অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ডাঙৰীয়া (লোকবিশ্বাস)

ডাঙৰীয়া (Dangoriya) হৈছে অসমীয়া লোকবিশ্বাসত প্ৰচলিত সন্মানীয় বয়সস্থ ব্যক্তিৰ অলৌকিক শক্তি৷ ভিন্ন প্ৰকাৰৰ ডাঙৰীয়া অসমীয়া জনজীৱনত প্ৰচলিত যেনে বুঢ়া ডাঙৰীয়া, গন্তিয়াল ডাঙৰীয়া, হাবি ডাঙৰীয়া, লগতে চামোন, গাঁও ৰজা আদি গছত বাস কৰা অলৌকিক শক্তি।ডাঙৰীয়াসকলক উপাসনা কৰোতে ৰঙা কুকুৰা আগবঢ়ায়।

হালনাগাদ: ৩ জুন ২০২৪ ৩১০ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ডাঙৰীয়া (Dangoriya) হৈছে অসমীয়া লোকবিশ্বাসত প্ৰচলিত সন্মানীয় বয়সস্থ ব্যক্তিৰ অলৌকিক শক্তি৷১ ভিন্ন প্ৰকাৰৰ ডাঙৰীয়া অসমীয়া জনজীৱনত প্ৰচলিত যেনে বুঢ়া ডাঙৰীয়া, গন্তিয়াল ডাঙৰীয়া, হাবি ডাঙৰীয়া, লগতে চামোন, গাঁও ৰজা আদি গছত বাস কৰা অলৌকিক শক্তি।১২ডাঙৰীয়াসকলক উপাসনা কৰোতে ৰঙা কুকুৰা আগবঢ়ায়।৩ বিশেষকৈ হাবি ডাঙৰীয়াক উপাসনা কৰোতে বিয়া নপতা চেঙেলিয়া লৰাই কুকুৰা বলি দি ভোজভাত দিয়ে।২ভিন্ন অলৌকিক শক্তিসমূহৰ ভিতৰত ডাঙৰীয়াৰ প্ৰভাৱ গভীৰ। সমপৰ্যায়ৰ আলখনী নামৰ তিৰোতা গোসাঁনী এগৰাকী আম গছত থাকে।২ ডাঙৰীয়া দেখাত ওখ, তেওঁ বগা পাগুৰী মাৰে আৰু চুৰীয়া কামিজ পৰিধান কৰে।১ ডাঙৰীয়াই সহজতে কাৰো গাত নলম্ভে আৰু কাৰো ক্ষতি নকৰে যদিহে ব্যক্তি জনে বিশেষ একো ক্ষতি নকৰে বা তেওঁ বাস কৰা গছজোপা নাকাটে।১

বুঢ়া ডাঙৰীয়া

মূল প্ৰবন্ধ: বুঢ়া ডাঙৰীয়া

প্ৰচলিত ধাৰণামতে, বুঢ়া ডাঙৰীয়া দেখাত শুৱনি এজন সুপুৰুষৰ আকৃতিৰ অলৌকিক শক্তি৷১ বট, আঁহত, জৰী আদি ওখ গছত বুঢ়া ডাঙৰীয়াৰ বাস৷২ বুঢ়া ডাঙৰীয়াই বগা ধুতী, পাঞ্জাবী পিন্ধি গাত চেলেং চাদৰ লয় আৰু মূৰত মথুৰা পাগ মাৰি ঘোঁৰাত উঠি ফুৰে৷১ বুঢ়া ডাঙৰীয়া কোনো সম্ভ্ৰান্ত, সৎ আৰু শ্ৰদ্ধেয় মৃতলোকৰ প্ৰতীক৷ সাধাৰণতে পূৰ্ণিমাৰ ৰাতি বুঢ়া ডাঙৰীয়া গছৰ পৰা নামি শুকুলা ঘোঁৰাত উঠি গাওঁ পৰিভ্ৰমণ কৰে৷ গাওঁ পৰিভ্ৰমণ কৰিলে গাঁওলৈ কোনো অপায়-অমঙ্গল নাহে৷

গন্তিয়াল ডাঙৰীয়া

গন্তিয়াল ডাঙৰীয়া হৈছে অসমৰ লোককথাৰ অন্তৰ্গত এক অলৌকিক শক্তি। বুঢ়া ডাঙৰীয়াৰ দৰে এই আত্মাবোৰো জ্ঞানী আৰু উপকাৰী। গন্তিয়াল ডাঙৰীয়াই সাধাৰণতে গছৰ গুৰিত পুতি থোৱা গুপ্ত ধনৰ ৰক্ষক হিচাপে কাম কৰে।১ যদি কোনোবাই সেই গছৰ তলত নিস্বাৰ্থ আৰু দান-বৰঙণি কৰে, তেতিয়া তেওঁ আৱিৰ্ভাৱ হৈ সেই ব্যক্তিজনক সোণ আৰু মণিৰে পুৰস্কৃত কৰে বুলি বিশ্বাস কৰা হয়।১

চামোন ডাঙৰীয়া

চামোন ডাঙৰীয়া নিবোকা হৈ মনে মনে থাকে সেয়ে তেওঁক নিবোকা চামোন বুলিও কোৱা হয়। এয়া তেওঁৰ বিশিষ্ট লক্ষণ। চামোন ডাঙৰীয়াই লম্ভিলে মানুহে সকলো জ্ঞান চেতনা হেৰুৱাই পেলাই। আনকি মাত বোল মাতিব নোৱাৰা হৈ পৰে। চামোন শব্দটি অচলতে চাম গছৰ পৰা উদ্ভৱ হোৱা বুলি কওৱা হয়। চাম গছতেই স্সধাৰণতে চামোন ডাঙৰীয়া থাকে। নাহৰ গছ বা আন জোপোহা গছতো চামোন ডাঙৰীযা থাকে। যেতিয়া মানুহে এনে গছৰ ডাল কাটে নাইবা গছৰ তলত যধে মধে প্ৰসাৱ কৰে। তেতিয়াই চামোন ডাঙৰীয়া দোষ ধৰে আৰু মানুহৰ গাত লম্ভে।

তথ্যসূত্ৰ

  1. ↑ Khanna Bhairav, Rakesh, J. Furcife. (2023). Ghosts, Monsters and Demons of India
  2. ↑ Black Magic, Witchcraft and Occultism Secret Cultural Practices in India. ISBN 9781000905267
  3. ↑ Singh, K. S. People of India: Assam (2 pts.). পৃ. 449

সম্পৰ্কিত শ্ৰেণী

লোকবিশ্বাসভূত-প্ৰেত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডাঙৰীয়া (লোকবিশ্বাস)” প্ৰবন্ধৰ সংশোধন ৪২২১৪০ (৩ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।