অসিক্নী (असिक्नी) হৈছে হিন্দু পৌৰাণিক কাহিনীত উল্লিখিত এগৰাকী দেৱী। তেওঁক পঞ্চজনী আৰু বিৰাণী বুলিও কোৱা হয়। পৌৰাণিক কাহিনী অনুসৰি তেওঁ দক্ষৰ পত্নী। বেছিভাগ শাস্ত্ৰতে তেওঁক ৬০০০ পুত্ৰ আৰু ৬০ কন্যা সন্তানৰ মাতৃ বুলি উল্লেখ কৰা হৈছে।
ব্যুৎপত্তি আৰু উপনাম
সংস্কৃত শব্দ "असिक्नी"ৰ অৰ্থ হৈছে 'আন্ধাৰ' বা 'ৰাতি'; ইয়াৰ দ্বাৰা "মহিলাৰ অৱসৰ বিনোদনৰ কোঠাত উপস্থিত থকা এগৰাকী ছোৱালী"কো বুজোৱা হ'ব পাৰে।১২ চেনাব নদীৰ বৰ্ণনাৰ বাবে ঋকবেদত (প্ৰায় ১৫০০ খ্ৰীষ্টপূৰ্ব) এই শব্দটো ব্যৱহাৰ কৰা হৈছে।৩৪
তেখেতক পিতৃৰনামেৰে "পাঞ্চজনী" আৰু "বিৰাণী" বুলিও জনা যায়।৫
কিংবদন্তী
জন্ম
তেওঁৰ পিতৃ-মাতৃৰ বিষয়ে বিভিন্ন পুৰাণত বেলেগ বেলেগ ধৰণে উল্লেখ আছে।
দেৱী-ভাগৱত পুৰাণ,৫ কালিকা পুৰাণ,৬ গৰুড় পুৰাণ, আৰু ব্ৰহ্ম পুৰাণত৭ অসিক্নীৰ জন্ম ব্ৰহ্মাৰ বাওঁহাতৰ বুঢ়া আঙুলিৰ পৰা হোৱা বুলি উল্লেখ কৰা হৈছে। ভাগৱত পুৰাণ৮ আৰু শিৱ পুৰাণৰ মতে,৯ তেওঁ প্ৰজাপতি পঞ্চজনৰ কন্যা আছিল।
ব্ৰহ্ম পুৰাণ,৭ ব্ৰহ্মাণ্ড পুৰাণ,১০ বায়ু পুৰাণ,১১ কালিকা পুৰাণ, কুৰ্ম পুৰাণ,১২ পদ্ম পুৰাণ,১৩ গৰুড় পুৰাণ,১৪ আৰু শিৱ পুৰাণ৯ত তেওঁক... প্ৰজাপতি বিৰাণৰ কন্যা বুলি উল্লেখ কৰা হৈছে।১৫
বিবাহ
বিষয়বস্তুৰ বিস্তৃত বৰ্ণনাৰ ক্ষেত্ৰত বায়ু পুৰাণ,১৬ ভাগৱত পুৰাণ,৬ আৰু ব্ৰহ্ম পুৰাণ উল্লেখযোগ্য।৭৫
ব্ৰহ্মাই দক্ষক ব্ৰহ্মাণ্ডক জনবসতিপূৰ্ণ কৰিবলৈ সত্তা সৃষ্টিৰ দায়িত্ব দিছিল; তেওঁ মনৰ পৰা দেৱতা, ঋষি, অসুৰ, যক্ষ আৰু ৰাক্ষস সৃষ্টি কৰিছিল, কিন্তু এইক্ষেত্ৰত তেওঁ অধিক সফল হ'ব নোৱাৰিলে।৫৭ কঠোৰ তপস্যাৰ পিছত বিষ্ণুৱে অসিক্নীক তেওঁৰ পত্নী হিচাপে অনুমতি দিয়ে আৰু দুয়োকে সহবাসৰ বাবে আহ্বান জনায়।৫৮
সন্তান-সন্ততি
তেওঁলোকৰ মিলনৰ জৰিয়তে অসংখ্য সন্তানৰ জন্ম হয়।৬ ব্ৰহ্মাণ্ড পুৰাণ,১০ ভাগৱত পুৰাণ,৮ লিংগ পুৰাণ১৭, গৰুড় পুৰাণ,১৪ কুৰ্ম পুৰাণ,১২ শিৱ পুৰাণ,৯১৫ বিষ্ণু পুৰাণ১৮১৯, পদ্ম পুৰাণ১৮১১, আৰু ব্ৰহ্ম পুৰাণত১৩ এই সম্পৰ্কে একেখিনি কথাকে উল্লেখ কৰা হৈছে।৭৬
দক্ষ আৰু অসিক্নীয়ে প্ৰথমে পাঁচ হাজাৰ পুত্ৰ সন্তান জন্ম দিয়ে, যিসকল হাৰ্যস্বস নামেৰে জনাজাত।৫ তেওঁলোকে পৃথিৱীখনত জনবসতি স্থাপন কৰিবলৈ আগ্ৰহী আছিল যদিও নাৰদৰ পৰামৰ্শ অনুসৰি, ইয়াৰ পৰিৱৰ্তে লৌকিক বিষয়বোৰ আৱিষ্কাৰ কৰিবলৈ লয় আৰু কেতিয়াও ঘূৰি নাহে।৫ দক্ষ আৰু অসিক্নিয়ে পুনৰ আৰু এহেজাৰ পুত্ৰ (সবলস্ব) জন্ম দিয়ে, যিসকলক জন্মদিয়াৰ উদ্দেশ্য একেই আছিল। নাৰদে তেওঁলোককো একেই পাঠ পঢ়োৱাত৫ ক্ৰোধিত হৈ দক্ষই নাৰদক চিৰন্তন বিচৰণকাৰী হৈ থাকিবলৈ বুলি অভিশাপ দিলে। এইবাৰ তেওঁ আৰু অসিক্নীয়ে ষাঠিগৰাকী কন্যা সন্তান জন্ম দিয়ে।৬ তেওঁলোকৰ বিবাহ হয় বিভিন্ন ঋষি আৰু দেৱতাৰ সৈতে আৰু তেওঁলোকৰ পৰা বিভিন্ন প্ৰজাতিৰ জীৱৰ জন্ম হয়।৬৭
শিৱ পুৰাণত উল্লেখ কৰা হৈছে যে শিৱই নিজেই অসিক্নীৰ গৰ্ভৰ পৰা পুনৰ্জন্ম লাভ কৰিছিল; এই সময়ছোৱাত অসিক্নীক সকলো দেৱতাই বহুলভাৱে সন্মান আৰু প্ৰশংসা কৰিছিল।৯ দশম মাহত অসিক্নিয়ে সতীক জন্ম দিয়ে; দুয়োৱে সতীৰ ভালদৰে যত্ন লয়।৯
তথ্যসূত্ৰ
- ↑ Gandhi, Maneka. (1993). The Penguin Book of Hindu Names. Penguin Books India. পৃ. 39. ISBN 978-0-14-012841-3
- ↑ Williams, Monier; Leumann, Ernst; Cappeller, Carl. (1899). A Sanskrit-English Dictionary: Etymologically and Philologically Arranged with Special Reference to Cognate Indo-European Languages. Motilal Banarsidass Publishing House. পৃ. 120. ISBN 978-81-208-3105-6
- ↑ Habib, Irfan. (2001). Imaging River Sarasvati: A Defence of Commonsense. Social Scientist. পৃ. 48
- ↑ Sharma, B. R. (1957). ON SAPTÁ—IN THE ṚGVEDA. Bulletin of the Deccan College Research Institute. পৃ. 298
- ↑ Mani, Vettam. (1975). Aksini. Puranic Encyclopedia: a comprehensive dictionary with special reference to the epic and Puranic literature. Motilal Banarsidass, Delhi. পৃ. 57–58
- ↑ Mani, Vettam. (1975). Dakṣa. Puranic Encyclopedia: a comprehensive dictionary with special reference to the epic and Puranic literature. Motilal Banarsidass. পৃ. 192–193
- ↑ Söhnen-Thieme, Renate; Schreiner, Peter. (1989). Brahmapurāṇa: Summary of Contents, with Index of Names and Motifs. Otto Harrassowitz Verlag. পৃ. 4–5. ISBN 978-3-447-02960-5
- ↑ Tagare, Ganesh Vasudeo. (1976). The Bhagavata Purana: Part II. Ancient Indian Tradition & Mythology. Motilal Banarsidass. পৃ. 803–809
- ↑ Shastri, J. L. (1950). The Siva Purana: Part I. Ancient Indian Tradition and Mythology. Motilal Banarsidass. পৃ. 252, 328–335
- ↑ G. V. Tagare. (1958). Brahmanda Purana - English Translation - Part 2 of 5. পৃ. 407–414
- ↑ Tagare, G. V. (1988). The Vayu Purana: Part II. Ancient Indian Tradition and Mythology. Motilal Banarsidass. পৃ. 478, 494–497
- ↑ Motilal Banarsidass Publishers. (1951-01-01). Kurma Purana Full (Parts 1 and 2). পৃ. 142–143, 177
- ↑ N. A., Dehpande. (1988). The Padma Purana: Part I. Ancient Indian Tradition And Mythology. Motilal Banarsidass. পৃ. 47
- ↑ J.L. Shastri. (1957-01-01). Garuda Purana English Motilal 3 Volumes In 1. পৃ. 20, 24–25
- ↑ Klostermaier, Klaus. (1985). THE ORIGINAL DAKṢA SAGA. Journal of South Asian Literature. পৃ. 96
- ↑ Long, J. Bruce. (1977). Dakṣa: Divine Embodiment of Creative Skill. History of Religions. পৃ. 57
- ↑ Shastri, J. L. Ed. The Linga-purana. পৃ. 242
- ↑ PUI Cologne Scan. www.sanskrit-lexicon.uni-koeln.de. পৃ. 226, 229
- ↑ Hara, Minoru. (2009). Divine Procreation. Indo-Iranian Journal. পৃ. 231Also, Schreiner, Peter. (2013). Visnupurana: Althergebrachte Kunde über Visnu. Verlag der Weltreligionen im Insel Verlag. ISBN 9783458734956
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসিক্নী” প্ৰবন্ধৰ সংশোধন ৩৫৪৬৫৮ (১৮ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।