অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

অৰোৰা (শ্ৰুতিকথা)

অৰোৰা (লেটিন: [au̯ˈroːra], ইংৰাজী: Aurora) ৰোমান পৌৰাণিক কাহিনী আৰু লেটিন কবিতাত বৰ্ণিত দোকমোকালিক প্ৰতিনিধিত্ব কৰা দেৱী। গ্ৰীক ইঅ'ছ আৰু ঋকবৈদিক দেৱী উষাৰ দৰেই অৰোৰাৰ নামো পূৰ্বৰ ইণ্ডো-ইউৰোপীয় সংস্কৃতিত পুৱাক প্ৰতিনিধিত্ব কৰা দেৱী হাউছছৰ নামৰ সৈতে সংযুক্ত কৰা হৈছে।

হালনাগাদ: ১১ মাৰ্চ ২০২৫ ২৩৩ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

অৰোৰা (লেটিন: [au̯ˈroːra], ইংৰাজী: Aurora) ৰোমান পৌৰাণিক কাহিনী আৰু লেটিন কবিতাত বৰ্ণিত দোকমোকালিক প্ৰতিনিধিত্ব কৰা দেৱী। গ্ৰীক ইঅ'ছ আৰু ঋকবৈদিক দেৱী উষাৰ দৰেই অৰোৰাৰ নামো পূৰ্বৰ ইণ্ডো-ইউৰোপীয় সংস্কৃতিত পুৱাক প্ৰতিনিধিত্ব কৰা দেৱী হাউছছৰ নামৰ সৈতে সংযুক্ত কৰা হৈছে।

নাম

অৰোৰা আদি-ইটালিক শব্দ *ausōs আৰু আদি-ইণ্ডো-ইউৰোপীয় *haéusōs শব্দৰ পৰা উদ্ভৱ হৈছে৷ এই বিশ্বাসত পুৱা বা দোকমোকালিক ঐশ্বৰিক সত্তা হিচাপে ধাৰণা কৰা হৈছে। এই শব্দটোৰ সম্পৰ্কীয় শব্দ বোৰ হৈছে Ēṓs, Ushas, Aušrinė, Auseklis আৰু Astre৷১২

কিংবদন্তি

ৰোমান পৌৰাণিক কাহিনীত অৰোৰাই প্ৰতিদিনে পুৱা নিজকে নবীকৰণ কৰে আৰু আকাশত উৰি উৰি সূৰ্য্যৰ আগমনৰ কথা ঘোষণা কৰে। তেওঁৰ পিতৃ-মাতৃৰ ভিন্ন পৰিচয় দিয়া হৈছে৷ ৰোমান কবি অভিডৰ (Ovid) মতে তেওঁ পালাছৰ কন্যা৩ বা হাইপেৰিয়ানৰ কন্যাক বুজুৱা পেলাণ্টিছৰ সমকক্ষ হ'ব পাৰে।৪ তেওঁৰ দুজন ভাতৃ-ভগ্নী, এজন ভাতৃ (ছোল, সূৰ্য্য) আৰু এগৰাকী ভগ্নী (লুনা, চন্দ্ৰ)। ৰোমান লেখকসকলে খুব কমেইহে হেচিয়ড আৰু পিছৰ গ্ৰীক কবিসকলৰ অনুকৰণ কৰিছিল আৰু অৰোৰাক তৰাবোৰৰ পিতৃ এষ্ট্ৰিয়াছৰ সন্তান এনেম’ই (বতাহৰ) মাতৃ বুলি নামকৰণ কৰিছিল।

যৌনগন্ধী কবিতাত অৰোৰাক তেওঁৰ এজন মৰ্ত্যলোকৰ প্ৰেমিকৰ সৈতে উপস্থাপন কৰা দেখা যায়। ৰোমান কবিসকলে গ্ৰীক ভাষাৰ পৰা লোৱা এটা শ্ৰুতিকথাত কোৱা হৈছে যে তেওঁৰ এজন প্ৰেমিক আছিল ট্ৰয়ৰ ৰাজকুমাৰ টাইথনাছ। টাইথনছ আছিল এজন মানৱ, আৰু সেয়েহে বয়সীয়াল হৈ মৃত্যুবৰণ কৰিব। প্ৰেমিকৰ লগত চিৰকাল থাকিব বিচৰা অৰোৰাই বৃহস্পতি গ্ৰহক টাইথনছক অমৰত্ব প্ৰদান কৰিবলৈ কয়। বৃহস্পতিয়ে তেওঁৰ ইচ্ছা পূৰণ কৰিলে, কিন্তু তেওঁ অমৰত্বৰ লগত চিৰযৌৱন প্ৰদান কৰাত ব্যৰ্থ হ’ল আৰু তেওঁ বয়স বাঢ়ি গৈ থাকিল, শেষত চিৰদিনৰ বাবে বৃদ্ধ হৈ পৰিল। অৰোৰাই টাইথনছক ঝিলিলৈ (এবিধ পতংগ) ৰূপান্তৰিত কৰিলে।

তথ্যসূত্ৰ

  1. ↑ Vaan, Michiel de. (2018-10-31). Etymological Dictionary of Latin and the other Italic Languages. Leiden · Boston, 2008. পৃ. 63. ISBN 9789004167971
  2. ↑ Mallory, J. P.; Adams, D. Q. (2006-08-24). The Oxford Introduction to Proto-Indo-European and the Proto-Indo-European World. OUP Oxford. পৃ. 409. ISBN 9780199287918
  3. ↑ "When Pallantis next gleams in heaven and stars flee..." (Ovid, Fasti iv. 373
  4. ↑ Fasti v.159; also Hyginus, Preface to Fabulae

সম্পৰ্কিত শ্ৰেণী

ৰোমান শ্ৰুতিকথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰোৰা (শ্ৰুতিকথা)” প্ৰবন্ধৰ সংশোধন ৪৯০৬২৩ (১১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।