অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

হলেশ্বৰ দেৱালয়

হলেশ্বৰ দেৱালয় শোণিতপুৰ জিলাত অৱস্থিত অসমৰ অন্যতম এক শিৱ উপাসনাৰ থলী। তেজপুৰ চহৰৰ পৰা প্ৰায় ১০ কিল’মিটাৰ উত্তৰে গৰৈমাৰীৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে হলেশ্বৰ দেৱালয় অৱস্থিত। মন্দিৰটোৰ নামেৰেই ঠাইখনৰ নামো ‘নিজ হলেশ্বৰ’ হৈছে। মূল শিৱ মন্দিৰৰ লগতে আটকধুনীয়া মণিকূটেৰে এক নামঘৰো আছে।

হালনাগাদ: ২৪ জুন ২০১৯ ২০৮ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

হলেশ্বৰ দেৱালয় শোণিতপুৰ জিলাত অৱস্থিত অসমৰ অন্যতম এক শিৱ উপাসনাৰ থলী। তেজপুৰ চহৰৰ পৰা প্ৰায় ১০ কিল’মিটাৰ উত্তৰে গৰৈমাৰীৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে হলেশ্বৰ দেৱালয় অৱস্থিত। মন্দিৰটোৰ নামেৰেই ঠাইখনৰ নামো ‘নিজ হলেশ্বৰ’ হৈছে। মূল শিৱ মন্দিৰৰ লগতে আটকধুনীয়া মণিকূটেৰে এক নামঘৰো আছে। তাৰ উপৰিও মন্দিৰ চৌহদতে এটি গণেশ মন্দিৰ, এটি হনুমান মন্দিৰ, এটি বিশ্বকৰ্মা মন্দিৰ আৰু এটি শনি মনিৰো আছে। যাতায়তৰ সুবিধাৰ বাবে দৈনিক যথেষ্ট সংখ্যক ভক্ত আহি মন্দিৰত পূজা অৰ্চনা কৰেহি। দৈনিক যথাৰীতি পূজা বিধি পালন কৰাৰ পিছত যাত্ৰীসকলক ভোগ বিলোৱা হয়। তদুপৰি মহা শিৱৰাত্ৰি উৎসৱ মহা ধুমধামেৰে মন্দিৰ প্ৰাঙ্গনত উদযাপন কৰা হয়। শিৱ ৰাত্ৰিৰ দিনা হলেশ্বৰ মন্দিৰত বিশাল মেলা বহে।১

মন্দিৰ বিজড়িত প্ৰবাদ

প্ৰবাদ অনুসৰি এই অঞ্চলৰ এজন খেতিয়কে হাল বায় থাকোতে শিৱ লিঙ্গটি উদ্ধাৰ কৰে আৰু তাৰ পিছতে শিৱলিঙ্গটিত ঐশ্বৰিক গুণ দেখা পাই গাঁৱৰ ৰাইজে মন্দিৰ স্থাপন কৰি পূজা-অৰ্চনা কৰিবলৈ আৰম্ভ কৰে। হল (বা নাঙল)ৰ সীৰলুত উদ্ধাৰ হোৱা হেতুকে মন্দিৰটোৰ নামো হলেশ্বৰ ৰখা হয়। মূল মন্দিৰৰ গৰ্ভগৃহত শিৱ লিঙ্গটি স্থাপন কৰা হৈছে। মন্দিৰৰ দুৱাৰ মুখত আছে নন্দীৰূপী বলধৰ মূৰ্তি। সংলগ্ন অইন চাৰিটা মন্দিৰটো গনেশ দেৱতা, হনুমান, বিশ্বকৰ্মা আৰু শনি দেৱতাৰ মূৰ্তি স্থাপন কৰা হৈছে। নামঘৰৰ বেৰত অংকিত কৰা হৈছে শ্ৰী কৃষ্ণৰ শৈশৱ কালৰ লীলাৰ খণ্ডচিত্ৰ। মন্দিৰ চৌহদত থকা পুখুৰীৰ মাজমজিয়াত সু-উচ্চ মহাদেৱৰ মূৰ্তি এটিও আছে। পূজা-অৰ্চনাৰ লগতে বিবাহ আদি মাঙ্গলিক বিধি-বিধান অনুষ্ঠিত কৰিবলৈও মন্দিৰ চৌহদত সু-ব্যৱস্থা আছে।২

তথ্যসূত্ৰ

  1. ↑ শিৱ, ড° নিৰ্মলপ্ৰভা বৰদলৈ
  2. ↑ হলেশ্বৰ দেৱালয়ৰ ইতিবৃত্ত, মন্দিৰ পৰিচালনা সমিতি

সম্পৰ্কিত শ্ৰেণী

অসমৰ ধৰ্মীয় স্থানশোণিতপুৰ জিলাৰ পৰ্যটনস্থলীহিন্দুধৰ্মৰ মঠ-মন্দিৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হলেশ্বৰ দেৱালয়” প্ৰবন্ধৰ সংশোধন ১৯৮১৬৩ (২৪ জুন ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।