কাল সংহতি অসমৰ বৈষ্ণৱ সত্ৰসমূহৰ এক বিভাগ।১ মাধৱদেৱৰ প্ৰয়াণৰ পিছত এই সংহতিৰ প্ৰতিষ্ঠা কৰিছিল তেওঁৰ শিষ্য গোপালদেৱে।২১ ৩
ইতিহাস
১৫৬৮ চনত শংকৰদেৱৰ প্ৰয়াণৰ পিছত মাধৱদেৱ উত্তৰাধিকাৰী ৰূপে প্ৰতিষ্ঠিত হয়। কিন্তু মাধৱদেৱৰ প্ৰয়াণৰ লগে লগে অসমৰ ধৰ্মীয় জগতখনত আচাৰ-বিচাৰ সম্পৰ্কীয় নীতি নিয়মৰ ভিত্তিত চাৰি সংহতিৰ সৃষ্টি হয়। শংকৰদেৱৰ নাতি পুৰুষোত্তম চতুৰ্ভুজ আৰু নাতি বোৱাৰী কনকলতাৰ পৰা পুৰুষ সংহতি, মথুৰা দাস বুঢ়া আতাৰ পৰা নিকা সংহতি, দামোদৰদেৱৰ পৰা ব্ৰহ্ম সংহতি আৰু গোপালদেৱৰ পৰা কাল সংহতি নাম লৈ এই চাৰি সংহতি হয়।২ কালজাৰ নামৰ ঠাইৰ পৰা গোপাল দেৱে ধৰ্মপ্ৰচাৰ কৰাৰ বাবেই এই সংহতিৰ নাম কাল সংহতি হয় বুলি জনা যায়।
অন্তৰ্ভুক্ত সত্ৰসমূহ
মহাপুৰুষ শ্ৰী শ্ৰী গোপালদেৱে মুঠ চাৰিভাগ সত্ৰ প্ৰতিষ্ঠা কৰিছিল: ভৱানীপুৰ, কালঝাৰ, পোৰাভৰাঁল, জোৱাৰদি। মহাপুৰুষ শ্ৰী শ্ৰী গোপালদেৱৰ পৰৱৰ্তীসময়ত ভৱানীপুৰ সত্ৰৰ ধৰ্মাধিকাৰ হিচাপে পুত্ৰ কমলেশ্বৰদেৱে দায়িত্বভাৰ গ্ৰহণ কৰে যদিও তেৰাৰ বৈকুন্ঠপ্ৰয়াণৰ পাছত শ্ৰীৰাম আতাই পূৰ্বে গোপালদেৱে কৰি যোৱা আজ্ঞা অনুসৰি উক্ত সত্ৰ চোৱা চিতা কৰে।২ এই সংহতিৰ অন্তৰ্ভুক্ত বিখ্যাত সত্ৰসমূহ হৈছে কালঝাৰ সত্ৰ, ডৌকাচাপৰি সত্ৰ, চলিহা বাৰেঘৰ সত্ৰ, চেঁচা সত্ৰ, মায়ামৰা সত্ৰ, দিনজয় সত্ৰ, পুৰণিমাটি সত্ৰ, মদাৰখাট সত্ৰ, গড়পাৰা সত্ৰ, দফলা সত্ৰ, আহতগুৰি সত্ৰ আৰু দিহিং সত্ৰ।২ মায়ামৰা সত্ৰ কোনো ৰজকীয় সহায় বা সহযোগ অবিহনে কেৱল ৰাইজৰ সহযোগিতাৰে সমৃদ্ধিশালী হৈছিল। আনহাতে দিহিং সত্ৰই আহোম ৰজা চুৰেম্ফাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল।২
কালসংহতিৰ ছখন সত্ৰ পৰিচালিত হৈছিল গোঁসাই সকলৰ দ্বাৰা। এই সত্ৰসমূহত সকলো জাতি, জনজাতিৰ সমান অধিকাৰ থকাৰ বাবে শিষ্যৰ সংখ্যা অনতিপলমে বৃদ্ধি পাইছিল।২
নীতি-নিয়ম
কাল সংহতিৰ প্ৰত্যেক সত্ৰত শংকৰদেৱ মাধৱদেৱ গোপালদেৱ তথা গোপাল দেৱৰ আজ্ঞাপৰ বাৰজন আতাৰ গীত আৰু নিজৰ অধিকাৰসকলে প্ৰচলন কৰা গীত-মাত, নীতি নিয়মহে প্ৰযোজ্য হয়। মহন্ত ভকত সকলোৱে একেলগে আসন প্ৰসাদ গ্ৰহণ কৰে। এই সংহতিৰ কীৰ্তন ঘৰবোৰ উত্তৰ-দক্ষিণকৈ সজা হয়। শৰণ ল’বৰ সময়ত শিষ্যসকলে নিভৃত স্থানত মহন্তৰ অনুমতি লৈ চতুৰ্ভূজ মূৰ্ত্তি দৰ্শন কৰে।২
তথ্যসূত্ৰ
- ↑ ’সত্ৰীয়া উৎসৱৰ পৰিচয় আৰু তাৎপৰ্য’ (২০০২)- ড॰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী; কৌস্তভ প্ৰকাশন, ডিব্ৰুগড়
- ↑ ’মায়ামৰা বুৰঞ্জী’- শ্ৰী শ্ৰীকুমাৰ দহোতীয়া, প্ৰথম প্ৰকাশ ২০০১, শৰাইঘাট প্ৰিন্টাৰ্ছ, গুৱাহাটী
- ↑ ড° বীৰেন্দ্ৰ কুমাৰ গোঁহাই. (২০১৫). সমন্বয়. সমন্বয়, মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ৪৬৩ সংখ্যক জন্মোৎসৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ নাহৰআটী থান পৰিচালনা সমিতিৰ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ স্মৃতিগ্ৰন্থ. পৃ. ৩-১০
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাল সংহতি” প্ৰবন্ধৰ সংশোধন ৫৩১৬৭১ (১১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।