অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

মৎস্যেন্দ্ৰনাথ

মৎস্যেন্দ্ৰ বা মৎস্যেন্দ্ৰনাথ, (পূৰ্ব দহ শতিকা) হিন্দু আৰু বৌদ্ধ ধৰ্মৰ এগৰাকী সাধু আৰু যোগী আছিল। ঐতিহাসিকভাৱে তেওঁক হঠ যোগ আৰু বহু সংখ্যক পুৰণি গ্ৰন্থৰ লেখক হিচাপেও জনা যায়। তেওঁক নাথ সম্প্ৰদায়ৰ প্ৰতিষ্ঠাতা সকলৰ মাজৰে এজন বুলিও কোৱা হয়৷ তেওঁ বিশেষকৈ কৌল শৈৱ ধৰ্মৰ সৈতে সংযুক্ত।

হালনাগাদ: ১৯ এপ্ৰিল ২০২১ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

মৎস্যেন্দ্ৰ বা মৎস্যেন্দ্ৰনাথ, (পূৰ্ব দহ শতিকা) হিন্দু আৰু বৌদ্ধ ধৰ্মৰ এগৰাকী সাধু আৰু যোগী আছিল। ঐতিহাসিকভাৱে তেওঁক হঠ যোগ আৰু বহু সংখ্যক পুৰণি গ্ৰন্থৰ লেখক হিচাপেও জনা যায়। তেওঁক নাথ সম্প্ৰদায়ৰ প্ৰতিষ্ঠাতা সকলৰ মাজৰে এজন বুলিও কোৱা হয়৷১ তেওঁ বিশেষকৈ কৌল শৈৱ ধৰ্মৰ সৈতে সংযুক্ত।২ তেওঁক ৮৪ মহাসিদ্ধৰ মাজৰ এজন বুলি ধৰা হয় আৰু গোৰক্ষনাথৰ গুৰু বুলি জনা যায়। মীননাথক হিন্দু আৰু বৌদ্ধ উভয় ধৰ্মৰে সাধু বুলি কোৱা হয়। কোনো কোনোৱে তেওঁক অবলোকিতেশ্বৰৰ অৱতাৰ বুলি বিশ্বাস কৰে।

জন্মস্থান

তেওঁৰ জন্মস্থান সম্বন্ধে বিভিন্ন কিম্বদন্তি পোৱা যায়।৩ তিব্বতৰ সৈতে যুক্ত মৎস্যেন্দ্ৰনাথ যাক অবলোকিতেশ্বৰৰ অৱতাৰ বুলি ধৰা হয়, তেওঁ কামৰূপৰ এটা মছুৱৈ পৰিয়ালৰ সদস্য আছিল। তেওঁক কেৰেলাৰ ত্ৰিক্কানন্দ ত্ৰয়ম্বকেশ্বৰ মন্দিৰৰ পিছফালৰ মছুৱৈ সম্প্ৰদায়ৰ মাজত পোৱা গৈছিল।৪ ৫৬ অন্য এক সূত্ৰই তেওঁৰ জন্মস্থান উত্তৰ বংগ বুলি কৈছে। মীননাথৰ ৰথ যাত্ৰা অনুষ্ঠিত হোৱা নেপালৰ বুঙমাটিৰ নেৱাৰী কলনীত উদ্ধাৰ হোৱা শিলালিপিত তেওঁৰ মূৰ্তি অসমৰ পৰা অনা হৈছিল বুলি উল্লেখ আছে। চবৰতন্ত্ৰৰ উল্লেখ মতে তেওঁ ২৪ গৰাকী কপালিকা সিদ্ধৰ অন্যতম আছিল।

লুই-পা

বহুতো আধুনিক পণ্ডিতে মৎস্যেন্দ্ৰনাথৰ সৈতে লুইপাদক চিনাক্ত কৰিবলৈ চেষ্টা কৰিছে।৭ তেওঁলোকৰ মাজত কেইবাটাও সাদৃশ্য আছে। তেওঁলোকৰ দুয়োটা নাম লুই আৰু মীন মানে মাছ।৭ শ্ৰীলংকা আৰু পূব ভাৰত আৰু অসমত দুয়োগৰাকীয়ে যোগিনী তন্ত্ৰৰ লুইপা সম্বৰ আৰু মীননাথ যোগিনি-কৌলা আদিৰ প্ৰৱৰ্তক আছিল। লুইপাক আদিসিদ্ধ বুলি গণ্য কৰা হয় আৰু মৎস্যেন্দ্ৰনাথক আদিগুৰু বুলি কোৱা হৈছিল। কিন্তু, যদি লুইপাৰ জন্ম খ্ৰীষ্টপূৰ্ব অষ্টম শতিকাত হয়, তেন্তে তেওঁক মৎস্যেন্দ্ৰনাথৰ সৈতে চিনাক্ত কৰিব নোৱাৰি। কাৰণ মৎস্যেন্দ্ৰনাথ খ্ৰীষ্টীয় নৱম-দশম শতিকাৰ আছিল।৮

উল্লেখযোগ্য ৰচনা

মৎস্যেন্দ্ৰনাথক হঠ আৰু তান্ত্ৰিক ৰচনাৱলীৰ কৃতিত্ব প্ৰদান কৰা হয়। তেওঁক 'কৌলজ্ঞান নিৰ্ণয়'৯, 'মৎস্যেন্দ্ৰসংহিতা', আৰু 'অকুলবীৰতন্ত্ৰম্'ৰ দৰে সংস্কৃত গ্ৰন্থৰ ৰচক বুলি কোৱা হয়।

তথ্যসূত্ৰ

  1. ↑ Feuerstein, Georg (2013-09-11). The Yoga Tradition: Its History, Literature, Philosophy and Practice (Kindle Locations 12788-12789). Hohm Press. Kindle Edition. "Matsyendra was a chief representative, if not the originator, of what is known as Nâthism. But Shiva himself is considered as the source of the Nâtha lineage and is invoked as Adinâtha or 'Primordial Lord.'" (Kindle Locations 12825-12827). "Using his third eye, Shiva gazed straight through the mountain of flesh into the fish’s stomach, where he saw Mina. He was thrilled at the discovery, saying, “Now I see who my real disciple is.” Turning to his sleepy spouse, he said: “I will initiate him rather than you.”"
  2. ↑ Feuerstein, Georg (2013-09-11). The Yoga Tradition: Its History, Literature, Philosophy and Practice (Kindle Locations 12803-12804). Hohm Press. Kindle Edition. "He is specifically associated with the Kaula sect of the Siddha movement, within which he may have founded the Yoginî-Kaula branch."
  3. ↑ The Alchemical Body: Siddha Traditions in Medieval India" by David Gordon White, p. 91
  4. ↑ Kamrupa Anusandhana Samiti (1984), Readings in the History & Culture of Assam,p.201 it is stated that a Siddha, named Minanatha, was a fisherman from Kamarupa
  5. ↑ Institute of Nepal and Asian Studies, Tribhuvan University, Nepal (1996), Contributions to Nepalese Studies - Volumes 23-24,Page 93 Matsyendra was a resident of Kamrup-Kamakhya (today's Assam in East India)
  6. ↑ Pandit, M. M.; Shastri, H. P. Bauddha Gan O Doha
  7. ↑ Dasgupta, Shashibhusan (1995). Obscure Religious Cults, Firma KLM, Calcutta,, p.384ff, 385
  8. ↑ Luipa by Keith Dowmen
  9. ↑ Bhattacharya, edited by Gerald James Larson, Ram Shankar. (2008). Yoga: India's philosophy of meditation. Motilal Banarsidass Publishers. পৃ. 436. ISBN 978-8120833494

সম্পৰ্কিত শ্ৰেণী

হিন্দু ধৰ্মবৌদ্ধ ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৎস্যেন্দ্ৰনাথ” প্ৰবন্ধৰ সংশোধন ২৭১৭২৭ (১৯ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।