নজৰ বট্টু (Nazar battu) উত্তৰ ভাৰত আৰু পাকিস্তানত অশুভ দৃষ্টি (হিন্দুস্তানী ভাষাত নজৰ) প্ৰতিহত কৰিবলৈ ব্যৱহৃত চিহ্ন, আকৃতি, টেটু বা অন্যান্য বস্তু বা আৰ্হি।১ পাৰ্চী আৰু আফগান লোকগাথাত ইয়াক 'চেছম নজৰ' বা 'নজৰ কুৰবাণী' বুলি কোৱা হয়।২ ভাৰত আৰু পাকিস্তানত পাৰ্চী মূলৰ 'চশম-ই-বদদুৰ' হিন্দী-উৰ্দু শ্লোগান অশুভ চকুৰ পৰা আঁতৰি থাকিবলৈ ব্যৱহাৰ কৰা হয়। নজৰ বট্টু একপ্ৰকাৰৰ অন্ধ বিশ্বাস। নজৰ বট্টু ব্যৱহাৰ কৰিলে লোকৰ অশুভ দৃষ্টিৰ পৰা হাত সাৰিব পাৰি বুলি বিশ্বাস কৰা হয়। সেয়ে সৰু ল'ৰা-ছোৱালী, ঘৰ-অট্টালিকা, ব্যৱসায়-প্ৰতিষ্ঠান, যান-বাহন আদিত প্ৰায়ে নজৰ বট্টু ব্যৱহাৰ কৰা দেখা যায়।
=প্ৰকাৰ
নজৰ বট্টু প্ৰায়ে এটা ইচ্ছাকৃত কলঙ্ক বা ত্ৰুটি যাক নিখুঁততা প্ৰতিৰোধ কৰিবলৈ প্ৰৱৰ্তন কৰা হয়। উদাহৰণ স্বৰূপে, প্ৰিয়জনৰ মুখ বা ডিঙিত এটা ক'লা চিহ্ন (হিন্দী-উৰ্দুত কালা টিকা, পোষ্টোত টৰ খাল) বা কাজলৰ ফোঁট দিয়া অশুভ দৃষ্টি প্ৰতিহত কৰা হয়।৩ ঘৰ আৰু অট্টালিকা সমূহৰ নিখুঁত ৰূপত এক ইচ্ছাকৃত ত্ৰুটি অন্তৰ্ভুক্ত কৰা হ'ব পাৰে। ব্যয়বহুল সামগ্ৰী যেনে দলিছা বা শাৰীত কেতিয়াবা ইচ্ছাকৃতভাৱে ৰং বা চিলাইৰে ত্ৰুটি সৃষ্টি কৰা হয়।৪ কিছুমানে তাবিজ হিচাপে যেনে তুৰ্কীসকলে 'নজৰ বনচুগু' সদৃশ আৰু আন কেতবোৰ সূতা আৰু কেতিয়াবা প্ৰাৰ্থনাৰ শ্লোক বা বনৌষধি সম্বলিত তাবিজৰ ব্যৱহাৰ সচৰাচৰ দেখা যায়। সংস্কৃতিভেদে বিশেষ অঞ্চলত বিশেষ ধৰণৰ নজৰ বট্টু দেখা যায়। উদাহৰণ স্বৰূপে ৰূপ খটুৱা নাহৰফুটুকী বাঘৰ নখ হিমাচল প্ৰদেশ ৰাজ্যৰ চম্বা জিলাত ব্যৱহাৰ কৰা হয়।৫
বহুতে দোকান, প্ৰতিষ্ঠান নতুন গাড়ী আদিত নেমু আৰু জলকীয়া গাঁঠি দিয়ে। সেইদৰে দুৱাৰমুখত বিভিন্ন আকৃতি ইচ্ছাকৃতভাৱে কুদৃষ্টি প্ৰতিহত কৰিবলৈ ব্যৱহাৰ কৰা হয়। ৰাক্ষসআৰ আকৃতি আৰু জোতা ওলোমাই নজৰ বট্টু হিচাপেও ব্যৱহাৰ কৰা দেখা যায়।
যদিও নিৰ্দিষ্ট নজৰ বট্টুত অন্তৰ্ভুক্ত নহয় কিছুমান অঞ্চলৰ মাতৃসকলে তেওঁলোকৰ সন্তানৰ ওপৰত পাতলকৈ থু পেলোৱা নিয়ম প্ৰচলিত। সাধাৰণতে তেওঁলোকে শিশুৰ ফালে থু পোনপটীয়াকৈ নেপেলাই প্ৰতীকী অৰ্থত পেলায়। লোকবিশ্বাস অনুসৰি শিশুক অশুভ দৃষ্টিৰ পৰা সুৰক্ষিত কৰিবলৈ অৱমাননা আৰু অসিদ্ধতাৰ অনুভূতি বুজাবলৈ থুৱাই দিয়া নিয়ম।৬ শিশুসকলকো গালত এটা ক'লা চিহ্ন বা কাজলৰ ফোঁট দিয়া হয়।৭ অত্যধিক প্ৰশংসা আনকি শুভবুদ্ধিসম্পন্ন লোকৰ পৰাও কুদৃষ্টি আকৰ্ষিত হয় বুলি বিশ্বাস কৰা হয়। সেয়েহে ই শিশুসকলক অশুভ দৃষ্টিৰ পৰা সুৰক্ষিত কৰে বুলি বিশ্বাস কৰা হয় যি তেওঁলোকৰ নিজৰ মাতৃৰ "অত্যধিক" প্ৰেমৰ ফলত হ'ব পাৰে।৬
জনপ্ৰিয় সংস্কৃতিত
উত্তৰ ভাৰত আৰু পাকিস্তানত নজৰ বট্টু শব্দটো অবাঞ্ছিত কিন্তু সহ্য কৰিব লগা মানুহ বা বস্তুৰ প্ৰতি ইঙ্গিত কৰিবলৈ মুৰ্খতাপূৰ্ণ অৰ্থত ব্যৱহাৰ কৰা দেখা যায়। উদাহৰণ স্বৰূপে প্ৰাক্তন সামৰিক শাসক পাৰভেজ মুছাৰফে ২০০৮ চনৰ সাধাৰণ নিৰ্বাচনৰ সৈতে পাকিস্তানে গণতন্ত্ৰলৈ পৰিৱৰ্তন কৰাৰ বাবে প্ৰতিষ্ঠানগতভাৱে স্থান দিয়াৰ ওপৰত জোৰ দিবলৈ চেষ্টা কৰোঁতে কিছুমান প্ৰেছ ভাষ্যকাৰে তেওঁক পাকিস্তানৰ গণতন্ত্ৰৰ নজৰ বট্টু বুলি উল্লেখ কৰিছিল।৮
তথ্যসূত্ৰ
- ↑ Stanley A. Wolpert. Encyclopedia of India, Volume 1. Charles Scribner & Sons, 2005. ISBN 9780684313498
- ↑ M. Moin: A Persian Dictionary, 3rd edition, p. 4752 (in Persian)
- ↑ Shibani Roy. The Dawoodi Bohras: an anthropological perspective. B.R. Publishing, 1984
- ↑ Rita Kapur Chishti; Martand Singh; Priya Ravish Mehra. Saris of India, Volume 2. Wiley Eastern, 1995. ISBN 9788122408300
- ↑ Omchand Handa. Textiles, costumes, and ornaments of the western Himalaya. Indus Publishing, 1998. ISBN 9788173870767
- ↑ John Abbott. Indian ritual and belief: the keys of power. Usha, 1984
- ↑ George Vensus A. (2008). Paths to The Divine: Ancient and Indian (Volume 12 of Indian philosophical studies). Council for Research in Values and Philosophy, USA. . pp. 399
- ↑ (Feb 26, 2008). ’آزادی جمہور کا آتا ہے زمانہ‘ / 'The era of freedom and democracy draws close'. BBC
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নজৰ বট্টু” প্ৰবন্ধৰ সংশোধন ৩১৫৮৪৮ (৫ মাৰ্চ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।