অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

প্ৰজাতি (জীৱবিদ্যা)

প্ৰজাতি (Species) হ'ল জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনৰ এটা ভিত্তি গোট আৰু প্ৰধান বৰ্গীয় স্থান। সাধাৰণতে, প্ৰজাতি শব্দই নিজৰ মাজতেই প্ৰজনন কৰিব পৰা আৰু প্ৰজনন ক্ষম সন্ততি জন্ম দিয়া এটা বৃহৎ গোটক বুজায়।

হালনাগাদ: ১৩ ডিচেম্বৰ ২০২৫ ২৪৭ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

প্ৰজাতি (Species) হ'ল জীৱবৈজ্ঞানিক বৰ্গীকৰণৰ এটা ভিত্তি গোট আৰু প্ৰধান বৰ্গীয় স্থান। সাধাৰণতে, প্ৰজাতি শব্দই নিজৰ মাজতেই প্ৰজনন কৰিব পৰা আৰু প্ৰজনন ক্ষম সন্ততি জন্ম দিয়া এটা বৃহৎ গোটক বুজায়। প্ৰজাতিৰ এই সংজ্ঞাটো প্ৰৰ্যাপ্ত যদিও, বহু ক্ষেত্ৰত ডি এন এৰ সাদৃশ্য, দৈহিক গঠন, পৰিৱেশ সমন্ধীয় স্থান আদি বিভিন্ন পৰিভাষাৰ দ্বাৰা প্ৰজাতি এটা সংজ্ঞাবদ্ধ কৰা হয়, এনে ধৰণৰ জটিলতাবোৰকে প্ৰজাতিগত সমস্যা বুলি কোৱা হয়। স্থানীয় ভাবে আহৰণ কৰা বিভিন্ন বিশেষত্বৰ বাবে প্ৰজাতি এটাক উপ-প্ৰজাতিৰ (উদ্ভিদবিদ্যাত প্ৰকাৰভেদ) দৰে গৌণ গোটতো ভাগ কৰা হয়।

সাদৃশ্যৰ ওপৰত ভিত্তি কৰি, একে পূৰ্বজৰ পৰা অহা জীৱবোৰক একেটা গণৰ স্থান দিয়া হয়। দৈহিক গঠন, যদি সম্ভৱ জিনৰ অনুক্ৰম আদিৰ তুলনাৰ দ্বাৰা প্ৰজাতি এটা নিৰ্ধাৰণ কৰা হয়।

সকলো প্ৰজাতিকে এটা দ্বৈৰাশিক নাম দিয়া হয়, তাৰে প্ৰথম অংশটোক গণবাচক নাম বোলে। প্ৰজাতিটো যিটো গণৰ অন্তৰ্ভুক্ত সেই গণৰ নামটোৱেই হ'ল গণবাচক নাম। দ্বিতীয় অংশটোক প্ৰজাতিগত নাম (কেৱল প্ৰাণীবিজ্ঞানত ব্যৱহৃত) বা প্ৰজাতিগত উপাধি (epithet, উদ্ভিদবিজ্ঞান আৰু প্ৰাণীবিজ্ঞানত ব্যৱহৃত) বোলে। উদাহৰণ স্বৰূপে Boa constrictor হ'ল Boa গণৰ অন্তৰ্গত চাৰিটা প্ৰজাতিৰ ভিতৰৰে এটা প্ৰজাতিৰ নাম। জীৱবিজ্ঞানৰ তত্ত্ব আৰম্ভ আৰু পৰীক্ষা কৰাৰ বাবে আৰু জৈৱবিচিত্ৰতা নিৰ্ধাৰণত প্ৰজাতি শব্দৰ ব্যৱহাৰ যোগ্য সংজ্ঞা আৰু প্ৰজাতি চিনাক্তকৰণৰ এটা নিৰ্ভৰযোগ্য পদ্ধতি অতি প্ৰয়োজনীয়, আনহাতে ব্যাপক পৰ্যায়ৰ অধ্যয়নৰ বাবে পৰিয়ালৰ দৰে অন্য বৰ্গীয় স্থানবোৰ বিবেচনা কৰা হয়।১ সাধাৰণতে, জীৱাশ্মৰ পৰাহে জ্ঞাত বিলোপ্ত প্ৰজাতিৰ বৰ্গীকৰণ কৰাটো অতিশয় জটিল কাৰ্য, সেইবাবে জীৱাশ্ম ভিত্তিক অধ্যয়নত পৰিয়ালৰ দৰে উচ্চ বৰ্গীয় স্থান সমূহহে ব্যৱহাৰ কৰা হয়।১২ বেক্টেৰিয়া আৰু আৰ্কিয়াক বাদ দি পৃথিৱীত প্ৰায় ৮.৭ নিযুত প্ৰজাতি আছে ঠাৱৰ কৰা হৈছে,৩৪ যিটো পূৰ্বতে ২ ৰ পৰা ১০০ নিযুত বুলি অনুমান কৰা হৈছিল।৫

তথ্যসূত্ৰ

  1. ↑ Sahney, S., Benton, M.J. and Ferry, P.A. (2010). Links between global taxonomic diversity, ecological diversity and the expansion of vertebrates on land. Biology Letters. পৃ. 544–547
  2. ↑ Sahney, S. and Benton, M.J. (2008). Recovery from the most profound mass extinction of all time. Proceedings of the Royal Society: Biological. পৃ. 759–65
  3. ↑ Mora, C. et al.; Tittensor, Derek P.; Adl, Sina. (August 23, 2011). How Many Species Are There on Earth and in the Ocean?. PLoS Biology. পৃ. e1001127
  4. ↑ Goldenberg, Suzanne. (2011-08-23). Planet Earth is home to 8.7 million species, scientists estimate. The Guardian
  5. ↑ (2003-05-26). Just How Many Species Are There, Anyway?. Science Daily

সম্পৰ্কিত শ্ৰেণী

বৈজ্ঞানিক শ্ৰেণীবিন্যাসজীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰজাতি (জীৱবিদ্যা)” প্ৰবন্ধৰ সংশোধন ৫৬৩৩৪৬ (১৩ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।