হেস্তিয়া বা হেষ্টিয়া (Hestia, /ˈhɛstiə, ˈhɛstʃə/; গ্ৰীক: Ἑστία, “hearth” or “fireside”) আছিল ঘৰুৱা, পৰিয়াল, ঘৰ আৰু ৰাজ্যৰ সঠিক আদেশ, জুইশালৰ কুমাৰী দেৱী। গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি তেওঁ টাইটানছ তথা ক্ৰণচ আৰু ৰীয়াৰ প্ৰথম সন্তান আছিল।১
উপাসনা
হেষ্টিয়াৰ উপাসনা জুইশালৰ চাৰিওফালে কেন্দ্ৰীভূত আছিল। তাপ, খাদ্য প্ৰস্তুত কৰা আৰু দেৱতাসকলৰ বাবে বলিদানৰ নৈবেদ্য সম্পূৰ্ণ কৰাৰ বাবে সেই জুইশালটো অত্যাৱশ্যকীয় আছিল। ভোজত সুৰাৰ প্ৰথম আৰু অন্তিম লিবেচন প্ৰদান কৰি তেওঁক সন্মান কৰাটো এক সাধাৰণ অভ্যাসলৈ পৰিণত হৈছিল৷২ পাউছানিয়াছে লিখিছে যে, ইলিয়ানসকলে প্ৰথমে হেষ্টিয়ালৈ বলিদান আগবঢ়াইছিল আৰু তাৰ পিছতহে আন দেৱতাসকলৰ ওচৰলৈ বলিদান আগবঢ়াইছিল৷৩ চাইৰোপেডিয়াত জেনোফনে লিখিছিল যে, চাইৰাছ দ্য গ্ৰেটে প্ৰথমে হেষ্টিয়াৰ ওচৰত, তাৰ পিছত ৰাজচক্ৰৱৰ্ত্তী জ্যুচলৈ আৰু তাৰ পিছত মাগীয়ে পৰামৰ্শ দিয়া আন যিকোনো ঈশ্বৰৰ ওচৰলৈ বলিদান আগবঢ়াইছিল৷৪
পৌৰাণিক কাহিনী
জীৱন
হেষ্টিয়া প্ৰথম অলিম্পিয়ান প্ৰজন্মৰ দেৱী। তেওঁ টাইটানছ তথা ক্ৰণচ আৰু ৰীয়াৰ জ্যেষ্ঠ কন্যা আছিল আৰু ডিমিটাৰ, হীৰা, হেডিচ, প'জাইডন, জ্যুচৰ ভগ্নী আছিল৷ ক্ৰণচ আৰু ৰীয়াৰ প্ৰতিটো সন্তানৰ জন্মৰ লগে লগে অন্তিম তথা কনিষ্ঠ সন্তান জ্যুচৰ বাহিৰে ক্ৰন’ছে তেওঁৰ সকলো সন্তানক গিলি পেলাইছিল (ক্ৰন’ছে গিলি পেলোৱাৰ ভিতৰত হেষ্টিয়া আছিল প্ৰথম সন্তান)৷ জ্যুচে তেওঁৰ ভাই-ভনীসকলক তেওঁৰ পিতৃক বিশ্বাস কৰিবলৈ নিদিছিল আৰু তেওঁৰ ভাই-ভনীসকলক পিতৃৰ লগতে আন আন টাইটানছসকলৰ বিৰুদ্ধে কৰা যুদ্ধত জ্যুচে সিহঁতক নেতৃত্ব দিছিল।৫
কুমাৰী দেৱী
দেৱতা প'জাইডন আৰু এপ'ল' দুয়ো (ক্ৰমান্বয়ে তেওঁৰ ভায়েক আৰু ভতিজা আছিল) হেষ্টিয়াৰ প্ৰেমত পৰিছিল আৰু বিবাহৰ বাবে তেওঁক প্ৰস্তাৱ আগবঢ়াইছিল। প্ৰস্তাৱ গ্ৰহণ কৰাৰ পৰিৱৰ্তে তেওঁ জ্যুচৰ ওচৰলৈ গৈছিল আৰু শপত খাইছিল যে, তেওঁ চিৰকুমাৰী হৈ থাকিব আৰু কেতিয়াও বিয়া নকৰিব। কিছুমানে তেওঁক অকামিতা বুলি বৰ্ণনা কৰিছে কিয়নো তেওঁ বিয়া কৰিবলৈ বা ৰোমাণ্টিক বা যৌন সম্পৰ্কত থাকিবলৈ অনিচ্ছুক; ইয়াক হোমেৰিক হিম পৰা এফ্ৰোডাইটিলৈকে অধিক সমৰ্থন কৰে, কিয়নো য’ত এফ্ৰোডাইটিক হেষ্টিয়াৰ ওপৰত “কোনো শক্তি” নাই বুলি বৰ্ণনা কৰিছিল।৬
সমতুল্য
হেষ্টিয়াৰ ৰোমান সমতুল্য হৈছে ভেষ্টা; ৭ ভেষ্টা ৰোমৰ সাৰ্বজনিক, ঘৰুৱা, ঔপনিৱেশিক জুইশালৰ দৰে একেই কাৰ্যৰ ঐশ্বৰিক ব্যক্তিত্ব। যাক ৰোমানসকলে বৰ্ধিত পৰিয়ালৰ ভিতৰত একেলগে বান্ধি ৰাখে। অৱশ্যে হেষ্টিয়া আৰু ভেষ্টাৰ মাজৰ নামৰ সাদৃশ্য বিভ্ৰান্তিকৰ। ৱাল্টাৰ বাৰ্কাৰ্টৰ মতে- “হেষ্টিয়া-হিষ্টি-ভেষ্টা সম্পৰ্কটো ইণ্ডো-ইউৰোপীয় ভাষাবিজ্ঞানৰ তথ্যই ব্যাখ্যা কৰিব নোৱাৰি; কাৰণ তাত তৃতীয় এটা ভাষাৰ পৰা ধাৰ লোৱাটোও অন্তৰ্ভুক্ত হৈ থাকিব লাগিব।” ("The relationship hestia-histie-Vesta cannot be explained in terms of Indo-European linguistics; borrowings from a third language must also be involved.")৮ অন্যান্য পৌৰাণিক কাহিনী আৰু ধৰ্মত হেষ্টিয়া আৰু ভেষ্টাক একে ধৰণৰ দেৱী বা চিত্ৰ হিচাপে প্ৰদৰ্শন কৰা হয়। হিৰোডোটাছে চিথিয়ান টবিটিক হেষ্টিয়াৰ সৈতে সমতুল্য কৰে; আৰু আধুৰ গুশ্নাস্পৰ চাচানিয়ানসকলৰ জৰ’ষ্ট্ৰীয়ান পবিত্ৰ জুই (holy fire) (আটাৰ)ক প্ৰ’ক’পিয়াছে হেষ্টিয়াৰ সৈতে সমান হিচাপে তুলনা কৰিছিল৷৯
তথ্যসূত্ৰ
- ↑ Graves, Robert. Greek Gods and Heroes
- ↑ Homeric Hymn 29, tr. Evelyn-White, Hugh G.
- ↑ Pausanias, Description of Greece, 5.14.4
- ↑ Xenophon, Cyropaedia, 7.5.57
- ↑ Hesiod, থিঅ'গনি 453 ff.
- ↑ Homeric Hymn to এফ্ৰোডাইটি (5), 21–32
- ↑ Hughes, James. (1995). Larousse Desk Reference Encyclopedia, p. 215. Larousse/The Book People
- ↑ Burkert, p. 415, 3.3.1 n. 2
- ↑ Procopius, History of the Wars, Book II, XXIV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেষ্টিয়া” প্ৰবন্ধৰ সংশোধন ৬১৭৮০৭ (১৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।