ক্ৰতু হিন্দু ধৰ্মত সৃষ্টিকৰ্তা দেৱতা ব্ৰহ্মাৰ মানসপুত্ৰৰ অন্যতম। তেওঁ এজন ঋষিও, যি দুটা ভিন্ন যুগত আবিৰ্ভাৱ হৈছিল।১
ব্ৰহ্মাৰ মনৰ পৰা উৎপত্তি হোৱা বুলি বিশ্বাস কৰা প্ৰথম মনু সপ্তৰ্ষিসকলৰ যুগৰ সাত মহান ঋষিৰ ভিতৰত তেওঁক এজন বুলি গণ্য কৰা হয়। আন এক কিংবদন্তিত তেওঁৰ পিতৃৰ বাওঁ চকুৰ পৰাই জন্ম হোৱা বুলি ধাৰণা কৰা হৈছে।
কিম্বদন্তি
স্বয়ম্ভূৱ মন্বন্তৰত ক্ৰতু ব্ৰহ্মাৰ পুত্ৰ প্ৰজাপতি। তেওঁ প্ৰজাপতি কৰ্দমৰ জোঁৱায়ো। তেওঁৰ পত্নীৰ নাম ক্ৰিয়া। কোৱা হয় যে তেওঁৰ ৬০ হাজাৰ সন্তান আছে। তেওঁলোকৰ নাম ঋগবেদৰ অষ্টম পুথিত সন্নিবিষ্ট কৰা হৈছে। ক্ৰতুৰ পুণ্য আৰু সত্যৱতী নামৰ দুগৰাকী ভগ্নীও আছে।২
পুৰাণত তেওঁৰ সন্ততিৰ সৈতে বিবাহিত হোৱা বুলিও কোৱা হৈছে আৰু এই যুটিৰ ষাঠি হাজাৰ সন্তান আছে, যাক বালখিল্য বুলি কোৱা হয়, যিসকল আছিল প্ৰত্যেকেই বুঢ়া আঙুলিৰ সমান, যদিও ইন্দ্ৰিয়ৰ ওপৰত অতি আয়ত্তৰ অধিকাৰী আছিল। মহাভাৰতৰ মতে, কাশ্যপ ঋষিক যজ্ঞত সহায় কৰাৰ সময়ত তেওঁলোকে যজ্ঞকাষ্ঠবোৰ লগত লৈ ফুৰিছিল, ঠিক যেনেকৈ দেৱতাসকলে কাঠৰ বোজা আনিছিল। দেৱতাৰ ৰজা ইন্দ্ৰই তেওঁলোকৰ এই প্ৰচেষ্টাত হাঁহি তেওঁলোকক অপমান কৰিলে। তেওঁলোকৰ তপস্যাৰ শক্তিৰে আন এজন ইন্দ্ৰৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে। আতংকিত হৈ ইন্দ্ৰই কাশ্যপৰ সহায় বিচাৰিলে। ঋষিয়ে বালখিল্যসকলক শান্ত কৰি ক’লে যে, তেওঁলোকৰ তপস্যাৰ ফল অসাৰ নহ’ব; সেই সময়ত তপস্যাও কৰি থকা বিনতাক ইন্দ্ৰক পৰাস্ত কৰিব পৰা পুত্ৰৰ আশীৰ্বাদ দিবলৈ তেওঁলোকক নিযুক্তি দিয়া হ’ব। সেই অনুসৰি গৰুড়ৰ জন্ম হৈছিল তেওঁৰ পৰা, যিয়ে ইন্দ্ৰ আৰু দেৱতাক পৰাস্ত কৰি অমৃতক লাভ কৰি মাকক কদ্ৰুক দাসত্বৰ পৰা মুক্ত কৰিব।৩ বেলেগ এটা বিৱৰণীত বালখিল্যসকলে শিৱক সন্তুষ্ট কৰিবলৈ সক্ষম হৈছিল, যিয়ে তেওঁলোকক এটা বৰদান দিছিল যে তেওঁলোকে এটা চৰাই উৎপন্ন কৰিব পাৰিব, যিয়ে ইন্দ্ৰৰ পৰা অমৃতৰ পাত্ৰ এটা চুৰি কৰিব।৪
শিৱ পুৰাণৰ মতে দক্ষ যজ্ঞৰ সময়ত পত্নী সতীয়ে আত্মহত্যা কৰাৰ বাবে শিৱই তেওঁৰ অনুগামীসকলক ক্ৰতুকে ধৰি যজ্ঞত উপস্থিত থকা প্ৰতিজন লোকক হত্যা কৰিবলৈ পঠিয়াইছিল। নিৰ্দেশনা অনুসৰি তেওঁৰ অনুগামীসকলে পৱিত্ৰ যজ্ঞত অংশগ্ৰহণ কৰা প্ৰতিজন দেৱতা আৰু ঋষিক শাস্তি দিবলৈ আৰম্ভ কৰে।৫৬ এই হত্যাকাণ্ডৰ সময়ত ক্ৰতুৰ দুয়োটা অণ্ডকোষ কাটি পেলোৱা বুলি বৰ্ণনা কৰা হৈছে। যেতিয়া উপস্থিত আৰু জীৱিতসকলে তেওঁৰ ক্ষমা বিচাৰিছিল, তেতিয়া শিৱই মান্তি হৈছিল, কিন্তু শাস্তিমূলক ব্যৱস্থা হিচাপে তেওঁ উপস্থিতসকলক জীৱ-জন্তুলৈ ৰূপান্তৰিত কৰিছিল, বা তেওঁলোকৰ পাপৰ বাবে উপযুক্ত শাস্তি বিচাৰি পাইছিল। তেওঁৰ অণ্ডকোষ পুনৰুদ্ধাৰ হোৱাৰ পিছত ক্ৰতুৱে দক্ষৰ কন্যা সন্নতীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁক অন্তৰ্ভুক্ত কৰা সাতজন ঋষিৰ সকলোৱেই বুঢ়া আঙুলিৰ সমান ক্ষুদ্ৰ ঋষিলৈ ৰূপান্তৰিত হৈছিল। লগে লগে তেওঁলোকে ধৰ্মপৰায়ণ জীৱনৰ আশ্ৰয় ল'বলৈ আৰম্ভ কৰে, বেদৰ বিখ্যাত ছাত্ৰ হৈ পৰে।৭৮
শিৱৰ বৰৰ বাবেই পুনৰ বৈৱস্বত মন্বন্তৰ (সপ্তম আৰু বৰ্তমানৰ মন্বন্তৰ)ত ক্ৰতুৰ জন্ম হৈছিল। এই মন্বন্তৰাত তেওঁৰ কোনো পৰিয়াল নাছিল। ইয়াত তেওঁৰ উৎপত্তিত ব্ৰহ্মাৰ হাতৰ পৰা জন্ম হোৱা বুলি উল্লেখ আছে, আনহাতে আন ঋষিসকলক দেৱতাৰ ৰূপৰ অন্য অংশৰ পৰা জন্ম হোৱা বুলি বৰ্ণনা কৰা হৈছে। যিহেতু তেওঁৰ কোনো পৰিয়াল বা সন্তান নাছিল, সেয়েহে ক্ৰতুৱে অগস্ত্যৰ পুত্ৰ ইধ্মবাহক দত্তক লৈছিল।
তথ্যসূত্ৰ
- ↑ www.wisdomlib.org. (2015-12-21). Kratu: 23 definitions. www.wisdomlib.org
- ↑ www.wisdomlib.org. (2015-12-21). Kratu: 21 definitions. www.wisdomlib.org
- ↑ www.wisdomlib.org. (2019-01-28). Story of Bālakhilya. www.wisdomlib.org
- ↑ Sathyamayananda, Swami. (2012). Ancient sages. Sri Ramakrishna Math. পৃ. 26–28. ISBN 978-81-7505-356-4
- ↑ Menon, Ramesh. (2006). Siva: the Siva Purana retold. Rekha Printers. ISBN 978-81-291-1495-2
- ↑ Vanita, Ruth. (2000). Shiva Purana: The Birth of Kartikeya (Sanskrit). Same-Sex Love in India. Palgrave Macmillan US. পৃ. 77–80. ISBN 978-0-312-29324-6
- ↑ Maitreya Upanishad. www.advaita.it
- ↑ Brahmanda Purana
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ৰতু” প্ৰবন্ধৰ সংশোধন ৫৬৫১৬২ (১৮ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।