্ড ভাৰত
অখণ্ড ভাৰত বা অখণ্ড হিন্দুস্থান, অখণ্ড ভাৰত (Akhand Bharat) হৈছে এক ভাৱধাৰা যি ভাৰতীয় উপমহাদেশৰ একতাক বুজায়। এই ধাৰণা অনুসৰি বৰ্তমানৰ ভাৰত, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, নেপাল, ভূটান, আফগানিস্তান আৰু ম্যানমাৰ আদি দেশবোৰক একেলগে অখণ্ড ভাৰত হিচাপে গণ্য কৰা হয়।ইয়াক ঐতিহাসিকভাৱে ভাৰতবৰ্ষৰ পূৰ্বৰ…
-
অথৰ্বন
অথৰ্বন হিন্দু ধৰ্মৰ এজন কিংবদন্তি বৈদিক ঋষি, যিয়ে অংগিৰসৰ সৈতে অথৰ্ববেদ ৰচনা কৰা("প্ৰচলিত কথা") বুলি ধৰা হয়। তেওঁ প্ৰথমে অগ্নিযজ্ঞ বা যজ্ঞৰ প্ৰতিষ্ঠা কৰা বুলিও কোৱা হয়। কেতিয়াবা তেওঁক সপ্তৰ্ষিৰ মাজৰো এজন বুলি গণ্য কৰা হয়। তেওঁৰ বংশ অথৰ্বন নামেৰে জনাজাত।
-
অনাভিল্লু
অনাভিল্লু কেৰালাৰ এবিধ পৰম্পৰাগত ধেনুৰ আকৃতিৰ এটা সৰু আৰু সৰল বাদ্যযন্ত্ৰ। কেৰালাৰ ওনাম উৎসৱৰপৰা ইয়াৰ নাম আহিছে। এই উৎসৱত নৃত্য কৰাৰ সময়ত এই বাদ্যযন্ত্ৰ বজোৱা হয়। মালয়ালম ভাষাত 'ভিল্লু' মানে ধেনু। গ্ৰাম্য লোকশিল্পত ইয়াৰ ব্যৱহাৰ এতিয়াও আছে, কিন্তু ক্ৰমে ই কমি আহিছে।
-
অপাৰেচন বজৰং
অপাৰেচন বজৰং হৈছে ১৯৯০ চনৰ ২৮ নৱেম্বৰত ভাৰতীয় সেনাবাহিনীয়ে আলফাৰ বিৰুদ্ধে চলোৱা এটা অভিযান। লক্ষীপথাৰৰ লাংকাচি আৰু দিমৰুহোলা গাঁৱত সেনাৰ এই অভিযান চলিছিল। সেই সময়ত অসমত অসম গণ পৰিষদৰ চৰকাৰ চলি আছিল। যদিও অপাৰেচনৰ আগে আগে চৰকাৰখন ভাঙি দি ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্ত্তন কৰা হৈছিল।
-
অষ্টমী
অষ্টমী (Ashtami, अष्टमी) হʼল হিন্দু পঞ্জিকাৰ চান্দ্ৰ পাক্ষিক (পক্ষ)ৰ অষ্টম দিন (তিথি)। প্ৰত্যেক মাহত দুটিকৈ অষ্টমী তিথি থাকে, যথাক্ৰমে শুক্ল আৰু কৃষ্ণপক্ষৰ অষ্টম দিন।
-
অসমৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ তালিকা
উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, (North East Institute of Science and Technology, NEIST), যোৰহাট টোকোলাই চাহ গৱেষণা কেন্দ্ৰ (Tocklai Experimental Station), যোৰহাট বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট (Rain Forest Research Institute, Jorhat, RFRI) আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ, ডিব্ৰুগড়…
-
আডি
আডি (সংস্কৃত: आडि) মৎস্য পুৰাণত উল্লেখ থকা পৌৰাণিক কাহিনীৰ এক অসুৰ। এওঁ শিৱই বধ কৰা অন্ধকাসুৰৰ পুত্ৰ।
-
ইউ এছ অ'পেন
ইউ এছ অ'পেন বা ইউএছ অ'পেন হৈছে কোনো এক নিৰ্দিষ্ট ক্ৰীড়াৰ (বা অ-ক্ৰীড়া সংগঠিত প্ৰতিযোগিতামূলক কাৰ্যকলাপ) বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই আয়োজন কৰা "মুকলি" প্ৰতিযোগিতা, য'ত যিকোনো ব্যক্তি, অপেছাদাৰী বা পেছাদাৰী, আমেৰিকা বা আমেৰিকাৰ বাহিৰৰ, পুৰুষ বা মহিলাই যোগ দিব পাৰে।
-
ইভ-টিজিং
ভাৰতত ইভ টিজিং হৈছে এটা ব্যঞ্জনা, যিটো মূলতঃ ইংৰাজীত দেখা যায় আৰু ইয়াত পুৰুষৰ দ্বাৰা মহিলাক ৰাজহুৱা স্থানত যৌন নিৰ্যাতন বা যৌন আতিশয্য কৰা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। "ইভ" নামটোৱে বাইবেলৰ আদম আৰু ইভৰ সৃষ্টিৰ কাহিনীক বুজায়।
-
ইয়ামাবিকো
ইয়ামাবিকো (ইয়ামাহিকোও) জাপানী লোককথাত এজন পৰ্বত দেৱতা, আত্মা আৰু ইয়োকাই; "ইয়ামাবিকো" শব্দটোৱে পাহাৰত হোৱা প্ৰতিধ্বনিকো বুজায়, যাৰ নামেৰে ইয়োকাইৰ নামকৰণ কৰা হৈছে। আক্ষৰিক অৰ্থত এই শব্দটোৰ অৰ্থ হৈছে "পাহাৰীয়া ল'ৰা"। ই হৈছে পৰ্বত বা খাদত হোৱা প্ৰাকৃতিক পৰিঘটনাৰ বাবে দায়ী ইয়োকাই।
-
ইস্ত্ৰি
ইস্ত্ৰি (Clothing iron বা flatiron) এবিধ তলিখন চেপেটা ওপৰত হাতল থকা সঁজুলী। এই সজুলীবিধ গৰম কৰি ইয়াৰে পোছাকৰ ভাঁজ নোহোৱা কৰিব পাৰি। সাধাৰণতে লো-ৰে সজা হয় বাবেই লোৰ ইংৰাজী নাম iron-ৰ পৰাই ইয়াকো ইংৰাজীত আইৰণ বুলি কোৱা হয়।
-
ঊণ
ঊণ হৈছে ভেড়া আৰু অন্যান্য স্তন্যপায়ী প্ৰাণী, বিশেষকৈ ছাগলী, শহা, আৰু উটজাতীয় প্ৰাণীৰপৰা প্ৰাপ্ত বয়ন আঁহ। এই শব্দই অজৈৱিক পদাৰ্থক বুজাব পাৰে, যেনে খনিজ ঊণ আৰু কাঁচ ঊণ, যিবোৰৰ কিছু গুণ পশু ঊণৰ সৈতে মিল থাকে। পশু আঁহ হিচাপে, ঊণ প্ৰ'টিনেৰে গঠিত আৰু ইয়াত সামান্য পৰিমাণৰ স্নেহ পদাৰ্থ থাকে।
-
একাকীত্ব
একাকীত্ব হৈছে ব্যক্তিবিশেষৰ অন্য ব্যক্তিৰ সৈতে সংযোগ বা সংস্পৰ্শৰ অভাৱৰ যোগেদি সৃষ্ট এক সঙ্গবিহীন, বা দূৰীভূত, বা পৃথকীকৃত অৱস্থা। পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ ধনাত্মক আৰু ঋণাত্মক উভয়ধৰণৰ প্ৰভাৱ থাকিব পাৰে।
-
এম’নিয়া
এম’নিয়া বা এজেন (ইংৰাজী: Ammonia or Azane) হ’ল নাইট্ৰ'জেন আৰু হাইড্ৰ’জেনেৰে গঠিত এবিধ ৰাসায়নিক যৌগ যাৰ ৰাসায়নিক সংকেত NH3। জোছেফ প্ৰিষ্টলে সৰ্বপ্ৰথমে ১৭৭৪ চনত এম’নিয়াম ক্ল’ৰাইডক চূণৰ সৈতে গৰম কৰি এম’নিয়া গেছ তৈয়াৰ কৰিছিল।
-
এলবাৰ্টা
এলবাৰ্টা (Alberta) কানাডাৰ তেৰখন প্ৰদেশ আৰু ভূখণ্ডৰ ভিতৰত অন্যতম। ই পশ্চিম কানাডাৰ অংশ আৰু তিনিখন প্ৰেৰি প্ৰদেশ (Canadian Prairies)ৰ ভিতৰত অন্যতম। এলবাৰ্টাৰ পশ্চিমে ব্ৰিটিছ কলম্বিয়া, পূবে ছাস্কাচেৱান, উত্তৰে উত্তৰ-পশ্চিম টেৰিটৰী (NWT) আৰু দক্ষিণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মন্টানা।
-
কবৱেব আৰ্হি
অৰ্থনীতিত কবৱেব আৰ্হিয়ে এনে বজাৰৰ পৰিস্থিতি ব্যাখ্যা কৰে য'ত উৎপাদকে পূৰ্বৰ মূল্যৰ আধাৰত বৰ্তমানৰ মূল্য নিৰ্ধাৰণ কৰিবলগীয়া হয়, সম্ভৱতঃ এই কাৰণে যে বৰ্তমানৰ চাহিদাৰ সঠিক জ্ঞান উৎপাদকৰ ওচৰত নাই। বিভিন্ন কবৱেব আৰ্হি ৰনাল্ড ক'চ, ৱাচিলি লিয়ণ্টিয়েফ আৰু নিকলাছ কালডৰৰ দৰে অৰ্থনীতিবিদে অধ্যয়ন কৰিছিল।
-
কয়ৰ
নাৰিকলৰ আঁহ, যাক coconut fibre বুলিও কোৱা হয়, হৈছে প্ৰাকৃতিক আঁহ যি নাৰিকলৰ বাহিৰৰ খোলাটোৰ পৰা আহৰণ কৰা হয়, আৰু মজিয়াৰ মেট, দুৱাৰমেট, ব্ৰাছ আৰু গদিৰ দৰে সামগ্ৰীত ব্যৱহাৰ কৰা হয়। নাৰিকলৰ আঁহ হৈছে নাৰিকলৰ কঠিন, ভিতৰৰ খোলা আৰু বাহিৰৰ আৱৰণৰ মাজত পোৱা আঁহযুক্ত সামগ্ৰী।
-
কালকেয়
কালকেয় বা কালখঞ্জ হিন্দু পৌৰাণিক কাহিনীত কাশ্যপ আৰু কলাৰ সন্তান, যিসকলক এটা দানৱৰ এটা পন্থা বুজায়। ষাঠি হাজাৰ কালকেয়ৰ অস্তিত্বৰ কথা কোৱা হয় আৰু তেওঁলোকে অসুৰ তথা শাসক বৃত্ৰৰ পতাকাৰ তলত যুদ্ধ কৰা বুলি বৰ্ণনা কৰা হৈছে।[1]
-
কাৰ্বন আঁহ
কাৰ্বন ফাইবাৰ বা কাৰ্বন আঁহ (বিকল্পভাৱে CF, গ্ৰেফাইট ফাইবাৰ বা গ্ৰেফাইট আঁহ) হৈছে প্ৰায় 5 to(-) ব্যাসৰ আঁহ যি মুখ্যতঃ কাৰ্বন পৰমাণুৰে গঠিত। কাৰ্বন ফাইবাৰৰ কেইবাটাও সুবিধা আছে: উচ্চ দৃঢ়তা, উচ্চ প্ৰসাৰণ শক্তি, উচ্চ শক্তি-ওজন অনুপাত, উচ্চ ৰাসায়নিক প্ৰতিৰোধ, উচ্চ-উষ্ণতা সহনশীলতা, আৰু কম তাপীয়…
-
কাৰ্বন নেন'টিউব
কাৰ্বন নেন'টিউব (Carbon nanotube, CNT) হৈছে কাৰ্বনৰ এটি প্ৰতিৰূপ, যি চিলিণ্ডাৰ আকৃতিত উপলব্দ। স্থিতিস্থাপকতা ইয়াৰ প্ৰধান বৈশিষ্ট্য। ই দুটা প্ৰকাৰত উপলব্ধ: (১) চিংগল ৱাল নেন'টিউব বা এক স্তৰ বিশিষ্ট নেন'টিউব হৈছে যাৰ ব্যাসৰেখা নেন'মিটাৰত, তাৰ সমষ্টিয়ে SWCNTs বা ছিংগল ৱাল কাৰ্বন নেনটিউবছ বা এক স্তৰ…
-
কিনছে স্কেল
কিনছে স্কেলক; বিপৰীতকামী-সমকামী নিৰ্ধাৰণৰ স্কেল বুলিও কোৱা হয়। এজন মানুহৰ অভিজ্ঞতা অথবা প্ৰতিক্ৰিয়াৰ ওপৰত ভিত্তি কৰি যৌন অভিমুখিতা ব্যাখ্যা সংক্ৰান্ত গৱেষণাত ইয়াৰ ব্যৱহাৰ হয়। এই স্কেলত ০-ৰ পৰা ৬ পৰ্যন্ত মাপ থাকে। ০ মানে হৈছে, সম্পূৰ্ণভাৱে বিপৰীতকামী, আৰু ৬ মানে হৈছে, সম্পূৰ্ণভাৱে সমকামী।
-
কূটনীতি
কূটনীতি (Diplomacy) হৈছে আলোচনা, মীমাংসা আৰু অন্যান্য অহিংস উপায়েৰে বিদেশী চৰকাৰ বা আন্তঃচৰকাৰী সংগঠনৰ সিদ্ধান্ত আৰু আচৰণ প্ৰভাৱিত কৰাৰ পদ্ধতি। কূটনীতিয়ে সাধাৰণতে বিভিন্ন বিষয়ৰ সন্দৰ্ভত পেছাদাৰী কূটনীতিবিদসকলৰ মধ্যস্থতাৰ জৰিয়তে কৰা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক বুজায়।
-
ক্লড শ্বেনন
ক্লড এলৱুড শ্বেনন (৩০ এপ্ৰিল ১৯১৬ - ২৪ ফেব্ৰুৱাৰী ২০০১) এগৰাকী আমেৰিকী গণিতজ্ঞ, অভিযন্তা আৰু সংকেতলিপিকাৰ। তেওঁক "তথ্য তত্ত্বৰ জনক" হিচাপেও জনা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেচেচুচেটছ ইনষ্টিটিউট অৱ টেক্নলজিৰ স্নাতকোত্তৰ ছাত্ৰ হিচাপে অধ্যয়ন কৰি থাকোঁতে তেওঁ প্ৰমাণ কৰি দেখুৱাইছিল যে বুলিয়ান…
-
খাজুৰাহো স্মাৰকসমূহ
খাজুৰাহো স্মাৰকসমূহ ভাৰতৰ মধ্যপ্ৰদেশৰ ছটাৰপুৰ জিলাৰ হিন্দু আৰু দিগম্বৰা জৈন মন্দিৰৰ এটা দল। জিলা সদৰ ছটাৰপুৰ চহৰৰ পৰা প্ৰায় ৪৬ কিলোমিটাৰ (২৮.৬ মাইল), গোৱালিয়াৰৰ পৰা ২৮৩ কিলোমিটাৰ (১৭৭ মাইল), ঝান্সীৰ পৰা ১৭৫ কিলোমিটাৰ (১০৯ মাইল) দক্ষিণ-পূবে, খাজৱাৰ পৰা ১০ কিলোমিটাৰ (৬.২ মাইল) আৰু ৰাজনগৰৰ পৰা ৯…