অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

শৈলপুত্ৰী

শৈলপুত্ৰী (शैलपुत्री) হৈছে হিন্দু দেৱী দুৰ্গাৰে এক ৰূপ। শৈলপুত্ৰীৰ আক্ষৰিক অৰ্থ হৈছে পৰ্বতৰ জীয়ৰী। তেওঁক সতী, ভৱানী, পাৰ্বতী বা হেমৱতী নামেৰেও জনা যায়। তেওঁক প্ৰকৃতিৰ পৰম স্বৰূপ হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ২৪ ফেব্ৰুৱাৰী ২০২৬ ১৮৯ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

শৈলপুত্ৰী (शैलपुत्री) হৈছে হিন্দু দেৱী দুৰ্গাৰে এক ৰূপ। শৈলপুত্ৰীৰ আক্ষৰিক অৰ্থ হৈছে পৰ্বতৰ জীয়ৰী। তেওঁ হৈছে নৱদুৰ্গাৰ প্ৰথমগৰাকী আৰু নৱৰাত্ৰিৰ প্ৰথমদিনাই তেওঁৰ উপাসনা কৰা হয়। তেওঁ আছিল পৰ্বতৰাজ হিমৱান আৰু তেওঁৰ পত্নী মৈনিকা বা মেনাৱতীৰ জীয়ৰী। শিৱ পুৰাণ আৰু কালিকা পুৰাণৰ মতে দেহৰ শ্যামবৰণৰ বাবে জন্মতে শৈলপুত্ৰীৰ নাম ৰখা হৈছিল কালী।১২

তেওঁক সতী,৩ ভৱানী, পাৰ্বতী বা হেমৱতী নামেৰেও জনা যায়। তেওঁক প্ৰকৃতিৰ পৰম স্বৰূপ হিচাপে গণ্য কৰা হয়।

চিত্ৰায়ন

দেৱী শৈলপুত্ৰীক দ্বিভূজা ৰূপত কপালত এক অৰ্ধচন্দ্ৰৰে সৈতে অংকন কৰা হয়। তেওঁ সোঁ‌হাতে ত্ৰিশূল আৰু বাওঁ‌হাতে এপাহ পদুম ফুল ধাৰণ কৰে। শৈলপুত্ৰীৰ বাহন হৈছে বৃষভ।

ইতিহাস

শৈলপুত্ৰী হৈছে আদি পৰাশক্তি যি হিমালয়ৰ ৰজা হিমৱানৰ ঘৰত জন্মলাভ কৰে। 'শৈল' অৰ্থাৎ পৰ্বত আৰু 'পুত্ৰী অৰ্থাৎ জীয়ৰীয়ে তেওঁ পৰ্বতৰাজৰ কন্যা হোৱাৰ কথাকে সূচায়।৪

ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ শক্তিৰ বিমূৰ্ত ৰূপ শৈলপুত্ৰী পূৰ্বতে আছিল প্ৰজাপতি দক্ষৰ দুহিতা সতী।৩ দক্ষৰ যজ্ঞত শিৱক অপমান কৰাত ক্ষুণ্ণ হৈ সতীয়ে দেহত্যাগ কৰে। পিছৰ জন্মত তেওঁ হিমালয়ৰ কন্যা পাৰ্বতীৰ ৰূপত জন্ম হয় আৰু শিৱৰ সৈতে বিবাহপাশত আবদ্ধ হয়। উপনিষদৰ মতে তেওঁ দেৱৰাজ ইন্দ্ৰ আদি দেৱতাৰ দৰ্পচূৰ্ণ কৰে। ইয়াতে লজ্জানত হৈ দেৱতাসকলে কয় যে তেওঁলোকে শক্তি বা শৈলপুত্ৰীৰ পৰাই শক্তি লাভ কৰে।

দেৱী শৈলপুত্ৰীয়ে পাৰ্বতীৰূপে হিমালয়ৰ ঔৰষত জন্ম লাভ কৰে। তেওঁ হেমৱতী ৰূপত সকলো প্ৰধান দেৱতাকে পৰাজিত কৰে।৫

শৈলপুত্ৰী হৈছে শৰীৰৰ মূলাধাৰ চক্ৰৰ দেৱী। জাগ্ৰত হোৱাৰ পিছত বৃষভত বহি তেওঁ উৰ্ধদিশেৰে যাত্ৰা কৰে। সেয়ে নৱৰাত্ৰিৰ আৰম্ভণিৰ দিনা যোগীসকলে নিজৰ ধ্যান মূলাধাৰ চক্ৰত নিৱদ্ধ ৰাখে। এয়া হৈছে তেওঁলোকৰ স্ব-নিয়মানুৱৰ্তিতাৰ আধাৰ। বিশ্বাস কৰা হয় যে সমস্ত জগতে পূৰ্ণ প্ৰকৃতিৰূপী শৈলপুত্ৰীৰ পৰাই যক্তি লাভ কৰে।

অৰ্চনা

দেৱী শৈলপুত্ৰীৰ পূজা নাৰীশক্তিৰ প্ৰতীক ঘটস্থাপনেৰে আৰম্ভ হয়।৬ ঘটস্থাপনৰ পূজা পবিত্ৰ আৰু প্ৰতীকি বুলি বিশ্বাস কৰা কিছু সামগ্ৰীৰে সম্পন্ন কৰা হয়। এটা মাটিৰ পাত্ৰত তিনিতৰপ মাটি আৰু শস্যৰ বীজ সিঁ‌চি পানী ছটিয়াই জিকাই ৰখা হয়। ইয়াৰ ওপৰত গংগাজল পূৰ্ণ এটা কলহত কেইটামান মুদ্ৰা, হালধি মিহলোৱা আৰৈ চাউল আৰু দূবৰি বন ৰখা হয়। ইয়াৰ পিছত পাঁ‌চখিলা পাতৰ আমডালি কলহত গুঁ‌জি ইয়াৰ ওপৰত এটা নাৰিকল স্থাপন কৰা হয়।৬৭

মন্ত্ৰ

শৈলপুত্ৰীৰ মন্ত্ৰ::ॐ देवी शैलपुत्र्यै नमः॥:ওম দেৱী শৈলপুত্ৰৈ নমঃ॥'শৈলপুত্ৰীৰ বন্দনা':वन्दे वाञ्छितलाभाय चन्द्रार्ध कृतशेखराम्। :वृषारूढाम् शूलधराम् शैलपुत्रीम् यशस्विनीम्॥:বন্দে বাঞ্চিতলাভায় চন্দ্ৰাৰ্ধ কৃতশেখৰম। :বৃষাৰুধাম শূলধৰাম শৈলপুত্ৰীম যশশ্বীনিম॥

মন্দিৰ

উত্তৰ প্ৰদেশৰ বাৰাণসীত শৈলপুত্ৰীৰ মন্দিৰ আছে।৫৮

তথ্যসূত্ৰ

  1. ↑ Shailaputri on Zee News. Zee News
  2. ↑ Article on Hindu Deities & Mantra -Shailaputri
  3. ↑ Shailaputri on Astropeak. astrospeak
  4. ↑ Article on Navadurga: The Nine Forms of Goddess Durga
  5. ↑ Shailaputri on Dainik Bhaskar. Dainik Bhaskar
  6. ↑ Shailaputri on Financial Express
  7. ↑ ShailaputrionNBT
  8. ↑ Navadurga Temples

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱীহিন্দু কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৈলপুত্ৰী” প্ৰবন্ধৰ সংশোধন ৫৮১৪৮৯ (২৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।