অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ড্ৰিগলাম নামঝা

ড্ৰিগলাম নামঝা (Driglam Namzha; তিব্বতী: སྒྲིག་ལམ་རྣམ་གཞག་; ৱাইলি: sgrig lam rnam gzhag) হৈছে ভূটানৰ আনুষ্ঠানিক শিষ্টাচাৰ আৰু সাজ-পোছাক সংহিতা বা পৰিধান বিধি।

হালনাগাদ: ১৫ ডিচেম্বৰ ২০২৪ ৩১৬ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ড্ৰিগলাম নামঝা (Driglam Namzha; তিব্বতী: སྒྲིག་ལམ་རྣམ་གཞག་; ৱাইলি: sgrig lam rnam gzhag) হৈছে ভূটানৰ আনুষ্ঠানিক শিষ্টাচাৰ আৰু সাজ-পোছাক সংহিতা বা পৰিধান বিধি। ইয়াত নাগৰিকে ৰাজহুৱা স্থানত কেনে ধৰণৰ সাজ-পোছাক পৰিধান কৰিব লাগে আৰু তাৰ লগতে আনুষ্ঠানিক পৰিৱেশত কেনে আচৰণ কৰিব লাগে সেই বিষয়েও নিয়ন্ত্ৰণ কৰে। ইয়াৰ উপৰিও ই শিল্প আৰু স্থাপত্যৰ দৰে কেইবাটাও সাংস্কৃতিক সম্পদকো নিয়ন্ত্ৰণ কৰে। ইংৰাজীত ড্ৰিগলামৰ অৰ্থ হৈছে "ক্ৰম, অনুশাসন, ৰীতি-নীতি, নিয়ম, ব্যৱস্থা"১ আৰু নামঝাৰ অৰ্থ হৈছে "ব্যৱস্থা",১ যদিও শব্দটোক "অনুশাসনশীল আচৰণৰ নিয়ম" বুলি ক'ব পাৰি।

ইতিহাস

ড্ৰিগলাম নামঝাৰ বিষয়ে ১৭ শতিকাৰ ঙাৱাং নামগ্যালৰ দিনৰ পৰাই জনা গৈছিল।২ঙাৱাং নামগ্যাল প্ৰথমজন ঝাবদ্ৰুং ৰিনপোচে, দীঘল দাড়ি থকাতিব্বতী লামা আৰু সামৰিক নেতা যিজনে ভূটানক কেৱল ৰাজনৈতিকভাৱেই নহয়, সাংস্কৃতিকভাৱেও একত্ৰিত কৰিব বিচাৰিছিল। তেওঁ ভূটানৰ বৈশিষ্ট্যপূৰ্ণ মঠ-দুৰ্গ জোং আদি স্থাপত্যৰ বাবে নিৰ্দিষ্ট নিৰ্দেশনা স্থাপন কৰিছিল। তেওঁ চেচু "জিলা উৎসৱ"ৰ বহু পৰম্পৰা যেনে চাম নৃত্য প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ ইচ্ছা আৰু উৎসাহতে এই নিৰ্দেশনাসমূহ সংহিতাকৰণ কৰা হৈছিল যাতে এই বোৰে স্বকীয়ভাৱে-ভূটানী সকলৰ পৰিচয় উত্থানত উৎসাহিত কৰিব পাৰে। ১৯৮৯ চনত চৰকাৰে সাজপাৰ বিধিৰ মান উন্নীত কৰি স্বইচ্ছাৰে পিন্ধাৰ ঠাইত সাজ-পোছাক সংহিতা বাধ্যতামূলক কৰে। ৩তাৰ পিছত সকলো নাগৰিকে ব্যৱসায়ীক কামকাজৰ সময়ছোৱাত ৰাজহুৱা স্থানত এই সাজপাৰ বিধি পালন কৰাতো বাধ্যতামূলক হ'ল। ৪৫

সাজপাৰ

ড্ৰিগলাম নামঝাৰ অধীনত পুৰুষে পেটিৰে বান্ধি আঁঠুলৈকে পৰা গধুৰ চোলা পিন্ধে, যাক ঘোৰ বোলা হয়, ইয়াক এনেদৰে ভাঁজ কৰি লোৱা হয় যে পেটৰ সন্মুখত পকেটৰ দৰে আকাৰ গঠন হয়।৩ মহিলাসকলে ৰেচম, পলিয়েষ্টাৰ বা লঘু কপাহেৰে তৈয়াৰি ৱনজু নামৰ দীঘল হাতৰ ব্লাউজ পিন্ধে, যাৰ ওপৰত তেওঁলোকে "কিৰা" নামৰ এটা ডাঙৰ আয়তাকাৰ গোৰোহালৈকে পৰা কাপোৰ ভাঁজ কৰি বন্ধ কৰা চোলা পিন্ধে।৩ কিৰাৰ ওপৰত চুটি ৰেচমৰ জেকেট বা ট’ইগো পিন্ধিব পাৰি। দৈনন্দিন পৰিধানৰ বাবে ঘোৰ আৰু কিৰা ঋতু অনুসৰি কপাহ বা উলেৰে বনোৱা হয়, য'ত মাটিৰ ৰঙৰ সহজ চেক আৰু মাটিৰ টোনত ৰেখাৰে আঁকি লোৱা হয়। বিশেষ অনুষ্ঠান আৰু উৎসৱৰ বাবে ভিন্ন ৰঙৰ, আৰ্হিযুক্ত ৰেচমৰ কিৰা, আৰু ঘোৰ থাকে।

জোং বা মন্দিৰলৈ যোৱাৰ সময়ত, আৰু উচ্চ পৰ্যায়ৰ বিষয়াৰ আগত হাজিৰ হোৱাৰ সময়ত অতিৰিক্ত কিছুমান নিয়ম প্ৰযোজ্য হয়। এনে ক্ষেত্ৰত ভূটানীসকলে আনুষ্ঠানিক স্কাৰ্ফৰ সৈতে জাতীয় সাজ-পোছাক পিন্ধিব লাগে।৬সাধাৰণ ভূটানী পুৰুষে কেঁচা ৰেচমেৰে তৈয়াৰী বাওঁ কান্ধৰ পৰা বিপৰীত নিতম্বলৈকে পৰা বগা ফ্ৰিঞ্জযুক্ত কাবনে পিন্ধে, কাবনেৰ অন্যান্য ৰং বিষয়া আৰু সন্ন্যাসীৰ বাবে সংৰক্ষিত অৰ্থাৎ পদবী আৰু সামাজিক শ্ৰেণীয়ে এই কাবনে বা স্কাৰ্ফ বা বুৰাৰ অনুমোদিত ৰং নিৰ্ধাৰণ কৰে।৬ মহিলাসকলে বাওঁ কান্ধৰ ওপৰত এম্ব্ৰয়ডাৰী কৰা ঠেক কাপোৰ ৰাচু পিন্ধে।৬

স্থাপত্য

ড্ৰিগলাম নামঝাই ভূটানৰ ধৰ্মীয়, সামৰিক, প্ৰশাসনিক আৰু সামাজিক কেন্দ্ৰ নিৰ্মাণৰ পৰম্পৰাগত নিয়মসমূহ সংহত কৰে, যিবোৰক জং নামৰ দুৰ্গসমূহত একত্ৰিত কৰা হয়। কোনো পৰিকল্পনা তৈয়াৰ কৰা নহয় আৰু ইয়াৰ নিৰ্মাণত নখৰ অনুমতিও দিয়া নহয়। এজন অনুপ্ৰাণিত লামাৰ নিৰ্দেশনাত নাগৰিকে ৰাষ্ট্ৰৰ প্ৰতি তেওঁলোকৰ কৰ বাধ্যবাধকতাৰ অংশ হিচাপে জং নিৰ্মাণ কৰে। শেহতীয়াকৈ ১৯৯৮ চনত ডিক্ৰী অনুসৰি এক আদেশৰ জৰিয়তে নিৰ্দিষ্ট কৰা হৈছিল যে সকলো ভবন বিভিন্ন ৰঙৰ কাঠৰ আগফাল, সৰু সৰু খাৰুৱা খিৰিকী আৰু ঢালযুক্ত ছাদসহ নিৰ্মাণ কৰিব লাগিব।৪

তথ্যসূত্ৰ

  1. ↑ (1996). Dharma Dictionary. Diamond Way Buddhism
  2. ↑ Mayhew, Bradley; Brown, Lindsay. (2017). Lonely Planet Bhutan. Lonely Planet. পৃ. 528. ISBN 9781787010192
  3. ↑ Shah, Shalini. (October 31, 2016). Bhutan’s Queen Mother Sangay Choden Wangchuck on weaves in everyday life. Vogue India
  4. ↑ (1998-02-09). Country profile – Bhutan: a land frozen in time. BBC News
  5. ↑ (2010-05-05). Bhutan country profile. BBC News
  6. ↑ Chen, Ashley. (December 18, 2020). The different types of ceremonial scarves in Bhutan. DailyBhutan.com

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ড্ৰিগলাম নামঝা” প্ৰবন্ধৰ সংশোধন ৪৫৫৬৫২ (১৫ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।