অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ছামুৰাই

ছামুৰাই (Samurai) সকল প্ৰাচীন জাপানৰ এটা যোদ্ধা জাতি। জাপানী ভাষাত ছামুৰাই শব্দৰ অৰ্থ হ'ল "যি কতৰ্ব্য পালন কৰে"। ইতিহাসবিদসকলৰ মতে ছামুৰাই হ'ল মূলত: 'বুচি' বা 'বুচিয়ান' নামৰ যুদ্ধপ্ৰিয় এটা দল। তেওঁলোক অৱশ্যে সকলো সময়তে যুদ্ধক লৈ ব্যস্ত নাথাকে। আন সময়ত খেতি-বাতিও কৰে।

হালনাগাদ: ৬ নৱেম্বৰ ২০২৫ ২৯৮ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ছামুৰাই (Samurai) সকল প্ৰাচীন জাপানৰ এটা যোদ্ধা জাতি। জাপানী ভাষা ভাষাত ছামুৰাই শব্দৰ অৰ্থ হ'ল "যি কতৰ্ব্য পালন কৰে"। ইতিহাসবিদসকলৰ মতে ছামুৰাই হ'ল মূলত: 'বুচি' বা 'বুচিয়ান' নামৰ যুদ্ধপ্ৰিয় এটা দল। তেওঁলোক অৱশ্যে সকলো সময়তে যুদ্ধক লৈ ব্যস্ত নাথাকে। আন সময়ত খেতি-বাতিও কৰে।<ref name="গ্ৰন্থ ১"১

বিশেষত্ব

এজন ছামুৰাই পুত্ৰ,জন্মসূত্ৰেই ছামুৰাই হ'ব নোৱাৰে। প্ৰকৃত ছামুৰাইৰ কিছুমান বিশেষত্ব থাকে। সেই বিশেষ গুণ আৰু ক্ষমতা অৰ্জন কৰিব পাৰিলেহে তেওঁক ছামুৰাই বুলি কোৱা হয়। ছামুৰাইসকলে তৰোৱাল চালনা,জুডো আৰু ধনুবিৰ্দ্যাক সমৰকলাৰ অন্তৰ্ভুক্ত কৰি লৈছিল। তেওঁলোক কিন্তু হিংসুক নাছিল। কাৰণ তেওঁলোকৰ বাণী আছিল - "এশবাৰ যুদ্ধ কৰা বা জয় কৰা ডাঙৰ কথা নহয়,বিনাযুদ্ধে শত্ৰুক বশ কৰাহে প্ৰকৃত লক্ষ্য হোৱা উচিত"। এজন প্ৰকৃত ছামুৰাই সমৰকলাত পাৰ্গত হোৱাৰ উপৰিও প্ৰত্যুৎপন্নমতি গুণসম্পন্ন আৰু গভীৰ চিন্তা কৰিব পৰাও হ'ব লাগে। প্ৰাচীন কিছুসংখ্যক জাপানী ভাষা গ্ৰন্থত ছামুৰাইসকলৰ যুদ্ধকৌশলৰ উল্লেখ আছে। তেনে এখন গ্ৰন্থ হ'ল - "বুকে চো হাত্তো"। ছামুৰাইসকলে বিশ্বাস কৰে যে সাহসেই জীৱন।

ইতিহাস

Iron helmet and armor with gilt bronze decoration, Kofun era, 5th century. Tokyo National Museum.
Iron helmet and armor with gilt bronze decoration, Kofun era, 5th century. Tokyo National Museum.ছবি: Personal photograph by en:User:PHG. · Public domain

ইতিহাসত,৯৩০ খ্ৰিষ্টাব্দৰ শেষৰ ফালে জাপানত সৰ্বপ্ৰথম এটি বিশেষ যোদ্ধা জাতিৰ উল্লেখ পোৱা যায়। অৱশ্যে তাৰো আগেয়ে চতুৰ্থ আৰু সপ্তম শতাব্দীৰ জাপানৰ কিছু কিছু অঞ্চলত তেওঁলোকৰ সন্ধান পোৱা গৈছিল। ৯৩০ খ্ৰিষ্টাব্দমানত এটা ক্ষমতাশালী যোদ্ধা জাতি হিচাপে ছামুৰাইসকলে নিজৰ অস্তিত্ব ঘোষণা কৰে।

সমৰকলাৰ প্ৰকাৰ

শ্ৰেষ্ঠ ছামুৰাই যোদ্ধাসকলে অনেক চিন্তা আৰু পৰিশ্ৰমৰ যোগেদি জাপানৰ সমৰকলাক উন্নত আৰু পৰিশীলিত কৰিছিল। তেওঁলোকে সমৰকলাক তিনিটা শ্ৰেণীত ভাগ কৰিছিল -

  1. হত্যাৰ মাধ্যমত আক্ৰমণ-প্ৰতিৰোধ
  2. আঘাতৰ মাধ্যমত আক্ৰমণ-প্ৰতিৰোধ
  3. হত্যা বা আঘাত অবিহনেই আক্ৰমণ-প্ৰতিৰোধ

প্ৰচাৰ

আগ্নেয়াস্ত্ৰৰ ব্যৱহাৰ বাঢ়ি অহাৰ পাছত ছামুৰাইসকলৰ সামৰিক কলা-কৌশল অপ্ৰাসংগিক হৈ পৰিল। ছামুৰাইসকলক প্ৰথমে বিশ্ববিখ্যাত কৰি তোলে জাপানৰ চিত্ৰ পৰিচালক আকিৰা কুৰোছাৱাৰ "ছেভেন ছামুৰাই" নামৰ ছবিখনে। তাৰ পাছতো কুৰোছাৱাই "কাগেমুছা" নামৰ এখন ছবিত ছামুৰাইক প্ৰতিষ্ঠা কৰিছিল। ছামুৰাই সম্পৰ্কীয় আন এখন ছবি হ'ল "ৰেড ছান"।

লগতে পঢ়ক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (২০১৩). জ্ঞানাঞ্জন. প্ৰান্তিক. পৃ. পৃষ্ঠা ৬৪

সম্পৰ্কিত শ্ৰেণী

জাপান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছামুৰাই” প্ৰবন্ধৰ সংশোধন ৫৪৮০৮৪ (৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।