অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

অষ্টাংগিক আৰ্য মাৰ্গ

অষ্টাংগিক আৰ্য মাৰ্গ (পালি:, সংস্কৃত: ) সংসাৰৰ পৰা মোক্ষলাভ (জীৱন আৰু মৃত্যুৰ চক্ৰৰ অন্ত) আৰু নিৰ্বাণ প্ৰাপ্তিৰ বাবে বৌদ্ধ কাৰ্যপন্থাৰ এক পুৰণি সাৰাংশ। বৌদ্ধ প্ৰতীকসমূহৰ মাজত ধৰ্মচক্ৰই অষ্টাংগিক আৰ্য মাৰ্গ দৰ্শায়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৭৮ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অষ্টাংগিক আৰ্য মাৰ্গ (পালি:, সংস্কৃত: )১ সংসাৰৰ পৰা মোক্ষলাভ২৩ (জীৱন আৰু মৃত্যুৰ চক্ৰৰ অন্ত) আৰু নিৰ্বাণ প্ৰাপ্তিৰ বাবে বৌদ্ধ কাৰ্যপন্থাৰ এক পুৰণি সাৰাংশ।৪৫ বৌদ্ধ প্ৰতীকসমূহৰ মাজত ধৰ্মচক্ৰই অষ্টাংগিক আৰ্য মাৰ্গ দৰ্শায়।

কাৰ্যসমূহ

এই মাৰ্গত আঠটা কাৰ্য আছে: সম্যক দৃষ্টি, সম্যক সংকল্প, সম্যক বাক্য, সম্যক কৰ্ম, সম্যক জীৱিকা, সম্যক প্ৰযত্ন, সম্যক স্মৃতি আৰু সম্যক সমাধি।৬ ইয়াৰে প্ৰথম দুটা সম্যক প্ৰজ্ঞা, তাৰ পাছৰ তিনিটা সম্যক শীল আৰু শেষৰ তিনিটা সম্যক সমাধি।

প্ৰথমে বৌদ্ধ ধৰ্মত এই কাৰ্যসমূহ আৰম্ভ হৈছিল এই ধাৰণাৰে যে শৰীৰ-মনে ভ্ৰষ্ট ধৰণেৰে কাম কৰে (সম্যক দৃষ্টি); যাৰ পাছত বৌদ্ধ মাৰ্গত প্ৰৱেশ কৰা হয়: সম্যক পালন, সম্যক সংযম, দয়া আৰু কৰুণা বৃদ্ধি কৰা। অৱশেষত ধ্যান বা সমাধি লাভ কৰা হয়। ই শৰীৰ আৰু মনৰ বিকাশৰ কাৰ্যক সুদৃঢ় কৰে।৭ পাছলৈ প্ৰজ্ঞা বৌদ্ধ ধৰ্মত গুৰুত্বপূৰ্ণ হৈ পৰিল, আৰু এই মাৰ্গৰ এক অন্য ধাৰণা বিকশিত হ'ল।৮৯ ইয়াৰ উদ্দেশ্য অজ্ঞান আৰু পুনৰ্জন্মৰ অন্ত।১০১১১২১৩১৪

ভূমিকা

অষ্টাংগিক আৰ্য মাৰ্গ বৌদ্ধ শিক্ষাৰ এক প্ৰধান সাৰাংশ, যিয়ে অৰ্হতলৈ লৈ যায়।১৫ থেৰবাদত এই মাৰ্গক শীল, সমাধি আৰু প্ৰজ্ঞা বোলা হয়। মহাযানত এই মাৰ্গৰ তুলনা কৰা হয় বোধিসত্ত্ব মাৰ্গৰ সৈতে। মহাযানৰ মতে বোধিসত্ত্ব মাৰ্গে অৰ্হতৰ আগলৈ যাত্ৰীক লৈ যায়: পূৰ্ণ বুদ্ধত্বলৈ।১৬

তথ্যসূত্ৰ

  1. ↑ Brekke, Torkel. "The Religious Motivation of the Early Buddhists". Journal of the American Academy of Religion, Vol. 67, No. 4 (Dec. 1999), p. 860
  2. ↑ Brekke, Torkel. "The Religious Motivation of the Early Buddhists". Journal of the American Academy of Religion, Vol. 67, No. 4 (Dec. 1999), p. 860
  3. ↑ Anderson 2013, পৃ. 64–65
  4. ↑ Lopez 2009, পৃ. 136-137
  5. ↑ Lopez 2009, পৃ. 136-137
  6. ↑ Vetter 1988, পৃ. 11–14
  7. ↑ Vetter 1988
  8. ↑ Bronkhorst 1993
  9. ↑ Bronkhorst 1993
  10. ↑ Raju 1985, পৃ. 147–51
  11. ↑ Eliot 2014, পৃ. 39–41
  12. ↑ Harvey 2016, পৃ. 253–55
  13. ↑ Anderson 2013, পৃ. 64–65
  14. ↑ Anderson 2013, পৃ. 64–65
  15. ↑ Harvey, Peter. (2000). An introduction to Buddhist ethics: foundations, values and issues. Cambridge Univ. Press. পৃ. 123–24. ISBN 0-521-55394-6
  16. ↑ Harvey, Peter. (2000). An introduction to Buddhist ethics: foundations, values and issues. Cambridge Univ. Press. পৃ. 123–24. ISBN 0-521-55394-6

সম্পৰ্কিত শ্ৰেণী

বৌদ্ধ ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অষ্টাংগিক আৰ্য মাৰ্গ” প্ৰবন্ধৰ সংশোধন ৬৩১৪৯৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।