অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

কোষ (জীৱবিজ্ঞান)

কোষ (cell লেটিন শব্দ cella ৰ পৰা উদ্ধৃত যাৰ অৰ্থ হৈছে সৰু কোঠা ) জীৱনৰ গঠণাত্মক (structural) আৰু কাৰ্যকৰী (functional) মূল একক। আমাৰ চাৰিওফালে থকা জীৱসমূহৰ দেহটো কোষেৰে গঠিত। কোষবোৰ কোষাবৰণে আবৃত্ত কিছু cytoplasmৰে গঠিত যত বহুতো biomolecules যেনে প্ৰটিন আৰু নিউক্লিক এচিড থাকে।

হালনাগাদ: ৬ জানুৱাৰী ২০২৫ ৮৭০ শব্দ · ৫ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কোষ (cell লেটিন শব্দ cella ৰ পৰা উদ্ধৃত যাৰ অৰ্থ হৈছে সৰু কোঠা ) জীৱনৰ গঠণাত্মক (structural) আৰু কাৰ্যকৰী (functional) মূল একক। আমাৰ চাৰিওফালে থকা জীৱসমূহৰ দেহটো কোষেৰে গঠিত। কোষবোৰ কোষাবৰণে আবৃত্ত কিছু cytoplasmৰে গঠিত যত বহুতো biomolecules যেনে প্ৰটিন আৰু নিউক্লিক এচিড থাকে। অধিকাংশ উদ্ভিদ আৰু প্ৰাণী কোষ ৰশ্মি অণুবীক্ষণৰ দ্বাৰা চাব পৰা যায়। জীৱসমূহৰ কিছুমানৰ দেহটো এটা কোষেৰে গঠিত যাক এককোষী জীৱ(unicellular organism) বোলে (যেনে-এমিবা)। আনহাতে বহুতো কোষেৰে গঠিত জীৱবোৰক বহুকোষী জীৱ(multicellular organism) বোলে (যেনে-মানুহ)। বহুকোষী জীৱৰ ক্ষেত্ৰত কোষবোৰেই হ'ল দেহ গঠনৰ মূল একক।

ইতিহাস

ভিন্ন সময়ত ভিন্ন বিজ্ঞানীৰ দ্বাৰা কোষ সম্বন্ধে অধ্যয়ন কৰি আহিছিল। ৫৫৮ খৃ:ত কনৰাড জেছনাৰ নামৰ বিজ্ঞানীজনে পোনপ্ৰথমে কোষ সম্বন্ধে ধাৰণা প্ৰকাশ কৰে।

ৰবাৰ্ট হুক

১৬৬৫ খৃ:ত ৰবাৰ্ট হুকে প্ৰথমে কোষ আৱিষ্কাৰ কৰে। ১

কোষ মতবাদ

Onion (Allium) cells in different phases of the cell cycle
Onion (Allium) cells in different phases of the cell cycleছবি: Edmund Beecher Wilson · Public domain

কোষ সম্বন্ধে নানা তথ্য প্ৰকাশ পোৱাৰ পিছত স্লেইডন আৰু স্ব'ৱানে ১৮৩৯ খৃ:ত কোষ মতবাদ (cell theory) প্ৰৱৰ্তন কৰে। এই মতবাদ মতে প্ৰত্যেক জীৱদেহ কোষৰ দ্বাৰা গঠিত আৰু প্ৰতিটো কোষে এককভাৱে কাম কৰিব পাৰে। গতিকে,কোষ হ'ল কোনো জীৱদেহৰ গঠনগত আৰু কাৰ্যকাৰিতাৰ একক(structural and functional unit)।কোষ মতবাদ মতে প্ৰত্যেক জীৱৰ জীৱনক্ৰিয়া আৰম্ভ হয় এটা মাত্ৰ কোষৰ পৰা আৰু পূৰ্বতে সৃষ্টি হোৱা কোষৰপৰা অপত্য কোষৰ উদ্ভৱ হয়।

কোষ মতবাদৰ মূল বৈশিষ্ট্য চাৰিটা:

  1. সকলোবিলাক জীৱ(উদ্ভিদ,প্ৰাণী আৰু প্ৰ'ট'য'ৱা) ৰ দেহ এক বা একাধিক কোষ আৰু কোষদ্ৰব্য(cell products) ৰ দ্বাৰা গঠিত। সেইবাবে কোষ হ'ল জীৱদেহৰ গঠনগত একক(cell is the structural unit of life)।
  2. কোষ জীৱদেহৰ কাৰ্যকাৰিতা একক(cell is the functional unit of life),কাৰণ জীৱদেহৰ যাৱতীয় বিপাকীয় কাৰ্যসমূহ কোষৰ ভিতৰত সম্পন্ন হয়।
  3. কেৱল কোষৰ পৰাই কোষৰ সৃষ্টি হয়।
  4. প্ৰত্যেক জীৱৰ জীৱনক্ৰিয়া আৰম্ভ হয় এটা মাত্ৰ কোষৰপৰা।১।
Illustration depicting major structures inside the eukaryotic animal cell
Illustration depicting major structures inside the eukaryotic animal cellছবি: BruceBlaus. When using this image in external sources it can be cited as: Blause · CC BY 3.0

কোষ মতবাদৰ ব্যতিক্ৰম

কোষ সম্বন্ধে সাম্প্ৰতিক জ্ঞানে কিন্তু কোষ মতবাদক সম্পূৰ্ণভাৱে সমৰ্থন নকৰে। কাৰণ সকলো জীৱদেহ কোষৰদ্বাৰা গঠিত-এই ধাৰণাটো সম্পূৰ্ণ শুদ্ধ নহয়। ইয়াৰ সপক্ষে যুক্তিবোৰ হ'ল -

  1. ভাইৰাছ,ভাইৰয়েড আৰু প্ৰিয়ম - অকোষীয়(acellular),কাৰণ এইবিলাকৰ প্ৰ'ট'প্লাজম আৰু কোষকেন্দ্ৰ নাথাকে।
  2. বেক্টেৰিয়া আৰু চাইনা'বেক্টেৰিয়াৰ সুসংগঠিত কোষকেন্দ্ৰ নাথাকে।
  3. মিউকৰ (Mucor-এবিধ ভেঁকুৰ ) আৰু ভাইচেৰিয়া(Vaucheria - এবিধ শেলাই) এবিধ বহু কোষকেন্দ্ৰ যুক্ত জীৱ।১

কোষৰ সংজ্ঞা

বিজ্ঞানীসকলে বিভিন্ন সময়ত কোষ সম্পৰ্কে দিয়া সংজ্ঞা-

  1. জীৱনৰ ভৌতিক সত্তাৰ মৌল একক হ'ল কোষ(swanson and Webseter,1978)।
  2. কোষ হ'ল জীৱৰ মৌলিক গঠনগত আৰু কাৰ্যগত একক(De Roberties,1979)।
  3. অৰ্ধভেদ্য আৱৰণেৰে আবৃত স্বপ্ৰজননশীল জীৱনক্ৰিয়াৰ একক হ'ল কোষ(A.G.Lowey and P.Siekevitz,1963 )।
  4. জীৱনৰ প্ৰকাশ ঘটাবলৈ সক্ষম হোৱা এক খণ্ড প্ৰ'ট'প্লাজমক কোষ বোলে(Max Schultze,1825-1874)।
  5. কোষ হ'ল জীৱৰ ক্ষুদ্ৰতম সুসংগঠিত একক যি অনুকূল পৰিবেশত স্বনিৰ্ভৰ আৰু স্বপ্ৰজননক্ষম।
  6. কোষ জীৱ দেহৰ কাৰ্যকৰী একক। ই জীৱৰ দৈনন্দিন জীৱনত লাগতীয়াল বিভিন্ন কাম, যেনে শ্বসন, প্ৰটিন উৎপাদন, পুষ্টি সাধন, বৰ্জিত পদাৰ্থ নিষ্কাষণ আদি সম্পাদন কৰে।

কোষৰ মাজত থকা সাধাৰণ মিল

  • সকলো ধৰণৰ কোষতে থকা বংশগতি পদাৰ্থ হ'ল নিউক্লিক এচিড।
  • সকলো কোষে ইয়াৰ বংশগতি পদাৰ্থখিনিক কোষবিভাজনৰ সময়ত মাতৃকোষৰপৰা অপত্য কোষলৈ সঞ্চাৰ কৰে।
  • সকলো কোষতে কোষাৱৰণ,ৰাইব'জ'ম,কোষকেন্দ্ৰ বা নিউক্লিয়ড(nucleoid) ৰ উপস্থিতি।
  • কিছুমান কোষীয় প্ৰক্ৰিয়া,যেনে- DNA ৰ অনুকৃত্যায়ন(DNA replication),মাংসসাৰ সংশ্লেষণ আদি কৌশল সকলো কোষতে থাকে।
  • সবাত শ্বসন(aerobic respiration) পদ্ধতি সকলো কোষতে থাকে।
  • সকলো কোষতে কোষাৱৰণৰ গঠন আৰু ইয়াৰ মূল কাম একে।১

কোষৰ আকাৰ

জীৱৰ ভিন্নতা অনুসৰি এইবিলাকৰ কোষৰ আকাৰৰ ভিন্নতা দেখা যায়। জীৱজগতৰ আটাইতকৈ ক্ষুদ্ৰতম জীৱকোষ হ'ল মাইক'প্লাজমা গেলিছেপটিকাম(Mycoplasma gallisepticum) আৰু মাইক'প্লাজমা লেডলাই(Mycoplasma laidlawii) নামৰ এককোষী বেক্টেৰিয়াসদৃশ জীৱ। এইবিলাকৰ ব্যাস হ'ল ০.১μm। বেক্টেৰিয়া কোষ দীঘলে ০.২-০.৫ মাইক্ৰ'মিটাৰ পৰ্যন্ত হয়। উটপক্ষীৰ কণীয়েই হ'ল আটাইতকৈ ডাঙৰ প্ৰাণীকোষ। ইয়াৰ আকাৰ হ'ল ১৭০মি.মি.× ১৩৫ মি.মি,(খোলাৰে সৈতে)। বহুকোষী উদ্ভিদৰ ভিতৰত ৰেমী(ramie-Boehmeria) নামৰ বৃক্ষৰ বাকলিৰ তন্তুৱেই আটাইতকৈ দীঘল কোষ,যাৰ দৈৰ্ঘ্য প্ৰায় ৫৫ চে.মি.। আটাইতকৈ ডাঙৰ এককোষী উদ্ভিদকোষ হ'ল এছিটাবুলেৰিয়া(Acetabularia) নামৰ শেলাইবিধ,যাৰ দৈৰ্ঘ্য হ'ল ৫-১০ চে.মি.। মানুহৰ দেহৰ আটাইতকৈ দীৰ্ঘতম কোষ হ'ল স্নায়ুকোষ,ই দীঘলে প্ৰায় ১মিটাৰ পৰ্যন্ত হয়।১

কোষৰ প্ৰকাৰ

১৯৫৭ খৃ:ত ডগহাৰ্টি(Dougherty) এ সৰ্বপ্ৰথমে কোষকেন্দ্ৰৰ গঠনৰ ওপৰত ভিত্তি কৰি জীৱজগতত দুই প্ৰকাৰ কোষৰ কথা উল্লেখ কৰে। তেওঁ প্ৰকৃত কোষকেন্দ্ৰবিহীন আদিম প্ৰকৃতিৰ কোষক প্ৰকোষকেন্দ্ৰীয় কোষ (Prokaryotic cell) আৰু আদৰ্শ প্ৰকৃত কোষকেন্দ্ৰযুক্ত কোষক সংকোষকেন্দ্ৰীয় কোষ (Eukaryotic cell) হিচাপে আখ্যা দিয়ে। আধুনিক জীৱবিজ্ঞানীসকলেও সেইবাবে বিভিন্ন ধৰণৰ কোষক দুভাগত বিভক্ত কৰিছে।১

প্ৰকোষকেন্দ্ৰীয় কোষ

এটা আদৰ্শ প্ৰকোষকেন্দ্ৰীয় কোষ
এটা আদৰ্শ প্ৰকোষকেন্দ্ৰীয় কোষছবি: This vector image is completely made by Ali Zifan · CC BY-SA 4.0

যিবোৰ কোষত সুসংগঠিত কোষকেন্দ্ৰ নাথাকে তাক প্ৰকোষকেন্দ্ৰীয় কোষ বোলে। যেনে-মাইকা'প্লাজমা,বেক্টেৰিয়া আদি। প্ৰকোষকেন্দ্ৰিয় কোষ বোৰ সাধাৰণতে সৰু হয় আৰু ইয়াৰ ক্ৰমজম এডাল হে থাকে। কোনো জীৱদেহ প্ৰকোষকেন্দ্ৰীয় কোষৰ দ্বাৰা গঠিত হ'লে তেনে জীৱক প্ৰকেৰিঅ'টছ(prokaryotes) বোলে। গঠনগতভাৱে প্ৰকোষকেন্দ্ৰীয় কোষ সৰল আৰু অনুন্নত ধৰণৰ। এইবিলাকৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল-

  1. কোষকেন্দ্ৰাৱৰণৰ দ্বাৰা আবৃত,সুগঠিত আৰু নিৰ্দিষ্ট কোনো কোষকেন্দ্ৰ নাথাকে।
  2. এইধৰণৰ কোষত মাইট'কণ্ড্ৰিয়া,প্লাষ্টিড,গলগি বডি,অন্ত:প্ৰৰসীয় জালিকা,চেণ্ট্ৰিঅ'ল,লাইছ'জ'ম প্ৰভৃতি কোষ অংগাণু(cell organelles) আদি নাথাকে।
  3. ৰাইব'জ'ম কোষপ্ৰৰসত সিঁচৰিত হৈ থাকে,ৰাইব'জ'ম ৭০S প্ৰকৃতিৰ হয়।
  4. কোষবেৰ পেপটিড'গ্লাইকেনেৰে গঠিত।
  5. এইধৰণৰ কোষত ক্ৰ'ম'জ'ম গঠিত নহয়। অকল চক্ৰাকাৰ DNA বা RNA থাকে।
  6. DNA- ত হিষ্টন(histone) নামক প্ৰটিন নাথাকে।
  7. এইবিলাক কোষত অতিকেন্দ্ৰ(nucleolus) নাথাকে।
  8. শ্বসনকাৰী উৎসেচক কোষপ্ৰৰস বা কোষাবৰণৰ ভিতৰফালে থাকে।
  9. কোষাৱৰণ কেতিয়াবা কেতিয়াবা চাইট'প্লাজমাত প্ৰৱেশ কৰি মেছ'জ'ম(mesosome)- ৰ সৃষ্টি কৰে।
  10. সালোকসংশ্লেষণকাৰী জীৱবিলাকৰ কোষত থাইলাকইড(thylakoid) নামক ৰঞ্জকযুক্ত অংগাণু থাকে।
  11. কোষপ্ৰৰস বা চাইট'প্লাজমাত কোনো ধৰণৰ চলন দেখা নাযায়।
  12. কোষত ভেকুঅ'লৰ সৃষ্টি নহয়।
  13. অকল দ্বি-বিভাজন পদ্ধতিৰ দ্বাৰাহে কোষবিভাজন হয়।১

সংকোষকেন্দ্ৰীয় কোষ

এটা আদৰ্শ প্ৰাণী কোষৰ গঠন
এটা আদৰ্শ প্ৰাণী কোষৰ গঠনছবি: LadyofHats (Mariana Ruiz) · Public domain
এটা আদৰ্শ উদ্ভিদ কোষৰ গঠন
এটা আদৰ্শ উদ্ভিদ কোষৰ গঠনছবি: LadyofHats · Public domain

যিবোৰ জীৱৰ কোষত কোষকেন্দ্ৰটো স্পষ্ট আৰু সুসংগঠিত তাক সংকোষকেন্দ্ৰীয় কোষ বোলে। এইধৰণৰ কোষ প্ৰ'ট'জ'ৱা,ভেঁকুৰ,বেছিভাগ শেলাই,সকলো উন্নত প্ৰকাৰৰ উদ্ভিদ,আৰু প্ৰাণীদেহত দেখা যায়। এইধৰণৰ কোষৰ সংগঠন পদ্ধতি জটিল।এই কোষ বিলাক সাধাৰণতে ডাঙৰ হয় (1-100mm)। ইহঁতৰ এডালতকৈ বেছি ক্ৰমজম থাকে। স্পষ্ট আৰু সুসংগঠিত কোষকেন্দ্ৰযুক্ত অৰ্থাৎ আদৰ্শ কোষকেন্দ্ৰযুক্ত জীৱক ইউকেৰিঅ'টছ(eukaryotes) বোলে। এইবিলাকৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল-

  1. এইধৰণৰ কোষত কোষকেন্দ্ৰটো সুসংগঠিত অৰ্থাৎ কোষকেন্দ্ৰত কেন্দ্ৰাৱৰণ,অতিকেন্দ্ৰ,কোষকেন্দ্ৰ প্ৰৰস আৰু কোষকেন্দ্ৰ জালিকা থাকে।
  2. এইপ্ৰকাৰ কোষত আৱৰণেৰে আবৃত কোষ অংগাণু,যেনে- প্লাষ্টিড,গলগি বডি,মাইট'কণ্ড্ৰিয়া,লাইছ'জ'ম ইত্যাদি থাকে।
  3. ৰাইব'জ'ম অন্ত:প্ৰৰসীয় জালিকা বা কোষকেন্দ্ৰাৱৰণৰ গাত আৰু কোষপ্ৰৰসত মুক্তভাৱে থাকে। এইবিলাক ৮০S প্ৰকৃতিৰ হয়।
  4. প্ৰাণীকোষৰ ক্ষেত্ৰত চেণ্ট্ৰ'জ'ম থাকে।
  5. এইধৰণৰ কোষত DNA আৰু RNA,উভয়প্ৰকাৰ নিউক্লিক অম্ল থাকে। DNA হিষ্ট'ন প্ৰটিনযুক্ত।
  6. উদ্ভিদকোষত ভেকুঅ'ল থাকে, প্ৰাণীকোষত সাধাৰণতে নাথাকে।
  7. কোষপ্ৰৰস প্ৰায়ে চলাচল কৰা দেখা যায়।
  8. এমাইট'ছিছ,মাইট'ছিছ আৰু মিঅ'ছিছ পদ্ধতিৰদ্বাৰা কোষবিভাজন হয়।
  9. প্ৰাণীকোষৰ বাহিৰে উদ্ভিদকোষত কোষ বেৰ থাকে।
  10. শ্বসনকাৰী উৎসেচক কোষপ্ৰৰস আৰু মাইট'কণ্ড্ৰিয়াত থাকে।
  11. পত্ৰহৰিৎ বা ক্ল'ৰ'প্লাষ্টিড নামক দুইতৰপীয়া আৱৰণেৰে আবৃত কোষ অংগাণু থাকে,য'ত সালোক সংশ্লেষণ ঘটে।১

তথ্যসূত্ৰ

  1. ↑ উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুণা কান্ত দাস আৰু ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী। প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম।

সম্পৰ্কিত শ্ৰেণী

কোষ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোষ (জীৱবিজ্ঞান)” প্ৰবন্ধৰ সংশোধন ৪৬১৯১১ (৬ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।