অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

মঙ্গল গ্ৰহ

সৌৰজগতৰ চতুৰ্থ গ্ৰহ হৈছে মঙ্গল গ্ৰহ। পৃথিৱীৰ পৰা এই গ্ৰহটো ৰঙা বৰণৰ দৰে দেখি। মঙ্গলগ্ৰহ সৌৰজগতৰ শেষ পাৰ্থিৱ গ্ৰহ। অৰ্থাৎ এই গ্ৰহটোৰো ভূ-ত্বক পৃথিৱী ভূ-ত্বকৰ সৈতে বহুখিনি সাদৃশ্য আছে।

হালনাগাদ: ৩ জুলাই ২০২৬ ১,১৮২ শব্দ · ৭ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

সৌৰজগতৰ চতুৰ্থ গ্ৰহ হৈছে মঙ্গল গ্ৰহ। পৃথিৱীৰ পৰা এই গ্ৰহটো ৰঙা বৰণৰ দৰে দেখি। মঙ্গলগ্ৰহ সৌৰজগতৰ শেষ পাৰ্থিৱ গ্ৰহ। অৰ্থাৎ এই গ্ৰহটোৰো ভূ-ত্বক পৃথিৱী ভূ-ত্বকৰ সৈতে বহুখিনি সাদৃশ্য আছে। ইয়াত অতি ক্ষীণ বায়ুমণ্ডল আছে, আৰু ইয়াৰ ভূ-পৃষ্ঠত চন্দ্ৰৰ দৰে অসংখ্য খাদ, আৰু পৃথিৱীৰ দৰে আগ্নেয়গিৰি, মৰুভূমি আৰু মেৰুদেশীয় বৰফো আছে। সৌৰ জগতৰ সৰ্ববৃহৎ পাহাৰ এই গ্ৰহটোতেই অৱস্থিত। ইয়াৰ নাম অলিম্পাছ মনছ। সৰ্ববৃহৎ গভীৰ গিৰিখাতটোও এই গ্ৰহতে আছে আৰু ইয়াৰ নাম ভ্যালিছ মেৰিনাৰিছ। মঙ্গল গ্ৰহৰ ঘূৰ্ণন কাল আৰু ঋতু পৰিবৰ্তনো বহুকাংশে পৃথিৱীৰ দৰেই।

১৯৬৫ চনত মেৰিনাৰ ৪ মহাকাশযানখনে প্ৰথমবাৰৰ বাবে মঙ্গল গ্ৰহত অভিযান চলাইছিল। এই অভিযানৰ পিছৰ পৰা মঙ্গল গ্ৰহত তৰল পানীৰ অস্তিত্ব আছে বুলি অনেকেই ধাৰণা কৰিছিল। মঙ্গলৰ পৰা পোৱা পোহৰ আৰু আন্ধাৰৰ তৰঙ্গৰ মাজত পৰ্যাবৃত্ত পৰিবৰ্তন পৰ্যবেক্ষণ কৰি এই ধাৰণা কৰা হৈছিল। বিশেষভাবে মঙ্গলৰ মেৰু অঞ্চলৰ পৰা এই ধৰণৰ পৰিবৰ্তন চকুত পৰে, যি মহাসাগৰ বা জলাশয়ৰ প্ৰমাণ হিচাপে অনেকেই গ্ৰহণ কৰিছিল।

ভৌতিক বৈশিষ্ট্যসমূহ

মঙ্গল গ্ৰহৰ ব্যাসাৰ্ধ্য পৃথিৱীৰ আধা আৰু ভৰ পৃথিৱীৰ এক দশমাংশ। ইয়াৰ ঘনত্ব পৃথিৱীতকৈ কম আৰু ভূপৃষ্ঠৰ ক্ষেত্ৰফল পৃথিৱীৰ শুকান ভূমিৰ মুঠ ক্ষেত্ৰফলতকৈ পৰা সামান্য কম। মঙ্গল বুধ গ্ৰহতকৈ ডাঙৰ হ'লেও বুধৰ ঘনত্ব মঙ্গল গ্ৰহতকৈ বেছি। ইয়াৰ ফলত বুধ গ্ৰহৰ পৃষ্ঠতলৰ মধ্যাকৰ্ষণ শক্তি তুলনামূলকভাবে বেছি। মঙ্গল গ্ৰহ দেখিবলৈ বহু পৰিমাণে ৰঙা ৰঙৰ কমলাৰ দৰে। ইয়াৰ কাৰণ হ’ল মঙ্গলৰ পৃষ্ঠতলত প্ৰচুৰ পৰিমাণে আয়ৰন অক্সাইডৰ উপস্থিতি। এই যৌগটিক সাধাৰণভাবে মামৰ বুলি কোৱা হয়।

মঙ্গলৰ পৃষ্ঠ মূলত বেছল্ট দ্বাৰা গঠিত। ইয়াৰ কক্ষীয় বৈশিষ্ট্য পৰ্যবেক্ষণ আৰু প্ৰচুৰ পৰিমাণে মঙ্গলীয় উল্কাৰ গবেষণা কৰি এই তথ্য নিশ্চিত কৰা হৈছিল। কিছুমান গবেষণাত প্ৰমাণিত হৈছিল মঙ্গলৰ কিছু কিছু অংশত বেছল্টৰ তকৈ ছিলিকা জাতীয় পদাৰ্থ বেছি আছে। এই অঞ্চলটি বহুকেইটা পৃথিৱীৰ এণ্ডেসাইট (এক ধৰণৰ আগ্নেয় শিল) জাতীয় পাথৰৰ দৰে। এই পৰ্যবেক্ষণবোৰক ছিলিকা কাচৰ মাধ্যমতো ব্যাখ্যা কৰা যায় পৰা। পৃষ্ঠাৰ বহুকেইটা অংশ সূক্ষ্ণ আয়ৰণ অক্সাইড যৌগ দ্বাৰা আবৃত। ধূলিকণা নামত পৰিচিত এই যৌগটি বহু পৰিমাণে ট্যালকম পাউডাৰৰ দৰে।

মঙ্গল গ্ৰহৰ কোনো অভ্যন্তৰীণ চৌম্বক ক্ষেত্ৰ নাই। কিন্তু কিছু পৰ্যবেক্ষণত দেখা গৈছে ইয়াৰ ভূ-ত্বকৰ কিছু অংশত চুম্বকত্ব এতিয়াও আছে। চুম্বকীয়ভাবে susceptible খনিজ পদাৰ্থৰ কাৰণে সৃষ্ট এই চৌম্বকত্বক প্যালিম্যেগনেটিজ্‌ম বুলি কোৱা হয়। এই প্যালিম্যেগনেটিজম বহু পৰিমাণে পৃথিৱীৰ মহাসাগৰীয় গৰ্ভতলত প্ৰাপ্ত অলটাৰনেটিং বেণ্ডৰ দৰে। এই বিষয়ক লৈ কৰা অধ্যয়ন আৰু মাৰ্চ গ্লোবাল চাৰ্ভেয়াৰৰ সাহায্যত চলোৱা বিস্তৰ গবেষণা সহায়ত ১৯৯৯ চনত এটা তত্ত্ব স্থাপিত হয় যাৰ ২০০৫ চনৰ অক্টোবৰত পুনৰ পৰীক্ষণ হয়। এই তত্ত্ব মতে পৰ্যবেক্ষণকৃত বেণ্ডবোৰ হ'ল মঙ্গলত প্লেট-টাক্টনিক সঞ্চালন ভূ-গঠন প্ৰণালীৰ এটা নিদৰ্শন। এই ধৰণৰ ভূ-গঠনপ্ৰণালী ৪ বিলিয়ন বছৰ আগলৈকে মঙ্গলত বিদ্যমান আছিল। কিন্তু ৪ বিলয়ন বছৰ আগত গ্ৰহীয় ডায়নাম’ বিকল হৈ পৰাত চৌম্বক ক্ষেত্ৰ নাইকিয়া হৈ যায়।

ইয়াৰ কেন্দ্ৰীয় অংশটোৰ (core) ব্যাসাৰ্ধ্য প্ৰায় ১,৪৮০ কিলোমিটাৰ (৯২০ মাইল)। এই কেন্দ্ৰভাগ মূলত লৌহ পদাৰ্থৰ দ্বাৰা গঠিত। লোহাৰ লগত ১৫ ৰ পৰা ১৭% ছালফাৰ আছে বুলি জানা গৈছে। এই হিচাপে মঙ্গলৰ কেন্দ্ৰভাগ আয়ৰণ ছালফাইড দ্বাৰা গঠিত যি বহু পৰিমাণে তৰল। এই পদাৰ্থটোৰ ঘনত্ব পৃথিৱীৰ কেন্দ্ৰত অবস্থিত পদাৰ্থৰ তুলনাত প্ৰায় দুগুণ। কেন্দ্ৰৰ চাৰিও দিশ ঘেৰি ছিলিকেট দ্বাৰা গঠিত এটা ম্যাণ্টল (mantle) আছে যি গ্ৰহটোৰ বহু পৰিমাণে প্লেট্ টেক্টনিক সঞ্চালন আৰু আগ্নেয় প্ৰকৃতিৰ সংৰচনা তৈয়াৰীত মূল ভূমিকা পালন কৰিছিল। কিন্তু বৰ্তমান এই ম্যাণ্টলটো নিষ্ক্ৰিয় অবস্থাত আছে। মঙ্গল গ্ৰহৰ ভূ-ত্বকৰ গড় গভীৰতা ৫০ কিলোমিটাৰ (৩১ মাইল)। এই গভীৰতা সৰ্বোচ্চ ১২৫ কিলোমিটাৰ (৭৮ মাইল) পৰ্যন্তলৈকে। অন্যদিশত পৃথিৱীৰ ভূ-ত্বকৰ গভীৰতা গঢ়/গড়ে ৪০ কিমি (২৫ মাইল)। পৃথিৱী আৰু মঙ্গল গ্ৰহ দুটাৰ আকৃতিৰ অনুপাত তুলনা কৰিলে পৃথিৱীৰ ভূ-ত্বক মঙ্গলৰ ভূ-ত্বকতকৈ তিনিগুণ শকত।

মঙ্গলৰ ভূ-তাত্ত্বিক ইতিহাসক কেইবাটাও যুগত বিভক্ত কৰিব পৰা যায়। তাৰে তলত উল্লিখিত তিনিটা যুগ সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু সুস্পষ্ট:

নোয়াচিয়ান যুগ: (নোয়াচিস টেৰাৰ নামত নামাঙ্কিত), ইংৰাজীত Noachian epoch. ৩.৮ বিলিয়ন বছৰৰ পৰা ৩.৫ বিলিয়ন বছৰ পূৰ্বৰ সময় কালটো নোয়াচিয়ান যুগ নামে পৰিচিত। এই সময়ত মঙ্গলৰ পৃষ্ঠতল গঠন হয় যি এতিয়াও বিদ্যমান। সেই যুগত সৃষ্টি হোৱা পৃষ্ঠতলত পৰবৰ্তী কালত প্ৰচুৰ বিশালাকাৰ গাঁতৰ সৃষ্টি হৈছিল। থাৰচিচ বাল্‌জ নামৰ এটা আগ্নেয় উচ্চভূমি এই সময়ত সৃষ্টি হৈছিল বুলি ধাৰণা কৰা হৈছে। এই যুগৰ শেষৰ ফালে তৰল পানীৰ বানপানী হৈছিল বুলি বদ্ধমূল ধাৰণা কৰা হৈছে।

হেচপাৰিয়ান যুগ: (Hesperia Planum-এৰ নামত নামাঙ্কিত), ইংৰাজীত Hesperian epoch. ৩.৫ বিলিয়ন বছৰৰ পৰা ১.৮ বিলিয়ন বছৰ পূৰ্ব পৰ্যন্ত এই যুগৰ সীমা। এই যুগত লাভা দ্বাৰা আচ্ছাদিত সমভূমিৰ সৃষ্টি হয়।

আমাজোনিয়ান যুগ: (আমাজোনিচ প্ল্যানিটিয়াৰ পৰা আহিছে), ইংৰাজীত Amazonian epoch. ১.৮ বিলিয়ন বছৰ আগৰ পৰা বৰ্তমান পৰ্যন্ত এই যুগৰ সীমাৰেখা। এই যুগত উল্কাপাতৰ ফলত কিছু সংখ্যক বিশালাকাৰ গাঁতৰ সৃষ্টি হৈছিল আৰু এই সময়তেই বিভিন্ন ধৰণৰ বহু সংৰচনা তৈয়াৰ হৈছিল। এই সময়তেই সৌৰ জগতৰ সৰ্বোচ্চ পৰ্বতশৃঙ্গ অলিম্পাস মন্‌চ সৃষ্টি হৈছিল। ইয়াৰ বাহিৰে এই সময়ত মঙ্গলৰ অন্যান্য স্থানত লাভাৰ প্ৰবাহ বৃদ্ধি পাইছিল।

জলবিজ্ঞান

বৰ্তমান মঙ্গল গ্ৰহৰ বায়ুমণ্ডলীয় চাপ ইমান কম যে ইয়াত তৰল পানী থাকা সম্ভব নহয়। কিন্তু মঙ্গলত বৰফ আছে। ইয়াৰ দুই মেৰু সম্পূৰ্ণ বৰফ দ্বাৰা গঠিত। ২০০৭ চনৰ মাৰ্চত নাছাই এক বিশেষ বিজ্ঞপ্তিত জনাইছিল, মঙ্গলৰ দক্ষিণ মেৰুত যি পৰিমাণৰ বৰফ আছে সেয়া গলাই দিলে সমগ্ৰ গ্ৰহটো পানীত ডুবি যাব আৰু এই জলভাগৰ গভীৰতা হ'ব প্ৰায় ১১ মিটাৰ (৩৬ ফুট)। ইয়াৰ লগতে বৰফৰ এটা পাৰমাফ্ৰষ্ট ম্যাণ্ট্‌ল মেৰু অঞ্চলৰ পৰা ৬০° অক্ষাংশ এলাকা জুড়ি প্ৰলম্বিত আছে। মঙ্গলৰ শকত ক্ৰায়োস্ফেয়াৰৰ অভ্যন্তৰত আৰু বিপুল পৰিমাণ পানী লুকাই আছে বুলি ধাৰণা কৰা হয়। কোনো আগ্নেয় বিস্ফোৰণৰ সহায়ত ক্ৰায়োস্ফেয়াৰ ধ্বংস হ'লে এই পানী ওলাই আহিব পৰে। এই ধৰণৰ এটা বিস্ফোৰণ বহুত আগত হৈছিল যাৰ কাৰণে মঙ্গলৰ ভ্যালিচ মেৰিনাৰিছ গঠিন হৈছিল। ইতিহাসৰ এই সময়ত বিপুল পৰিমাণ পানী ওলাইছিল যি এটা সুবৃহৎ নদী উপত্যকা গঠনৰ কাৰণে যথেষ্ট আছিল। আজিৰ পৰা ৫ মিলিয়ন বছৰ আগতে এনে ধৰণৰ আৰু এটা ঘটনা ঘটিছিল যাৰ কাৰণে সাৰবেৰাছ ফোছি নামৰ এটা গাঁত উন্মুক্ত হৈছিল। ইয়াৰ ফলত এটা বৰফৰ সাগৰ সৃষ্টি হৈছিল যি এতিয়াও দেখা যায়। এই সাগৰক বৰ্তমানত এলিছিয়াম প্ল্যানিটিয়া বুলি কোৱা হয়।

অতি সম্প্ৰতি মাৰ্স গ্লোবাল ছাৰ্ভেয়াৰত অৱস্থিত মাৰ্ছ্ অৰবিটাৰ কেমেৰাৰ সহায়ত মঙ্গলৰ কিছু উচ্চ ৰিজল্যুছন ছবি তোলা হৈছিল। ইয়াৰ ফলত মঙ্গলৰ পৃষ্ঠতলত তৰল পানীৰ অস্তিত্বৰ ইতিহাস সম্বন্ধত বহুকেইটা কথা বিস্তাৰ ভাবে জনা গৈছে। তাত বানপানী সৃষ্টকাৰী বিশালাকাৰ কিছু চেনেলৰ সম্ভাদ পোৱা গৈছে আৰু ইয়াৰ লগত সংশ্লিষ্ট প্ৰচুৰ শাখা নদী সদৃশ প্ৰবাহৰ অস্তিত্বও প্ৰমাণিত হৈছে। কিন্তু এনে কোনো সংৰচনা পোৱা নগ’ল যাক বানপানী সৃষ্টিকাৰী এই জলস্ৰোতৰ উৎস হিচাপে চিহ্নিত কৰিব পৰা যায়। বৰ্তমান অৱশ্যে এইবোৰৰ কোনটোৱেই জীৱিত নহয়। আছে শুদা এইবোৰৰ নিদৰ্শন। বতৰৰ পৰিবৰ্তনেই এইবোৰৰ বিলুপ্তিৰ কাৰণ বুলি অনুমান কৰা হয়। ইয়াৰ পৰা বুজা যায়, এই সংৰচনাবোৰ কিমান পুৰণা আছিল। আকৌ আগ্নেয়গিৰিৰ জ্বালামুখ আৰু গভীৰ গিৰিপথৰ পাৰ্শ্ববৰ্তী অঞ্চল জুড়ি ভালেমান সংৰচনা বিভিন্ন চিত্ৰত ধৰা পৰিছে যিবোৰ বহুপৰিমাণে পৃথিৱীৰ সমুদ্ৰ সন্নিবিষ্ট নিষ্কাশন নালী আকৃতিৰ গিৰিপথৰ দৰে। এই গিৰিপথবোৰ মঙ্গলৰ দক্ষিণ গোলাৰ্ধৰ উচ্চ অঞ্চলবোৰত অবস্থিত। ইহঁতৰ মুখ বিষুবৰেখাৰ ফালে আৰু সকলোবোৰ ৩০° অক্ষাংশত মেৰুমুখী হৈ আছে। গবেষকসকলে এনে কোনো গিৰিপথ বিচাৰি পোৱা নাই সেইবোৰ আংশিক বা সম্পূৰ্ণভাবে ক্ষতিগ্ৰস্ত। ইয়াৰ উপৰিও পৰষ্পৰ উপৰিপাতিত কোনো ইমপ্যাক্ট জ্বালামুখও বিচাৰি পোৱা নাই। ইয়াৰ পৰা বুজা যায় যে এই গঠনবোৰ বেছ নতুন।

বহিঃসংযোগ

সম্পৰ্কিত শ্ৰেণী

গ্ৰহসৌৰজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মঙ্গল গ্ৰহ” প্ৰবন্ধৰ সংশোধন ৬১৫৫৫৬ (৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।