অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

কালৰাত্ৰি

কালৰাত্ৰি হৈছে নৱদুৰ্গাৰ অন্যতম তথা দেৱী দুৰ্গাৰ সপ্তম ৰূপ। দেৱী দুৰ্গা বিষয়ক প্ৰাচীনতম সাহিত্য মাৰ্কণ্ডেয় পুৰাণৰ দুৰ্গা সপ্তসতী অধ্যায়ত (৮১-৯৩) কালৰাত্ৰিৰ প্ৰথমবাৰৰ বাবে উল্লেখ পোৱা যায়। তেওঁক দেৱীৰ কালী, চামুণ্ডা আদি সংহাৰী ৰূপসমূহৰ অন্যতম হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ৮ অক্টোবৰ ২০২৪ ৩০৪ শব্দ · ২ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

কালৰাত্ৰি হৈছে নৱদুৰ্গাৰ অন্যতম তথা দেৱী দুৰ্গাৰ সপ্তম ৰূপ। দেৱী দুৰ্গা বিষয়ক প্ৰাচীনতম সাহিত্য মাৰ্কণ্ডেয় পুৰাণৰ দুৰ্গা সপ্তসতী অধ্যায়ত (৮১-৯৩) কালৰাত্ৰিৰ প্ৰথমবাৰৰ বাবে উল্লেখ পোৱা যায়। তেওঁক দেৱীৰ কালী, চামুণ্ডা আদি সংহাৰী ৰূপসমূহৰ অন্যতম হিচাপে গণ্য কৰা হয়।১ কালী আৰু কালৰাত্ৰিক ভিন্ন হিচাপে গণ্য কৰা হয় যদিও কোনো কোনো ক্ষেত্ৰত দুয়োকে একেগৰাকী দেৱী হিচাপেও অভিহিত কৰা হয়।২৩

পৌৰাণিক সাহিত্যত উল্লেখ

মহাভাৰত

খ্ৰীষ্টপূৰ্ব ৩১৩৭-৩০৬৭-ৰ সময়ছোৱাত ৰচিত হিন্দু ধৰ্মৰ মহাকাব্য মহাভাৰতৰ সৌপ্তিকা পৰ্বত দেৱী কালৰাত্ৰিৰ উল্লেখ পোৱা যায়। এই আখ্যানমতে পাণ্ডৱ আৰু কৌৰৱসকলৰ যুদ্ধত দ্ৰোণাচাৰ্যক চল কৰি বধ কৰা হয়। তেওঁৰ পুত্ৰ অশ্বত্থামাই ইয়াৰ পোতক তুলিবৰ বাবে যুদ্ধৰ নীতি ভংগ কৰি কুৰু শিবিৰত নিদ্ৰিত হৈ থকা বিজয়ী পাণ্ডৱসকল বুলি ভুল কৰি তেওঁলোকৰ পুত্ৰ পাঁ‌চোজনৰ শিৰশ্ছেদ কৰে। এই হত্যাকাণ্ডৰ ঠাইতে এডোখৰ ৰক্তবৰ্ণৰ বস্ত্ৰ পৰিধান কৰি ৰঙা পৰা চকুৰে খড়্গহস্ত বিকট ৰূপত কালৰাত্ৰিৰ আৱিৰ্ভাৱ হয়। কালৰাত্ৰিৰ এই বৰ্ণনাই যুদ্ধৰ বীভিষিকাময় নগ্ন স্বৰূপটোকে মূৰ্তমান ৰূপত প্ৰতিফলিত কৰে বুলি কোৱা হয়।৪

মাৰ্কণ্ডেয় পুৰাণ

দুৰ্গা সপ্তসতীৰ প্ৰথম অধ্যায়ৰ ৭৫ সংখ্যক শ্লোকত সকলো পুৰাণতে বৰ্ণিত কালৰাত্ৰিৰ সংহাৰী ৰূপৰ উল্লেখ পোৱা যায়।৫

স্কন্দ পুৰাণ

স্কন্দ পুৰাণৰ আখ্যান অনুসৰি মহাদেৱে পাৰ্বতীক দুৰ্গমাসুৰক বধ কৰি দেৱতাসকলক পৰিত্ৰাণ দিবলৈ অনুৰোধ কৰে। এই কথাত সন্মৰি জনাই পাৰ্বতীয়ে এই কাৰ্যৰ বাবে কালৰাত্ৰিক প্ৰেৰণ কৰে।

দেৱী ভাগৱত পুৰাণ

দেৱী পাৰ্বতীৰ দেহৰ পৰা দেৱী অম্বিকা (কৌশিকি বা চণ্ডিকা) নিৰ্গত হোৱাৰ পিছত পাৰ্বতীৰ দেহ ক'লা মেঘৰ দৰে কৃষ্ণবৰ্ণ হৈ পৰে। সেয়ে পাৰ্বতীয়ে কালিকা আৰু কালৰাত্ৰি নাম পায়। তেওঁক দ্বিভূজা ৰূপত এখন হাতেৰে খড়্গ আৰু আনহাতে লাওখোলাৰ পাত্ৰ ধাৰণ কৰা অৱস্থাত বৰ্ণনা কৰা হয়। তেওঁ অসুৰৰাজ শুম্ভৰ নিধন কৰে।

বৰাহ পুৰাণ

বৰাহ পুৰাণত দেৱী কালৰাত্ৰিক বুজাবলৈ ৰৌদ্ৰী নামটো ব্যৱহাৰ কৰা হৈছে। ৯০-৯৬ সংখ্যক অধ্যায়ত ৰৌদ্ৰী অৰ্থাৎ কালৰাত্ৰিয়ে ৰূৰু নামৰ অসুৰ বধ কৰাৰ বৰ্ণনা পোৱা যায়।

বিষ্ণুধৰ্মোত্তৰ পুৰাণ

বিষ্ণুপুৰাণৰ পৰিশিষ্ট হিচাপে পৰিগণিত বিষ্ণুধৰ্মোত্তৰ পুৰাণৰ তৃতীয় খণ্ডৰ ৪৮ সংখ্যক অধ্যায়ত কালৰাত্ৰিৰ উল্লেখ পোৱা যায়। ইয়াত তেওঁক মৃত্যুৰ দেৱতা যমৰ সহধৰ্মিণী দুমূৰ্ধনা হিচাপে বৰ্ণোৱা হৈছে।

লক্ষ্মী সহস্ৰনামা স্ত্ৰোতম আৰু ব্ৰহ্মাণ্ড পুৰাণৰ ললিতা সহস্ৰনামা স্ত্ৰোতমতো দেৱী কালৰাত্ৰিৰ উল্লেখ আছে।৬

মন্দিৰ

বাৰাণসী, বিহাৰৰ নয়াগাঁ‌ও, মিৰ্জাপুৰ, পঞ্জাৱৰ পাটিয়ালা আৰু চংৰুৰত দেৱী কালৰাত্ৰিৰ মন্দিৰ আছে।৭

তথ্যসূত্ৰ

  1. ↑ 9 days, 9 avatars: Be ferocious like Goddess Kaalratri
  2. ↑ Mokshapuri Kashi. www.kamakotimandali.com
  3. ↑ Mishra, P. K. (1989-01-01). Culture, Tribal History, and Freedom Movement: Dr. N.K. Sahu Commemoration Volume. Agam Kala Prakashan
  4. ↑ Mahabharata - Odes to Red Blood and Savage Death by Satya Chaitanya. Boloji
  5. ↑ Markandeya Purana, Chapter 74
  6. ↑ Namnaam ashta sahasram cha broohi Gargya, Mahamathe,. stotraratna.sathyasaibababrotherhood.org
  7. ↑ मां कालरात्रि का वार्षिक पूजनोत्सव समारोह कल

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱীদুৰ্গা পূজা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কালৰাত্ৰি” প্ৰবন্ধৰ সংশোধন ৪৩৬১৮৭ (৮ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।