অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

চীনা বৌদ্ধ ধৰ্ম

চীনা বৌদ্ধ ধৰ্ম বা হান বৌদ্ধ ধৰ্ম (পৰম্পৰাগত চীনাত: 漢傳佛教, সৰলীকৃত চীনাত: 汉传佛教, পিন্যিনত: 汉传佛教) মহাযান বৌদ্ধ ধৰ্মৰ এক চীনা ৰূপ। চীনা বৌদ্ধ ধৰ্মই চীনা সংস্কৃতিত এক বিশেষ প্ৰভাৱ পেলাইছে, কলাৰ পৰা ৰাজনীতি, সাহিত্য, দৰ্শন, চিকিৎসা আৰু ভৌতিক সংস্কৃতিত। চীনা বৌদ্ধ ধৰ্ম চীনৰ মূলভূমিত সৰ্ববৃহৎ সংগঠিত ধৰ্ম।

হালনাগাদ: ২ মে’ ২০২৩ ২৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

চীনা বৌদ্ধ ধৰ্ম বা হান বৌদ্ধ ধৰ্ম (পৰম্পৰাগত চীনাত: 漢傳佛教, সৰলীকৃত চীনাত: 汉传佛教, পিন্যিনত: 汉传佛教) মহাযানৰ এক চীনা ৰূপ। চীনা বৌদ্ধ ধৰ্মই চীনা সংস্কৃতিত এক বিশেষ প্ৰভাৱ পেলাইছে, কলাৰ পৰা ৰাজনীতি, সাহিত্য, দৰ্শন, চিকিৎসা আৰু ভৌতিক সংস্কৃতিত। চীনা বৌদ্ধ ধৰ্ম চীনৰ মূলভূমিত সৰ্ববৃহৎ সংগঠিত ধৰ্ম।১ অনুমান কৰা হয়, যে বৰ্তমানে গণপ্ৰজাতন্ত্ৰী চীনত ১৮৫ৰ পৰা ২৫০ নিযুত চীনা বৌদ্ধ ধৰ্মাৱলম্বী লোক আছে।১ টাইৱান আৰু অন্য দেশত বসবাস কৰা চীনা প্ৰব্ৰজনকাৰীৰ মাজতো এই ধৰ্ম অত্যন্ত জনপ্ৰিয়।

চীন দেশত বৌদ্ধ ধৰ্মৰ প্ৰথম প্ৰৱেশ ঘটিছিল খ্ৰীষ্টপূৰ্ব ২০২ৰ পৰা ২২০ খ্ৰীষ্টাব্দলৈ শাসন কৰা হান বংশৰ দিনত। ভাৰতীয় বৌদ্ধ শাস্ত্ৰসমূহ চীনা ভাষালৈ অনুবাদ কৰা হ'ল আৰু এই অনূদিত সংস্কৰণসমূহক টাওবাদী আৰু কনফুচিয়ানবাদী সাহিত্যৰ সৈতে একেলগে ধৰ্মশাস্ত্ৰৰ গোট সৃষ্টি হ'ল। এই ঘটনাই কোৰিয়া, জাপান আৰু ভিয়েটনামৰ দৰে পূব আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহত বৌদ্ধ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত এক বিশেষ ভূমিকা পালন কৰিছিল। চীনা বৌদ্ধ ধৰ্মত অনেক অনন্য পৰম্পৰাৰ সৃষ্টি হৈছে, যাৰ অন্তৰ্গত টিয়াঞ্চাই, হুৱায়ান, চান বৌদ্ধ ধৰ্ম আৰু শুদ্ধভূমি বৌদ্ধধৰ্ম (প্য'ৰ লেণ্ড বুদ্ধিজম)।

আৰম্ভণিৰ পৰাই চীনা বৌদ্ধ ধৰ্মৰ ওপৰত চীনৰ আন আন ধৰ্ম আৰু দৰ্শনৰ প্ৰভাৱ দেখা যায়, বিশেষকৈ কনফুচিয়ানবাদ আৰু টাওবাদৰ। কিছু পৰিমাণে চীনা লোকধৰ্মৰ প্ৰভাৱো দেখা গৈছে।

বিশ্বাস

৬৯৪ খ্ৰীষ্টাব্দৰ (টাং বংশৰ দিনৰ)ৰ্পীতল, ৰূপ আৰু মণিৰে নিৰ্মিত অৱশেষ
৬৯৪ খ্ৰীষ্টাব্দৰ (টাং বংশৰ দিনৰ)ৰ্পীতল, ৰূপ আৰু মণিৰে নিৰ্মিত অৱশেষছবি: G41rn8 · CC BY-SA 4.0

মূল ধাৰণা

চীনা বৌদ্ধ ধৰ্মত বৌদ্ধ ধৰ্ম, কনফুচিয়ানবাদ আৰু টাওবাদৰ প্ৰভাৱ দেখা যায়। সাধাৰণতে তলত দিয়াৰ দৰে ৰীতি-নীতিৰ পালন কৰা হয়:

  • তিনি মণিক সন্মান জনোৱা
  • বুদ্ধ আৰু বোধিসত্ত্বক সন্মান জনোৱা
  • ধূপ, ফুল, খাদ্য আদিৰ অৰ্পণ
  • স্বৰ্গত বাস কৰা দেৱক ভিন ভিন বস্তু অৰ্পণ
  • চিংমিং আৰু ঝং য়ুৱান পৰ্বত নিজৰ পূৰ্বপুৰুষক সন্মান জনোৱা
  • বিভিন্ন ধাৰ্মিক সেৱা আৰু ৰীতি-নীতিৰে নিজৰ পূৰ্বপুৰুষৰ আৰু মৃত লোকৰ আত্মাৰ শান্তি আৰু মুক্তিৰ কামনা (超渡)
  • আন মানুহৰ প্ৰতি সদ্ভাৱনা ৰখা, ধৰ্ম গ্ৰন্থ উপহাৰ দিয়া আৰু দান কৰ্ম কৰা (結緣)
  • নিৰামিষাহাৰ: ভিক্ষুসকল নিৰামাষাহাৰী। আন চীনা বৌদ্ধ ধৰ্মাৱলম্বী লোকে বিশেষ দিন কিছুমানত নিৰামিষ আহাৰ গ্ৰহণ কৰে।
  • "জীৱনক মুক্তি"ৰ দৰে কাৰ্যৰে আন সকলো জীৱিত বস্তুৰ প্ৰতি কৰুণা ব্যক্ত কৰা

সাধাৰণতে তলত দিয়া বিশ্বাস ৰখা হয়

  • দেৱতা, ভূত আৰু নৰকৰ অস্তিত্ব
  • পুনৰ্জন্ম (超生), বিশেষকৈ কৰ্ম অনুযায়ী পুনৰ্জন্ম
  • কাৰ্মিক ফলাফল (報應), নৈতিক কাৰণ আৰু ফল

চীনা বৌদ্ধ ধৰ্মত সাধাৰণ মানুহ

南怀瑾}}), আধুনিক চীনৰ জনপ্ৰিয় সাধাৰণ জনগণৰ বৌদ্ধ গুৰু
南怀瑾}}), আধুনিক চীনৰ জনপ্ৰিয় সাধাৰণ জনগণৰ বৌদ্ধ গুৰুছবি: Nan_Huaijin_Mount_Emei.jpeg: Nan Huaijin, photo taken by an unknown photographer · Public domain
诵经堂}}, চংজিংটাং) সাধাৰণ বৌদ্ধ ধৰ্মাৱলম্বী লোক
诵经堂}}, চংজিংটাং) সাধাৰণ বৌদ্ধ ধৰ্মাৱলম্বী লোকছবি: David Chen 东北虎(Manchurian Tiger) 13:48, 11 April 2008 (UTC) · CC BY 3.0

চীনা বৌদ্ধ ধৰ্মত সাধাৰণ লোকৰ ভিক্ষুৰ দৰেই মহত্ব আছে। প্ৰায়, সাধাৰণ মানুহে পালন কৰা চীনা বৌদ্ধ ধৰ্মৰ সাদৃশ্য ভিক্ষুৰ বৌদ্ধ ধৰ্মৰ সৈতে দেখা যায়। সাধাৰণ চীনা বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ কেইবাখনো জীৱনী ঐতিহাসিকভাৱে উপলব্ধ।২ এই জীৱনীয়ে চীনা বৌদ্ধ ধৰ্মৰ ৰীতি-নীতিত তেওঁলোকৰ মহত্বৰ স্পষ্ট চিত্ৰ দাঙি ধৰে। এনে জীৱনীৰ উপৰিও মেটেঅ' ৰিচ্চিৰ দৰে জেচুইট মিছনাৰীয়ে চীন দেশত পালিত বৌদ্ধ ধৰ্মীয় ৰীতি-নীতিৰ এক বহল বিশ্লেষণ দাঙি ধৰে।২ সাধাৰণ মানুহৰ মাজত ধ্যান, অমিতাভ বুদ্ধৰ মননশীলতা আৰু নিৰামিষাহাৰ ভালেমান প্ৰচলিত আছিল। মিং বংশৰ ৰাজত্বৰ কালত সাধাৰণ বৌদ্ধ ধৰ্মাৱলম্বী লোকে নিকা ভূমি আৰু চান পৰম্পৰাৰে বৌদ্ধ ধৰ্মৰ পালন কৰিছিল। তেওঁলোকে বৌদ্ধ সূত্ৰৰ অধ্যয়নো কৰিছিল। হৃদয় সূত্ৰ আৰু হীৰক সূত্ৰ আতাইতকৈ জনপ্ৰয় আছিল, আৰু তাৰ পাছতেই পদ্ম সূত্ৰ আৰু অৱতংসক সূত্ৰ।

সাধাৰণ চীনা বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ মাজত মন্ত্ৰোচ্চাৰণ প্ৰায় দেখা গৈছিল, আৰু মহা কৰুণা ধাৰণী আৰু চুন্দী ধাৰণী মন্ত্ৰ অত্যন্ত জনপ্ৰিয় আছিল।২ ৰবাৰ্ট গিমেল'ই মন কৰিছিল, যে চীনা বৌদ্ধ সমাজত সাধাৰণ লোক আৰু সম্ভ্ৰান্ত লোক, উভয়ৰ মাজতেই ৰহস্যময়ী চুন্দী জনপ্ৰিয় আছিল।৩

অৱলোকিতেশ্বৰ বোধিসত্ত্ব, ক্ষিতিগৰ্ভ বোধিসত্ত্ব, অমিতাভ বুদ্ধ আৰু চিকিৎসা বুদ্ধৰ দৰে মহাযান ব্যক্তিত্ব ভালেমান জনপ্ৰিয়। কৰ্ম আৰু পুনৰ্জন্মত বিশ্বাস সকলোৰে মাজত প্ৰচলিত আৰু বহুতো চীনা লোকে চীনৰ চাৰি পৱিত্ৰ পৰ্বতলৈ তীৰ্থ ভ্ৰমণ কৰিবলৈ যায়।২

উৎসৱ

তলত চীনা বৰ্ষপঞ্জীকাৰ মতে চীনা বৌদ্ধ উৎসৱ কিছুমানৰ সূচী দিয়া হৈছে। এই নিয়মেৰে, ৮-৪ৰ অৰ্থ চীনা বছৰৰ অষ্টম মাহৰ চতুৰ্থ দিন আদি।৪

  • ৮-১২ - শাক্যমুণি বুদ্ধৰ বুদ্ধত্বৰ দিৱস
  • ১-১ - মৈত্ৰেয় বুদ্ধৰ জন্মদিন
  • ৯-১ - দেৱৰ ৰজা শক্ৰৰ জন্মদিন
  • ৮-১ - শাক্যমুণি বুদ্ধৰ পৰিত্যাগ দিৱস
  • ১৫-২ - শাক্যমুণি বুদ্ধৰ মহাপৰিনিৰ্বাণ দিৱস
  • ১৯-২ - বোধিসত্ত্ব অৱলোকিতেশ্বৰৰ জন্ম দিন (গুৱান য়িন)
  • ২১-২ - বোধিসত্ত্ব সামন্তভদ্ৰৰ জন্মদিন
  • ৪-৪ - বোধিসত্ত্ব মঞ্জুশ্ৰীৰ জন্মদিন
  • ৮-৪ - শাক্যমুণি বুদ্ধৰ জন্মদিন
  • ১৫-৪ - বৈশাখ দিৱস
  • ১৩-৫ - বোধিসত্ত্ব সংঘৰামৰ (চিয়ে লান) জন্মদিন
  • ৩-৬ - স্কন্দৰ (ৱেই তুৱ') জন্মদিন
  • ১৯-৬ - বোধিসত্ত্ব অৱলোকিতেশ্বৰৰ বুদ্ধত্বত দিৱস
  • ১৩-৩ - বোধিসত্ত্ব মহাস্থামপ্ৰাপ্তৰ জন্মদিন
  • ১৫-৭ - উল্লম্বন উৎসৱ/ ভূতৰ উৎসৱ
  • ২৪-৭ - বোধিসত্ত্ব নাগাৰ্জুনৰ জন্মদিন
  • ৩০-৭ - বোধিসত্ত্ব যিতিগৰ্ভৰ জন্মদিন
  • ২২-৮ - (প্ৰাচীন কালৰ) দীপাংকৰ বুদ্ধৰ জন্মদিন
  • ১৯-৯ - বোধিসত্ত্ব অৱলোকিতেশ্বৰৰ পৰিত্যাগৰ দিৱস
  • ৩০-৯ - ভৈষজ্যগুৰু (চিকিৎসা বুদ্ধ) বুদ্ধৰ জন্মদিন
  • ৫-১০ - বোধিধৰ্মৰ মৃত্যু বাৰ্ষিকী
  • ১৭-১১ - অমিতাভ বুদ্ধৰ জন্মদিন

তথ্যসূত্ৰ

  1. ↑ Cook, Sarah (2017). The Battle for China's Spirit: Religious Revival, Repression, and Resistance under Xi Jinping. Freedom House Report. Rowman & Littlefield
  2. ↑ Twitchett, Denis, and Fairbank, John. The Cambridge History of China, Volume 8, Part 2. 1998. p. 949
  3. ↑ Jiang, Wu (2008). Enlightenment in Dispute: The Reinvention of Chan Buddhism in Seventeenth-Century China: p. 146
  4. ↑ 2020 Buddhist Calendar

সম্পৰ্কিত শ্ৰেণী

বৌদ্ধ ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চীনা বৌদ্ধ ধৰ্ম” প্ৰবন্ধৰ সংশোধন ৩৬৩৮৪৮ (২ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।