

জীৱবিজ্ঞানৰ মতে জীৱ হৈছে প্ৰাণী, উদ্ভিদ অথবা বেক্টেৰিয়াৰ দৰে যিকোনো নিকতবৰ্তী জীৱন প্ৰদ্ধতি। পৃথিৱীৰ সৰ্বমুঠ জীৱনৰ প্ৰায় ৯৯% প্ৰজাতি, প্ৰায় ৫০০ নিযুত প্ৰজাতি১, বিলুপ্ত হৈ গ'ল বুলি অনুমান কৰা হৈছে।২৩ বৰ্তমান পৃথিৱীত প্ৰায় ১০ ৰ পৰা ১৪ নিযুত প্ৰজাতিৰ৪ জীৱ আছে বুলি অনুমান কৰা হয়। ইয়াৰে প্ৰায় ১.২ নিযুত প্ৰজাতিৰ তথ্য বিজ্ঞানীৰ ওচৰত আছে আৰু প্ৰায় ৮৬%ত কৈয়ো অধিক প্ৰজাতিৰ কোনো তথ্য আজিও আহৰণ কৰিব পৰা হোৱা নাই।৫
সকলো প্ৰকাৰৰ জ্ঞাত জীৱই কিছু পৰ্যায়লৈকে উদ্দীপনাৰ প্ৰতি সঁহাৰি দিয়ে, প্ৰজনন কৰে, বৃদ্ধি আৰু বিকাশ হয় আৰু সমস্থাপন কৰে। এটা জীৱ একা বা একাধিক কোষ (জীৱবিজ্ঞান)ৰ দ্বাৰা গঠিত; কেৱল এটা কোষেৰে গঠিত জীৱক এককোষী জীৱ; আৰু একাধিক কোষেৰে গঠিত জীৱক বহুকোষী জীৱ বোলে। বেছিভাগ এককোষী জীৱ ইমান ক্ষুদ্ৰ যে সিহঁতক অণুবীক্ষণ যন্ত্ৰৰ যোগেদিহে দেখা পোৱা যায়, সেইবাবে সিহঁতক অণুজীৱ বোলে। অৱশ্যে, কিছুমান প্ৰটিষ্ট আৰু বেক্টেৰিয়া খালি চকুৰেও দেখা পোৱা যায়।৬ মানুহবোৰ হৈছে অসংখ্য কোষেৰে বিশেষভাৱে সংগঠিত কলা আৰু অংগৰ দ্বাৰা গঠিত বহুকোষী জীৱ।
এটা জীৱ প্ৰ'কোষকেন্দ্ৰী অথবা সংকোষকেন্দ্ৰী হব পাৰে। প্ৰকোষকেন্দ্ৰী জীৱবোৰ দুখন পৃথক অধিৰাজ্যত বিভক্ত, বেক্টেৰিয়া আৰু আৰ্কিয়া। সংকোষকেন্দ্ৰী জীৱৰ কোষত আৱৰণিযুক্ত সুনিৰ্দিষ্ট কোষ কেন্দ্ৰ আৰু আৱৰিযুক্ত কিছুমান অতিৰিক্ত অংগানু (যেনে মাইট'কণ্ড্ৰিয়া, প্লাষ্টিড আদি) থাকে। সংকোষকেন্দ্ৰী জীৱৰ বিভিন্ন ৰাজ্যবোৰ হৈছে ভেঁকুৰ, প্ৰাণী আৰু উদ্ভিদ।
তথ্যসূত্ৰ
- ↑ (31 December 1996). The Biology of Rarity: Causes and consequences of rare—common differences. ISBN 978-0412633805
- ↑ Stearns, Beverly Peterson; Stearns, S. C.; Stearns, Stephen C. (2000). Watching, from the Edge of Extinction. Yale University Press. পৃ. 1921. ISBN 978-0-300-08469-6
- ↑ Novacek, Michael J. (8 November 2014). Prehistory’s Brilliant Future. New York Times
- ↑ G. Miller; Scott Spoolman. (2012). Environmental Science - Biodiversity Is a Crucial Part of the Earth's Natural Capital. Cengage Learning. পৃ. 62. ISBN 1-133-70787-4
- ↑ Mora, C.; Tittensor, D.P.; Adl, S. (23 August 2011). How many species are there on Earth and in the ocean?. PLOS Biology. পৃ. e1001127
- ↑ Max Planck Society Research News Release Accessed 21 May 2009
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীৱ” প্ৰবন্ধৰ সংশোধন ৪১৮০৪২ (১২ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।