মূল প্ৰবন্ধ: অখণ্ড সংখ্যা'ধনাত্মক অখণ্ড সংখ্যা(positive integer): অখণ্ড সংখ্যাৰ তালিকাৰ এটা ভাগ হৈছে ধনাত্মক অখণ্ড সংখ্যা। এই সংখ্যাবোৰ একো একোটা বাস্তৱ সংখ্যা। গণিতৰ জগত খনত ধনাত্মক অখণ্ড সংখ্যা বোৰক গাণনিক সংখ্যা বা স্বাভাৱিক সংখ্যা বুলিও কোৱা হয়। যাৰ মান শূন্যতকৈ বেছি। ধনাত্মক সংখ্যা বোৰে যিকোনো মানৰ যোগাত্মক মানক প্ৰতিনিধিত্ব কৰে। উদাহৰণ স্বৰূপে সাগৰ পৃষ্ঠৰ ওপৰত বুজাবলৈ ধনাত্মক আৰু তলত বুজাবলৈ ঋণাত্মক সংখ্যা ব্যৱহাৰ কৰা হয়। ঠিক তেনেদৰে, জমা ধনৰাশিক বুজাবলৈ ধনাত্মক আৰু উলিওৱা ধন বা খৰচ কৰা ধন ৰাশিক বুজাবলৈ ঋণাত্মক সংখ্যা ব্যৱহাৰ কৰা হয়। একেদৰে লাভ-লোকচান, দীঘল-চুটি আদি বিশেষণ সমূহ ধনাত্মক-ঋণাত্মক সংখ্যাৰ দ্বাৰা বুজোৱা হয়। সংখ্যা ৰেখাত এই ধনাত্মক অখণ্ড সংখ্যা বোৰে শূন্যৰ সোঁ ফালে অৱস্থান কৰে। এই সংখ্যা বোৰ লিখোঁতে সংখ্যাবোৰৰ আগত স্বাভাৱিকতে যোগ চিন(+) ব্যৱহাৰ কৰা নহয়। উদাহৰণ স্বৰূপে (+৩) বুলি নিলিখি কেৱল ৩ বুলি লিখিলেই ই ধনাত্মক অখণ্ড সংখ্যা বুজাব। ০(শূন্য)টো প্ৰকৃততে কোনো ধনাত্মক বা ঋণাত্মক সংখ্যা নহয়।১ এই সংখ্যা সমূহক প্ৰতীকী ৰূপত দেখুৱাবলৈ z+ চিহ্ন ব্যৱহাৰ কৰা হয়।২ধনাত্মক অখণ্ড সংখ্যা এটাৰ বিপৰীত মান সদায় সংখ্যাটোৰ ঋণাত্মক অখণ্ড মান। অৰ্থাৎ -(+৪)=-৪'।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধনাত্মক অখণ্ড সংখ্যা” প্ৰবন্ধৰ সংশোধন ২৩৫৮৬৪ (৫ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।