পৰিয়াল (family, ফেমিলি, লেটিন: familia, বহুবচন familiae), জীৱবৈজ্ঞানিক বৰ্গীকৰণ ত বৰ্গ আৰু গণৰ মাজৰ এটা বৰ্গীয় স্থান। পৰিয়ালক কেইবাটাও সৰু সৰু গণ হিচাপে ভাগ কৰা হয়, যদিও কেতিয়াবা উপপৰিয়ালৰ দৰে উপগোটটো ভাগ কৰা হয়। সাধাৰণতে, পৰিয়ালৰ কোনো সাধাৰণ সদস্যৰ নামেৰেও পৰিয়াল এটাৰ নামকৰণ কৰা পৰিলক্ষিত হয়, যেনে- 'ৱালনাট' আৰু 'হিকৰি' গছবোৰ 'যোগ্লানডেচিয়া' পৰিয়ালৰ অন্তৰ্গত যাক 'ৱালনাট পৰিয়াল' বুলিও কোৱা হয়।
নামকৰণ
পৰিয়ালৰ নামকৰণ কৰোঁতে কিছুমান আন্তঃৰাষ্ট্ৰীয় ক'ড মানি চলা হয়।
- ভেঁকুৰ, শেলাই, আৰু উদ্ভিদৰ নামকৰণ কৰোঁতে পৰিয়ালৰ নামবোৰ "-আচিয়া"ৰে সামৰণি মৰা হয়, অৱশ্যে ব্যতিক্ৰম নথকা নহয়।১
- প্ৰাণীবিজ্ঞানত, প্ৰাণী সমূহৰ পৰিয়ালৰ নামকৰণ কৰোঁতে নামৰ অন্তত "-ইডি" যোগ কৰা হয়।২
ইতিহাস
পৰিয়াল শব্দটো ফ্ৰান্সৰ উদ্ভিদবিদ পিৰে মগ্নলে তেওঁৰ, Prodromus historiae generalis plantarum, in quo familiae plantarum per tabulas disponuntur (১৬৮৯)ত প্ৰথম ব্যৱহাৰৰ কৰিছিল।
কেৰলাছ লিনিয়াছে তেওঁৰ ফিলচফিয়া বটেনিকাত (১৭৫১) উদ্ভিদৰ প্ৰধান গোট: বৃক্ষ, herb, ঢেকীয়া, palm, আদিক বুজাবলৈ ফেমিলিয়া শব্দটো ব্যৱহাৰৰ কৰিছিল।
জীৱবিজ্ঞানত, পৰিয়াল বৰ্গ আৰু গণৰ মাজৰ এটা বৰ্গীয় স্থান বুলি পিৰে আন্দ্ৰে লেট্ৰিলে তেওঁৰ, Précis des caractères génériques des insectes, disposés dans un ordre naturel (১৭৯৬)ত উল্লেখ কৰিছিল। তেওঁ "পতংগ"ৰ সকলো বৰ্গকে নহয়, কিন্তু কিছুমান পৰিয়াল হিচাপে ভাগ কৰিছিল (তাৰে কিছুমানৰ নামকৰণ কৰা হোৱা নাছিল)।
ব্যৱহাৰ
পৰিয়ালবোৰক বিৱৰ্তনিক, জীৱাশ্মীয় আৰু জেনেটিক অধ্যয়নত ব্যৱহাৰ কৰিব পাৰি, কাৰণ গণ আৰু প্ৰজাতিৰ দৰে নিম্ন বৰ্গীয় স্থান সমূহতকৈ সিহঁত অধিক স্থায়ী।৩৪
তথ্যসূত্ৰ
- ↑ McNeill, J.; Barrie, F.R.; Buck, W.R.; Demoulin, V.; Greuter, W.; Hawksworth, D.L.; Herendeen, P.S.; Knapp, S.; Marhold, K.; Prado, J.; Prud'homme Van Reine, W.F.; Smith, G.F.; Wiersema, J.H.; Turland, N.J. Article 18. International Code of Nomenclature for algae, fungi, and plants (Melbourne Code). A.R.G. Gantner Verlag KG. ISBN 978-3-87429-425-6
- ↑ International Commission on Zoological Nomenclature. (1999). International Code of Zoological Nomenclature. International Trust for Zoological Nomenclature, XXIX. পৃ. 306
- ↑ Sarda Sahney, Michael J. Benton & Paul A. Ferry. (2010). Links between global taxonomic diversity, ecological diversity and the expansion of vertebrates on land. Biology Letters. পৃ. 544–547
- ↑ Sarda Sahney & Michael J. Benton. (2008). Recovery from the most profound mass extinction of all time. Proceedings of the Royal Society B: Biological Sciences. পৃ. 759–765
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰিয়াল (জীৱবিদ্যা)” প্ৰবন্ধৰ সংশোধন ৫৬৩৩৯৭ (১৩ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।