নৱমী (Navami, नवमी) হʼল সংস্কৃত ভাষাৰ এটি শব্দ, আৰু হিন্দু পঞ্জিকাৰ চান্দ্ৰ পাক্ষিক (পক্ষ) ৰ নৱম দিন (তিথি)। প্ৰত্যেক মাহত দুটিকৈ নৱমী তিথি থাকে, যথাক্ৰমে শুক্ল আৰু কৃষ্ণপক্ষৰ নৱম দিন।১ নৱমী তিথি প্ৰতি মাহৰ নৱম আৰু চতুৰ্বিংশতম দিনত পৰে।
উৎসৱ
- ৰাম নৱমী এক হিন্দুধৰ্মীয় উৎসৱ। এই দিনটোতেই প্ৰভু ৰামৰ জন্ম উদ্যাপন কৰা হয়। চʼত মাহৰ শুক্লপক্ষৰ নৱমী তিথিত এই উৎসৱ পালন কৰা হয়।
- সীতা নৱমী এক হিন্দুধৰ্মীয় উৎসৱ। এই দিনটোতেই দেৱী সীতাৰ জন্ম উদ্যাপন কৰা হয়। বʼহাগ মাহৰ শুক্লপক্ষৰনৱমী তিথিত এই উৎসৱ পালন কৰা হয়।২
- স্বামীনাৰায়ণ জয়ন্তী হʼল স্বামীনাৰায়ণৰ জন্ম উদ্যাপন কৰা এটি হিন্দুধৰ্মীয় উৎসৱ। চʼত মাহৰ নৱম তিথিত এই উৎসৱ পালন কৰা হয় যিটো প্ৰকৃততে ৰাম নৱমীৰদিনাই পৰে।
- কৃষ্ণ জন্মাষ্টমী উৎসৱৰ পাছদিনা, ভাদ মাহৰ কৃষ্ণপক্ষৰ নৱমী তিথিত নন্দোৎসৱ পালন কৰা হয়। ভগৱান কৃষ্ণৰ পালক-পিতৃ নন্দৰ স্মৃতিত এই উৎসৱ পালন কৰা হয়।৩
- মহা নৱমী (মহা নৱম দিৱস) নৱৰাত্ৰি উদ্যাপনৰ অংশ। নৱৰাত্ৰিৰ ভিতৰত শাৰদ নৱৰাত্ৰি আটাইতকৈ গুৰুত্বপূৰ্ণ, আৰু ইয়াক শৰৎ ঋতুত পালন কৰা হয়। আয়ুধ পূজা বা অস্ত্ৰ পূজা হৈছে ভাৰতত পৰম্পৰাগতভাৱে পালন কৰা হিন্দুধৰ্মীয় উৎসৱ বিজয়া দশমী উৎসৱৰ অবিচ্ছেদ্য অংগ।
- কাতি মাহৰ শুক্লপক্ষৰ নৱমী তিথিত (হিন্দুধৰ্মীয় উৎসৱ দীপাৱলীৰ ন দিনৰ পিছত) অক্ষয় নৱমী পালন কৰা হয়। এই দিনটো সত্যযুগৰ আৰম্ভণি বুলি ধৰা হয়, আৰু সেয়েহে ইয়াক সত্যযুগাদী বুলিও কোৱা হয়। এই দিনটোত আমলখি (আম্লা বুলিও কোৱা হয়) গছক বিষ্ণুৰ প্ৰকাশ হিচাপে বিভিন্ন আচাৰ-অনুষ্ঠানৰ মাজেৰে পূজা কৰা হয়, আৰু সেয়েহে এই দিনটোক আম্লা নৱমী বুলিও কোৱা হয়। ৪
১৫৯৫ খ্ৰীষ্টাব্দৰ ফাগুন মাহৰ শুক্লপক্ষৰ নৱমী তিথিত হিন্দু সন্ত শ্ৰীগুৰু ৰাঘবেন্দ্ৰ স্বামীৰ জন্ম হৈছিল। সেইদিনা চন্দ্ৰ মৃগশীৰ্ষ নক্ষত্ৰত আছিল। তেওঁ মাধৱাচাৰ্যৰ দ্বৈত দৰ্শনৰ পোষকতা কৰিছিল।
তথ্যসূত্ৰ
- ↑ Manish Verma. (2013). Fasts and Festivals of India. Diamond Pocket Books. পৃ. 10. ISBN 9788171820764
- ↑ Sita Navami 2022: History, significance and puja muhurat. DNA India
- ↑ Nandotsava. iskcondesiretree.com
- ↑ (2022-11-02). Akshay Navami 2022: Date, Time, Puja Vidhi and Significance
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৱমী” প্ৰবন্ধৰ সংশোধন ৫৪০৩১৬ (২৭ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।