অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

চিচুৱাংবান্না দাই স্বায়ত্ব প্ৰান্ত

চিচুৱাংবান্না, বা চমুকৈ বান্না হৈছে টাই জনগোষ্ঠীৰ বাবে এটা স্বায়ত্তশাসিত প্ৰান্ত যি চীনৰ দক্ষিণত, মানদেশ আৰু লাওছৰ সীমান্তত য়ুন্নান প্ৰদেশ অৱস্থিত। এই অঞ্চলৰ মুখ্য চহৰ হৈছে জিংহং, যি এই অঞ্চলৰ আটাইতকৈ ডাঙৰ বসতি আৰু যি মেকং নদীৰ কাষত অৱস্থিত, যাক চীনা ভাষাত "লানচাং নদী" বুলি কোৱা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫০৪ শব্দ · ৩ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

চিচুৱাংবান্না, বা চমুকৈ বান্না হৈছে টাই জাতিৰ বাবে এটা স্বায়ত্তশাসিত প্ৰান্ত যি চীনৰ দক্ষিণত, ম্যানমাৰ আৰু লাউচৰ সীমান্তত য়ুন্নান অৱস্থিত। এই অঞ্চলৰ মুখ্য চহৰ হৈছে জিংহং, যি এই অঞ্চলৰ আটাইতকৈ ডাঙৰ বসতি আৰু যি মেকং নৈ নদীৰ কাষত অৱস্থিত, যাক চীনা ভাষাত "লানচাং নদী" বুলি কোৱা হয়।১

এই চীনৰ অঞ্চলটো ইয়াৰ জাতিগত গোটৰ বিশেষ সংস্কৃতিৰ বাবে জনাজাত, যি হান চাইনিজৰ পৰা পৃথক। এই ঠাইৰ সংস্কৃতি টাই জাতিৰ দৰে।

উৎপত্তি

চিপ-চং-পান-না (টাই লু: Talu; สิบสองพันนา; ສິບສອງພັນນາ; သိပ်းသွင်ပၼ်းၼႃး) হৈছে এটা টাই লু যুৰীয়া শব্দ য'ত চিপ-চং (Talu, 'বাৰ'), পান 'চহৰ' আৰু না (Talu, 'ধানৰ পথাৰ') মিলি হৈছে। এই নামটোৱে মু'ঙৰ পৰম্পৰাগত বিভাজনক উল্লেখ কৰে যাক পান-না (ধানৰ খেতিৰ চহৰ) বুলি কোৱা হৈছিল।২৩ এই শব্দটোক ফ্ৰেঞ্চ ইন্দোচিনাৰ ১৮৯০ৰ পৰা ১৯৪৫লৈ স্বায়ত্তশাসিত টাই-ভাষী অঞ্চল চিপ চং চাউ টাইৰ সৈতে সমান্তৰাল, যাৰ অৰ্থ ' বাৰটা টাই টোপ'। চিচুৱাংবান্নাক টাই-আহোম বুৰঞ্জীত 'মু'ঙ ৰি মু'ঙ ৰাম বুলি উল্লেখ কৰা হৈছিল।৪

ভূগোল

এই অঞ্চলটোৰ মাটিৰ মাপ ১৯,৭০০ বৰ্গ কি.মি.। চিচুৱাংবান্না হৈছে দাই লোকৰ মূল বসতি। এই অঞ্চলটো ইউন্নানৰ প্ৰায় ভাগ অঞ্চলৰ তুলনাত কম উচ্চতাত অৱস্থিত, আৰু ইয়াত আর্দ্ৰ উপ-উষ্ণমণ্ডলীয় জলবায়ু (কোপেন জলবায়ু শ্ৰেণীবিভাজন Cfa) আছে যি উষ্ণমণ্ডলীয় চাভানা জলবায়ু (কোপেন জলবায়ু শ্ৰেণীবিভাজন Aw)ৰ ওচৰ চাপি থাকে।

জৈৱ-বৈচিত্ৰ্য

চিচুৱাংবান্না ইউন্নানৰ অধিকাংশ জৈৱ-বৈচিত্ৰ্যৰ আশ্ৰয়স্থল। ইয়াৰ উষ্ণমণ্ডলীয় জলবায়ু আৰু সাম্প্ৰতিক সময়লৈকে ইয়াৰ দূৰত্বই ইয়াৰ বাবে দায়ী। উদ্ভিদৰ প্ৰাচুৰ্যৰ উপৰিও, চিচুৱাংবান্না হৈছে চীনত থকা শেষ কেইটামান এছিয়ান হাতীৰ মূল বসতি স্থল; এই প্ৰজাতিটো কেইশ বছৰ আগলৈকে চিচুৱাংবান্নাৰ এটা ডাঙৰ অংশত ঘূৰি ফুৰিছিল। হাতীবোৰক এটা সংৰক্ষণত সুৰক্ষিত কৰা হৈছে, কিন্তু উদ্ভিদৰ বৈচিত্ৰ্যক পাঁচ দশক ধৰি বৃষ্টিপাত সম্পূৰ্ণৰূপে ধ্বংস কৰি আৰু ব্ৰাজিলৰ পৰা মূলতঃ অহা প্ৰাকৃতিক ৰবৰ ৰোপন আৰু বিস্তাৰৰ ফলত প্ৰতিদ্বন্দ্বীতাৰ সৃষ্টি হৈছে।৫ Passiflora xishuangbannaensis হৈছে চিচুৱাংবান্নাত এণ্ডেমিক ভাৱে থকা নতুনকৈ আৱিষ্কৃত পাছিফ্ল'ৰাৰ এটা প্ৰজাতি।

পৰিবহন

১৯৯০ চনত চিচুৱাংবান্না গাছা আন্তৰ্জাতিক বিমানবন্দৰ (পূৰ্বৰ জিংহং আন্তৰ্জাতিক বিমানবন্দৰ) খোলাৰ পিছৰ পৰাই, বিমানযোগে চিচুৱাংবান্নালৈ যাত্ৰা কৰা অধিক জনপ্ৰিয় আৰু সুবিধাজনক হৈ পৰিছে আৰু দৈনিক বিমানসমূহে কুনমিং চহৰৰ সৈতে চিচুৱাংবান্নাক সংযোগ কৰে। এই অঞ্চলৰ সৈতে দালি, চেংডু আৰু বেংককৰ বিমান সংযোগো আছে। চিচুৱাংবান্না বিমানবন্দৰ জিংহং চহৰৰ পৰা ৬ কি.মি. দক্ষিণত অৱস্থিত।

যুন্নান আৰু পৰিপাৰ্শ্বিক প্ৰদেশসমূহৰ সকলো স্থানলৈ ইয়াৰ যাতায়তৰ সুবিধা আছে। দীঘলীয়া দূৰত্বৰ যাত্ৰাত কুনমিং দক্ষিণ ষ্টেচনৰ পৰা যাত্ৰা কৰে আৰু জিংহং বাস ষ্টেচনত উপস্থিত হয়, যাৰ খৰচ CNY ২১০–২৫০, যি প্ৰায় ৮–১০ ঘণ্টাৰ সময় লাগে।৬ ২০১০ চনৰ অক্টোবৰ মাহত, চিচুৱাংবান্নাক ভিয়েনটিয়েন, লাউচৰ সৈতে সংযোগ কৰা ৫৩০ কি.মি. ৰেলপথৰ পৰিকল্পনা ঘোষণা কৰা হৈছিল;৭ এতিয়া এই ৰেলপথ বোটেন-ভিয়েনটিয়েন ৰেলপথ হৈ কাৰ্যকৰী হৈছে।৮ থাইলেণ্ডৰ ৰাষ্ট্ৰীয় ৰেলপথৰ সৈতে সংযোগো সম্ভৱ হয়।৯

উৎস

  • Davis, Sara. (2006). Centering The Margin: Agency And Narrative In Southeast Asian Borderlands. Berghahn Books. পৃ. 87–110
  • Giersch, Charles Patterson. (2006). Asian Borderlands: The Transformation of Qing China's Yunnan Frontier. Harvard University Press
  • Forbes, Andrew; Henley, David. (2011). China's Ancient Tea Horse Road. Cognoscenti Books
  • Hsieh, Shih-Chung. (July 1989). Ethnic-political adaptation and ethnic change of the Sipsong Panna Dai: an ethnohistorical analysis. The University of Washington
  • Hansen, Mette Halskov. (1999). China's National Minority Education: Culture, Schooling, and Development. Routledge. পৃ. 243–279
  • Hansen, Mette Halskov. (2004). Governing China's Multiethnic Frontiers. University of Washington Press. পৃ. 53–83
  • Sethakul, Ratanaporn. (2000). Civility and Savagery: Social Identity in Tai States. Curzon Press
  • 云南省编辑委员会 [Yunnan Editors Committee]. (2009). zh:哈尼族社会历史调查. 民族出版社. ISBN 9787105087754

তথ্যসূত্ৰ

  1. ↑ Hyde, Sandra Teresa. (2007). China's transformations: the stories beyond the headlines. Rowman & Littlefield. পৃ. 216–239. ISBN 9780742538634
  2. ↑ Davis 2006, পৃ. 106
  3. ↑ Hansen 1999, পৃ. 90
  4. ↑ Gogoi, Shrutashwinee. (2011). Tai ahom religion a philosophical study. পৃ. 5
  5. ↑ (2008-08-21). Corruption 'threatens China rainforest'. BBC News
  6. ↑ Xishuangbanna Transport. ChinaTour.Net
  7. ↑ (2010-10-22). New China-Laos link. Railways Africa
  8. ↑ Laos-China Railway Launches Crossborder Passenger Service. thediplomat.com
  9. ↑ (2010-12-19). Standard gauge for Thailand. Railways Africa

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিচুৱাংবান্না দাই স্বায়ত্ব প্ৰান্ত” প্ৰবন্ধৰ সংশোধন ৬৩২২০৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।