অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

বৈজ্ঞানিক নামকৰণ পদ্ধতি

দ্বৈৰাশিক নামকৰণ (Binomial nomenclature) হৈছে জীৱবিজ্ঞানত প্ৰজাতি নামকৰণৰ এটা আনুষ্ঠানিক পদ্ধতি। এই নামকৰণ পদ্ধতিত, প্ৰত্যেকটো জীৱৰ নাম দুটা অংশৰে গঠিত। নামটো লিখোঁতে লেটিন বা অন্য যিকোনো ভাষাৰ পৰা আহৰণ কৰা শব্দবোৰ লেটিন ব্যাকৰণৰ ৰূপত লিখা হয়। যেনে, ‘assam’ শব্দটো ‘assama’ বুলি লিখা হয়।

হালনাগাদ: ২০ অক্টোবৰ ২০২২ ৪৫২ শব্দ · ৩ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

দ্বৈৰাশিক নামকৰণ (Binomial nomenclature) হৈছে জীৱবিজ্ঞানত প্ৰজাতি নামকৰণৰ এটা আনুষ্ঠানিক পদ্ধতি। এই নামকৰণ পদ্ধতিত, প্ৰত্যেকটো জীৱৰ নাম দুটা অংশৰে গঠিত। নামটো লিখোঁতে লেটিন বা অন্য যিকোনো ভাষাৰ পৰা আহৰণ কৰা শব্দবোৰ লেটিন ব্যাকৰণৰ ৰূপত লিখা হয়। যেনে, ‘assam’ শব্দটো ‘assama’ বুলি লিখা হয়। এনে নাম একোটাই দ্বিপদ নাম, দ্বৈৰাশিক নাম বা বৈজ্ঞানিক নাম; অনানুষ্ঠানিকভাৱে লেটিন নাম বুলিও কয়। নামটোৰ প্ৰথম অংশই প্ৰজাতিটো যিটো গণৰ অন্তৰ্গত তাক চিনাক্ত কৰে; দ্বিতীয় অংশই গণটোৰ অন্তৰ্গত প্ৰজাতিটোক চিনাক্ত কৰে। উদাহৰণ স্বৰূপে, মানুহবোৰ, হম' (Homo) নামৰ গণটোৰ অন্তৰ্গত আৰু এই গণৰে হম' চেপিয়েন্স (Homo sapiens) নামৰ প্ৰজাতিটোৰ অন্তৰ্গত জীৱ। প্ৰজাতি নামকৰণৰ এই প্ৰদ্ধতিটো প্ৰথম ব্যৱহাৰ কৰাৰ শ্ৰেয় ছুইছ প্ৰকৃতি বিজ্ঞানী কাৰ্ল লিনিয়াছক দিয়া হয়। ১৭৫৩ চনত তেওঁ তেওঁৰ স্পেছিচ প্লেণ্টাৰামত (Species Plantarum) এই প্ৰদ্ধতিটো কাৰ্যকৰীভাৱে আৰম্ভ কৰিছিল।১

বৰ্তমান প্ৰচলিত দ্বৈৰাশিক নামকৰণ, আন্তঃৰাষ্ট্ৰীয় ভাবে গ্ৰহণ কৰা বিভিন্ন নীতিৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়, যিবোৰৰ ভিতৰত দুটা অতি গুৰুত্বপূৰ্ণ নীতি হ'ল, ‘প্ৰাণীবৈজ্ঞানিক নামকৰণৰ আন্তঃৰাষ্ট্ৰীয় নীতি’ (ICZN) প্ৰাণীৰ বাবে, আৰু ‘শেলাই, ভেঁকুৰ আৰু উদ্ভিদ নামকৰণৰ আন্তঃৰাষ্ট্ৰীয় নীতি’ (ICN)। যদিও দ্বিপদ নামকৰণৰ দুয়োটা পদ্ধতিতে সাধাৰণ নীতিসমূহ প্ৰায় একে, তথাপি দুয়োটাই ব্যৱহাৰ কৰা সূত্ৰ আৰু নীতিসমূহৰ মাজত কিছু পাৰ্থক্যও আছে। আধুনিক ব্যৱহাৰত, নামটোৰ প্ৰথম অংশৰ, গণটোৰ, প্ৰথম বৰ্ণটো সদায় বৰফলাত লিখা হয়, কিন্তু দ্বিতীয় অংশটো যদিও, মানুহৰ নাম বা ঠাইৰ নামৰ দৰে নামবাচক বিশেষ্য পদৰ পৰা অনা হয়, তথাপি তেনেদৰে লিখা নহয়। সেইদৰে, যেতিয়া বৈজ্ঞানিক নামটো সাধাৰণ ভাবে লিখা হয়, তেতিয়া নামটোৰ দুয়োটা অংশ হেলনীয়াকৈ লিখা হয়। যেনে, এনোৱেল ফ্লক্স (উদ্ভিদবিদ থমাছ ড্ৰোমণ্ডৰ নামেৰে নামকৰণ কৰা হৈছে)ৰ বৈজ্ঞানিক নামটো Phlox drummondii বুলি লিখা হয়। বৈজ্ঞানিক কামত, অন্ততঃ যেতিয়া নামটো প্ৰথমবাৰৰ বাবে লিখা হয়, তেতিয়া বৈজ্ঞানিক নামটোৰ স্বত্বাধিকাৰীৰ নামটোও সাধাৰণতে লিখা হয়, লগতে প্ৰকাশৰ তাৰিখটোও কেতিয়াবা উল্লেখ কৰা হয়।

অন্য স্থানসমূহ

দ্বৈৰাশিক নামকৰণ, ইয়াত বৰ্ণনা কৰাৰ দৰে, প্ৰজাতি নামকৰণৰ এটা পদ্ধতি। প্ৰজাতিটোৰ নামটোৰ প্ৰথম অংশ এটা গণৰ নাম হোৱা বাবে ই গণ নামকৰণৰ এটা পদ্ধতিকো সাঙুৰি লয়। কিছুমান শ্ৰেণীবিভাজন পদ্ধতিত গণৰ ওপৰৰ স্থান আৰু প্ৰজাতিৰ তলৰ স্থান ওপৰত ভিত্তি কৰিও নামকৰণ কৰা হয়। এনে পদ্ধতিত গণৰ ওপৰৰ স্থানে (যেনে: পৰিয়াল, বৰ্গ, শ্ৰেণী) নামটোৰ এটা অংশ পূৰণ কৰে যিটো হেলনীয়াকৈ লিখা নহয়। যেনে, ঘৰচিৰিকাৰ বৈজ্ঞানিক নাম Passer domesticus, ই Passeridae নামৰ পৰিয়ালৰ অন্তৰ্গত। পৰিয়ালৰ নামবোৰ প্ৰায়ে গণৰ নামৰ ওপৰত ভিত্তি কৰি দিয়া হয়।

প্ৰজাতিৰ তলৰ স্থানসমূহৰ নামত তিনিটা অংশ থাকে, প্ৰজাতিৰ নামৰ দৰেই হেলনীয়াকৈ লিখা হয়। এই ক্ষেত্ৰত ICZN আৰু ICN মাজত গুৰুত্বপূৰ্ণ পাৰ্থক্য পৰিলক্ষিত হয়। প্ৰাণীবিদ্যাত প্ৰজাতিৰ তলৰ একমাত্ৰ স্থানটো হৈছে উপ-প্ৰজাতি আৰু নামটো সাধাৰণভাবে তিনিটা অংশত লিখা হয় (ত্ৰিপদ নাম)। যেনে, বাঘৰ এটা উপ-প্ৰজাতিৰ বৈজ্ঞানিক নাম Panthera tigris tigris। উদ্ভিদবিদ্যাত প্ৰজাতিৰ তলত কেইবাটাও স্থান থাকে আৰু সিহঁতৰ নামটো তিনিটা অংশতেই লিখা হয় যদিও নিৰ্দিষ্ট স্থানটো দেখুৱাবৰ বাবে এটা ‘সংযোগী পদ’ৰ (নামটোৰ অংশ নহয়) প্ৰয়োজন হয়। যেনে, Ivy-leaved cyclamen-ৰ বগা ফুল ফুলাবিধ Cyclamen hederifolium var. hederifolium forma albiflorum। ইয়াত "var. hederifolium forma albiflorum" এটা সংযোগী পদ। উদ্ভিদ জোপা hederifolium নামৰ ভ্যেৰাইটিৰ অন্তৰ্গত albiflorum নামৰ এটা ফৰ্ম।

তথ্যসূত্ৰ

  1. ↑ www.nhm.ac.uk/nature-online/science-of-natural-h

সম্পৰ্কিত শ্ৰেণী

জীৱবিজ্ঞানবৈজ্ঞানিক শ্ৰেণীবিন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৈজ্ঞানিক নামকৰণ পদ্ধতি” প্ৰবন্ধৰ সংশোধন ৩৩৫৩০৮ (২০ অক্টোবৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।