অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

প্ৰাণী

প্ৰাণীবোৰ (Animals),জগৎ Animaliaৰ (মেটায'ৱা বুলিও কোৱা হয়) বহুকোষী, সংকোষকেন্দ্ৰীয় জীৱ। গৰিষ্টসংখ্যক প্ৰাণীয়েই স্বাধীনভাৱে চলা-ফুৰা কৰিব পাৰে।

হালনাগাদ: ১৮ জুন ২০২৬ ১৯৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ
; প্ৰাণী

প্ৰাণীবোৰ (Animals),জগৎ Animaliaৰ (মেটায'ৱা বুলিও কোৱা হয়) বহুকোষী, সংকোষকেন্দ্ৰীয় জীৱ। গৰিষ্টসংখ্যক প্ৰাণীয়েই স্বাধীনভাৱে চলা-ফুৰা কৰিব পাৰে।

ব্যুৎপত্তি

এনিমেল (Animal) শব্দটো লেটিন এনিমেলিছ (animalis) শব্দৰ পৰা অনা হৈছে, অৰ্থ "having breath" (উশাহ লোৱা)। সাধাৰণতে, দৈনন্দিন ব্যৱহাৰত এই শব্দটোৱে (Animal = জন্তু) মানুহক বাদদি প্ৰাণীজগতৰ বাকী সদস্য সকলক বুজাই। কিন্তু জীৱবিজ্ঞানত এনিমেলে প্ৰাণীজগতৰ সকলো সদস্যকে বুজাই।

বৈশিষ্টসমূহ

কিছুমান সুনিৰ্দিষ্ট বৈশিষ্টই প্ৰাণী সমূহক অন্য জীৱৰ পৰা পৃথক কৰে। প্ৰাণীবোৰ সংকোষকেন্দ্ৰীয় আৰু বহুকোষী; যাৰ বাবে ইহঁত বেক্টেৰিয়া আৰু প্ৰটিষ্টাৰ পৰা পৃথক। ইহঁত পৰপোষী আৰু খাদ্য দেহৰ ভিতৰত থকা এক নিৰ্দিষ্ট কোঠালিত হজম কৰে; যিয়েই ইহঁতক উদ্ভিদ আৰু শেলাইৰ পৰা পৃথক কৰে। কোষবেৰ নাই বাবে ইহঁত উদ্ভিদ, ভেঁকুৰ আৰু শেলাইৰ পৰা পৃথক। সকলো প্ৰাণী চলনক্ষম, (কিছুমান জীৱনৰ নিৰ্দিষ্ট স্তৰত চলনক্ষম)। প্ৰাণী সমূহৰ এটা বিশেষ বৈশিষ্ট্য হ'ল, প্ৰায় ভাগ প্ৰাণীৰ ভ্ৰূণ ব্লাষ্টুলা স্তৰ পাৰ কৰি আহে।

প্ৰাণীজগতৰ পৰ্বসমূহ

প্ৰাণীজগতক ৩৫টা পৰ্বত ভাগ কৰা হৈছে।

পৰ্বঅৰ্থসাধাৰণ নামচাৰিত্ৰিক বৈশিষ্টপ্ৰজাতিৰ বিৱৰণ
Acanthocephalaকাঁইটিয়া মূৰযুক্ত কৃমিকাঁইটিয়া মূৰযুক্ত কৃমিকেইবাশাৰীও হাকুটাযুক্ত কাঁইটেৰে প্ৰতিবৰ্তী শোষক (proboscis) থাকেপ্ৰায় ৭৫৬
Acoelomorphaখাদ্যনলীবিহিনAcoelsমুখ বা খাদ্যনলী নাথাকে—
বলয়ী প্ৰাণীসৰু আঙুঠিবলয়ী প্ৰাণীদেহটো বলয়েৰে গঠিত১৭,০০০+ বিদ্যমান
সন্ধিপদী প্ৰাণীসন্ধিযুক্ত ভৰিসন্ধিপদী প্ৰাণীকাইটিনৰ (Chitin) বহিঃকংকালেৰে (exoskeleton) গঠিত দেহ আৰু ভৰিবোৰ সন্ধিযুক্ত১১,৩৪,০০০+
BrachiopodaArm footখোলা ধাৰীLophophore and pedicle৩০০-৫০০ বিদ্যমান
Bryozoaমছ সদৃশ প্ৰাণীমছ সদৃশ প্ৰাণী, সাগৰীয় দলিচাLophophore, no pedicle, Ciliated Tentacles, anus outside ring of cilia৫,০০০ বিদ্যমান
Chaetognathaদীঘল কেশৰৰ পাৰি (jaw)শৰ কৃমিমূৰ আৰু পশ্চাৎ অংশত কাইটিনেৰে গঠিত কাঁইট থাকেপ্ৰায় ১০০ বিদ্যমান
ক'ৰডাটামেৰুদণ্ডীমেৰুদণ্ডী প্ৰাণীফোঁপোলা পৃষ্ঠীয় স্নায়ু ৰজ্জু, পৃষ্ঠৰজ্জু থাকেপ্ৰায় ১,০০,০০০+
Cnidariaশুংযুক্ত গছ (nettle)Coelenteratesশুংযুক্ত কোষ (stinging cells)প্ৰায় ১১,০০০
Ctenophoraফণিধাৰীফণি জেলীসংযুক্ত চিলিয়াৰ ফণিৰ দাঁত-সদৃশ আঠটা শাৰী থাকেপ্ৰায় ১০০ বিদ্যমান
CycliophoraWheel carryingSymbionচিলিয়া (cilia) যুক্ত ঘূৰণীয়া মুখ, থলী-সদৃশ (sac-like) দেহ৩+
কণ্টকচৰ্মী প্ৰাণীকাঁইটীয়া চালকণ্টকচৰ্মীFivefold radial Symmetry in living forms, mesodermal calcified spinesপ্ৰায় ৭,০০০ বিদ্যমান; প্ৰায় ১৩,০০০ বিলুপ্ত
Entoproctaঅন্তঃ পায়ুযুক্তপিয়লা সদৃশ প্ৰাণীচিলিয়াৰ আঙুঠিৰ ভিতৰত পায়ু থাকেপ্ৰায় ১৫০
GastrotrichaHair stomachMeiofaunaদুডাল সংযুক্ত প্ৰান্তিক নলী (terminal tube)প্ৰায় ৬৯০
Gnathostomulidaহনুযুক্ত মুখJaw worms—প্ৰায় ১০০
Hemichordataঅৰ্ধ ৰজ্জুAcorn worms, pterobranchsStomochord in collar, Pharyngeal slitsপ্ৰায় ১০০ বিদ্যমান
KinorhynchaMotion snoutMud dragonsপৃষ্ঠীয়চ্ছদা (dorsal plate)ৰ সৈতে এঘাৰটা খণ্ডত বিভক্তপ্ৰায় ১৫০
Loriciferaকৱচ ধাৰীBrush headsদুই মূৰত ছাতি-সদৃশ (Umbrella-like) বাকলি থাকেপ্ৰায় ১২২
Micrognathozoaসূক্ষ্ম হনুযুক্ত—এক্কৰডিয়নৰ (Accordion) দৰে প্ৰসাৰণশীল বক্ষ১
কোমলদেহী প্ৰাণীকোমলকোমলদেহীপেশীযুক্ত ভৰি আৰু mantle ঘুৰনীযা কৱচ থাকে১,১২,০০০
Nematodaসূতাৰ দৰেঘুৰনীযা কৃমিঘূৰণীয়া প্ৰস্থচ্ছেদ, Keratin Cuticle৮০,০০০–১০,০০,০০০
NematomorphaThread formHorsehair worms—প্ৰায় ৩০০
NemerteaA sea nymphফিতা কৃমি—প্ৰায় ১,২০০
Onychophoraনখ ধাৰীVelvet wormsভৰিৰ শেষাংশত কাইটিনৰ নখ থাকেপ্ৰায় ২০০ বিদ্যমান
Orthonectidaপোনে পোনে সাতুৰা—প্ৰজনন কোষৰ (sex cell) চাৰিওকাষে এতৰপীয়া চিলিয়াযুক্ত কোষ (ciliated cell) থাকেপ্ৰায় ২০
Phoronidaযীয়ুছৰ (Zeus) পত্নীHorseshoe wormsখাদ্যনলী ইউ-আকৃতিৰ (U-shaped)১১
Placozoaচেপেতা জন্তু——১
চেপেটা কৃমিচেপেটা কৃমিচেপেটা কৃমি—প্ৰায় ২৫,০০০
স্পঞ্জ*ৰন্ধ্ৰীSpongesছিদ্ৰ যুক্ত অভ্যন্তৰীণ বেৰ (interior wall) থাকে৫,০০০+ বিদ্যমান
Priapulidaসৰু প্ৰায়াপাছ (Priapus)——১৬
RhombozoaLozenge animal—Single anteroposterior axial cell surrounded by ciliated cells৭৫
Rotiferaচক্ৰ ধাৰীRotifersশৰীৰৰ অগ্ৰাংশত চিলিয়াৰ মুকুটৰ দৰে চক্ৰ থাকেপ্ৰায় ২,০০০
Sipunculaসৰু নলীPeanut wormsমুখখন ঘুৰাবপৰা টেণ্টাকুলে (tentacle) ঘেৰি থাকে১৪৪–৩২০
Tardigradaলেহেমীয়া খোজWater bearsদেহ আৰু মূৰ চাৰি ভাগত বিভক্ত১,০০০+
Xenoturbellidaআচৰিত চেপেটা কৃমি—চিলিয়াযুক্ত Deuterostome২
মুঠ: ৩৫২০,০০,০০০+

বহিঃসংযোগ

সম্পৰ্কিত শ্ৰেণী

বৈজ্ঞানিক শ্ৰেণীবিন্যাসজীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰাণী” প্ৰবন্ধৰ সংশোধন ৬১২৮২৩ (১৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।