বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পীৰা
পীৰাৰ ( Peera) অসমীয়া সমাজব্যৱস্থাত অতীজৰে পৰাই বহুল ব্যৱহাৰ দেখিবলৈ পোৱা যায়। ইয়াক বহা আসন হিচাপে ব্যৱহাৰ কৰা হয়। এচলা গোটা কাঠৰ পৰাই কাটি-চাঁচি, অথবা চাৰিটা খুৰা লগাই পীৰা সজোৱা হয়। সেই পীৰাৰে আধুনিক সংস্কৰণ হৈছে- টুল (stool)।
-
পুৰুষ আসক্তি আৰু স্ত্ৰী আসক্তি
এণ্ড্ৰফিলিয়া আৰু গাইনেফিলিয়া হৈছে আচৰণ বিজ্ঞানত লিংগ বাইনেৰী সমকামিতা আৰু বিষমযৌন ধাৰণাকৰণৰ বিকল্প হিচাপে যৌন অভিমুখিতাক বৰ্ণনা কৰিবলৈ ব্যৱহৃত শব্দ। এণ্ড্ৰফিলিয়াই পুৰুষৰ প্ৰতি যৌন আকৰ্ষণ বা পুৰুষত্বৰ বৰ্ণনা কৰে; ইয়াক পুৰুষ আসক্তি বুলিও কোৱা হয়।
-
পেৰালিম্পিকত ভাৰত
ভাৰতে ১৯৬৮ চনৰ পোনপ্ৰথমবাৰৰ বাবে গ্ৰীষ্মকালীন পেৰালিম্পিকত অংশগ্ৰহণ কৰিছিল, আৰু তাৰ পাছত ১৯৭২ চনত পুনৰ অংশগ্ৰহণ কৰিছিল। পিছে তাৰ পাছত ১৯৮৪ চনলৈকে অংশগ্ৰহণ কৰা নাছিল। তেতিয়াৰ পাছৰে পৰা ভাৰতে প্ৰতিখন গ্ৰীষ্মকালীন পেৰালিম্পিকত অংশগ্ৰহণ কৰিছে। ভাৰতে কেতিয়াও শীতকালীন পেৰালিম্পিক গেমছত অংশগ্ৰহণ কৰা নাই।
-
প্ৰস্ৰাৱ
প্ৰস্ৰাৱ হৈছে মেৰুদণ্ডী প্ৰাণীৰ বৃক্কই তেজত হোৱা অতিৰিক্ত পানী আৰু ইউৰিয়া ইউৰিক এচিড, ক্ৰিয়েটিনিনকে ধৰি বিপাকীয় উপজাত পদাৰ্থ পৰিষ্কাৰ কৰিবলৈ নিৰ্গত কৰা তৰল পদাৰ্থ। স্তন্যপায়ী প্ৰাণীৰ প্ৰস্ৰাৱ বৃক্কৰপৰা মূত্ৰনলীৰ যোগেদি মূত্ৰাশয়ত প্ৰস্ৰাৱ বাহিৰ নোহোৱালৈকে জমা হয়।
-
পৰিসীমা
পৰিসীমা পৰিসীমা, ইংৰাজীৰ 'perimeter' মানে হৈছে দুই মাত্ৰা বা পৰিসৰৰ একোটা আকৃতিৰ চাৰিওফালৰ পথটোৰ মুঠ দৈঘ্য। বৃত্তৰ ক্ষেত্ৰত এই পৰিসীমাক পৰিধি বুলি কোৱা হয়। বাস্তৱ ক্ষেত্ৰত গণিতৰ এই পৰিসীমা নিৰ্ণয় ব্যৱস্থাটোৰ যথেষ্ট প্ৰয়োগ দেখা যায়।
-
বিদ্যুত চুম্বকত্ব
বিদ্যুৎচুম্বকত্ব হৈছে পদাৰ্থ বিজ্ঞানৰ এটা শাখা, য'ত বৈদ্যুতিকভাৱে আহিত কণাসমূহৰ মাজত হোৱা বিদ্যুতচুম্বকীয় বলৰ বিষয়ে অধ্যয়ন কৰা হয়। বিদ্যুচুম্বকীয় বলে বিদ্যুচুম্বকীয় ক্ষেত্ৰ যেনে বৈদ্যুতিক ক্ষেত্ৰ, চুম্বকীয় ক্ষেত্ৰ, পোহৰ আদি প্ৰদৰ্শন কৰে।
-
বীৰা
লোকবিশ্বাস অনুসৰি বীৰা (Poltergeist) হৈছে এক প্ৰকাৰৰ ভূত বা আত্মা। বীৰা এক শ্ৰেণীৰ খেতৰ জাতিৰ অপদেৱতা। বহু ডাঙৰ বেজেহে বীৰাক মন্ত্ৰ মাতি খেদিব পাৰে বুলি জনবিশ্বাস প্ৰচলিত।।
-
বুদ্ধিজীৱী
বুদ্ধিজীৱী হৈছে এনে এজন ব্যক্তি যি সমাজৰ বাস্তৱতাৰ বিষয়ে গভীৰ চিন্তা, গৱেষণা আৰু পৰ্যালোচনা কৰে আৰু তাৰ নীতিগত সমস্যাসমূহৰ সমাধান প্ৰস্তাৱ কৰে। এজন বুদ্ধিজীৱীয়ে সংস্কৃতিৰ জগতৰ পৰা আহি, সৃজনশীল স্ৰষ্টা বা মধ্যস্থতাকাৰী ৰূপে, কোনো নিৰ্দিষ্ট বিষয়ৰ সমৰ্থনত নাইবা অন্যায়-অবিচাৰৰ বিৰুদ্ধে প্ৰতিবাদ…
-
ব্যংগ
ব্যংগ (Satire) হৈছে দৃশ্য, সাহিত্য আৰু পৰিৱেশন কলাৰ এটা ধাৰা। সাধাৰণতে কল্পকাহিনীৰ ৰূপত আৰু কম সঘনাই অ-কল্পকাহিনীৰ ৰূপত, য'ত কু-অভ্যাস, মূৰ্খামি, গালি-গালাজ, সামাজিক অভাৱবোৰক উপহাস কৰা হয়।
-
বৰআই ছিটা
বৰআইৰ ছিটা বা টীকা সৰ্বপ্ৰথম আৱিষ্কৃত সফল ৰোগ প্ৰতিষেধক। ১৭৯৮ চনত এডৱাৰ্ড জেনাৰে ইয়াৰ প্ৰথম প্ৰয়োগ কৰিছিল। এডৱাৰ্ড জেনাৰে লক্ষ্য কৰিছিল যে গোৱালনীসকলৰ মাজত যাৰ আগতে 'গো-বসন্ত' (cow pox) ওলাই গৈছে, তেওঁলোক বৰআইৰ দ্বাৰা আক্ৰান্ত নহয়।
-
ভল্ট
ভল্ট(V) হৈছে বৈদ্যুতিক বিভৱ, বিভৱভেদ আৰু বিদ্য়ুৎবাহক বলৰ একক।
-
ভাতৃবৎ জন্মৰ ক্ৰম আৰু পুৰুষৰ যৌন অভিমুখিতা
ভাতৃবৎ জন্মৰ ক্ৰম (Fraternal birth order) আৰু পুৰুষৰ যৌন অভিমুখিতা হৈছে জৈৱিকভাৱে জন্মৰ ক্ৰম আৰু যৌন অভিমুখিতাৰ এক সম্পৰ্ক। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে একে মাতৃৰ সন্তানৰ ক্ষেত্ৰত যিমানেই পুৰুষ সন্তানৰ সংখ্যা অধিক হয় সিমানেই সৰুজন সহোদৰৰ যৌন অভিমুখিতা সমকামী হোৱাৰ সম্ভাৱনা বেছি।
-
ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানৰ তালিকা
মূল প্ৰবন্ধ: ভাৰত ৰত্ন ভাৰত ৰত্ন ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান। সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়।
-
মহাত্মা
মহাত্মা (;Mahātmā (/məˈhɑːtmə, -ˈhæt-/) শব্দৰ অৰ্থ হৈছে "মহান আত্মা" (महात्मा mahātmā: महा mahā (মহান) + आत्मं বা आत्मन ātman [আত্মা])। আধুনিক ইংৰাজী শব্দ ‘চেইণ্ট’ ব্যৱহাৰিক অৰ্থত মহাত্মাৰ সমাৰ্থক আৰু ইয়াক "সদগুৰু" বুলি অনুবাদ কৰিব পাৰি।
-
মহাত্মা গান্ধীৰ অনুশীলন আৰু বিশ্বাস
মহাত্মা গান্ধীৰ অনুশীলন আৰু বিশ্বাস, মহাত্মা গান্ধীৰ বক্তব্য, চিঠি আৰু জীৱন বিষয়ক বহু ৰাজনৈতিক আৰু বিদ্যায়তনিক বিশ্লেষণ হৈছে, য’ত গান্ধীক প্ৰভাৱিত কৰা বিষয়সমূহৰ লগতে তেওঁৰ নীতি, অনুশীলন আৰু বিশ্বাসৰ বিষয়ে আলোচিত হৈছে।
-
মহিলা আত্মৰক্ষা সমিতি
মহিলা আত্মৰক্ষা সমিতি (Mahila Atma Raksha Samiti, চমুকৈ MARS) আছিল ভাৰতৰ বংগত হোৱা নাৰীসমাজৰ এক আন্দোলন। এই গণসংগঠনটো ভাৰতৰ কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়াৰ লগত সংযুক্ত আছিল।
-
মাটি সাপ
মাটি সাপ (Brahminy blind snake, বৈজ্ঞানিক নাম: Ramphotyphlops braminus) এবিধ অবিষাক্ত সাপৰ প্ৰজাতি। এই সাপবিধ প্ৰধানকৈ আফ্ৰিকা আৰু এছিয়াত স্থানীয়ভাৱে দেখা পোৱা যায়। অৱশ্যে এই সাপবিধ বিশ্বৰ অন্যান্য বহুতো ঠাইত নতুনকৈ সংস্থাপিতও কৰা হৈছে। পূৰ্ণবয়স্ক মাটি সাপবোৰ ছুটি আৰু ক্ষীণ হয়।
-
মাধৱী
মাধৱী (Madhavi) তামিল মহাকাব্য শিলাপ্পটিকৰমৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ। তামিল সাহিত্যৰ পাঁচখন কাপ্পিয়ম অৰ্থাৎ মহাকাব্যৰ ভিতৰত শিলাপ্পটিকৰমৰ স্থান প্ৰথম। জন্মসূত্ৰে মাধৱী আছিল এগৰাকী ৰক্ষিতা তথা দক্ষ নৰ্তকী।
-
মেৰী ৱালকট
১৬৯২-৯৩ চনৰ আৰম্ভণিতে চেলেম ডাইনী বিচাৰত সাক্ষী হিচাপে মাতি অনা "দোষী" ছোৱালীবোৰৰ ভিতৰত অন্যতম আছিল মেৰী ৱালকট (৫ জুলাই, ১৬৭৫ – প্ৰায় ১৭৫২)।
-
লিজোহুবৰ ঘৰ
লিজোহুবৰ ঘৰ ( House of Lyzohub) চেৰ্নিহিভ ৰেজিমেণ্টৰ কৰ্ণেল ইয়াকিভ লিজোহুবৰ নামেৰে নামকৰণ কৰা হৈছে। ই চেৰ্নিহিভ চহৰৰ ডাইটিনেটছ উদ্যানত অৱস্থিত। এইটো ৰাষ্ট্ৰীয় গুৰুত্বৰ এটা স্থাপত্য স্মাৰক আৰু স্থানীয় ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ স্মাৰক।
-
লিটাৰ
লিটাৰ (ইংৰাজীত Litre বা Liter) হ'ল মেট্ৰিক পদ্ধতিত আয়তনৰ একক। এক লিটাৰ হ'ল ১০০০ ঘন চেণ্টিমিটাৰৰ সমান (দশমিক পদ্ধতিত সমগ্ৰ পৃথিৱীতে ওজন, দৈৰ্ঘ্য পৰিমাপ কৰা হয়, এয়াই মেট্ৰিক পদ্ধতি)।
-
লিভেনিং এজেণ্ট
ৰান্ধনীশালত, এটা লিভেনিং এজেণ্ট বা ৰেইজিং এজেণ্ট, যাক লিভেন বা লিভেনাৰ বুলিও কোৱা হয়, হৈছে লদা আৰু বেটাৰত ব্যৱহাৰ কৰা কেইবাটাও পদাৰ্থৰ যিকোনো এটা যিয়ে বুৰবুৰণি উৎপন্ন কৰা ক্ৰিয়া (গেছৰ বুদবুদ) সৃষ্টি কৰে যিয়ে মিশ্ৰণটোক লঘু আৰু কোমল কৰে।
-
লোককথা অধ্যয়ন
লোককথা অধ্যয়ন, লোককথা অধ্যয়ন বা লোককথা বিজ্ঞান (ইংৰাজী: Folklore studies আৰু সংযুক্ত ৰাজ্যত প্ৰায়ে tradition studies বা folk life studies বুলিও কোৱা হয়) হৈছে লোককথাৰ বিষয়ে অধ্যয়ন কৰা নৃতত্ত্বৰ এটা শাখা।
-
শালিগ্ৰাম
শালিগ্ৰাম বা শালেগ্ৰাম শিল (शालिग्राम शिला) হৈছে নেপালৰ গণ্ডকী নদীৰ উপনৈ কালি গণ্ডকী নদীৰ তল বা পাৰৰ পৰা সংগ্ৰহ কৰা এক বিশেষ জাতৰ শিল। হিন্দু সকলৰ কোনো কোনোৱে বিষ্ণুৰ অনৃতাত্ত্বিক প্ৰতিনিধিত্ব মূলক শিল হিচাপে এই শিলক পূজা কৰে।
-
শুভংকৰ
শুভংকৰ (mascot) হৈছে কোনো ব্যক্তি, জন্তু বা অন্যকোনো বস্তু, যিয়ে সৌভাগ্য কঢ়িয়াই অনা বুলি বিশ্বাস কৰা হয় বা যিকোনো দল যেনে শিক্ষানুষ্ঠান, পেছাদাৰী খেলুৱৈৰ দল, সমিতি, সেনা দল বা ব্ৰেণ্ড নাম আদিৰ ৰাজহুৱা পৰিচয় বহন কৰে। উপভোক্তা পণ্যৰ বাবে কাল্পনিক প্ৰতিনিধি মুখপাত্ৰ হিচাপে শুভংকৰৰ প্ৰয়োগ হয়।
-
শৈশৱকালীন লৈঙ্গিক অনিশ্চয়তা
শৈশৱকালীন লৈঙ্গিক অনিশ্চয়তা (CNG) হৈছে এক পৰিঘটনা য'ত বয়সন্ধিকালৰ পূৰ্বৰ শিশুৱে প্ৰত্যাশিত লিংগ-সম্পৰ্কীয় সমাজতাত্ত্বিক বা মানসিক আৰ্হি অনুসৰণ নকৰে। এই পৰিঘটনাৰ অন্তৰ্ভুক্ত শিশু সকলৰ মাজত সাধাৰণতে সামাজিক ভাৱে নিৰ্ধাৰিত লিংগৰ বিপৰীতে ক্ৰছ-ড্ৰেছ কৰাৰ প্ৰৱণতা, পৰম্পৰাগত ভাৱে লিংগৰ বাবে উপযুক্ত…
-
শ্বেত বিপ্লৱ
১৯৭০ চনৰ ১৩ জানুৱাৰীত আৰম্ভ হোৱা শ্বেত বিপ্লৱ (White revolution) বা অপাৰেচন ফ্লাড (Operation flood) আছিল বিশ্বৰ সৰ্ববৃহৎ দুগ্ধ উন্নয়ন কাৰ্যসূচী আৰু ভাৰতৰ ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ (এনডিডিবি) এক প্ৰভাৱশালী প্ৰকল্প।
-
শ্বেমান
শ্বেমান বা শ্বেমানীজম এনে এক আধ্যাত্মিক অনুশীলন, য’ত এজন অনুশীলনকাৰী (শ্বেমান) আধ্যাত্মিক জগতৰ সৈতে পৰিৱৰ্তিত চেতনাৰ অৱস্থা যেনে সমাধিৰ দ্বাৰা যোগাযোগ কৰে। ইয়াৰ লক্ষ্য সাধাৰণতে আত্মা বা আধ্যাত্মিক শক্তিক ভৌতিক জগতলৈ নিৰাময় কৰা, ভৱিষ্যদ্বাণী কৰা বা মানুহক আন কোনো ধৰণে সহায় কৰা।
-
শ্ৰী ৰামচন্দ্ৰ কৃপালু
শ্ৰী ৰামচন্দ্ৰ কৃপালু বা "শ্ৰীৰাম স্তুতি" হʼল গোস্বামী তুলসীদাসৰ দ্বাৰা ৰচিত বিনয় পত্ৰিকাৰ অন্তৰ্গত এটি স্তুতি। এই স্তুতিগীতটি ষোড়শ শতিকাত সংস্কৃত আৰু অৱধী ভাষাৰ মিশ্ৰণত ৰচিত হৈছিল। উক্ত প্ৰাৰ্থনাটিত শ্ৰী ৰাম আৰু তেওঁৰ গুণাৱলী সৰ্বোত্তমভাৱে মহিমান্বিত হৈছে। মূল সংস্কৰণ:
-
সংকৃতি
সংকৃতি ঋষি বৈদিক সমাজৰ ১০টা বংশৰ ভিতৰত অন্যতম সংকৃতি গোত্ৰৰ প্ৰতিষ্ঠাপক ঋষি। সংকৃতিৰ বংশ "অংগিৰস, সংকৃত্য, আৰু গৌৰীৱিতা" বা "শক্তি, সংকৃত্য, আৰু গৌৰীৱিতা" বুলি দিয়া হৈছে। অৰ্থাৎ অংগিৰস/শক্তিৰ বংশ, সংকৃতি, আৰু গৌৰীৱিতী। সংকৃতিক ভূমন্যুৰ নাতি আৰু নৰৰ পুত্ৰ বুলি কোৱা হয়।