অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

থাংকা

থাংকা (Thangka) হৈছে কপাহী, ৰেচমী কাপোৰৰ ওপৰত কৰা তিব্বতী বৌদ্ধ চিত্ৰ। এই চিত্ৰৰ অংশ হিচাপে সাধাৰণতে বৌদ্ধ দেৱতা, দৃশ্য বা মণ্ডল চিত্ৰিত কৰা হয়। থাংকাক পৰম্পৰাগতভাৱে ফ্ৰেম নোহোৱাকৈ ৰখা হয় আৰু অ-প্ৰদৰ্শিত অৱস্থাত গুটিয়াই ৰখা হয়। চীনা স্ক্ৰল পেইণ্টিঙৰ শৈলীৰে এই পেইণ্টিঙৰ এটা ৰেচমৰ কভাৰ থাকে।

হালনাগাদ: ১০ নৱেম্বৰ ২০২৩ ১৬৪ শব্দ · ১ মিনিট সংগৃহীত ৫৬
সংশোধনৰ পৰামৰ্শ

থাংকা (Thangka) হৈছে কপাহী, ৰেচমী কাপোৰৰ ওপৰত কৰা তিব্বতী বৌদ্ধ চিত্ৰ। এই চিত্ৰৰ অংশ হিচাপে সাধাৰণতে বৌদ্ধ দেৱতা, দৃশ্য বা মণ্ডল চিত্ৰিত কৰা হয়। থাংকাক পৰম্পৰাগতভাৱে ফ্ৰেম নোহোৱাকৈ ৰখা হয় আৰু অ-প্ৰদৰ্শিত অৱস্থাত গুটিয়াই ৰখা হয়। চীনা স্ক্ৰল পেইণ্টিঙৰ শৈলীৰে এই পেইণ্টিঙৰ এটা ৰেচমৰ কভাৰ থাকে। এনেদৰে সুৰক্ষিত অৱস্থাত ৰাখিলে থাংকাবোৰ বহুদিনলৈকে সুৰক্ষিত অৱস্থাত থাকে। এই পেইণ্টিংসমূহ শুকান ঠাইত ৰাখিব লাগে য’ত আৰ্দ্ৰতাই ৰেচমৰ গুণাগুণত কোনো প্ৰভাৱ পেলাব নোৱাৰে। বেছিভাগ থাংকা তুলনামূলকভাৱে সৰু হ'লেও কিছুমান আকাৰত অতি ডাঙৰ। এইবোৰ ধৰ্মীয় উৎসৱৰ অংশ হিচাপে মঠৰ দেৱালত ওলোমাই ৰখা হয়। এই চিত্ৰত এজন কেন্দ্ৰীয় দেৱতা থাকে আৰু প্ৰতিসম ৰচনাত অন্যান্য চিনাক্তকৃত আকৃতি কিছুমানে এই মুখ্যদেৱতাক আগুৰি থকা দেখুওৱা হয়। আখ্যানমূলক দৃশ্য কম হ'লেও একেবাৰে নাই বুলিও ক'ব নোৱৰি।

থাংকা সমূহে বুদ্ধ, বিভিন্ন প্ৰভাৱশালী লামা আৰু অন্যান্য দেৱতা আৰু বোধিসত্ত্বৰ জীৱন চিত্ৰিত কৰা গুৰুত্বপূৰ্ণ শিক্ষাদানৰ আহিলা হিচাপে কাম কৰে। এনে এক বিষয় হৈছে জীৱনৰ চক্ৰ (ভৱচক্ৰ), যিটো অভিধৰ্ম শিক্ষাৰ দৃশ্যগত উপস্থাপন (আলোকজ্জ্বল কলা)। বৰ্তমান সময়ত এনে থাংকাৰ ছপা পোষ্টাৰ ভক্তিমূলক কামৰ লগতে সজ্জাগত দিশতো ব্যৱহাৰ কৰা হয়।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থাংকা” প্ৰবন্ধৰ সংশোধন ৩৯১০৫১ (১০ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।